প্ৰতিদিন পুৱা আকিফ এছ.কে.য়ে হেষ্টিংছৰ ব্ৰীজ এখনৰ তলত থকা তেওঁৰ জুপুৰী ঘৰটো এৰি কলকাতাৰ জনপ্ৰিয় পৰ্য্যটনস্থলী ভিক্টোৰিয়া মেম’ৰিয়েলৰ দিশে আগবাঢ়ে। ৰাস্তাত তেওঁ ৰাণী আৰু বিজুলীক লগত লৈ যায়।

শুভ্ৰ এই ঘোঁৰা দুটাক তেওঁ ৰাণী আৰু বিজুলী নাম দিছে। সেয়াই তেওঁৰ বছৰটোৰ এছোৱা সময়ৰ জীৱিকাৰ উপায়। “আমি গাড়ী চালাই (ঘোঁৰাগাড়ী চলাও),” আকিফে কয়। তেওঁ হেষ্টিংছৰ কাষত তেওঁৰ ঘোঁৰাদুটা ৰাখে, পুৱা প্ৰায় ১০ মান বজাত দুয়োকে লগত লৈ কলকাতাৰ মাজমজিয়াত থকা মাৰ্বল খটুওৱা অট্টালিকা আৰু মুকলি ঠাইখিনিলৈ লৈ আহে। ইংলেণ্ডৰ ৰাণী কুইন ভিক্টোৰিয়াৰ স্মৃতিত নিৰ্মিত এই স্মৃতিচিহ্নটো ১৯২১ত সাধাৰণ মানুহলৈ মুকলি কৰি দিয়া হৈছিল।

আকিফে ভাৰাত লোৱা তেওঁৰ ঘোঁৰাগাড়ীখন ভিক্টোৰিয়া মেম’ৰিয়েলৰ কুইনচ্ ৱে নামৰ বাটটোত পাৰ্ক কৰা থাকে। পুৱা ১০ মান বজাত ঘোঁৰাগাড়ীৰ শাৰীটোলৈ আঙুলিয়াই তেওঁ কয়, “মোৰখন সোণালী ৰঙৰ।” অৱশ্যে এটা কথা যে তাত শাৰী শাৰীকৈ থোৱা প্ৰায়ভাগ ঘোঁৰাগাড়ীয়ে দেখিবলৈ একেই। ৰং একে, ফুলকটা ডিজাইন, চৰাইৰ ডিজাইন আদিৰে ৰাজসিক ৰথ যেনেই লাগে। কিন্তু আকিফৰ ঘোঁৰাগাড়ীখন জাকত জিলিকা - তেওঁ সেইখনক ব্ৰিটিছৰাজৰ লুক এটা দিয়াবলৈ প্ৰতিদিনে দুঘণ্টাকৈ চাফা কৰে আৰু পলিচ কৰি চিকচিকিয়া কৰি ৰাখে।

ভিক্টোৰিয়া মেম’ৰিয়েলৰ গেটৰ বাহিৰত, ৰাস্তাত ইতিমধ্যে সৰুকৈ ভীৰ এটা লাগিছে। “পুৰণি দিনত ৰজাৰ ইয়াতে বসতি আছিল, তেওঁলোকে ৰথত উঠি ইফালে-সিফালে ফুৰিছিল। এতিয়া ৰজা নাই। কিন্তু ভিক্টোৰিয়া মেম’ৰিয়েল চাবলৈ অহা লোকে ঘোঁৰাগাড়ীত উঠি সেই দিনৰ আমেজ লয়,” ২০১৭ৰ পৰা ঘোঁৰাগাড়ী চলাই জীৱিকা নিৰ্বাহ কৰা আকিফে কয়। “ভিক্টোৰিয়া (মেম’ৰিয়েল) থকালৈকে ঘোঁৰাগাড়ীও চলি থাকিব।” গতিকে তেওঁলোকৰ দৰে চালকৰ জীৱিকাও চলি থাকিব। বৰ্তমান এই অঞ্চলত এনে ৫০ খনমান ঘোঁৰাগাড়ী আছে।

শীত পৰিছে, বাহিৰৰ জগতখনৰ বাবে কলকাতা সাজু হৈছে। আকিফো আবেলিৰ ভাগত ব্যস্ত হৈ পৰিছে। তেওঁ কয় যে শীতৰ দিনকেইটা, নৱেম্বৰৰ পৰা ফেব্ৰুৱাৰীলৈ ঘোঁৰাগাড়ীৰ বতৰ থাকে। তাৰপিছত গৰম পৰে, সেয়ে মানুহে এনে মুকলি গাড়ীত উঠিবলৈ টান পায়।

Left: Akif’s helper for the day, Sahil, feeding the horses.
PHOTO • Ritayan Mukherjee
Right: Rani and Bijli have been named by Akif and pull his carriage
PHOTO • Sarbajaya Bhattacharya

বাওঁফালে: আকিফৰ সহায়ক চাহিলে ঘোঁৰাকেইটাক দানা খুৱাইছে। সোঁফালে: আকিফৰ গাড়ী টনা ঘোঁৰা দুটাৰ নাম আকিফে ৰাখিছে ৰাণী আৰু বিজুলী

পৰ্য্যটক আৰু ঘোঁৰাগাড়ীৰ চালকে চাহ-বিস্কুট খাবপৰাকৈ ভিক্টোৰিয়া মেম’ৰিয়েলৰ বিপৰীতে ভালেমান শাৰী শাৰী দোকান আছে।

ৰাণী আৰু বিজুলী আমাৰ পৰা সামান্য দূৰত আছে, দুপৰীয়াৰ আহাৰত গমৰ ভুচি, ধানখেৰ, দানা আৰু ঘাঁহ খাই থকাৰ মাজতে মাজে মাজে মূৰ লৰাইছে। সিহঁত দুটাৰ কাম আৰম্ভ হ’বই।আধুনিক যুগৰ ৰথ টনাৰ আগেয়ে পেট পুৰাই খাই ল’ব লাগিব। চালকৰ জীৱিকা ভালকৈ চলিবলৈ হ’লে ঘোঁৰাবোৰক ভালদৰে খুওৱাটো অতিকৈ জৰুৰী আৰু চাফ-চিকুণকৈ ৰাখিবই লাগিব। “এটা ঘোঁৰাৰ চোৱাচিতাৰ নামত দিনে ৫০০ টকা খৰছ হয়,” আকিফে কয়। দানা আৰু ঘাঁহৰ উপৰিও তেওঁলোকে ঘোঁৰাদুটাক বিচালি (ধানখেৰ)ও খুৱায়, সেয়া আনে তেওঁ খিদিৰপুৰত কাষৰে ৱাটগঞ্জৰ দোকান এখনৰ পৰা।

তেওঁৰ নিজৰ খাদ্য সন্ধিয়া আহি পায়, তেওঁৰ ডাঙৰজনী বায়েকে নিজে ৰান্ধি টোপোলা কৰি দি পঠায়।

আকিফক আমি পুৱাৰ ভাগত লগ পাওতে গ্ৰাহকৰ ইমান ভীৰ নাছিল। সাধাৰণতে পৰ্য্যটকৰ গোট ঘোঁৰাগাড়ীৰ কাষত আহি থিয় হ’লেই নিমিষতে গাড়ী-ঘোঁৰাৰ চালকে দিনটোৰ বহনি হোৱাৰ আশাত আগুৰি ধৰেহি।

Left: Akif waiting for his coffee in front of one of many such stalls that line the footpath opposite Victoria Memorial.
PHOTO • Sarbajaya Bhattacharya
Right: A carriage waits
PHOTO • Sarbajaya Bhattacharya

বাওঁফালে: ভিক্টোৰিয়া মেম’ৰিয়েলৰ বিপৰীতে ফুটপাথত থকা চাহৰ দোকানবোৰৰ এখনত আকিফে কফি খাবলৈ বুলি ৰৈ আছে। সোঁফালে: গ্ৰাহকৰ অপেক্ষাত এখন ঘোঁৰাগাড়ী

“ভাল দিনত মই তিনিৰ পৰা চাৰিবাৰ গ্ৰাহক পাওঁ,” ৰাতি ৯ বজালৈকে কাম কৰা আকিফে কয়। পৰ্য্যটকক ঘোঁৰাগাড়ীত এবাৰত তেওঁলোকে ১০ৰ পৰা ১৫ মিনিটৰ বাবে ফুৰায়। ভিক্টোৰিয়াৰ গেটৰ পৰা আৰম্ভ হৈ ৰে’চ ক’ৰ্ছ পাৰ হৈ ফ’ৰ্ট উইলিয়ামৰ দক্ষিণ গেট পোৱাৰ আগেয়ে ঘূৰে। প্ৰতিবাৰ ফুৰোৱাৰ বাবদ তেওঁ গ্ৰাহকৰ পৰা ৫০০ টকা লয়।

“প্ৰতি ১০০ টকাৰ বাবদ মই ২৫ টকা পাওঁ,” বাকীখিনি মালিকক দিব লাগে। ভাল দিনত কেতিয়াবা ২,০০০ৰ পৰা ৩,০০০ টকা পাওঁ।

ঘোঁৰাগাড়ীৰ পৰা উপাৰ্জনৰ আন উপায়ো আছে। “ঘোঁৰাগাড়ীবোৰ বিয়া পাৰ্টিয়ে ভাৰাত নিয়ে,” তেওঁ কয়। বিয়াথলিখন তাৰ পৰা কিমান দূৰত, তাৰ ওপৰত নিৰ্ভৰ কৰি দাম নিৰ্ধাৰণ কৰা হয়। চহৰৰ ভিতৰত হ’লে ৫ৰ পৰা ৬ হাজাৰ টকা হয়।

“আমাৰ কাম হৈছে দৰাক বিয়াথলীলৈ লৈ যোৱা। তাতে আমাৰ কাম শেষ হয়। ঘোঁৰা আৰু গাড়ী লৈ আমি উভতি আহো,” আকিফে কয়। কলকাতাৰ বাহিৰলৈকো কেতিয়াবা যাবলগীয়া হয়। মেদিনীপুৰ আৰু খৰগপুৰ আদিলৈ তেওঁ নিজৰ ঘোঁৰাগাড়ীখনতে গৈছে। “ৰাজপথত দুইৰ পৰা তিনিঘণ্টা একেৰাহে চলাও,” তেওঁ কয়, “প্ৰয়োজন অনুসাৰে জিৰণি লওঁ।” ৰাতি তেওঁ ঘোঁৰাকেইটা গাড়ীৰ পৰা খুলি থয় আৰু গাড়ীখনতে শোৱে।

“ঘোঁৰাগাড়ী চিনেমাৰ শ্বুটিঙতো লাগে,” আকিফে কয়। কেইবছৰমান আগৰ কথা, তেওঁ দূৰদৰ্শনৰ বাংলা ধাৰাবাহিক এখনৰ দৃশ্যগ্ৰহণৰ বাবে ব’লপুৰলৈ গৈছিল। প্ৰায় ১৬০ কিলোমিটাৰ বাট তেওঁ ঘোঁৰাগাড়ীখনেৰে অতিক্ৰম কৰিছিল। অৱশ্যে বিয়া আৰু দৃশ্যগ্ৰহণৰ নিয়মিত কাম নাথাকে আৰু তেনে দিনত তেওঁ আন কাম বিচাৰিবলগীয়া হয়।

Left: 'It costs 500 rupees a day to take care of one horse,' Akif says.
PHOTO • Ritayan Mukherjee
PHOTO • Ritayan Mukherjee

বাওঁফালে: ‘এটা ঘোঁৰাৰ চোৱাচিতাৰ নামত দিনে ৫০০ টকা খৰছ হয়,’ আকিফে কয়। সোঁফালে: ঘোঁৰাকেইটাক ভালকৈ খুউৱা-ধুউৱা কৰি থাকিলেহে চালকৰ জীৱিকা চলি থাকে

Right: Feeding and caring for the horses is key to his livelihood. Akif cleans and polishes the carriage after he arrives.  He charges Rs. 500 for a single ride
PHOTO • Sarbajaya Bhattacharya

আকিফে ভিক্টোৰিয়া মেম’ৰিয়েল আহি পোৱাৰ পিছত ঘোঁৰাগাড়ীখন চাফ-চিকুণাই লয়। ঘোঁৰাগাড়ীত এবাৰ উঠাৰ বাবদ তেওঁ ৫০০ টকা লয়

আকিফে এই ঘোঁৰাদুটাৰে ২০২৩ৰ অক্টোবৰৰ পৰা চলি আছে। “প্ৰথম এই কামত সোমাওতে পাৰ্ট টাইম হিচাপে মোৰ ভনীৰ (বিবাহিত) ঘোঁৰা লৈ কাম কৰিছিলো,” ২২ বৰ্ষীয় আকিফে কয়। কিছুদিনৰ বাবে আকিফে আন কাৰোবাৰ অধীনত কাম কৰিছিল, এতিয়া ভনীয়েকৰ পৰিয়ালৰ ঘোঁৰাগাড়ী তেওঁ চলায়।

ইয়াত কাম কৰা, ঘোঁৰাগাড়ী চলোৱা বা ঘোঁৰাৰ যত্ন লোৱা বহুতৰে এই কামটো মূল জীৱিকা নহয়, আকিফৰো নহয়।

“মই ঘৰ ৰং কৰাৰ প্ৰশিক্ষণ লৈ থৈছো আৰু বৰোবাজাৰত থকা মোৰ বন্ধুৰ দোকানত কাপোৰ বিক্ৰীৰ কামো কৰোঁ,” আকিফে কয়। লগতে যোগ দিয়ে, “মোৰ পিতৃ এগৰাকী ৰং মিস্ত্ৰী আছিল। মোৰ জন্মৰ আগেয়ে তেওঁ ১৯৯৮ত কলকাতালৈ আহিছিল।” বাৰাসাতত তেওঁৰ পিতৃয়ে পাচলি বিক্ৰী কৰি জীৱিকা নিৰ্বাহ কৰিছিল। বিয়াৰ পিছত উপাৰ্জন ভাল কৰিবলৈ তেওঁ আকিফৰ খুৰীয়েক থকা ডাঙৰ চহৰলৈ গুছি আহিছিল। “খুৰীদেউ নিঃসন্তান আছিল, সেয়ে তেঁৱেই মোক ডাঙৰ-দীঘল কৰিছিল,” আকিফে কয়। তেওঁৰ পিতৃ আলাউদ্দিন শ্বেইখ আৰু মাতৃ ছৈয়দাই নৰ্থ ২৪ পৰগনা জিলাৰ বাৰাসতত থকা পৈতৃক ঘৰলৈ উভতি যায়, তাত আকিফৰ পিতৃ আলাউদ্দিনে এখন প্ৰসাধনৰ সামগ্ৰীৰ সৰু দোকান এখন চলায়।

আকিফ এতিয়া অকল থাকে, তেওঁৰ সৰুটো ভায়েক ভনীয়েকৰ লগত থাকে আৰু মাজে-সময়ে ভনীয়েকহঁতৰ নিজা ঘোঁৰাগাড়ী চলায়।

'In the old days, kings used to live here and they would ride around on carriages. Now visitors to Victoria come out and want to get a feel of that,' Akif says
PHOTO • Ritayan Mukherjee
'In the old days, kings used to live here and they would ride around on carriages. Now visitors to Victoria come out and want to get a feel of that,' Akif says
PHOTO • Ritayan Mukherjee

‘আগতে ইয়াত ৰজাৰ বসতি আছিল আৰু তেওঁলোকে ইফালে-সিফালে যাবলগীয়া হ’লে ঘোঁৰাগাড়ী ব্যৱহাৰ কৰিছিল। এতিয়া ভিক্টোৰিয়া মেম’ৰিয়েল চাবলৈ অহা পৰ্য্যটকে সেই সোৱাদ ল’ব বিচাৰে,’ আকিফে কয়

কেৱল কামৰ নাটনিয়েই এই ঘোঁৰাচালকসকলৰ সমস্যা নহয়। তেওঁ বকচিচো দিব লাগে। “দিনে মই ৫০ টকাকৈ দিবলগীয়া হয়,” আকিফে কয়। পিপল ফৰ এথিকেল ট্ৰিটমেণ্ট অৱ এনিমেলচ চমুকৈ পেটাৰ মানুহে ফাইল কৰা পিটিশ্যনখনৰ কথা তেওঁলোকে জানে নে নাই, সেইবিষয়ে সোধাত তেওঁ কয়, “সিহঁতে আমাৰ গোটেইবোৰ ঘোঁৰাগাড়ী কিনি আমাক তাৰ বাবদ পইচা নিদিয়ে কিয়? আমি তেওঁলোকক প্ৰশ্ন কৰোঁ। এই ঘোঁৰাবোৰেই আমাৰ জীৱিকাৰ সম্বল।”

পেটাৰ পিটিশ্যনখনত ঘোঁৰাৰ সলনি বৈদ্যুতিক ব্যৱস্থা কৰাৰ প্ৰস্তাৱো দিয়া হৈছে। “ঘোঁৰাই যদি নাথাকে, আপুনি এইখনক কেনেকৈ ঘোঁৰাগাড়ী বুলি ক’ব?” যুৱ ঘোঁৰাচালকজনে মিচিকিয়াই হাঁহি কয়।

“কিছুমান মানুহ আছে, ঘোঁৰাৰ বিশেষ একো যত্ন নলয়,” আকিফে কয়। “কিন্তু মই যত্ন লওঁ। সিহঁতক চালেই আপুনি বুজিব মই কিমান মৰমত সিহঁতক ৰাখো!”

অনুবাদ: পংকজ দাস

Sarbajaya Bhattacharya

Sarbajaya Bhattacharya is a Senior Assistant Editor at PARI. She is an experienced Bangla translator. Based in Kolkata, she is interested in the history of the city and travel literature.

Other stories by Sarbajaya Bhattacharya
Photographs : Ritayan Mukherjee

Ritayan Mukherjee is a Kolkata-based photographer and a PARI Senior Fellow. He is working on a long-term project that documents the lives of pastoral and nomadic communities in India.

Other stories by Ritayan Mukherjee
Photographs : Sarbajaya Bhattacharya

Sarbajaya Bhattacharya is a Senior Assistant Editor at PARI. She is an experienced Bangla translator. Based in Kolkata, she is interested in the history of the city and travel literature.

Other stories by Sarbajaya Bhattacharya
Editor : Priti David

Priti David is the Executive Editor of PARI. She writes on forests, Adivasis and livelihoods. Priti also leads the Education section of PARI and works with schools and colleges to bring rural issues into the classroom and curriculum.

Other stories by Priti David
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das