''সাধাৰণ জনতাৰ বাবে কোনো চৰকাৰেই ভাল নহয়,’’ এই মন্তব্য ৭০ বছৰীয়া গুৰমিত কৌৰৰ। লুধিয়ানাৰ বাছিয়ান গাঁৱৰ পৰা তেওঁ জাগৰাঁৱত অনুষ্ঠিত হোৱা কিষাণ-মজদুৰ মহাপঞ্চায়তত ভাগ ল’বলৈ আহি তেওঁ আন কেইগৰাকীমান মহিলাৰ সৈতে ছাঁত বহি ৰৈছে।

''[প্ৰধানমন্ত্ৰী] মোদীয়ে চাকৰি দিব বুলি প্ৰতিশ্ৰুতি দিছিল, কিন্তু আজিলৈ এটাও প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰিলে। গতিকে তেওঁলোকৰ ইয়ালৈ ভোট বিচাৰি অহাৰ কোনো অধিকাৰ নাই,’’ গুৰমিতে কয়। ভাৰতীয় কিষাণ ইউনিয়ন (বিকেইউ একতা) ডাকাউন্দাৰ সৈতে জড়িত গুৰমিত কৌৰে 'পাৰি’ৰ আগত কয় যে ২০১৯ৰ লোকসভা নিৰ্বাচনত আন বহুজনৰ দৰে তেওঁৱো মোদীৰ সপক্ষে ভোটদান কৰিছিল।

জাগৰাঁৱৰ নতুন বজাৰখনত যোৱা ২১ মে’ত অনুষ্ঠিত হোৱা মহাপঞ্চায়ত ৰাজ্যখনৰ কৃষক সংগঠন, ট্ৰেড ইউনিয়ন, অংগনৱাড়ী কৰ্মী আৰু চিকিৎসা কৰ্মীৰ সংগঠনৰ অতি কমেও ৫০ হাজাৰ লোক সমবেত হৈছিল আৰু ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল। মঞ্চৰ বেনাৰত লিখা আছিল, 'বিজেপিক পৰাভূত কৰক, কৰ্প’ৰেটক খেদক আৰু দেশখন ৰক্ষা কৰক’।

মহাপঞ্চায়তত উপস্থিত থকা বিকেইউ লাখোৱাল খণ্ডৰ সভাপতি হৰিন্দৰ সিং লাখোৱালে কয়, ''আমি পঞ্জাৱত মোদীক ক’লা পতাকা প্ৰদৰ্শন কৰিম।’’

পঞ্জাৱত অহা ১ জুনত ভোটগ্ৰহণ সম্পন্ন হ’ব আৰু কৃষকসকলৰ প্ৰতিবাদত উত্তাল হৈ থকা ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ নৰেন্দ্ৰ মোদীয়েও চেষ্টাৰ কোনো ক্ৰুটি কৰা নাই। ৰাজ্যখনৰ কৃষকসকলে স্বামীনাথন আয়োগৰ পৰামৰ্শ অনুসৰি ন্যুনতম সমৰ্থন মূল্য (এমএছপি), ঋণ ৰেহাই, লখিমপুৰ খেৰিৰ কৃষক হত্যাৰ ন্যায়, কৃষক আৰু শ্ৰমিকৰ বাবে পেঞ্চনৰ আঁচনি আৰু ২০২০-২০২১ চনৰ কৃষক আন্দোলনত শ্বহীদ হোৱা কৃষকৰ পৰিয়ালক ক্ষতিপূৰণ প্ৰদানৰ দাবী জনাই আহিছে। পঢ়কঃ 'পাৰি’ৰ কৃষকৰ প্ৰতিবাদৰ বিশদ প্ৰতিবেদন

PHOTO • Courtesy: Sanyukt Kisan Morcha Punjab
PHOTO • Arshdeep Arshi

বাওঁফালেঃ 'বিজেপিক পৰাভূত কৰক, কৰ্পৰেটক খেদক, দেশক ৰক্ষা কৰক’ শ্ল’গানেৰে কিষাণ-মজদুৰ মহাপঞ্চায়তত সংযুক্ত কিষাণ মৰ্চাৰ পোষ্টাৰ। সোঁফালেঃ জাগৰাঁৱত হোৱা মহাপঞ্চায়তত উপস্থিত হোৱা লুধিয়ানাৰ সুধাৰ উন্নয়ন খণ্ডৰ অংগনৱাড়ী কৰ্মীসকলৰ একাংশ

PHOTO • Arshdeep Arshi
PHOTO • Arshdeep Arshi

বাওঁফালেঃ লুধিয়ানাৰ বাছিয়ান গাঁৱৰ পৰা অহা মহিলাসকলৰ সৈতে গুৰমিত কৌৰ। তেওঁ কয় যে মোদীয়ে চাকৰি দিম বুলি দিয়া প্ৰতিশ্ৰুতি ৰাখিব নোৱাৰিলে। সোঁফালেঃ মহাপঞ্চায়তৰ পূৰ্বে ২০২০-২১ বৰ্ষৰ কৃষক আন্দোলনত শ্বহীদ হোৱা কৃষকসকলক শ্ৰদ্ধাঞ্জলি। চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত আৰক্ষী-কৃষকৰ হতাহতিত মূৰত আঘাতপ্ৰাপ্ত হৈ অকালতে প্ৰাণ হেৰুওৱৱা ২১ বছৰীয়া কৃষক শুভকৰণ সিঙকো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়

মহাপঞ্চায়ত উপস্থিত থকা জনতাক সম্বোধন কৰাৰ পূৰ্বে কৃষক নেতাসকলে ২০২০-২১ চনৰ কৃষক আন্দোলনত প্ৰাণ হেৰুওৱা ৭৫০ গৰাকী শ্বহীদ কৃষকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত দিল্লীলৈ শান্তিপূৰ্ণভাৱে সমদল কৰি গৈ থকা অৱস্থাত আৰক্ষী আৰু কৃষকৰ মাজত হোৱা হতাহতিত মূৰত আঘাত পাই মৃত্যুক সাবতি লোৱা ২১ বছৰীয়া কৃষক শুভকৰণ সিঙৰ কথাও বিশেষভাৱে উল্লেখ কৰা হয়। পঢ়িব পাৰেঃ 'নিজ ৰাজ্যতেই যদি আমি নিৰাপদ নহয়, তেন্তে ক’ত হ’ম?'

কেইমাহমান পূৰ্বে অৰ্থাৎ ফেব্ৰুৱাৰীত একাধিক দাবী লৈ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ অহা কৃষকৰ সমদলক দিল্লীত প্ৰৱেশত বাধা আৰোপ কৰা হৈছিল। শান্তিপূৰ্ণভাৱে সমদল কৰি আগবঢ়া কৃষকসকলে দিল্লী সীমান্তত আৰক্ষীৰ বেৰিকেডৰ লগতে জলবোমা আৰু কন্দুৱা গেছৰো মুখামুখি হ’বলগীয়াত পৰিছিল।

এনে একাধিক কাৰণতে এতিয়া ক্ষুব্ধ কৃষকসকলে তেওঁলোকৰ গাঁওসমূহত বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰ চলোৱাতো কোনো কাৰণতে বিচৰা নাই।

বিকেইউ শাদীপুৰৰ সভাপতি বুটা সিঙেও একেই অনুভৱকে ব্যক্ত কৰিছে। তেঁও প্ৰশ্ন কৰি কয়, ''মোদী কি দৰকাৰত এতিয়া পঞ্জাৱলৈ আহিছে? আমি তেনে নেতাক ইয়াত প্ৰচাৰ চলাবলৈ নিদিও।’’

সংযুক্ত কিষাণ মৰ্চাৰ আহ্বানলৈ সঁহাৰি জনাই এতিয়া সমগ্ৰ পঞ্জাৱতে কৃষকসকলে নিজ নিজ গাঁৱত বিজেপিৰ নেতা আৰু প্ৰাৰ্থীসকলক নিৰ্বাচনী প্ৰচাৰত আৰু প্ৰৱেশত বাধা প্ৰদান কৰিছে।

PHOTO • Arshdeep Arshi
PHOTO • Arshdeep Arshi

বাঁওফালেঃ ক্ৰান্তিকাৰী কিষাণ ইউনিয়নৰ সদস্যসকলৰ সৈতে ইউনিয়নৰ সভাপতি ডঃ দৰ্শন পাল। সোঁফালেঃ ২১ মে’, ২০২৪ৰ মহাপঞ্চায়তত সমবেত হোৱা ৫০ হাজাৰৰো অধিক লোক

হংস ৰাজ হংস আৰু ৰৱনীত বিট্টু ক্ৰমে ফৰিদকোট আৰু লুধিয়ানাৰ বিজেপিৰ প্ৰাৰ্থী। জাগৰাঁৱত অনুষ্ঠিত কৃষকৰ মহাপঞ্চায়তত কৃষক নেতাসকলে নিজৰ ভাষণত এই দুগৰাকী নেতাৰ নাম লোৱাও শুনা গৈছে।

লাখোৱালে নিজৰ ভাষণত কয়, ''হাতযোৰ কৰি নেতাসকলে ভোট বিচাৰিবলৈ আহিব। তাৰপিছত সেইসকল লোকেই আকৌ পিছত আমাক চাই ল’ম বুলি ক’ব। আমাক চাই লোৱাৰ কথা ক’বলৈ সিঁহত কোন হয়?’’ উল্লেখ্য যে হংস ৰাজ হংসৰ এটি ভিডিঅ’ ক্লিপ কিছুদিন পূৰ্বে ভাইৰেল হৈ পৰিছিল। এই ভাইৰেল হৈ পৰা ভিডিঅ’ ক্লিপটোত হংস ৰাজে ১ জুনৰ ভোটগ্ৰহণৰ পিছত বিৰোধিতা কৰাসকলক চাই ল’ম বুলি কোৱা শুনা গৈছে। উক্ত মন্তব্যক লৈ এছকেএমে দাখিল কৰা আচৰণ বিধি উলংঘাৰ অভিযোগৰ ভিত্তিত নিৰ্বাচন আয়োগে হংস ৰাজক জাননীও প্ৰেৰণ কৰিছে।

এই মহাপঞ্চায়তত আহি উপস্থিত হৈছে লুধিয়ানাৰ সংগতপুৰা গাঁৱৰ ৭৪ বছৰীয়া কৃষক চেতন সিং চৌধুৰী। তেওঁ কয়, ''আগতে আমাৰ দেউতা-ককাদেউতাহঁতে যাক ভোট দিছিল আমিও তাকেই ভোট দিছিলো। এতিয়া কথাবোৰ আগৰ দৰে হৈ থকা নাই। এতিয়া আমাৰ লক্ষ্য হৈছে মোদীক ওফৰাই পেলোৱা।’’

তেওঁ বিকেইউ ৰাজেৱালৰ এগৰাকী সদস্য। তেওঁৰ পিতৃ বাবু সিং আছিল এগৰাকী মুক্তিযোদ্ধা। 'পাৰি’ক তেওঁ পঞ্জাৱ চৰকাৰে প্ৰদান কৰা প্ৰমাণপত্ৰও দেখুৱায়। বাবু সিঙে ভাৰতীয় সেনাবাহিনীতো সেৱা আগবঢ়াইছিল। বিজেপিৰ প্ৰসংগত তেওঁ আৰু কয়, ''এই দলটোৱে কৃষকৰ হিতৰ কথা তিলমানো চিন্তা নকৰে।’’

PHOTO • Arshdeep Arshi
PHOTO • Arshdeep Arshi

বাঁওফালেঃ মহাপঞ্চায়তত ভাগ ল’বলৈ অহা কীৰ্তি কিষাণ ইউনিয়নৰ সদস্যসকল। সোঁফালেঃ লুধিয়ানাৰ কৃষক নাস্তাৰ সিং গ্ৰেৱাল (বাওঁফালে) আৰু চেতন সিং চৌধুৰী (সোঁফালে)। এগৰাকী মুক্তিযোদ্ধা তথা ভাৰতীয় সেনাৰ জোৱানৰ পুত্ৰ চৌধুৰীয়ে কয়, 'আগতে আমাৰ দেউতা-ককাদেউতাহঁতে যাক ভোট দিছিল আমিও তাকেই ভোট দিছিলো। এতিয়া কথাবোৰ আগৰ দৰে হৈ থকা নাই। এতিয়া আমাৰ লক্ষ্য হৈছে মোদীক ওফৰাই পেলোৱা’

PHOTO • Arshdeep Arshi
PHOTO • Arshdeep Arshi

বাওঁফালেঃ ২০২০-২১ৰ প্ৰতিবাদৰ সময়তো সহায়ৰ হাত আগবঢ়োৱা মেডিকেল প্ৰেকটিশ্যনাৰ ইউনিয়নৰ সদস্যসকলে মহাপঞ্চায়তস্থলীত স্থাপন কৰা চিকিৎসা শিবিৰ। সোঁফালেঃ মহাপঞ্চায়তস্থলীত একাধিক গ্ৰন্থবিপণীও দিয়া দেখা গৈছে। মহাপঞ্চায়তত ভাগ লোৱা লোকসকলৰ মাজত লোকসভা নিৰ্বাচনক লৈ পুস্তিকা বিতৰণৰ দৃশ্য

মহাপঞ্চায়ত চলি থকাৰ আৰম্ভণিৰ পৰা শেষলৈকে গোটেই বজাৰখন কৃষকৰ শ্ল’গান আৰু ভাষণেৰে মুখৰিত হৈ পৰিছিল। সৰ্বত্ৰে ধ্বনিত হৈছিল ''কৃষক আৰু শ্ৰমিকৰ ঐক্য জিন্দাবাদ, নৰেন্দ্ৰ মোদী গ’ বেক!’’

কৃষক-শ্ৰমিকৰ এই মহাপঞ্চায়তত সমীপৰ গাঁৱৰ কৃষক সংগঠনৰ গোটে লংগৰৰ (খোৱা-বোৱা) ব্যৱস্থাও কৰা দেখা গৈছিল। ২০২০-২১ বৰ্ষত ১৩ মাহ ধৰি চলা আন্দোলনৰ সময়ত টিক্ৰি সীমান্তত প্ৰতিবাদী কৃষকক চিকিৎসা সেৱা আগবঢ়োৱা মেডিকেল প্ৰেকটিশ্যনাৰ ইউনিয়নৰ তৰফৰ পৰা চিকিৎসা শিবিৰো স্থাপন কৰা হৈছে। আনহাতে ইনকিলাবি কেন্দাৰ আৰু জমহুৰি অধিকাৰ সভা, পঞ্জাৱৰ সদস্যসকলে নিৰ্বাচন তথা সাধাৰণ জনতাৰ বাবে প্ৰয়োজনীয় শিক্ষা, নিবনুৱা সমস্যা, স্বাস্থ্য, ধৰ্ম, জাতি আৰু লিংগ আদি বিষয়ক সমস্যাৰ কথা উল্লেখ থকা পুস্তিকা বিতৰণ কৰাও পৰিলক্ষিত হয়।

এছকেএমে বিজেপিক পৰাভূত কৰিবলৈ আহ্বান জনালেও অৱশ্যে কোনো দলক নিৰ্দিষ্টকৈ ভোট দিবলৈ আহ্বান জনোৱা নাই। কীৰ্তি কিষাণ ইউনিয়নৰ এগৰাকী নেতা ৰাজিন্দৰ দীপসিংৱালাই এই সন্দৰ্ভত কয়, ''ভোট সেইজন প্ৰাৰ্থীকে দিয়ক যিয়ে বিজেপিৰ প্ৰাৰ্থীক পৰাস্ত কৰিব পাৰে।’’

মহাপঞ্চায়তৰ সামৰণিত সকলোৱে এইবাৰৰ নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে মাৰবান্ধি থিয় দিয়া আৰু বিজেপিক ভোটযুদ্ধ পৰাস্ত কৰিবলৈ ঐক্যমতত উপনীত হৈছিল। লাখোৱালে পঞ্চায়তৰ সিদ্ধান্ত শুনাই সামৰণিৰ ভাষণত ঘোষণা কৰিছিল, ''আমি কোনেও হিংসাৰ পথ গ্ৰহণ নকৰো, আমি শান্তিপূৰ্ণভাৱে প্ৰতিবাদ জনাই যাম।’’

অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি

Arshdeep Arshi

Arshdeep Arshi is an independent journalist and translator based in Chandigarh and has worked with News18 Punjab and Hindustan Times. She has an M Phil in English literature from Punjabi University, Patiala.

Other stories by Arshdeep Arshi
Editor : Sarbajaya Bhattacharya

Sarbajaya Bhattacharya is a Senior Assistant Editor at PARI. She is an experienced Bangla translator. Based in Kolkata, she is interested in the history of the city and travel literature.

Other stories by Sarbajaya Bhattacharya
Translator : Dhrubajyoti Dhanantari

Dhrubajyoti Dhanantari is a journalist based in Guwahati, Assam.

Other stories by Dhrubajyoti Dhanantari