মুম্বাইৰ প্ৰতিটো চুক-কোণ মেট্ৰো আৰু এক্সপ্ৰেছৱেৰ লগত সংযোজিত হোৱাৰ সময়ত দামু নগৰৰ এতিয়াও নৰকত বাস কৰাৰ লেখীয়া অৱস্থা। তেওঁলোকে মুকলিত শৌচ কৰিবলগীয়া হয়। তাৰবাবে পাৰ হ’ব লাগে এখন পথাৰ। এফুট ওখ দেৱাল এখন পাৰ হৈ তাৰ কাষে কাষে জাবৰ-জোঁথৰ আৰু মানুহৰ বিষ্ঠাৰ গোন্ধ লৈ তেওঁলোকে শৌচ কৰিবলৈ যায়। আশে-পাশে থকা ঘাঁহবোৰ শুকাই গৈছে, মাজে-মাজে দুই-এডাল গছ আছে, সামান্য ছাঁ আৰু লজ্জা নিবাৰণৰ বাবে আঁৰ।
আঁৰ বুলিবলৈ সঁচাই কিবা আছেনে? “ইয়াত গোপনীয়তা ৰক্ষা কৰিব পৰা একোৱেই নাই,” দামু নগৰৰ বহু পুৰণি বাসিন্দা ৫১ বৰ্ষীয় মীৰা য়েড়েয়ে কয়। “কোনোবা অহাৰ উমান পালে আমি থিয় হৈ দিব লাগে।” বছৰ বাগৰাৰ লগে লগে পথাৰখন দুটা ভাগত বিভক্ত হৈ পৰিছে, বাঁওফালে মহিলা আৰু সোঁফালে পুৰুষ। কিন্তু তাত সমস্যা আছে, মীৰাই কয়, “দুভাগ হ’লেও মাজত সীমা বুলিবলৈ নাই, কেইমিটাৰমান পাৰ্থক্য আছে চাগে। কোনেনো জুখিব?” ভাগ দুটাৰ মাজত কোনো বেৰা-খোৰা নাই।
দামু নগৰ, য’ৰ প্ৰায়ভাগ লোকেই প্ৰথম নাইবা দ্বিতীয় প্ৰজন্মৰ গ্ৰামীণ প্ৰব্ৰজনকাৰী, তেওঁলোকৰ এই মুম্বাই নৰ্থ সমষ্টিত নিৰ্বাচন আহিল আৰু গ’ল, কিন্তু সমস্যাবোৰ সমস্যা হৈয়েই থাকি গ’ল। এয়া ১৮তম লোকসভা নিৰ্বাচন, ৫৪৩ গৰাকী প্ৰাৰ্থীক জয়ী কৰা এই প্ৰক্ৰিয়া আগবঢ়াৰ সময়তো তেওঁলোকে সেই প্ৰাথমিক সমস্যাৰ লগতে যুঁজি থাকিবলগীয়া হৈছে। তথাপি মীৰাৰ পুত্ৰ প্ৰকাশ য়েড়েয়ে কয, “এনেকুৱা এটা পৰিৱেশ গঢ়ি তোলা হৈছে যেন দেশত সকলো ভালেই চলি আছে।” প্ৰকাশে তেওঁৰ ঘৰৰ দুৱাৰমুখত আমাৰ সৈতে কথা পাতিছে। ঘৰ মানে ধাতুৰ পাট এখনেৰে চালি দিয়া ঘৰ, সেই চালিখনে চাগে ঘৰটোৰ ভিতৰখনৰ উষ্ণতা কেইডিগ্ৰীমান বঢ়াই পেলায়।
“দেশৰ এইটো প্ৰান্তত আচল সমস্যাবোৰ কোনোৱেই আলোচনা কৰিব নিবিচাৰে,” শৌচালয়, পানী, বিদ্যুতৰ সংযোগ আদিৰ সুবিধা নোপোৱা দামু নগৰৰ ১১,০০০ৰো অধিক বাসিন্দাই কেনেদৰে এক বিপদসংকুল জীৱন নিৰ্বাহ কৰি থাকিবলগীয়া হৈছে তাকে উল্লেখ কৰি ৩০ বৰ্ষীয় প্ৰকাশে কয়। লোকপিয়লত ভীম নগৰ বুলি লিপিবদ্ধ এইখন বস্তিৰ বাসিন্দাসকলৰ ঘৰবোৰ জৰাজীৰ্ণ বেৰ, তিৰ্পালেৰে বেৰা আৰু টিনপাত দিয়া হেলেক-পেলেক। সঞ্জয় গান্ধী ৰাষ্ট্ৰীয় উদ্যানৰ টিলা এটাত অৱস্থিত বস্তিটোলৈ যোৱা পথ ওখোৰা-মোখোৰা, শিলাময়, কোনোমতে নলাত ভৰি নপৰাকৈ যাব পাৰি।





















