পূবে ধলফাঁট নৌদিওতেই ৩ বজাত নন্দিনী কমলাৰঙী তিৰ্পাল টনা তম্বু এটাৰ তলত বহি বান্ধৱীয়ে ধৰি থকা ম’বাইল ফোনৰ টৰ্চ জ্বলাই মেক-আপ কৰাত ব্যস্ত।
সাধাৰণ কপাহী কাপোৰ পিন্ধা ১৮ বৰ্ষীয় নন্দিনীৰ কেইঘণ্টামান পিছতে বিবাহ সম্পন্ন হ’ব।
আগদিনা সন্ধিয়া তেওঁ আৰু তেওঁৰ বৰ জয়াৰাম (২১) বন্ধু-বান্ধৱ আৰু আত্মীয়-কুটুম সহিতে বাংগালমেডু (চৰকাৰী কাগজে-পত্ৰই চেৰক্কনুৰ ইৰুলাৰ কলনি বুলি নথিবদ্ধ)ৰ পৰা মামল্লাপুৰমত উপস্থিত হৈছে। তেওঁলোক আহিছে তামিলনাডুৰ তিৰুৱল্লুৰ জিলাৰ পৰা। এনেকৈ কেবাশ ইৰুলাৰ পৰিয়াল আহি চেন্নাইৰ দক্ষিণ উপকূলত সৰু সৰু তিৰ্পালেৰে বাহৰ পাতি আছে।
প্ৰতিবছৰে মাৰ্চ মাহত তামিলনাডুৰ উপকূল অঞ্চলৰ তেনেই চুটি শীতকালে গ্ৰীষ্মলৈ বুলি বাট এৰি দিয়াৰ লগে লগে মামল্লাপুৰম (আগতে মহাবলিপুৰম বুলি জনা গৈছিল)খন ৰঙীন হৈ পৰে। কাষৰে জোপোহানিবোৰৰ পৰা কাটি অনা ঠাল-ঠেঙুলি পুতি তাত পাতল শাড়ী আৰু ৰং-বিৰঙী তিৰ্পাল মেৰিয়াই বনোৱা তম্বুবোৰে সাগৰতীৰক নতুন এক ৰংচঙীয়া ৰূপ দিয়ে।
স্থানীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্য্যটকৰ ভীৰ লগা এই জনপ্ৰিয় উপকূলটোৰ পৰিৱেশ মাসি মাগম উৎসৱ উদযাপনৰ বাবে ৰাজ্যখনৰ বিভিন্ন ঠাইৰ পৰা অহা ইৰুলাৰ জনজাতিৰ লোকৰ উলাহভৰা সমাগমে সলনি কৰি পেলায়। ইৰুলাৰসকল বিশেষভাৱে বিপন্ন জনজাতীয় গোট (পি.ভি.টি.জি.)। তেওঁলোকৰ জনসংখ্যা প্ৰায় ২ লাখ (ভাৰতৰ জনজাতীয় লোকৰ জনসংখ্যাৰ পাৰিসাংখ্যিক ৰূপৰেখা, ২০১৩ অনুসৰি)। তেওঁলোক তামিলনাডুত সৰু সৰু গোটত বিভক্ত আৰু বিস্তৃত হৈ আছে।


























