“চাদৰ বাঁদনি পুতলা নাচৰ সৈতে আমাৰ পূৰ্বপুৰুষসকলৰ এক নিবিড় সম্পৰ্ক আছে। পুতলাবোৰ নচুৱালে... তেওঁলোকে মোক বেৰি ধৰি চাই থকা যেন অনুভৱ কৰোঁ।”
২০২৩ৰ জানুৱাৰী মাহৰ আৰম্ভণিৰ সময়। পশ্চিমবংগৰ বীৰভূম জিলাৰ খঞ্জনপুৰ গাঁৱৰ চৰপুকুৰদাংগা চুবুৰীত শস্য চপোৱাৰ সময়ৰ বাঁদনা উৎসৱ আৰম্ভ হৈছে। ২০ৰ দেওনা পাৰ কৰা তপন এগৰাকী খেতিয়ক। নিজৰ চাওঁতালী আদিবাসী সম্প্ৰদায়ৰ প্ৰাচুৰ্য্যময় পৰম্পৰাক লৈ, বিশেষকৈ চাদৰ বাঁদনি বোলা এই চিত্তাকৰ্ষক পুতলানাচ আৰু তাৰ ঐতিহ্যক লৈ তেওঁ খুবেই সচেতন।
পাৰিৰ সৈতে কথা পাতোতে তপনৰ হাতত আছিল গম্বুজ আকৃতিৰ এটা পিঞ্জৰা আকৃতিৰ সজ্জা; ৰঙা ৰঙৰ কাপোৰেৰে মেৰিয়াই থোৱা। তাৰ ভিতৰত শাৰী শাৰীকৈ থোৱা আছিল বিভিন্ন সৰু সৰু কাঠৰ মানৱাকৃতিৰ পুতলা। প্ৰতিটো পুতলাই তাত থকা কল-কব্জা, কাঠৰ খলা আৰু ৰছী আদিৰে পুতলা নচুৱাব পৰাকৈ সুসজ্জিত।
“মোৰ ভৰিৰ ফালে চাব, কেনেকৈ মই পুতলাবোৰ নচুৱাম।” নিজৰ মাতৃভাষা চাওঁতালীত গীত এটা গুণগুণাবলৈ ধৰাৰ লগে লগে ছন্দে ছন্দে তেওঁৰ বোকামাটি লাগি থকা ভৰি দুখনো নাচিবলৈ ধৰিলে।









