লা লা লেণ্ড নামে এখন দেশত দীমোনৰ ইন্দ্ৰ নামে এজন ৰজা আছিল। দুয়োহাত আছিল তেওঁৰ লৌহ (বিহীন)। তেওঁ নাখাইছিল, কাকো খাবও দিয়া নাছিল। সেয়ে সৃষ্টি হৈছিল এক বৃহৎ (অ)দক্ষতাৰ। অঁ আপুনি বন্ধনীত শব্দ এটা দেখিছে। সেইটো এতিয়া কাৰোবালৈ নিলাম কৰি দিয়া হৈছে। পশ্চিমীয়া মণ্ডলৰ গৌদানী প্ৰভুৱে সেয়া কিনি পেলাইছে।

এদিনাখন মহামহিমৰ পুৰোহিত মহিশাতাই এক দুঃস্বপ্ন দেখিলে - কোনো হুন্ধীল গাৰা নামে এজনে সিংহাসন দখল কৰিবলৈ অগ্ৰসৰ হৈছে। সেয়া নিশ্চয়কৈ এক অশুভ লক্ষণেই আছিল, কিয়নো সেই হুন্ধীল আছিল বৰ্বৰ জাতিৰ মানুহ, কি কি যে কুপ্ৰথা সিহঁতে মানি চলিছিল। গণতন্ত্ৰ আদি সামাজিক ব্যাধি সিহঁতে অনুশীলন কৰিছিল। সেয়ে মহিশাতাহঁতে এক বুদ্ধি পাঙিলে! সাইলাখ লখিমী যেন বণ্ডদেৱীৰ চৰণত তামাগোৰ নিষ্কলুষ গোবৰেৰে সাজি উলিয়াব লাগিব ১০৮ ফুট দীঘল ধূপকাঠী।

কথামতে কাম। ঘোকাটি পেলোৱা হ’ল তামাগোৰ স্থুল বিষ্ঠাভাণ্ডাৰ, বহু বন্দবস্তৰ মাজেৰে বণ্ডবোৰ সংগ্ৰহ কৰা হ’ল। সাজি উলিওৱা হ’ল সেই বৃহৎ ধূপকাঠী। কিন্তু তাৰ গন্ধ! মিঠা, মিঠা মানে খেতিয়কৰ পথাৰলৈ কীট মাতি আনিব পৰা ঝুমলাপ্ৰেমী গন্ধ। ফ্ৰেংকিনচেন্স গন্ধ বুভুক্ষ আকাশত যেতিয়া বিয়পি পৰিল, আনন্দত মতলীয়া দীমোনৰ ৰজাই খোদ গৌদানী আৰু মহিশাতাৰ লগত এপাক নাচিলে। ক’লা ডাঁৱৰ আঁতৰিল, বিপদো চাগে তল পৰিল। পৰিল কি নপৰিল বা, কোনে ক’ব পাৰে? আমিতো ইমানেই জানো যে তেতিয়াৰে পৰা লা লা লেণ্ডৰ প্ৰজাই সুখত জীৱন কটাবলৈ (না)পালে।

জশুৱাই লিমাৰিককেইটা পাঠ কৰা শুনক

দ্বেষ আৰু দহৰ কথা!

১)
আদিতে মিঠাকৈ মাত, পিছলৈ চুৰিকাঘাত
কি ছন্দ দিম, কবিতা নে লিমাৰিক বুলিম তাক?
গোবৰেৰে সজা দেউ
ইভিএমত টিকাৰ ছেও
এশ আঠ ফুট দীঘল ধূপকাঠী জ্বলে, জ্বলিয়ে থাক।

২)
বহুজনৰ বাহ বাহ আৰু মুষ্টিমেয়ৰ হুমুনিয়াহ
মাহধৰি জ্বলে ধূপকাঠী, কিযে হিন্দোৎসাহ
নিৰুত্তৰ সেই আৰাধ্য দেৱতা
ইমানেই যে খাটি শ্ৰদ্ধা
বাৰম্বাৰ শম্বুকৰ শিৰ কটা যোৱাটোহে প্ৰাত্যহিকতাহ্

৩)
বাবৰিৰ সমাধিত স্বয়ং সেৱা সাম্ৰাজ্যৰ পতাকা উৰে
হোৱাটচআপ আৰু গাইগৰু, আনফালে বজৰংগৰ টাঙোন চলে
পিছে এই দুৰ্গন্ধ বিয়পে ক’ৰপৰা?
সৰগৰ নে নৰকৰ পৰা?
কোৱা, কোৱা আকৌ! ক’ৰপৰা আহে? দেশে জানিব খোজে!

৪)
এশ আঠ ফুট দীঘল গেৰুৱা ধূপকাঠী
দাঙিলো হাত ৰজা বিচাৰি, পালো পিছে শঠাই-নৰকী
উটকে পাতিলো ভেটাৰখীয়া
তেৰা আকৌ কেমেৰাবলীয়া
এফুট-দুফুট কি জুখিবা, এশ আঠ ফুটেই ঠগবাজি।

৫)
প্ৰান্তে প্ৰান্তে জঠৰ-জ্বালা, উজাই আহে চহাৰ ভোক
লা লা লেণ্ডত ঘনে ঘনে বিক্ষোভে দিয়ে উক
অগৰ এডাল, এডাল কাঠী
অঙঠাই দহাদি দহে দহোবস্তি
বন্ধকত মগজু, এটাই কথা, বাম আৰু কংগীহঁত নিষিদ্ধ হক


অনুবাদ: পংকজ দাস

Poems and Text : Joshua Bodhinetra

Joshua Bodhinetra has an MPhil in Comparative Literature from Jadavpur University, Kolkata. He is a translator for PARI, and a poet, art-writer, art-critic and social activist.

Other stories by Joshua Bodhinetra
Editor : Pratishtha Pandya

Pratishtha Pandya is a Senior Editor at PARI where she leads PARI's creative writing section. She is also a member of the PARIBhasha team and translates and edits stories in Gujarati. Pratishtha is a published poet working in Gujarati and English.

Other stories by Pratishtha Pandya
Illustration : Atharva Vankundre

Atharva Vankundre is a storyteller and illustrator from Mumbai. He has been an intern with PARI from July to August 2023.

Other stories by Atharva Vankundre
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das