শিক্ষক হিচাপে তাৰিক আহমেদৰ অভিজ্ঞতা দহ বছৰ, তেওঁ প্ৰাথমিক বিদ্যালয়ৰ ল’ৰা-ছোৱালীক প্ৰাথমিক শিক্ষাদানৰ দায়িত্বত আছিল। কেন্দ্রীয় সমগ্র শিক্ষা আঁচনিৰ অধীনত ২০০৯-২০১৯ লৈ শৈক্ষিক স্বেচ্ছাসেৱক হিচাপে তেওঁ কাম কৰিছিল। লাডাখত ভেড়া-ছাগলী চৰাবলৈ অনা প্ৰব্ৰজনকাৰী বকৰৱাল পৰিয়ালৰ ল’ৰা-ছোৱালীক পাঠদান কৰাৰ বাবে ওখ পাৰ্বত্য অঞ্চল দ্ৰাছত এই ৩৭ বছৰীয়া যুৱকজনক নিয়োগ কৰা হৈছিল।

কিন্তু ২০১৯ত ৰাজ্যখন জম্মু-কাশ্মীৰ আৰু লাডাখ কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে দুটা ভাগত বিভক্ত হৈ পৰাত তেওঁ চাকৰি হেৰুৱায়। জম্মু-কাশ্মীৰৰ ৰাজৌৰি জিলাৰ কালাকোট অঞ্চলৰ বাসিন্দা আহমেদৰ জম্মু-কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাহিৰৰ ল’ৰা-ছোৱালীক পঢ়োৱাৰ যোগ্যতা নাই।

যাযাবৰী সম্প্ৰদায়ৰ সন্তানক পাহৰি যোৱাৰ বাবে কৰ্তৃপক্ষক দোষাৰোপ কৰা তাৰিকে কয়, “দুটা পৃথক কেন্দ্ৰীয় শাসিত অঞ্চল নিৰ্মাণ কৰাৰ পিছৰে পৰা আমাৰ ল’ৰা-ছোৱালীৰ শিক্ষা ব্যৱস্থাটোত আউল লাগি গৈছে।”

“কাৰ্গিল জিলাৰ জিৰ’ পইণ্টৰ পৰা দ্ৰাছলৈকে সমগ্ৰ অঞ্চলটোত আমাৰ বাবে কোনো ভ্ৰাম্যমাণ বিদ্যালয়, কোনো ঋতুভিত্তিক শিক্ষক নাই। আমাৰ ল’ৰা-ছোৱালীয়ে দিনৰ দিনটো খাদ্য বিচাৰি অনাই-বনাই ঘূৰি ফুৰে নাইবা স্থানীয় লোকক খাদ্যৰ বাবে আমনি কৰে,” কালাকোটৰ বাথেৰা গাঁৱৰ গাওঁবুঢ়া ছামিম আহমেদ বজৰনে কয়।

বকৰৱালৰ সম্প্ৰদায়ে অভিযোগৰ সুৰত কয় যে জম্মু-কাশ্মীৰৰ ভিতৰত প্ৰব্ৰজনকাৰীৰ বাবে হাজাৰ হাজাৰ অস্থায়ী বিদ্যালয় আছে, কিন্তু তেওঁলোকৰ ল’ৰা-ছোৱালীয়ে মে’ৰ পৰা অক্টোবৰৰ সময়চোৱাত ছমাহৰ বাবে লাডাখলৈ প্ৰব্ৰজন কৰিলে এই বিদ্যালয় শিক্ষাৰ পৰা বঞ্চিত হয়। আনুষ্ঠানিক শিক্ষাৰ সৈতে তেওঁলোকৰ সম্পৰ্ক ছিন্ন হৈ পৰাত তেওঁলোক সমনীয়াবোৰৰ লগত ফেৰ মাৰিব নোৱাৰা হয়, শৈক্ষিকভাৱে ভালেখিনি পিছ পৰি যায়। অনুসূচিত জনজাতি সম্পৰ্কত ২০১৩ চনত প্ৰকাশিত এক প্ৰতিবেদনত কোৱা হৈছে যে বকৰৱাল সম্প্ৰদায়ৰ সাক্ষৰতাৰ হাৰ ৩২ শতাংশ, যিটো ৰাজ্যৰ সকলো জনজাতিৰ ভিতৰত সৰ্বনিম্ন।

A Bakarwal settlement in Meenamarg, Kargil district of Ladakh. The children of pastoralists travel with their parents who migrate every year with their animals
PHOTO • Muzamil Bhat
A Bakarwal settlement in Meenamarg, Kargil district of Ladakh. The children of pastoralists travel with their parents who migrate every year with their animals
PHOTO • Muzamil Bhat

লাডাখৰ কাৰ্গিল জিলাৰ মীনামাৰ্গ এলেকাৰ বকৰৱালৰ এটা বসতিস্থল। যাযাবৰী পশুপালকসকলৰ ল’ৰা-ছোৱালীয়ে পশুধনসহ পিতৃ-মাতৃৰ সৈতে প্ৰতিবছৰে চৰণীয়া পথাৰৰ সন্ধানত প্ৰব্ৰজন কৰে

পাঁচ বছৰীয়া হুজাইফ আৰু তিনি বছৰীয়া শ্বোৱেইবৰ পিতৃ আমজাদ আলী বজৰানে কয়, “আমাৰ ল’ৰা-ছোৱালীয়ে পঢ়িবলৈ মন কৰিলেও আমি নিৰুপায়। প্ৰব্ৰজনৰ সময়ত ল’ৰা-ছোৱালীহঁতৰ পঢ়া-শুনাৰ মুধা মৰে, কিয়নো একেবাৰে নিকটৱৰ্তী বুলিবলৈ স্কুলৰ দূৰত্ব প্ৰায় ১০০ কিলোমিটাৰ।” তেওঁৰ পৰিয়ালটো মীনামাৰ্গৰ পৰা দ্ৰাছলৈকে বিস্তৃত হৈ থকা অঞ্চলত ঠায়ে ঠায়ে সাময়িকভাবে বসতি কৰা ১৬টা বকৰৱাল পৰিয়ালৰ অংশ।

“ৰাজৌৰি এৰি আহিলে আমি লগত ল’ৰা-ছোৱালীহঁতকো লৈ আহো, ৫-৬ মাহলৈ এনেকৈ ল’ৰা-ছোৱালীক এৰি আহিব নোৱাৰো,” ৩০ বৰ্ষীয় পশুপালকজনে কয়।

ৰাজ্য চৰকাৰে কয় যে অঞ্চলটোৰ শিক্ষা বিষয়াসকলে প্ৰতিবেদন দাখিল কৰিলেহে এই বিদ্যালয়সমূহৰ ব্যৱস্থা কৰিব পাৰিব। কিন্তু, “যিহেতু যাযাবৰী গোট ৰাজ্যখনৰ বাহিৰলৈ গৈছে, (কাশ্মীৰৰ পৰা লাডাখৰ কাৰ্গিললৈকে), গতিকে লাডাখৰ কাৰ্গিল অঞ্চলৰ মুখ্য শৈক্ষিক বিষয়াসকলৰ জম্মু-কাশ্মীৰৰ পৰা অহা নাগৰিকৰ ক্ষেত্ৰত কোনো প্ৰশাসনিক নিয়ন্ত্ৰণ নাই,” ড. দীপ ৰাজ কানেথিয়াই কয়। বিদ্যালয় শিক্ষা বিভাগৰ সমগ্ৰ শিক্ষাৰ প্ৰকল্পৰ সঞ্চালকজনে কয় যে তেওঁৰ হাতত উপায় নাই। “ৰাজ্যখন দুটা পৃথক কেন্দ্ৰীয় শাসিত অঞ্চললৈ ৰূপান্তৰিত হোৱাৰ পিছত কাৰ্গিলত শিক্ষাৰ ওপৰত আমাৰ কোনো প্ৰশাসনিক নিয়ন্ত্ৰণ নাই।”

শৈক্ষিক প্ৰতিবেদনৰ বাৰ্ষিক অগ্ৰগতিৰ খতিয়ান (গ্ৰামীণ, ২০২২) অনুসৰি জম্মু-কাশ্মীৰত ২০২২ত চৰকাৰী বিদ্যালয়ত নামভৰ্তিৰ হাৰ আছিল ৫৫.৫ শতাংশ। ২০১৮ত এই হাৰ আছিল ৫৮.৩ শতাংশ।

Left: Tariq Ahmad is a herder who was a teacher for 10 years. Here in Meenamarg he spends a few hours every day teaching children ages 3-10.
PHOTO • Muzamil Bhat
Right: Ishrat, Rifat and Nawaz (from left to right) reading under Tariq's watchful eye
PHOTO • Muzamil Bhat

বাওঁফালে : পশুপালক তাৰিক আহমেদে ১০ বছৰ ধৰি শিক্ষকতা কৰিছে মীনামাৰ্গত তেওঁ ৩ৰ পৰা ১০ বছৰীয়া যাযবৰ পৰিয়ালৰ শিশুক নিতৌ কেইঘণ্টামান পঢ়ায় সোঁফালে : ইশৰাত, ৰিফাত, নৱাজ (বাওঁফালৰ পৰা সোঁফাললৈ)য়ে তাৰিকৰ তত্বাৱধানত পঢ়িছে

PHOTO • Muzamil Bhat

’ৰা-ছোৱালীয়ে যাতে কথাবোৰ পাহৰি নাযায়, তাৰবাবে তাৰিকে সঘনে পৰীক্ষা লয়

গাওঁবুঢ়া ছামিম ডাঙৰীয়াই কয় যে জম্মু-কাশ্মীৰ চৰকাৰে লাডাখৰ কাৰ্গিলৰ অন্তৰ্গত এই অঞ্চলত যাযাবৰী শিশুসকলক পঢ়ুৱাবলৈ ছয়জন ঋতুভিত্তিক শিক্ষক নিযুক্তি দিছে, কিন্তু বাস্তৱত এজনো শিক্ষক নাই। “প্ৰব্ৰজনৰ বতৰ শেষ হোৱাৰ সময়ত তেওঁলোক ইয়ালৈ আহি চি.ই.অ’ৰ দ্বাৰা তেওঁলোকৰ ডিউটি ৰ’ষ্টাৰত স্বাক্ষৰ কৰায় আৰু কেতিয়াও নকৰা কামৰ দৰমহা উলিয়ায়,” তেওঁ কয়।

“আমি বৰ অসহায়, সেইবাবেই আমাৰ ল’ৰা-ছোৱালীয়েও শেষত জীৱ-জন্তু চৰোৱা বা শ্ৰমিক হিচাপে কাম কৰি থাকিবলগীয়া হয়,” আমজাদে কয়। “নিজৰ সন্তানে পঢ়া-শুনা কৰি ভাল ভৱিষ্যত এটা গঢ়াটো কোনেনো নিবিচাৰে?” তেওঁ প্ৰশ্ন কৰে।

আমজাদ আৰু আন আন পশুপালকৰ সন্তানৰ ভাগ্য ভাল যে তেওঁলোকৰ মাজত পোহৰ বিলাবলৈ এটা নক্ষত্ৰ আছে, এজন প্ৰশিক্ষিত শিক্ষক তাৰিক। সমগ্ৰ শিক্ষাৰ শিক্ষক হিচাপে নহ’লেও ইয়াত মীনামাৰ্গত যাযাবৰ ল’ৰা-ছোৱালীক তেওঁ ইংৰাজী, গণিত, বিজ্ঞান আৰু উৰ্দু শিকাবলৈ তেওঁ এৰা নাই। “এই ল’ৰা-ছোৱালীক শিক্ষাদান কৰাটোৱে সমাজৰ প্ৰতি মোৰ কৰ্তব্য। মই এওলোকক শিকাই আনন্দ অনুভৱ কৰোঁ আৰু প্ৰশান্তি পাওঁ,” যুৱ বকৰৱাল শিক্ষকজনে কয়।

এতিয়া দৰমহা নোপোৱা শিক্ষক হোৱা হেতুকে তেওঁ পুৱা ১০ৰ পৰা আবেলি ৪ বজালৈ পশুধন চৰোৱা কামো কৰে। তাৰিকৰ পৰিয়ালত তেওঁৰ পত্নী আৰু কন্যা ৰফিক বানোৰ লগতে ৬০টা ভেড়া আৰু ছাগলী আছে।

যুৱ শিক্ষকগৰাকীৰ শৈক্ষিক জীৱনটোও প্ৰত্যাহ্বানেৰে ভৰি আছিল। স্কুলীয়া দিনবোৰৰ কথা মনত পেলাই তেওঁ কয়, “পঢ়া আধাখনীয়া নহওঁক বুলি মই শ্ৰীনগৰলৈ গুচি আহিছিলো আৰু তাত আত্মীয়ৰ লগত থাকিছিলো।” তাতে থাকি তাৰিকে ২০০৩-ত সৌৰা শ্ৰীনগৰৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষা সম্পূৰ্ণ কৰে।

PHOTO • Muzamil Bhat
PHOTO • Muzamil Bhat

অস্থায়ী বিদ্যালয়বোৰত প্ৰায়ে শিক্ষক নাথাকে বুলি গাঁৱৰ বয়োজ্যেষ্ঠসকলে কয়। ‘সেইবাবেই আমাৰ ল’ৰা-ছোৱালীয়েও শেষত পশুপালন আৰু দিনহাজিৰাৰ কাম কৰি পেট প্ৰৱৰ্তাবলগীয়া হয়,’ অভিভাৱক আমজাদে কয়

নিজে বকৰৱাল সম্প্ৰদায়ৰ জীৱনৰ কঠিনতাবোৰ দেখা তাৰিকে ভাবে যে এয়া প্ৰতিদানৰ সময়। “আব্বাই ইয়াত সকলো বিষয় পঢ়াইছিল, কিন্তু আমাৰ স্কুলত পৃথক বিষয়ৰ বাবে পৃথক শিক্ষক আছে,” ৰফিক বানোৱে কয়। ১০ বছৰীয়া বানোই ৰাজৌৰি জিলাৰ কালাকোট টেহচিলৰ পানিহাৰ গাঁৱৰ জে.কে. গভৰ্মেণ্ট গাৰ্লছ মিডল স্কুলৰ ষষ্ঠ শ্ৰেণীত পঢ়ে।

“মই পঢ়া-শুনা কৰি মোৰ দেউতাকৰ দৰে এজন শিক্ষক হ’ব খোজো আৰু ল’ৰা-ছোৱালীক পঢ়াব বিচাৰো। ইয়াত আমাৰ কোনো শিক্ষক নাই, সেয়ে ময়েই সিহঁতক পঢ়াম,” কণমানিজনীয়ে কয়।

সেয়ে আগতে অনাই-বনাই পৰ্বতত ঘূৰি ফুৰা শিশুহঁতে তাৰিকৰ সৈতে বহি দিনৰ কেইঘণ্টামান সময় পঢ়া-শুনা কৰি কটায়। জুলাইত এই প্ৰতিবেদকে সিহঁতক লগ পোৱাৰ সময়ত সিহঁতে বনত লেপেটা কাঢ়ি বহি পঢ়াত নিমগ্ন হৈ আছিল। মুঠ ২৫ জন শিশুৱে একাগ্ৰচিত্তে তাৰিকৰ কথা শুনিছিল, পঢ়িছিল। মীনামাৰ্গত শাৰী শাৰী গছবোৰক চেৰাই যোৱা এই সুউচ্চ পাৰ্বত্য অঞ্চলত ছাঁ পোৱাই টান।

“আমি ইয়াত থাকিছো বুলি ইহঁতক শিকাব পাৰিছো, কিন্তু পাহাৰৰ আৰু উচ্চতাত থকা শিশুসকলৰ কথা কোনোবাই ভাবিছেনে? সিহঁতক কোনে শিকাব?” কোনো মাচুল নোলোৱাকৈ শিক্ষকতা কৰি অহা ছাৰজনে প্ৰশ্ন কৰে।

সম্প্ৰতি (২০১৯ত) কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ঘোষিত লাডাখত অৱস্থিত কাৰ্গিল পূৰ্বে জম্মু-কাশ্মীৰ ৰাজ্যৰ অংশবিশেষ আছিল।

অনুবাদ: পংকজ দাস

Muzamil Bhat

Muzamil Bhat is a Srinagar-based freelance photojournalist and filmmaker, and was a PARI Fellow in 2022.

Other stories by Muzamil Bhat
Editor : PARI Desk

PARI Desk is the nerve centre of our editorial work. The team works with reporters, researchers, photographers, filmmakers and translators located across the country. The Desk supports and manages the production and publication of text, video, audio and research reports published by PARI.

Other stories by PARI Desk
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das