নুৰুল আৰু আয়েশা। তেওঁলোকৰ সংসাৰখন দেখি কোনোৱে নক’ব যে তেওঁলোকৰ বিয়া ঘৰৰ মানুহে ঠিক কৰি দিয়া মতেহে হৈছিল। ক্ৰিকেট বুলিলেই দুয়ো বলীয়া। নুৰুল বিৰাট কোহলিৰ ভক্ত। আয়েশাৰ পছন্দৰ ক্ৰিকেটাৰ আকৌ পাকিস্তানৰ বাবৰ আজম। কোহলিয়ে যেতিয়াই চেঞ্চুৰী কোবায় তেতিয়াই নুৰুলে আয়েশাক দেখুৱাই স্ফূৰ্তি কৰে। আকৌ যিদিনা বাবৰে ভাল খেলে সেইদিনা নুৰুলক দিনটো সেই কথাকেই কৈ কৈ কাণ ঘোলা কৰি দিয়ে। ক্ৰিকেটক কেন্দ্ৰ কৰিয়েই চলি থাকে নুৰুল-আয়েশাৰ প্ৰেম আৰু সংসাৰ।
২০২৩ৰ জুনত যেতিয়া বিশ্বকাপ ক্ৰিকেটৰ সময়সূচী প্ৰকাশ পাইছিল তেতিয়া উদগ্ৰীৱ হৈ পৰিছিল আয়েশা। ভাৰত আৰু পাকিস্তানৰ মেচখন গুজৰাটৰ আহমেদাবাদত ১৪ অক্টোবৰত আছিল। “খেলখন যেনেকৈয়ে নহওক ষ্টেডিয়ামৰ পৰাই চাম বুলি মই নুৰুলক কৈছিলো,” মহাৰাষ্ট্ৰৰ পশ্চিম প্ৰান্তৰ ৰাজাচে কুৰ্লেৰ মাতৃগৃহত বহি থাকি কথাখিনি কৈ গৈছিল আয়েশাই। তেওঁ আৰু কৈছিল, “ভাৰত আৰু পাকিস্তানৰ মাজত আজিকালি খেল নহয়েই বুলিব পাৰি। সেয়ে এয়া আছিল আমি দুয়ো আমাৰ প্ৰিয় ক্ৰিকেটাৰক একেলগে চোৱাৰ বিৰল সুযোগ।“
পেছাত অভিযন্তা নুৰুলে কাৰোবালৈ দুই-এবাৰ ফোন কৰিছিল আৰু দুয়ো ভবা ধৰণেই দুটা টিকটৰ যোগাৰ হৈ গৈছিল। সেই সময়ত আয়েশা আছিল ৬ মাহৰ অন্তঃসত্বা। সেয়ে সাতাৰা জিলাস্থিত তেওঁলোকৰ পুছেছাৱলী গাঁৱৰ পৰা ৭৫০ কিলোমিটাৰ দূৰত্বৰ যাত্ৰাত যাতে কোনো সমস্যা নহয় তাৰ বাবে যথেষ্ট সাৱধানতা অৱলম্বন কৰিছিল। তেওঁলোকে ৰে’লৰ টিকট বুক কৰাৰ লগতে তাত গৈ থকাৰ ব্যৱস্থাও কৰি লৈছিল। কিন্তু শেষ মুহূৰ্তত তেওঁলোকৰ যোৱাতো হৈ নুঠিল।
২০২৩ চনৰ ১৪ অক্টোবৰৰ দিনটোত নুৰুল নাইকিয়া হোৱাৰ এমাহ হৈছিল আৰু আয়েশাও মানসিকভাৱে একপ্ৰকাৰ ভাগি পৰিছিল।








