“ইয়ালৈ বিয়া হৈ আহি ভুলেই কৰিলো।”
নকইনা হিচাপে পোৱা অভিজ্ঞতাৰ কথা বৰ্ণনা কৰি ২৯ বৰ্ষীয় ৰ’জিয়ে কয়। এনে যে অনুভৱ কেৱল তেওঁৰেই, তেনেকুৱা নহয়। শ্ৰীনগৰৰ ডাল লে’কৰ বাসিন্দাসকলে কয় যে ইয়ালৈ বহুতেই বিয়া হৈ আহিব নিবিচাৰে। “ইতিমধ্যে তিনিবাৰ প্ৰত্যাখান পাই থৈছো,” নিজৰ সৰুজন ল’ৰাৰ বাবে ছোৱালী বিচাৰি থকা গুলশন নাজিৰে কয়। “ঘটকেই ইয়ালৈ আহিব এৰিছে।”
বিড়ম্বনাৰ কথা যে ৰাজ্যখনৰ আটাইতকৈ ডাঙৰ সতেজ পানীৰ হ্ৰদ হিচাপে পৰিচিত ঠাইখনত হোৱা পানীৰ অত্যধিক নাটনিৰ বাবে এনে হৈছে, বাৰু মহল্লাৰ মহিলাগৰাকীয়ে কয়।
“নবছৰ আগতে আমি নাৱেৰে গৈ ডাল হ্ৰদৰ বিভিন্ন ঠাইৰ পৰা পানী সংগ্ৰহ কৰিছিলো,” বাঢ়ৈৰ কাম কৰি জীৱিকা নিৰ্বাহ কৰা মুস্তাক আহমেদে কয়। “পানীৰ টেংকাৰ দেখিবলৈ পোৱা নগৈছিল।”
কিন্তু যোৱাটো দশকৰ পৰা মুস্তাক ৰৈ থাকে ৰাস্তাৰ দাঁতিত, পুৱা ঠিক ৯ বজাত ৰাজ্যিক পানীযোগানৰ টেংকাৰখন আহি পায়। গুডু মহল্লাৰ তেওঁৰ ১০ জনীয়া পৰিয়ালটো পানীৰ বাবে তেওঁৰ ওপৰতে নিৰ্ভৰ কৰে। পানী ধৰা কামটো সহজ কৰিবলৈ তেওঁ ২০ৰ পৰা ২৫ হাজাৰ টকা খৰছ কৰি ষ্ট’ৰেজ টেংক কিনিছে আৰু পাইপলাইন বহুৱাইছে। “অৱশ্যে কাৰেণ্ট থাকিলেহে ব্যৱস্থাটো কামত আহে, আৰু কাৰেণ্টৰ সমস্যাটো কাশ্মীৰত বেছিয়েই,” তেওঁ কয়। এই মাহত (মাৰ্চত) ট্ৰান্সফৰ্মাৰৰ কিবা বিজুতি ঘটাত তেওঁলোকে বাল্টিৰে পানী কঢ়িয়াবলগীয়া হৈছিল।


বাওঁফালে: ডালগেটৰ বাৰু মহল্লাৰ পানীৰ টেংকাৰ এখনৰ চালক হিলাল আহমদে কয়, ‘পানীৰ নাটনিৰ বাবে মানুহ বহুত সমস্যাত পৰিছে।’ সোঁফালে: নাটনিৰ সময়ত ব্যৱহাৰ কৰিবলৈ থোৱা ঘৰৰ প্লাষ্টিকৰ কেনকেইটা (বাওঁফালে) চাইছে মুস্তাক আহমদ গুডুৱে
মুৰ্শ্চিদাবাদৰ বেগুনবাৰী গাওঁ পঞ্চায়তৰ হিজুলি চুবুৰীৰ বাসিন্দাসকলেও টেংকাৰৰ পানী ৰাখে। কিন্তু তেওঁলোকক পানী দিয়ে বেচৰকাৰী বিক্ৰেতাই, পশ্চিমবংগত পানীৰ দাম ১০ৰ পৰা ২০ টকা প্ৰতিলিটাৰ।
“আমাৰ হাতত আন একো উপায় নাই বুজিছে। আমি এনেকৈ পানী কিনি খাব লাগে। যদি কিনিব নোৱাৰিলে, তেন্তে খাবলৈকো পানী ক’তো নাপাব,” লালবানু বিবিয়ে কয়।
এয়া স্পষ্ট যে ৰ’জি, মুস্তাক আৰু লালবানুহঁতে কেন্দ্ৰীয় চৰকাৰৰ জল জীৱন মিছন (জে.জে.এম.)ৰ সুবিধা পোৱা নাই। জে.জে.এম. ৱেবছাইটত কোৱা হৈছে যে ভাৰতৰ গ্ৰামাঞ্চলৰ ৭৫ শতাংশ পৰিয়ালে (প্ৰায় ১৯ কোটি লোক)য়ে বিশুদ্ধ খোৱাপানীৰ সুবিধা লাভ কৰিছে। ইয়াত এই কথাও কোৱা হৈছে যে ২০১৯ত ৩.৫ লাখ কোটি পাইপ আউটলে’ৰ ফলত যোৱা পাঁচটা বছৰত নলৰ সংখ্যা তিনিগুণ বাঢ়িছে, সেয়ে বৰ্তমান ৪৬ শতাংশ গ্ৰামীণ পৰিয়ালৰ নলৰ পানীৰ সংযোগ আছে।
বিহাৰৰ আকবৰপুৰস্থিত সুশীলা দেৱী আৰু চিন্তা দেৱীৰ ঘৰতো ২০১৭-১৮ত বিহাৰ চৰকাৰৰ সাত নিশ্চয় আঁচনিৰ অধীনত নল বহুওৱা হৈছিল। “নল বহুওৱাৰ ছয়-সাত বছৰ হ’ল। পানীৰ টেংকো বহুওৱা হ’ল। কিন্তু সেই নলৰ পৰা এটোপালো পানী নোলাল,” চিন্তাই কয়।
ইয়াৰ কাৰণ হৈছে চিন্তা আৰু সুশীলা দলিত সম্প্ৰদায়ৰ লোক। আন উচ্চ জাতৰ পৰিয়ালে পানী পায় যদিও তেওঁলোক দুঘৰকে ধৰি মুঠ ৪০ ঘৰ দলিত পৰিয়ালে পানীৰ সংযোগ কেতিয়াও নাপালে।


বাওঁফালে: পশ্চিমবংগত পানী ভৰাবলৈ ৰৈ থকা মহিলা। মুৰ্শ্চিদাবাদ জিলাৰ বেগুনবাৰীৰ হিজুলি চুবুৰীত ৰাজ্জু এখন টেম্পোত উঠিছে। লালবানু বিবি (ৰঙা ব্লাউজ পৰিহিত) আৰু ৰৌছনাৰা বিবি (হালধীয়া ব্লাউজ পৰিহিত)য়ে দুজন চুবুৰীয়াৰ সৈতে অপেক্ষা কৰিছে। সোঁফালে: বিহাৰৰ নালন্দা জিলাত মহিলাসকলে তেওঁলোকৰ বাচন-পত্ৰ হেণ্ডপাম্পৰ পানীৰে ধোৱাৰ বাবে আকবৰপুৰ পঞ্চায়তৰ দলিত কলনিত অপেক্ষা কৰিছে


আকবৰপুৰৰ দলিত কলনিটোত নলৰ পানীৰ বাবে টেংক বহুওৱা হৈছিল যদিও সেয়া শুকাই থাকিল। সোঁফালে: কেন্দ্ৰীয় নল জল আঁচনিৰ অধীনত বিহাৰৰ মুছহৰ পৰিয়াললৈ বুলি লগোৱা নলত কোনোদিনেই পানী নাহিল
আকবৰপুৰৰ যিটো দলিত কলনিত তেওঁলোক থাকে তাত কেৱল এটাই হেণ্ডপাম্প আছে। সেই পাম্পটোৰ পৰাই ঘাইকৈ মুছহৰ আৰু চমাৰ সম্প্ৰদায়ৰ লোকে পানী নিয়ে (দুয়োটা সম্প্ৰদায়ে ৰাজ্যখনত অতিকৈ পিছপৰা শ্ৰেণী আৰু অনুসূচিত জাতি হিচাপে তালিকাবদ্ধ)।
হেণ্ডপাম্পটো বেয়া হৈ থাকিলে, যিটো প্ৰায়ে ঘটে, “আমি আমাৰ মাজতে পইচা তুলি মেৰামতি কৰাও,” নালন্দা জিলাৰ এইটো কলনিৰ বাসিন্দা ৬০ বৰ্ষীয় চিন্তাই কয়। আৰু এটা বিকল্প আছে, যাদৱসকলক সোধা। কিন্তু তেওঁলোকে প্ৰায়ে নাকচ কৰে বুলি তেওঁ কয়।
দলিত মানৱ অধিকাৰৰ ৰাষ্ট্ৰীয় অভিযান চমুকৈ এনচিডিএইচআৰ-য়ে কৰা এক অধ্যয়নত দেখা গৈছে যে দলিত গাঁৱৰ প্ৰায় অৰ্দ্ধাংশই (৪৮.৪ শতাংশ) পানীৰ সুবিধাৰ পৰা বঞ্চিত, আৰু ২০ শতাংশই বিশুদ্ধ খোৱাপানীৰ সুবিধা পোৱা নাই।
মহাৰাষ্ট্ৰৰ পালঘৰৰ কে ঠাকুৰ জনজাতিৰ ৰাকু নাদাগে, কিম্বা তাৰে আদিবাসীসকলেও পানী পোৱা নাই। “টেংকাৰ কেতিয়াও নাহে,” তেওঁ কয়। যেতিয়া আমাৰ ১,১৩৭ জনসংখ্যাৰ গাওঁখনৰ পানীৰ একমাত্ৰ উৎস কুঁৱাটো গ্ৰীষ্মৰ দিনত শুকাই গ’লে আমি কলহ লৈ হাবিৰ মাজলৈ পানী আনিবলৈ যাব লাগে। এটা লওঁ মূৰত, আনটো কঁকালত। হাবিলৈ যোৱা ৰাস্তাও নাই।”
পৰিয়ালৰ জোখাৰে পানী আনিবলৈ ৰাকুৱে তিনিবাৰ যাব লাগে। প্ৰায় ৩০ কিলোমিটাৰ বাট তেওঁ খোজকাঢ়িবলগীয়া হয়। পানী অনা কামটোত তেওঁৰ প্ৰায় নঘণ্টা সময় লাগে।
*****


শিৱমূৰ্তি সাথে (সোঁফালে) এগৰাকী জৈৱিক খেতিয়ক, কাক্ৰাম্বাৰ এই খেতিয়কজনে তেওঁৰ উপজ সামগ্ৰীসমূহ মহাৰাষ্ট্ৰৰ তুলজাপুৰ বজাৰত বিক্ৰী কৰে। তেওঁ যোৱা ছটা দশকত পাঁচবাৰ খৰাং পৰা দেখিছে, কয় যে পানীৰ সংকট মানৱসৃষ্ট
কাক্ৰাম্বা গাঁৱৰ বাসিন্দা শিৱমূৰ্তি সাথেয়ে নিজৰ জীৱনকালত ছটা দশকত প্ৰায় পাঁচবাৰ খৰাং পৰা দেখিছে।
মহাৰাষ্ট্ৰৰ তুলজাপুৰ অঞ্চলৰ এগৰাকী খেতিয়ক শিৱমূৰ্তিয়ে নিজ চকুৰে দেখিছে কেনেকৈ দুটা দশকত উৰ্বৰা মাটি চন পৰিছে। এতিয়া সেই মাটিত এডালো ঘাঁহ নাই। ট্ৰেক্টৰৰ ব্যৱহাৰক তেওঁ দোষাৰোপ কৰে। “নাঙলত বলদ গৰুহাল যুতি লৈ খেতি চহাইছিলো, তেতিয়া মাটিত থকা ঘাঁহবোৰে পানী বাগৰি যাব নোৱাৰাকৈ ভেটা দি বেছি সময়ৰ বাবে ধৰি ৰাখিছিল, ভূগৰ্ভলৈ সৰকি যাবলৈ সময় পাইছিল। ট্ৰেক্টৰে মাটিবোৰ তল-ওপৰ কৰি পেলালে আৰু ইটো মূৰৰ পৰা সিটো মূৰলৈ কেৱল চহাই গ’ল।”
তেওঁৰ তেতিয়া বয়স নবছৰ, ১৯৭২ৰ কথা। “প্ৰথমবাৰৰ বাবে অতিকৈ খৰাং পৰা”ৰ কথা তেওঁ মনত পেলায়। “পানী আছিল। কিন্তু খাবলৈ খাদ্য নাছিল। তাৰপিছত কেতিয়াও স্বাভাৱিক অৱস্থা দেখা নাই।” সাথে কাকাই তুলজাপুৰ চহৰত দেওবৰীয়া বজাৰত পাচলি আৰু চিকু বিক্ৰী কৰে। তেওঁ ২০১৪ৰ খৰাঙত পৰি এক একৰ মাটিৰ আমৰ খেতি হেৰুৱাইছে। “আমি ভূজল অত্যধিক পৰিমাণে ব্যৱহাৰ কৰিছো আৰু বিভিন্ন বিষাক্ত ৰাসায়নিক ব্যৱহাৰ কৰি আমাৰ মাটিবোৰ বিষাক্ত কৰি পেলাইছো।”
মাৰ্চ মাহ পৰিছে, তেওঁ কয়, “মে’ মাহত বাৰিষাৰ পূৰ্বে হোৱা বৰষুণ নাপালে এই বছৰটো কষ্টকৰ হ’ব।” খোৱাপানীৰ সমস্যা আছে। “এহাজাৰ লিটাৰ পানীত আমি ৩০০ টকা দিওঁ। কেৱল মানুহকেই নহয়, আমাৰ গৰু-ছাগলীকো পানী লাগে।”
দানাৰ নাটনি ঘটি হোৱা পশুধনৰ মৃত্যুৱে খেতিয়কক আগন্তুক ঋতুত খেতি কৰাৰ বাবে অনিশ্চয়তাৰ গৰাহত পেলায়, স্বামীনাথন আয়োগৰ প্ৰথমখন প্ৰতিবেদনত কোৱা হৈছে। “এনেদৰে খৰাং কেৱল অস্থায়ী ঘটনা হৈ নাথাকে, ই স্থায়ী ক্ষতি কৰি গৈ থাকে,” প্ৰতিবেদনখনত উল্লেখ।


বাওঁফালে: সমগ্ৰ গ্ৰামীণ মহাৰাষ্ট্ৰত পৰা খৰাঙৰ ফলত বহু পৰিয়ালে গৰু-ম’হৰ গোহালিত থাকিবলৈ বাধ্য কৰায়। সোঁফালে: খৰাঙৰ ফলত ওচমানাবাদত জীৱন যাপন কঠিন হৈ পৰে আৰু নাটনিৰ সময়ত পানীৰ বজাৰ এখন গঢ় লৈ উঠে

সাধাৰণ মানুহৰ পানীৰ সংকটৰ সমাধান উলিওৱাত চৰকাৰৰ সামৰ্থ্যৰ ওপৰত প্ৰশ্ন তোলা পাৰিত এতিয়ালৈ প্ৰকাশিত নোহোৱা কচ্ছী গীত এটাৰ সাৰাংশ তুলি ধৰা হৈছে। কৃষকৰ সপোন মোহাৰি চৰ্দাৰ সৰোবৰ প্ৰকল্পৰ উচ্চতা বঢ়োৱাৰ পিছতো পানী যোগান ব্যৱস্থাৰ বৃহৎ বিফলতাৰ কাৰণে এনে এক আস্থাহীনতাৰ সৃষ্টি হৈছে। খোৱাপানী মেনুফেক্সাৰিঙলৈ লৈ যোৱা, কৃষিৰ পৰা উদ্যোগলৈ নিয়া, দুখীয়াৰ পৰা ধনীলৈ নিয়াৰ যি পদ্ধতিগত ব্যৱস্থা, তাৰ ফল বহু খেতিয়ক ভূগিবলগীয়া হৈছে
২০২৩ত জুনৰ পৰা ছেপ্তেম্বৰলৈ ধাৰাশিৱ (পূৰ্বতে ওচমানাবাদ) জিলাৰ তুলজাপুৰ খণ্ডত বৃষ্টিপাত আছিল ৫৭০.৩ মি.মি. (সাধাৰণ বৃষ্টিপাত ৬৫৩ মি.মি. বাৰ্ষিক বৃষ্টিপাতৰ বিপৰীতে)। ইয়াৰে আধাতকৈ বেছি বৰষুণ হৈছিল জুলাই মাহৰ ১৬ দিনত। বৰষুণ নিদিয়া বতৰৰ ব্যাপ্তিকাল আছিল জুন, আগষ্ট আৰু অক্টোবৰ মাহত ৩-৪ সপ্তাহ। ফলত মাটিয়ে প্ৰয়োজনীয় আৰ্দ্ৰতা নাপালে, জলাধাৰাবোৰৰ পূৰ্তি নহ’ল।
সেয়ে কাক্ৰাম্বাৰ খেতিয়কসকলে কষ্ট ভূগিবলগীয়া হৈছে: “যিমানখিনি প্ৰয়োজন, তাৰ মাত্ৰ ৫-১০ শতাংশহে পাই আছো। গোটেই গাঁৱতে আপুনি মাটিৰ পাত্ৰ আৰু হাণ্ডা দেখিবলৈ পাব,” তেওঁ পাৰি প্ৰতিবেদকক কয়।
“এইবোৰ (খৰাঙৰ দৰে পৰিস্থিতি) মানৱসৃষ্ট,” সাথে কাকাই কয়।
মুৰ্শ্চিদাবাদ জিলাৰ ভূজল আৰ্ছেনিকেৰে প্ৰদূষিত। পশ্চিমবংগৰ গংগা উপত্যকাৰ ভাগীৰথী নদীৰ পাৰত অৱস্থিত এইখন জিলাত এসময়ৰ মিঠাপানীৰে উপচি থকা দমকলবোৰ দ্ৰুতগতিত শুকাই গৈছে।
নলৰ পানীৰ সুবিধা নাই বাবে বেগুনবাৰী গাওঁ পঞ্চায়তৰ মানুহে দমকলৰ ওপৰত নিৰ্ভৰ কৰি চলিবলগীয়া হয় (জনসংখ্যা ১০,৯৮৩, ২০১১ৰ লোকপিয়ল)। “আমি দমকলৰ পানীয়ে ব্যৱহাৰ কৰোঁ, কিন্তু আটাইবোৰ শুকাই গ’ল (২০২৩ত),” ৰৌছানাৰা বিবিয়ে কয়। “বেলডাঙাৰ ১ নং ব্লকৰ জলাশয়ৰো একেই অৱস্থা। পুখুৰীবোৰৰ পানী দ্ৰুতগতিত শুকাই যাবলৈ ধৰিছে।” ইয়াৰ কাৰণ বৰষুণৰ অভাৱ, লগতে অবাধ হাৰত ভূজলৰ নিষ্কাষণ।


মুৰ্শ্চিদাবাদত অগভীৰ পাম্প (বাওঁফালে)ৰে মৰাপাটৰ খেতিত ব্যৱহাৰৰ বাবে ভূজলৰ পানী নিষ্কাষণ কৰা হয়। মৰাপাটৰ আঁহ কোমলাবলৈ সামূহিক জলাধাৰ ব্যৱহাৰ কৰা হয় যিটো ঘৰুৱা ব্যৱহাৰৰ বাবে অনুপযোগী হৈ পৰে
ভূজল ভাৰতৰ কৃষি আৰু ঘৰুৱা কামৰ বাবে পানীৰ মূল উৎস। ঘৰুৱা পানী যোগানৰ প্ৰায় ৮৫ শতাংশ ভূজলৰ পৰাই আহে, প্ৰতিবেদনত কোৱা হৈছে।
ভূজলৰ অতিমাত্ৰা ব্যৱহাৰ ইটোৰ পিছত সিটো বাৰিষাত বৃষ্টিপাতৰ ঘাটিৰ পৰিণাম বুলি জাহানাৰা বিবিয়ে কয়। ৪৫ বৰ্ষীয় মহিলাগৰাকী হিজুলি চুবুৰীৰ বাসিন্দা, বিয়া হৈছে মৰাপাটৰ খেতিয়কৰ পৰিয়াল এটালৈ। “মাটি কোমলোৱাৰ বাবে পৰ্যাপ্ত পানী থাকিলেহে খেতি চপাব পাৰি। এবাৰ চপোৱাৰ পিছত মৰাপাট থৈ দিব নোৱাৰি, নষ্ট হৈ যায়।” ২০২৩ৰ আগষ্ট মাহৰ শেষৰফালে বেলডাঙা ১ নং ব্লকৰ খেতিপথাৰত পুৰঠ হৈ পৰা মৰাপাটৰ শস্যপথাৰৰ মাটি শুকাই থকাটো বাৰিষাৰ বৰষুণৰ অতিপাত ঘাটিৰ প্ৰমাণ বহন কৰে।
কিন্তু আৰ্ছেনিকৰ উপস্থিতিৰ বাবে এই অঞ্চলৰ দমকলৰ পানীকো বিশ্বাস কৰিব নোৱাৰি, স্থানীয় বাসিন্দাই পাৰিক কয়। মুৰ্শ্চিদাবাদ আৰ্ছেনিকৰ বাবে প্ৰদূষিত পানীৰ ফালৰ পৰা শীৰ্ষস্থানত থকা জিলাসমূহৰ এখন। ই চৰ্ম, স্নায়বিক আৰু প্ৰসূতিজনিত স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়।
কিন্তু আৰ্ছেনিকক লৈ সজাগতা বৃদ্ধিৰ ফলত সেয়া বন্ধ হৈছে। কিন্তু তেওঁলোকে সম্পূৰ্ণৰূপে ব্যক্তিগত পানীযোগান ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে আৰু বিড়ম্বনাৰ কথা যে সেই পানী নিৰাপদ হয় নে নহয়, সেই লৈ তেওঁলোক নিশ্চিত নহয়।
পানীৰ টেংকাৰ দেখি কিছুমান ল’ৰা-ছোৱালীয়ে পঢ়া এৰি গুছি আহে। ৫ম শ্ৰেণীত পঢ়ি থকা ৰজ্জুৰ কথাই ধৰক। হিজুলিৰ বাসিন্দা বেগুনবাৰী হাইস্কুলত পঢ়ি থকা ৰজ্জুৱে হেণ্ডপাম্প ৱাটাৰ টেংকাৰৰ পৰা পানী ঘৰলৈ কঢ়িয়াই নিয়া কাম কৰে। এই প্ৰতিবেদকলৈ চাই তেওঁ চকু টিপ মাৰি কয়, “ঘৰত পঢ়ি থকাতকৈ এই কামেই ভাল।”
এই কাম কৰি ভাল পোৱা কেৱল তেঁৱেই নহয়। হিজুলিৰ পৰা কেইকিলোমিটাৰমান দূৰৰ কাজিচাহাত (২০১১ৰ লোকপিয়ল অনুযায়ী জনসংখ্যা ১৩,৪৮৯) কেইগৰাকীমান উৎসাহী ল’ৰাই পানীৰ বেপাৰীৰ নিৰ্দেশত ডাঙৰবোৰক পাত্ৰত পানী ভৰোৱাত সহায় কৰি দিছে। ইয়াৰ কাৰণ বুজাই ল’ৰাকেইটাই আমাক কয়, “আমি ভানখনৰ পিছফালে বহি ঘূৰি ফুৰিবলৈ পাওঁ।”


বাওঁফালে: হিজুলি আৰু কাজিচাহাৰ বাসিন্দাই ব্যক্তিগত বিক্ৰেতাৰ পৰা পানী কিনে। সৰু সৰু ল’ৰা-ছোৱালীবোৰে ডাঙৰক পানী সংগ্ৰহত সহায় কৰে আৰু ভানত উঠি গাঁৱত ঘূৰি ফুৰিব পাৰে কাৰণেও কিছুমান ল’ৰাই স্বেচ্ছাই আহি সহায় কৰে। সোঁফালে: চত্তীশগড়ৰ ধামতাৰি জিলাৰ নয়া কুমাদিহিনৰ বাসিন্দাসকলে তেওঁলোকৰ পুৰণি গাওঁ গত্তশিলিত নতুনকৈ খন্দা পুখুৰীৰ পৰা পানী সংগ্ৰহ কৰে, য’ৰপৰা তেওঁলোকক মহানদীৰ ওপৰত নিৰ্মিত দুধাৱা বান্ধৰ বাবে বিস্থাপিত কৰা হৈছিল

পুৰন্দৰ তালুকৰ পোখৰ গাঁৱৰ চাহুবাই পোমনে আমাক কয় যে জাঁতত শস্য পিহাটো শাৰীৰিকভাৱে কষ্টকৰ কাম যদিও দূৰৰ পৰা পানী কঢ়িওৱাতকৈ সেয়া সহজ কাম। ৰাজগুৰুনগৰৰ দেৱ তোৰণে গাঁৱৰ পাৰ্বতীবাই আৱাৰিয়ে কয় যে তেওঁ গাওঁখনৰ মহিলাসকল সৌভাগ্যশীল যে গাঁৱত এটা প্ৰচুৰ পানীৰে ভৰা কুঁৱা আছে, আটায়ে তাৰপৰাই পানী নিয়ে। ঘৰৰ পানীৰ চাহিদা পুৰণ কৰাৰ কাম মহিলাৰ ওপৰত পৰে, কিন্তু সেয়া দূৰৈত থকা উৎসৰ পৰা কঢ়িয়াই অনাতকৈ কুঁৱাৰ পৰা তুলি অনাটো বৰ সহজ কাম। ১৯৯৫ৰ পৰা ১৯৯৬ত পুণে জিলাত জাঁতশালৰ গীত প্ৰকল্পৰ টিমটোৱে মূল গীতটো বাণীবদ্ধ কৰিছে। এই গীতবোৰ ইয়াৰ আগতেই ৰচনা কৰা হৈছিল, যেতিয়া বছৰ বছৰ ধৰি পূৰ্তি হৈছিল আৰু নদীৰ পৰা আৰু কুঁৱাৰ পৰা পানী পোৱা গৈছিল। কিন্তু আজিকালি পানী আৰু নাটনি দুয়োটা সমাৰ্থক শব্দ হৈ পৰিছে
মুৰ্শ্চিদাবাদৰ আৰ্ছেনিক আৰু মহাৰাষ্ট্ৰৰ পালঘৰৰ ডায়েৰিয়া - এই দুখন ঠাইৰ মাজত দূৰত্ব বহুত হ’লেও সমস্যাৰ কাৰণ কিন্তু একেটাই - জলাশয়বোৰত পানী নাইকিয়া হোৱা।
নিজৰ গোণ্ডে খ গাঁৱত পানীৰ স্তৰ কমি অহাৰ ক্ষেত্রত ৰাকু নাদাগেয়ে কয় যে ২২৭ ঘৰ মানুহে ব্যৱহাৰ কৰা তেওঁলোকৰ কুঁৱাটোৰ জলস্তৰ দিনে দিনে কমি গৈছে। “এয়া আমাৰ আটাইতকৈ ওচৰৰ আৰু একমাত্ৰ পানীৰ উৎস,” তেওঁ কয়। মোখান্দা তালুকৰ আমাৰ গাঁৱৰ প্ৰায়ভাগ লোকেই কে ঠাকুৰ জনজাতিৰ।
দুটা বছৰ আগতে তেওঁ পুত্ৰ দীপকৰ ডায়েৰিয়া হৈছিল, এয়া তেওঁলোকে খোৱা পানীৰ পৰাই হৈছিল। ২০১৮ চনৰ এক অধ্যয়নত কোৱা হৈছে যে পালঘৰ জিলাৰ ৯ খন গাঁৱৰ শিশুৰ মাজত ডায়েৰিয়া ঘটনা ৩৩.৪ শতাংশ। পুত্ৰৰ বেমাৰ হোৱাৰ পিছৰেপৰা ৰাকুৱে ল’ৰাটোৰ বাবে গৰম পানী কৰে।
কিন্তু পানী উতলোৱাৰ আগতে সেই পানী ৰাকুৱে আনিব লাগিব। গৰমৰ দিনত যেতিয়া কুঁৱাবোৰ শুকাই যায়, তিৰোতাসকলে তাৰপৰা ন কিলোমিটাৰ দূৰৰ ৱাঘ নদীলৈ যায়। তাৰপৰা দিনত দুই-তিনিবাৰ অহা-যোৱা কৰি পানী আনে। ঘাইকৈ পুৱা সোনকালে যায়, নাইবা আবেলিৰ ভাগত যেতিয়া ৰ’দ ক্ষীণ হৈ আহে, তেতিয়া যায়।
ভাৰতীয় উপমহাদেশত পানীৰ সৈতে সম্পৰ্কিত ঘৰুৱা কামৰ দায়িত্ব মহিলাৰ ওপৰতে ঘাইকৈ পৰে আৰু “গ্ৰামীণ মহিলাৰ ৫৪ শতাংশ মহিলাই, লগতে কিশোৰীয়ে পানী অনাৰ বাবে প্ৰতিদিনে ৩৫ মিনিট খৰছ কৰে,” এয়া ইউনিচেফৰ এক প্ৰতিবেদনৰ তথ্য। এয়া বছৰত ২৭ দিনৰ দিনহাজিৰাৰ ক্ষতি, প্ৰতিবেদনত কোৱা হৈছে।
“পুৰুষে কামলৈ যাব লাগে, সেয়ে আমি ৰন্ধাৰ বাবে পানী আনিব লাগে। পুৱাৰ ভাগত হেণ্ডপাম্পৰ ওচৰত ভীৰ লাগে,” চিন্তা দেৱীয়ে ক’লে। “আবেলি সময়ত গা আৰু কাপোৰ ধুবলৈ পানী লাগে। আকৌ ৰাতিৰ সাজ ৰন্ধাৰ বাবে পানী লাগে,” তেওঁ কয়।


বাওঁফালে: পালঘৰ জিলাৰ গোন্ধে খ গাঁৱৰ এটা কুঁৱাই গোটেই গাওঁখনৰ পানীৰ উৎস, তেওঁলোকৰ প্ৰায়ভাগেই কে ঠাকুৰ জনজাতিৰ। সোঁফালে: গ্ৰীষ্মৰ দিনত পানী শুকাই গ’লে তিৰোতাসকলে দিনে তিনিবাৰকৈ ৱাঘ নদীলৈ গৈ পানী আনে


বাওঁফালে: কম বয়সীয়া ছোৱালীবোৰে কেৱল পানী অনা কামতেই মাকক সহায় নকৰে, ঘৰৰ আন কামো কৰে। পালঘৰ জিলাৰ কিল্লাবন্দৰ গাঁৱৰ মাছমৰীয়া সম্প্ৰদায়ৰ তিৰোতা আৰু ছোৱালীবোৰে খোৱাপানীৰ বাবে ঘণ্টাৰ পিছত ঘণ্টা পানী তোলাত কটায়। তেওঁলোকে আক্ষেপ কৰে যে তেওঁলোকৰ পানী মুম্বাই চহৰলৈ লৈ যোৱা হৈছে। সোঁফালে: আকবৰপুৰ পঞ্চায়তৰ দলিত কলনিৰ গায়ত্ৰী কুমাৰিয়ে কলনিৰ এটা মাত্ৰ হেণ্ডপাম্পৰ পৰা পানীৰ টোকনা (পাত্ৰ) কঢ়িয়াইছে। তেওঁ কয় যে তেওঁ পানী আনিবলৈ দিনে এক-দুই ঘণ্টা সময় খৰছ কৰে
এই দলিত আবাসস্থলীটোত পানীৰ একমাত্ৰ উৎস হৈছে চম্পাকল (হেণ্ডপাম্প) আৰু তাত পানীৰ বাবে সকলোৱে শাৰী পাতিব লাগে। “ইমান ডাঙৰ তোলা (বসতিস্থল)ত এটাই মাত্ৰ হেণ্ডপাম্প আছে। আমি টোকনা-বাল্টি লৈ থিয় হৈ থাকিব লাগে,” সুশীলা দেৱীয়ে কয়।
গৰমৰ দিনত যেতিয়া হেণ্ডপাম্পবোৰ শুকাই যায়, তিৰোতাসকলে শস্যত জলসিঞ্চনৰ বাবে ব্যৱহাৰ কৰা পাম্পৰ পৰা পানী আনিবলৈ যায়। “কেতিয়াবা এনে পাম্প কেইকিলোমিটাৰমান দূৰত থাকে। পানী আনিবলৈ এনেকৈ যাওতে বহুত সময় নষ্ট হয়,” ৪৫ বৰ্ষীয় সুশীলা দেৱীয়ে কয়।
“গৰ্মী বঢ়তি হ্যে তৌ হম লৌগো কৌ প্যাসা মৰনে কা নৌবত আ জাতা হ্যে (গৰমৰ দিনত উষ্ণতা বাঢ়িলে পিয়াহত মৰো মৰো লাগে),” সন্ধিয়াৰ সাজ ৰন্ধাৰ বাবে সাজু হোৱা সুশীলাই বিৰক্তিৰ ভাবত কয়।
এয়া পাৰিৰ বহু-স্থানিক এক প্ৰতিবেদন। যুগুতাইছে কাশ্মীৰৰ পৰা মুজামিল ভাট, পশ্চিমবংগৰ স্মিতা খাটোৰ, বিহাৰৰ উমেশ কে ৰায়, মহাৰাষ্ট্ৰৰ মেধা কালে আৰু জ্যোতি চিনৌলি আৰু চত্তীশগড়ৰ পুৰুষোত্তম ঠাকুৰে। ক্ৰমে নমিতা ৱাইকাৰ আৰু প্ৰতিষ্ঠা পাণ্ড্যাৰ তত্বৱধানত পৰিচালিত পাৰিৰ জাঁতশালৰ গীত প্ৰকল্প আৰু ৰাণৰ সুৰ আৰু গীতবোৰ: কচ্ছী লোকসংগীতৰ ভঁৰাল শীৰ্ষক চলিত প্ৰকল্পৰ পৰা গীতবোৰ লোৱা হৈছে। গ্ৰাফিক্সৰ কাম কৰিছে সংৱিতি আয়াৰে।
প্ৰচ্ছদ আলোকচিত্ৰ: পুৰুষোত্তম ঠাকুৰ
অনুবাদ: পংকজ দাস