“নিৰ্বাচন আহিলে এনে লাগে যেন ইয়াত কিবা মেলাহে বহিছে,” তুলি চিলাবলৈ কাপোৰবোৰ ঠিক-ঠাক কৰি থকাৰ মাজতে এইদৰে কয় মৰ্জিনা খাতুনে। “আন ৰাজ্যলৈ কাম কৰিবলৈ যোৱা মানুহো ভোট দিবলৈ বুলিয়েই ঘৰলৈ আহে।’’
ৰূপাকুছি নামৰ যিখন গাঁৱত মৰ্জিনাই বাস কৰে সেই গাঁওখন যোৱা ৭ মে’ত ভোটগ্ৰহণ সম্পন্ন হৈ যোৱা ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত।
মৰ্জিনাৰ পিছে এইবাৰো ভোট দিয়া নহ’ল। ৪৮ বছৰীয়া মহিলাগৰাকীয়ে কয়, “মই দিনটো কোনোমতে পাৰ কৰিলো। মানুহে নেদেখাকৈ ঘৰতে সোমাই থাকিলো।’’
সন্দেহযুক্ত ভোটাৰ (ডি-ভোটাৰ) তালিকাত নাম থকা বাবেই ভোট দিয়াৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে মৰ্জিনা। চৰকাৰী তথ্য অনুসৰি ৰাজ্যখনত ৯৯,৯৪২ গৰাকী লোকক ভাৰতীয় নাগৰিকত্ব প্ৰমাণ কৰিবলৈ সক্ষম নোহোৱাৰ পৰিপ্ৰেক্ষিতত সন্দেহযুক্ত ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। এইসকলৰ অধিকাংশই হৈছে বাংলাভাষী হিন্দু আৰু মুছলমান।
ডি-ভোটাৰ থকা ভাৰতৰ একমাত্ৰ ৰাজ্যখনেই হৈছে অসম। চুবুৰীয়া বাংলাদেশৰ পৰা অবৈধভাৱে প্ৰব্ৰজন কৰা বুলি অভিযোগ উত্থাপিত হৈ অহা এইসকল লোকৰ প্ৰসংগ প্ৰতিবাৰেই নিৰ্বাচনী ৰাজনীতিত মূল ইছ্যু হিচাপে পৰিগণিত হোৱা দেখা হৈছে। ভাৰতীয় নিৰ্বাচন আয়োগে ৰাজ্যখনত ডি-ভোটাৰ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছিল ১৯৯৭ চনত। সেই একেটা বৰ্ষতে নিৰ্বাচনী তালিকাত নাম অন্তৰ্ভুক্ত কৰিবৰ বাবে পিয়ল চলাবলৈ অহা চৰকাৰৰ মানুহে মৰ্জিনাৰ নামটো প্ৰথমবাৰৰ বাবে লিখি লৈ গৈছিল। মৰ্জিনাই কয়, “তেতিয়াৰ দিনত ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ চৰকাৰী স্কুলৰ শিক্ষকসকলে মানুহৰ ঘৰে ঘৰে গৈছিল। ময়ো মোৰ নামটো দিছিলো। কিন্তু নিৰ্বাচনৰ সময়ত ভোট দিবলৈ গৈছিলো যদিও মোক ভোট দিবলৈ নিদিলে। অফিচাৰসকলে কৈছিল যে মই হেনো ডি-ভোটাৰ।’’





