পৰিৱৰ্তনৰ হকে ভোট দিলে ৰূপান্তৰিত মহিলাই
বাৰাণসীত আইন-শৃংখলা পৰিস্থিতিয়ে ৰূপান্তৰিত মহিলাৰ সুৰক্ষাৰ ক্ষেত্ৰত বাৰে বাৰে বিফল হৈ আহিছে। ২০২৪ৰ সাধাৰণ নিৰ্বাচনত তেওঁলোকে সেয়ে পৰিৱৰ্তনৰ হকে ভোট দিছে



বাৰাণসীত আইন-শৃংখলা পৰিস্থিতিয়ে ৰূপান্তৰিত মহিলাৰ সুৰক্ষাৰ ক্ষেত্ৰত বাৰে বাৰে বিফল হৈ আহিছে। ২০২৪ৰ সাধাৰণ নিৰ্বাচনত তেওঁলোকে সেয়ে পৰিৱৰ্তনৰ হকে ভোট দিছে
ঝাৰখণ্ডত ২০২৪ৰ ৪ জুনত নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পুৱাৰ বতৰ ফৰকাল, কিন্তু দৌলতগঞ্জৰ লেবাৰ মাৰ্কেটত শ্ৰমিকৰ মনৰ আকাশখন গোমা, তেওঁলোকে কয় যে কামৰ অভাৱ আঁতৰি যোৱাটো টান
এটা শতিকা আগত হাৰিয়ানাৰ এইটো টেহচিলটোৱে সাক্ষী হৈছিল ভাৰতীয় স্বাধীনতা সংগ্ৰামত এক ঐতিহাসিক ক্ষণৰ। সেই অঞ্চলৰ শ্ৰমিকৰ দৃষ্টিৰে সাধাৰণ নিৰ্বাচনৰ তাৎপৰ্য্য কি, তাকে লৈ এই প্ৰতিবেদন
সকলোৱে এজন সৰৱ সাংসদ বিচাৰে যিয়ে দিল্লীত তেওঁলোকৰ সমস্যাৰ কথা ক’ব পাৰে। কৰ্মহীন হৈ পৰা ভাৰত-পাকিস্তানৰ স্পৰ্শকাতৰ সীমান্তৰ কুলীসকলে ২০২৪ৰ সাধাৰণ নিৰ্বাচনত ভোট দি সেয়াই নিশ্চিত কৰিবলৈ বিচাৰিছে
পাঞ্জাৱৰ মানচা জিলাৰ কিষাণগঢ় সেধা সিং ৱালাৰ বয়োজ্যেষ্ঠ মহিলাসকলৰ বাবে ২০২০-২১ৰ ঐতিহাসিক কৃষক আন্দোলনে ৰূপান্তৰৰ বাট কাটিছিল। সেই আন্দোলনে তেওঁলোকক ২০২৪ৰ সাধাৰণ নিৰ্বাচনত কাক বাচি ল’ব, তাৰবাবে দিক দৰ্শাইছিল
পশ্চিমবংগৰ এজন প্ৰতিবেদক আৰু কবিয়ে সাধাৰণ নিৰ্বাচনৰ আগেয়ে পাঁচোটা বছৰত ৰাজ্যখন ঘূৰি-ফুৰি কি দেখিছে সেয়া কবিতা আৰু আলোকচিত্ৰৰ যোগেদি আমাৰ আগত দাঙি ধৰিছে
এই লোকসভা সমষ্টিটোৰ পৰা দুবাৰকৈ নিৰ্বাচিত হৈছে নৰেন্দ্ৰ মোদী৷ কিন্তু মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ নিয়োজন নিশ্চিতি আঁচনিৰ অধীনত ৰাজ্যখনত ৰাজ্যিক অনুদান প্ৰাপ্ত কামৰ অভাৱে ভোটাৰসকলক নিৰাশ কৰিছে
ঝাৰখণ্ডৰ জনজাতীয় গাওঁবোৰত চৰকাৰী আঁচনি আৰু নিয়োগৰ প্ৰতিশ্ৰুতিৰে নেতাবোৰে আভুৱা ভাঁৰি থকাৰ সময়তে ২০২৪ৰ সাধাৰণ নিৰ্বাচনৰ অন্তিমটো পৰ্য্যায়ত ভোটদানৰ পূৰ্বে তেওঁলোকৰ মাজত বিৰাজ কৰিছে জীৱিকাৰ অনিশ্চয়তা আৰু অসন্তুষ্টিয়ে
পাঞ্জাৱৰ মোগা জিলাত হেৰ’ইন আৰু আন একাধিক ড্ৰাগছে যুৱ-প্ৰজন্মক একপ্ৰকাৰ মানসিকভাৱে পংগু কৰি তুলিছে। কেৱল যুৱ-প্ৰজন্মই নহয় প্ৰাপ্তঃবয়স্ক পুৰুষসকলেও এই ড্ৰাগছৰ চিকাৰ হৈ পৰাত মহিলাসকলৰ ওপৰতে ঘৰৰ কাম-কাজৰ লগতে উপাৰ্জন কৰাৰো বোজা আহি পৰিছে। ২০২৪ৰ লোকসভা নিৰ্বাচনত পাঞ্জাৱত সেয়ে পুনৰ নিৰ্বাচনী ইছ্যু হৈ পৰিছে ড্ৰাগছ
ভাৰতৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনৰ কথা ৯২ বৰ্ষীয় খোৱাজা মইনুদ্দিনৰ এতিয়াও মনত আছে, এইবাৰ তেওঁ ২০২৪ৰ সাধাৰণ নিৰ্বাচনত ভোট দিছে। মহাৰাষ্ট্ৰৰ বীড় জিলাৰ বাসিন্দা মইনুদ্দিন ডাঙৰীয়াই আমাৰ ধৰ্মনিৰপেক্ষ গণতন্ত্ৰৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ বিষয়ে কৈছে
পশ্চিমবংগৰ উত্তৰ ২৪ পৰগনা জিলাৰ সন্দেশখালি আৰু মিনাখান ব্লকৰ প্ৰব্ৰজিত শ্ৰমিকসকলে ৰাজ্যৰ আন প্ৰান্তত থকা ৰেমিং মাচ ইউনিটবোৰত কাম কৰিবলৈ গৈছিল। কেইবছমান কাম কৰাৰ পিছত তেওঁলোকে হাওঁফাওঁত লৈ আহে ছিলিক'ছিচ ৰোগ। ২০২৪ৰ সাধাৰণ নিৰ্বাচনে তেওঁলোকৰ জীৱনলৈ একো পৰিৱৰ্তন নানে, তেওঁলোকে কয়
এজন কবিয়ে আমাৰ এই গণতান্ত্ৰিক দেশৰ লোকসভা নিৰ্বাচনক লৈ লিখিছে আৰু কৈছে যে যেয়ে যি নকওঁক, গণতন্ত্ৰ কেৱল সৰ্বসাধাৰণৰ অধিকাৰক লৈ চলি থাকিব লাগিব
মহাৰাষ্ট্ৰৰ জালগাৱঁত ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত এবিধ স্থানীয় সুস্বাদু আহাৰ আৰু সেই খাদ্যবিধ ৰন্ধা ১৪ গৰাকী মহিলা আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছিল
তিনিটা গ্ৰীষ্মৰ আগৰ কথা, প্ৰতিবাদী কৃষকক দিল্লী প্ৰৱেশত চৰকাৰে দিয়া বাধাই নিষ্ঠুৰতাৰ সীমা চেৰাই গৈছিল, সেই দৃশ্যবোৰ সমগ্ৰ দেশে চাই ৰৈছিল। এতিয়া পাঞ্জাৱত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা কৰ্মীক কৃষক সমাজে তাৰেই প্ৰত্যুত্তৰ দিছে, অৱশ্যে অহিংস পদ্ধতিৰে
এইবাৰৰ লোকসভা নিৰ্বাচনত সমগ্ৰ পঞ্জাৱতে সাধাৰণ জনতা বিজেপিৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰা দেখা গৈছে। যোৱা ১০ বছৰত মোদী চৰকাৰে কৃষক আৰু শ্ৰমিক বিৰোধী একাধিক সিদ্ধান্ত গ্ৰহণ কৰাৰ পৰিপ্ৰেক্ষিতত এতিয়া ৰাজ্যখনৰ কৃষক-শ্ৰমিকসকলে বিজেপিয়ে পঞ্জাৱত ভোট বিচাৰি যোৱাৰ অধিকাৰ নাই বুলিও মন্তব্য কৰা দেখা গৈছে। এই মন্তব্যক সাৰোগত কৰিয়েই দিনদিয়েক পূৰ্বে লুধিয়ানাত অনুষ্ঠিত হৈ যায় কিষাণ-মজদুৰ মহাপঞ্চায়ত
বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে ৰাজ্যিক বিধি অনুসাৰে কেতবোৰ সুবিধা আছে যদিও বাবলু কৈৱৰ্তহঁতে এইবাৰ ২০২৪ৰ সাধাৰণ নিৰ্বাচনত ভাগ যে ল’ব পাৰিব, তাৰ নিশ্চয়ত নাই
য়াভাতমালত, ক’বলৈ গ’লে সমগ্ৰ মহাৰাষ্ট্ৰৰ গ্ৰামাঞ্চলত বিবাহৰ ক্ষেত্ৰত সংকটৰ সৃষ্টি হৈছে, দৰাই কইনা বিচাৰি নাপায় আৰু যুৱতীয়ে চৰকাৰী চাকৰি থকা দৰা বিচাৰি দৰিদ্ৰ কৃষক যুৱকসকলৰ ফালে পিঠি দিছে। কৃষি আয় সংকুচিত হোৱাৰ এয়া দেখ দেখ পৰিণাম। ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ প্ৰাকক্ষণত আয় হ্ৰাস হোৱা আৰু বিয়া-বাৰুৰ ক্ষেত্ৰত অন্ধকাৰ ভৱিষ্যতে সকলোকে চিন্তিত কৰি তুলিছে
পশ্চিমবংগৰ মুৰ্শ্চিদাবাদ জিলাৰ পিঁয়াজৰ খেতিপথাৰত কাম কৰা মাল পাহাৰীয়া আদিবাসী মহিলাৰ দৃষ্টিত প্ৰথমে কাম আৰু খাদ্যৰ চিন্তা, তাৰ পিছতহে ভোটৰ স্থান, আগন্তুক লোকসভা নিৰ্বাচন উপলক্ষে তেওঁলোকৰ দৃষ্টিভংগীৰে পাৰিৰ এক প্ৰতিবেদন
সাহসী আৰু বিনয়ী স্বভাৱৰ ভৱানী মাহাতোৱে খেতিৰ কাম কৰাৰ লগতে নিজৰ পৰিয়াল আৰু আন বিপ্লৱীসকলক ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত কেবাদশক ধৰি ৰান্ধি-বাঢ়ি খুৱাইছিল। এতিয়া ১০৬ বছৰ বয়সতো তেওঁ সেই যুঁজ অব্যাহত ৰাখিছে আৰু ২০২৪ৰ লোকসভা নিৰ্বাচনত ভোটদান কৰিছে
মুম্বাই নৰ্থ সংসদীয় সমষ্টিৰ দামু নগৰ বস্তিৰ বাসিন্দাই ২০২৪ৰ লোকসভা নিৰ্বাচনত উপান্ত শ্ৰেণীৰ অধিকাৰৰ সুৰক্ষাৰ বাবে ভোট দিব
২০২৪ৰ সাধাৰণ নিৰ্বাচনৰ সময়ত সজাগতামূলক প্ৰচাৰ অভিযান চলাবলৈ যাওতে কুইয়াৰ সম্প্ৰদায়ৰ সদস্যসকলৰ লগতে তাত উপস্থিত সাংবাদিকক শাসকীয় দলৰ সমৰ্থকসকলে উপৰ্য্যুপৰি প্ৰশ্নৰে ব্যতিব্যস্ত কৰাৰ লগতে ভয়-ভাবুকি প্ৰদান কৰে
সন্দেহযুক্ত ভোটাৰ (ডি-ভোটাৰ) বিষয়টো সুদীৰ্ঘ কাল ধৰি অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত ব্যাপকভাৱে চৰ্চিত হৈ আহিছে। ডি-ভোটাৰৰ জটিলতাত সোমাই পৰি হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ ভাষিক সংখ্যালঘু বহু লোক ভোটাধিকাৰৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে। এনে বহু লোকৰ মাজৰ এগৰাকী মৰ্জিনা খাতুন। জন্মৰে পৰা আজিলৈকে অসমতে কটালেও বিগত নিৰ্বাচনসমূহৰ দৰে এইবাৰৰ লোকসভা নিৰ্বাচনতো ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰিলে মৰ্জিনাই
মহামহিম আৰু তেৰাৰ অনুচৰবৃন্দই তেৰাৰ স্থাপিত মন্দিৰত উথপথপ লগাইছে, সেই সময়তে তীক্ষ্ণ আৰু ব্যংগ লিমাৰিকেৰে এজন কবিয়ে দেশৰ আঁহফলা পৰিৱেশক লৈ চিন্তা উদ্ৰেগকাৰী দৃষ্টি নিক্ষেপৰ বাবে আমাক বাধ্য কৰিছে
সাতপুৰাৰ শিলাময় পাহাৰে আৱৰা সৰুকৈ এটা চুবুৰী আম্বাপানীত গণতন্ত্ৰই বাগি দিয়াত পাকৈত - চুবুৰীটোৰ বাসিন্দাসকলে ২০২৪ৰ সাধাৰণ নিৰ্বাচনত ভাগ ল’ব ঠিকেই, কিন্তু তেওঁলোকে তাৰ বিনিময়ত ৰাস্তা-ঘাটো নাপায়, বিদ্যুত কিম্বা স্বাস্থ্যসেৱাৰ সুবিধাৰ পৰাও তেওঁলোক বঞ্চিত
মনৰেগা আৰু বিনামূলীয়া এলপিজি চিলিণ্ডাৰ, বাট-পথ আৰু দমকলৰ দৰে চৰকাৰী আঁচনিৰ পৰা ঝাৰখণ্ডৰ পালামু জিলাৰ এই চেচাৰিয়া গাৱঁৰ বেছিভাগ দলিত আৱাসীয়েই বাদ পৰি ৰ’ল। তেওঁলোকৰ এই অৱস্থাৰ বাবে ক্ষোভ আৰু বিৰক্তিত তেওঁলোকে কয় যে ২০২৪ৰ সাধাৰণ নিৰ্বাচন এইবোৰৰ বাবে হিচাবৰ সময়
মহাৰাষ্ট্ৰৰ গড়চিৰোলি জিলাৰ অৰণ্যাঞ্চলত লোৰ খনিয়ে জনজাতীয় লোকৰ বাসস্থান আৰু সংস্কৃতি দুয়োটালৈ ভাবুকি কঢ়িয়াই আনিছে। বছৰ বছৰ ধৰি এই অঞ্চলটো ৰাজ্যিক সুৰক্ষা বল আৰু চিপিআই (মাওবাদী)ৰ সংঘৰ্ষৰে জৰ্জৰিত। এইবছৰ জনজাতীয় বেষ্টনীৰ ১,৪৫০ খন গাওঁসভাই ২০২৪ৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থীক চৰ্তসাপেক্ষে সমৰ্থন আগবঢ়াইছে, তাৰ কিছু কাৰণ আছে…
ঘৰ মধ্যপ্ৰদেশত, কিন্তু চত্তীশগড়ত কাম কৰি থকা এইসকল শ্ৰমিকে নিজৰ গৃহসমষ্টিৰ নিৰ্বাচনৰ দিন-বাৰ নাজানে, ২০২৪ৰ সাধাৰণ নিৰ্বাচনত যে তেওঁলোকে ভোট দিবলৈ যাব পাৰিব, তাৰ নিশ্চয়তা নাই
শ শ বছৰ ধৰি বিভিন্ন ধৰ্মালম্বী মানুহে মিলিজুলি প্ৰাৰ্থনা কৰা উপসনাস্থলীবোৰত কট্টৰ হিন্দুত্ববাদী গোটবোৰে আক্ৰমণ চলোৱা আজিকালি সততে পৰিলক্ষিত হয়। পিছে সেই চেষ্টাক বাধা দিয়াত বদ্ধপৰিকৰ এখন গাঁৱে দাঙি ধৰিছে সমন্বয়-সম্প্ৰীতিৰে জীয়াই থকাৰ আদৰ্শ
মহাৰাষ্ট্ৰৰ অমৰাৱতী জিলাৰ এখন গাঁও খড়িমলৰ বাসিন্দাই কেতিয়াও খোৱা পানী অথবা বিদ্যুতৰ সুবিধা পোৱা নাই৷ গাঁওবাসীসকলৰ মতে ৰাজনৈতিক নেতাসকলে প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে ভুৱা প্ৰতিশ্ৰুতি দিয়ে আৰু সেয়া মূৰকত গৈ শূন্য হয়৷ সেয়ে তেওঁলোকে ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত ভোটদান কৰাৰ পৰা নিজকে বিৰত ৰাখিব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে
মহাৰাষ্ট্ৰৰ আদিবাসী অধ্যুষিত পালাশগাঁৱৰ ৰাস্তাত আপুনি মানুহ নাপাব, সকলো ঘৰৰ ভিতৰতে সোমাই আশংকাত দিন কটাবলগীয়া হৈছে। যিখন অৰণ্যৰ ওপৰত তেওঁলোকৰ জীৱিকা নিৰ্ভৰশীল, তাৰপৰাই তেওঁলোক দূৰত থাকিবলগীয়া হৈছে। অদেখা আশংকাত ভোগা গাওঁবাসীৰ মাজত ২০২৪ বৰ্ষৰ সাধাৰণ নিৰ্বাচনক লৈও সেয়ে কোনো উৎসাহ আপুনি নেদেখিব
গাঁৱত কৰ্মসংস্থানৰ অভাৱত পৰি মহাৰাষ্ট্ৰৰ এই জিলাৰ যুৱক-যুৱতীসকল বাহিৰলৈ প্ৰব্ৰজন কৰিবলৈ বাধ্য হৈছে। ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ কথা ভাবিবলৈ তেওঁলোকৰ সময়েই নাই
মহুৱা, তেন্দু পাত আৰু মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ নিয়োগ নিশ্চিত (মনৰেগা) ভিতৰতে আৱদ্ধ হৈ পৰিছে ভাৰতৰ এচাম দৰিদ্ৰ লোকৰ জীৱন৷ ২০২৪ চনৰ ১৯ এপ্ৰিলত দেশৰ লোকসভাৰ নিৰ্বাচনত ভোট দিবলৈ ওলোৱাৰ প্ৰাকমুহূৰ্তত আৰাট্টোণ্ডি গাঁৱৰ এই আদিবাসী লোকসকলে বিগত ১০টা বছৰত কঠিন পৰিস্থিতিত জৰ্জৰিত জীৱনৰ সমস্যাৰ বিষয়ে কয়…
বাৰম্বাৰ খৰাং বতৰে ঝাৰখণ্ডৰ এইখন জিলাৰ ক্ষুদ্ৰ আৰু উপান্ত খেতিয়কক ধৰুৱা কৰি পেলাইছে, সেয়ে জলসিঞ্চনৰ ব্যৱস্থা কৰিলেহে তেওঁলোকে এইবাৰ নিজৰ ভোটটো দিব
মহাৰাষ্ট্ৰৰ ভাণ্ডাৰা-গণ্ডিয়া লোকসভা সমষ্টিত প্ৰথম পৰ্যায়ত অৰ্থাৎ অহা ১৯ এপ্ৰিলত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ইয়াৰ শিৱাজী ষ্টেডিয়ামত গ্ৰামাঞ্চলৰ যুৱক-যুৱতীসকল চৰকাৰী চাকৰিৰ প্ৰশিক্ষণত ব্যস্ত। নিবনুৱা যুৱক-যুৱতীসকলে যিসময়ত চাকৰিৰ বাবে হাবাথুৰি খাই ফুৰিছে, সেই সময়তে নেতাসকল ব্যস্ত হৈ পৰিছে নিৰ্বাচনী প্ৰতিশ্ৰুতি দিয়াত। নিৰ্বাচনৰ এই বতৰতো সেয়ে যুৱক-যুৱতীসকলে চাকৰিৰ বাবে চলাই গৈছে কষ্টকৰ অনুশীলন। আজিৰ এই প্ৰতিবেদনৰে আৰম্ভ কৰা হৈছে আমাৰ নিৰ্বাচন বিশেষ চিৰিজ - গ্ৰামীণ বেলট, ২০২৪
উৰাবাতৰি, এডিট কৰা ফটো... এইবোৰেই এতিয়া বিভেদকামী শক্তিৰ বাবে হৈ পৰিছে অস্ত্ৰস্বৰূপ। ছ’চিয়েল মিডিয়াৰ এই যুগত সাম্প্ৰদায়িক অপশক্তিয়ে এনে অস্ত্ৰ ব্যৱহাৰ কৰিয়েই সমাজত বিষবাষ্প বিয়পাই আহিছে, কাঢ়ি লৈছে নিৰীহৰ জীৱন। মহাৰাষ্ট্ৰৰ পুছেছাৱলীৰ এনে এক ঘটনাৰ প্ৰতিবেদন
Want to republish this article? Please write to [email protected] with a cc to [email protected]
All donors will be entitled to tax exemptions under Section-80G of the Income Tax Act. Please double check your email address before submitting.
PARI - People's Archive of Rural India
ruralindiaonline.org
https://ruralindiaonline.org/articles/rural-ballot-2024-as