“আবৰি জৌ আয়েগা না ভোট লেনে, তা কহেংগে কি পহলে পেঞ্চন দো (এইবাৰ ভোট বিচাৰি আহিলে ক’ম, প্ৰথমে পেঞ্চন দিয়া),” লিতাতী মুৰ্মুৱে কয়।
ঝাৰখণ্ডৰ ডুমকা জিলাৰ কুসুমদিহ গাঁৱৰ এটা চুবুৰীত নিজৰ কেঁচা ঘৰটোৰ সন্মুখত দাত্তিত বহি থকা লিতাতীয়ে পাৰিক কয়।
“এইবাৰ আমি ঘৰ আৰু পেঞ্চনৰ দাবী জনাম,” তেওঁৰ কাষতে বহি থকা শৰ্মিলা হেমব্ৰমে মিচিকিয়াই হাঁহি মাৰি কয়।
“পাঁচ বছৰত এবাৰেই সিহঁত আহে,” ৰাজনৈতিক নেতাক লৈ ব্যংগ কৰি তেওঁ কয়। ৰাজনৈতিক নেতাসকল গাঁৱলৈ আহিলে গাঁৱৰ মানুহক সিহঁতে পইচা দিয়ে। “সিহঁতে (ৰাজনৈতিক নেতাবোৰে) আমাক ১,০০০ টকা দিয়ে, পুৰুষক ৫০০ আৰু মহিলাক ৫০০ টকা,” শৰ্মিলাই কয়।
পইচা মানে তেওঁলোকক আঁচনি আদিৰ কথা কৈ আভুৱা ভাঁৰি থোৱাৰ এক উপায়। লিতাতীৰ স্বামী ২০২২ত হঠাতে ঢুকাই থাকিল আৰু এমাহ নৰিয়াপাটিত পৰি থকা শৰ্মিলাৰ গিৰীয়েকো ২০২৩ত ঢুকাইছে। এতিয়া জীৱিকাৰ বাবে কাম বিচাৰি গ’লে দুয়ো দুয়োৰে সঁহাৰি হৈ চলি আছে।
গিৰীয়েক ঢুকাওতে লিতাতী আৰু শৰ্মিলা দুয়োৱে সৰ্বজন পেঞ্চন যোজনা আঁচনিৰ অধীনত বিধবা পেঞ্চন আঁচনিৰ সুবিধা লাভৰ চেষ্টা কৰিছিল। এই আঁচনিৰ অধীনত ১৮ বছৰৰ ওপৰৰ বিধবা মহিলাই ১,০০০ টকা লাভ কৰে। হতাশ হৈ পৰা লিতাতীয়ে কয়, “আমি ভালেকইখন প্ৰপত্ৰ পূৰণ কৰিছো আৰু গাওঁবুঢ়াৰো ওচৰ চাপিছো, কিন্তু একো কামত নাহিল।”












