“আমাৰ সময়ত যদি মহিলাসকল শিক্ষিত হ’লহেঁতেন, তেতিয়া পৰিস্থিতি ভিন্ন হ’লহেঁতেন,” কিষাণগঢ় সেধা সিং ৱালাৰ নিজ ঘৰৰ বাৰান্দাত বহি সুৰজীত কৌৰে কয়। তেওঁ নাতিনী আৰু নাতিল’ৰাহঁতৰ বয়সতে তেওঁ ৫ম মানৰ পৰা পঢ়া এৰিবলগীয়া হৈছিল।
“শিক্ষাই ব্যক্তিৰ তৃতীয় নয়ন খোল খুৱায়,” ৬৩ বৰ্ষীয় সুৰজীতে নিজৰ কথাষাৰত জোৰ দি কয়।
৭৫ বৰ্ষীয় তেওঁৰ চুবুৰীয়া জছৱিন্দৰ কৌৰে সন্মতি দৰ্শাই মুৰ ডুপিয়াইছে। “মহিলাই যেতিয়া পদুলিৰ পৰা বাহিৰলৈ ওলায়, তেতিয়া সিহঁতে বিশ্বখন দেখে,” তেওঁ কয়।
নিজ স্কুলীয়া শিক্ষা সাং কৰিব নোৱাৰিলেও তেওঁলোকক আন এক পাঠশালাই ভাল শিক্ষাই দিছে। ২০২০-২১ত হোৱা ঐতিহাসিক কৃষক আন্দোলনৰ সময়ত দিল্লীত ১৩ মাহ শিবিৰ পাতি ভাগ লোৱা ১৬ গৰাকী মহিলাৰ ভিতৰত তেওঁলোক দুজনো আছিল। এটা বছৰত কেন্দ্ৰ চৰকাৰৰ তিনিখন আইনৰ বিৰুদ্ধে থিয় দিয়া লাখে লাখে কৃষকে দিল্লী সীমান্তত বাহৰ পাতি প্ৰতিবাদ কৰিছিল। আইনকেইখনক লৈ তেওঁলোক সংশয়ত ভুগিছিল যে সি ন্যূনতম সমৰ্থন মূল্য (এমএচপি) ব্যৱস্থাৰ ক্ষতি কৰিব আৰু বণিকগোষ্ঠী আৰু ক’ৰ্পৰেটক লাভান্বিত কৰিব। সেই কৃষি আন্দোলনৰ পাৰিয়ে কৰা কাভাৰেজ ইয়াত পঢ়িবলৈ পাব।
এই প্ৰতিবেদকে পাঞ্জাৱৰ বিভিন্ন স্থানৰ লগতে ২০২৪ মে’ত কিষাণগঢ় সেধা সিং ৱালা সাক্ষাৎ কৰোঁতে তেওঁলোক ব্যস্ত আছিল শস্য চপোৱাৰ প্ৰস্তুতিত। গঞাই তাৰ সমানে সমানে ১ জুনত অনুষ্ঠিত হ’বলগীয়া সাধাৰণ নিৰ্বাচনৰ বাবেও সাজু হৈছে। উল্লেখ্য যে শাসকীয় দলৰ কৃষক-বিৰোধী কাৰ্য্যকলাপৰ বিৰুদ্ধে কৃষকৰ আন্দোলনৰ আলোড়নে ৰাজনৈতিক পৰিস্থিতি উত্তপ্ত কৰি থৈছে।
“বিজেপি জয়ী হ’লে সিহঁতে আকৌ এই আইনকেইখন (কৃষি আইন) ঘূৰাই-পকাই লৈ আহিব,” ষাঠি বৰ্ষীয় জাৰ্নেইল কৌৰে কয়। কিষাণগঢ় সেধা সিং ৱালাত ১০ একৰ খেতিমাটি থকা পৰিয়ালৰ জাৰ্নাইলে কয়, “আমি চাই-চিতি ভোট দিব লাগিব।”
(শিৰোমণি আকালি দলৰ হৰচিমৰৎ কৌৰ বাদলে ২০২৪ৰ নিৰ্বাচনত ভাতিন্দা লোকসভা আসন লাভ কৰে। ২০২৪ৰ ৪ জুনত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছিল।)
















