পুৱা ৭ বাজিছে, দৌলতগঞ্জৰ ছাদিক মঞ্জিল চ’কটো ব্যস্ততাৰে ভৰি পৰিছে। ট্ৰাকবোৰে কৰ্কশ শব্দ কৰি পাৰ হৈ গৈছে, দোকানবোৰৰ ছাটাৰবোৰ খোলাৰ ঘেৰঘেৰ শব্দ শুনা গৈছে। ওচৰৰে মন্দিৰ এটাৰ পৰা মাইকৰ পৰা হনুমান চালিচা ভাঁহি আহিছে।
দোকান এখনৰ চিৰিত বহি থকা ঋষি মিশ্ৰাই চিগাৰেট এটা হুপি আছে আৰু আশে-পাশে থকা মানুহখিনিৰ লগত ডাঙৰ ডাঙৰকৈ কথা পাতিছে। তেওঁলোকৰ আলোচনাৰ বিষয় হৈছে অলপতে হৈ যোৱা সাধাৰণ নিৰ্বাচন আৰু গঠন হ’বলগীয়া নতুন চৰকাৰ। মানুহে তৰ্ক-বিতৰ্ক কৰি থকা দেখি কাষতে বহি চাধা মলি থকা নজৰুদ্দিন আহমেদে কৈছে, “তহঁতে তৰ্ক কিয় কৰিছ? যোনেই চৰকাৰ গঠন নকৰক কিয়, আমি নিজৰ পেট পালিবলৈ কাম কৰিবই লাগিব।”
ঋষি আৰু নজৰুদ্দিন সেই ঠাইত পুৱাৰ ভাগত গোট খোৱা দিনহাজিৰাৰ কাম বিচাৰি অহা মানুহ। তেওঁলোক গোট খোৱা ঠাইখিনিক লেবাৰ চ’ক বুলিও কয়। পালামুৰ আশে-পাশে গাওঁবোৰত কাম নাই, তেওঁলোকে কয়। ছাদিক মঞ্জিলৰ সেই লেবাৰ চ’কটোত প্ৰায় ২৫-৩০ গৰাকী মানুহ কামৰ আশাত বহি আছে। তেওঁলোকে ঝাৰখণ্ডৰ আশে-পাশে থকা গাওঁবোৰৰ পৰা আহি পুৱাৰ ভাগত সদায় এনেকৈ কামৰ আশাত আহি বহি থাকে। তাত তেনেকুৱা লেবাৰ চ’ক প্ৰায় পাঁচটামান আছে।








