ভক্তৰ সৈতে ভগৱানেও কেতিয়াবা ঠাই সলাবলগীয়া হয়। অন্ততঃ মা অংগৰমটিয়ে তেনেকৈয়ে এদিন ভক্তৰ সৈতে এৰিবলগীয়া হৈছিল পুৰণি বাসস্থান।
আজিৰ পৰা প্ৰায় ৪৫ বছৰ পূৰ্বে ধৈ-চানৱৰ গাঁৱত বাস কৰিছিল দেৱীয়ে। জনজাতীয় দেৱীৰ মূল পুৰোহিত বা বাইগা গণ্ড আদিবাসীৰ ৫০ বৰ্ষীয় ঈশ্বৰ নেতামে কয়, “মা অংগৰমটি আগতে দুখন নদীৰ মাজত [ঠাইত] বাস কৰিছিল, নদী দুখন আছিল মহানদী আৰু সুখা নদী।”
স্থানান্তৰিত হোৱাৰ পিছতো মা অংগৰমটিৰ জনপ্ৰিয়তা ম্লান পৰা নাই। গাঁওখনৰ পৰা আৰু অন্যান্য ঠাইৰ পৰা এতিয়াও প্ৰতিদিনে ৫০০ৰ পৰা ১০০০ ভক্তই তেওঁক দৰ্শনৰ বাবে মন্দিৰত ভিৰ কৰে। দেৱতাৰ নামেৰে এই মেলাখনৰ নামকৰণ কৰা হৈছে যদিও ইয়াক গেংৰেল মাদৈ বুলিও কোৱা হয়, যিটো গাঁওখনৰ নামৰ লগতে ওচৰৰ মথাউৰিটোৰ প্ৰতীক। দেৱী অংগৰমটি স্থানচ্যুত হ’বলগীয়া হ’লেও তেওঁৰ বন্ধু অন্য দেৱ-দেৱীসকলৰ সৈতে সংযোগ হেৰুৱাই পেলোৱা নাই। প্ৰতি বছৰে দীপাৱলীৰ পিছৰ প্ৰথমটো শুকুৰবাৰে মা অংগৰমটিয়ে বাৰ্ষিক উদযাপনৰ বাবে ওচৰ-চুবুৰীয়া গাঁৱৰ দেৱতাসকলক নিমন্ত্ৰণ জনায় আৰু মাদৈ মেলাত সকলো দেৱ-দেৱী পুনৰ লগ হয়।
গণ্ড সম্প্ৰদায়ৰ জনজাতীয় নেতা আৰু লগতে এই সময়ছোৱাত প্ৰতি বছৰে মেলা আয়োজন কৰা দলটোৰ সদস্য বিষ্ণু নেতামে কয়, “আমি আমাৰ পূৰ্বপুৰুষৰ সময়ৰ পৰাই প্ৰায় প্ৰতিখন জনজাতীয় গাঁৱতে এই মাদৈ [মেলা] উদযাপন কৰি আহিছো।’’
তেওঁ লগতে কয়, “মাদৈ আমাৰ পৰম্পৰাগত জনজাতীয় সংস্কৃতিৰ অংশ। স্থানীয় বাসিন্দাসকলৰ লগতে গাঁৱৰ বাহিৰৰ লোকসকলে মেলাখনলৈ গৈ পথাৰৰ ভাল ফচলৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি দেৱতাসকলক ফুল আগবঢ়ায় আৰু আগন্তুক বছৰটোৰ বাবে আশীৰ্বাদ বিচাৰে। প্ৰতি বছৰে জিলাখনত আয়োজন কৰা প্ৰায় ৫০ খন মাদৈৰ ভিতৰত এইখন অন্যতম। মধ্য ভাৰতৰ ৰাজ্যখনৰ এই জিলাখনত অনুষ্ঠিত হোৱা ধাৰাবাহিক মাদৈৰ ভিতৰত এইখনেই প্ৰথম মাদৈ।’’










