‘আগতীয়াকৈ তুষাৰপাত সম্পৰ্কে যদি আমি জানিলোহেঁতেন, তেন্তে ক্ষীপ্ৰতাৰে খেতি চপালোহেঁতেন,’ মোস্তাক আহমদে আক্ষেপ প্ৰকাশ কৰে।
দক্ষিণ কাশ্মীৰ পাম্পৰে খণ্ডৰ নাম্বল বাল গাঁৱত আহমেদ থাকে। ইয়াতে প্ৰতিবছৰে মে মাহৰ মাজভাগত তেওঁ আৰু আন খেতিয়ককে কুংকুম খেতি আৰম্ভ কৰে। অক্টোবৰৰ মাজভাগৰ পৰা নৱেম্বৰৰ মাজভাগত তেওঁলোকে কুংকুমৰ ফুলবোৰ চিঙি আনে। ফুলৰ ৰক্তাভ অংশ (ফুলৰ গৰ্ভমুণ্ড তথা গৰ্ভাশয়ৰ ক্ষীণ অগ্ৰাংশ)ৰ চাহিদা খুব বেছি আৰু ইয়াৰ পৰা অতি দামী কেশৰ প্ৰস্তুত কৰা হয়।
কুংকুমৰ খেতি কৰা কাশ্মীৰ দেশৰ একমাত্ৰ ৰাজ্য (এতিয়া কেন্দ্ৰীয় শাসিত অঞ্চল)। কিছুমানে ইয়াক স্থানীয় কাহুৱা চাহত মিহলি কৰে, অধিকাংশ দেশৰ আন ৰাজ্যলৈ পঠিওৱা হয়। মুলতঃ খাদ্যপ্ৰস্তুতি, আয়ুৰ্বেদিক ঔষধ আৰু মন্দিৰৰ পূজা-পাৰ্ৱণত ইয়াক ব্যৱহাৰ কৰা হয়।
কুংকুমৰ খেতি কৰা কাশ্মীৰ দেশৰ একমাত্ৰ ৰাজ্য (এতিয়া কেন্দ্ৰীয় শাসিত অঞ্চল)। কিছুমানে ইয়াক স্থানীয় কাহুৱা চাহত মিহলি কৰে, অধিকাংশ দেশৰ আন ৰাজ্যলৈ পঠিওৱা হয়। মুলতঃ খাদ্যপ্ৰস্তুতি, আয়ুৰ্বেদিক ঔষধ আৰু মন্দিৰৰ পূজা-পাৰ্ৱণত ইয়াক ব্যৱহাৰ কৰা হয়।
‘খেতিৰ পৰা এইবাৰ বেছি আশা কৰিছিলোঁ, কিন্তু অসময়ত বৰফ পৰাৰ বাবে আমাৰ কুংকুমৰ খেতি নষ্ট হয়।’ প্ৰায় ২০০০ সদস্য থকা জম্মু আৰু কাশ্মীৰ কুংকুম খেতিয়ক সন্থাৰ সভাপতি আব্দুল মজিদ ৱানিয়ে কয়। কাশ্মীৰৰ কুংকুম খেতিয়কে এইবাৰ কমেও ২০ কোটি টকাৰ লোকচান ভৰিব বুলি ৱানিয়ে কয়। শেহতীয়া এক সংবাদমেলত কাশ্মীৰ চেম্বাৰ অৱ ফুড প্ৰচেচিং ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ ড. জইনুল আবিদিনে কয় যে বছৰি প্ৰায় ২০০ কোটি টকাৰ কুংকুমৰ ব্যৱসায় চলে।
কাশ্মীৰৰ মাণ্ডলিক আয়ুক্তই প্ৰস্তুত কৰা প্ৰতিবেদনৰ টোকা অনুসৰি জম্মু আৰু কাশ্মীৰৰ কুংকুম খেতি কৰা ২২৬ খন গাঁৱৰ ৩২ হাজাৰ পৰিয়ালৰ ভিতৰত আহমেদ আৰু খাণ্ডাই হঁতৰ গাওঁকেইখনো পৰে। এই গাওঁবোৰৰ অধিকাংশ পুলৱামা জিলাৰ পাম্পৰে অঞ্চলৰ অন্তৰ্ভুক্ত। সমগ্ৰ কাশ্মীৰে বছৰি ১৭ টন কুংকুম উৎপাদন কৰে বুলি কৃষি সঞ্চালক ছৈয়দ আলতাফ আইজাজে কয়।


চলিত বৰ্ষৰ ৭ নৱেম্বৰৰ পৰা তুষাৰপাত হোৱাৰ আগত পাম্পৰেৰ খেতিপথাৰত পুৰ্ণ পৰিস্ফুট হোৱা কুংকুমৰ ফুলবোৰ (সোঁফালে)। নিজৰ নাম ক’ব নিবিচৰা এগৰাকী কুংকুম খেতিয়কে পুলৱামাৰ গান্দেলা এলেকাত খেতিপথাৰত কুংকুমৰ ফুলবোৰ চপাইছে (সোঁফালে)
কুংকুমৰ খেতি কৰা সমগ্ৰ কাশ্মীৰ উপত্যকাৰ মুঠ ৫৭০০ হেক্টৰ ভূমিৰ সাম্প্ৰতিক বছৰবোৰত ৩৭০০ হেক্টৰলৈ সংকুচিত হৈছে। কুংকুমৰ দৰে বাণিজ্যিক শস্যৰ খেতি কৰা ভূমিৰ পৰিমাণ হ্ৰাস হোৱাৰ কাৰণ হিচাপে খেতিয়কসকলে কয় যে বৰষুণৰ ধৰণ সলনি হোৱা (হয় স্বাভাৱিক হাৰতকৈ কম, বিশেষকৈ বাৰিষাৰ আগস্ত-ছেপ্তেম্বৰ মাহত, অথবা আগতীয়াকৈ বৰষুণ) আৰু পানী যোগানৰ পুতৌলগা অৱস্থা ইয়াৰ অন্যতম কাৰণ।
২০১০ত আৰম্ভ কৰা ৰাষ্ট্ৰীয় কুংকুম অভিযানৰ দ্বাৰাও বিশেষ লাভ হোৱা নাই বুলি খেতিয়কসকলে কয়। উৎপাদন ব্যৱস্থাৰ উন্নয়ন, গৱেষণা আৰু বজাৰ সম্প্ৰসাৰণ কৰা, ফোৱাৰাৰে পানী যোগান, গভীৰ নলীনাদৰ ব্যৱস্থা কৰাকে ধৰি উচ্চ মানসম্পন্ন বীজ যোগান ধৰাৰ দৰে বহুতো লক্ষ্য অভিযানে সামৰি লৈছিল। ‘কিন্তু ইয়াৰ ফলাফল চকুত নপৰিল। বহুতো খেতিয়কে অভিযোগ কৰা মতে ধনৰ অপব্যৱহাৰ হৈছে।’ গোলাম মহম্মদ ভাটে কয়। পুলৱামা জিলাৰ পাম্পৰে উন্নয়ন খণ্ডৰ ৰংগাহ বাল এলেকাৰ সাত কানাল মাটিত তেওঁ কুংকুমৰ খেতি কৰে।
‘কৃষি বিষয়াই যোগান ধৰা নতুন কুংকুমৰ বীজৰ পৰা ভাল ফল পোৱা নাই, কিন্তু কৃষি বিভাগে দাবী কৰিছিল যে চৰকাৰী বীজৰ পৰা কুংকুমৰ উৎপাদন বৃৃদ্ধি পাব।’ এইদৰে আব্দুল আহদ মীৰে কয়। কাশ্মীৰৰ আন কুংকুম খেতিয়কৰ দৰে তেওঁ নিজেও এইবছৰ লোকচানৰ মুখামুখি হৈছে। কাৰণ এইবছৰ উৎপাদন আশাপ্ৰদ নহ’ল।
কুংকুম উৎপাদন হ্ৰাস পোৱাৰ একমাত্ৰ কাৰণ আগতীয়াকৈ হোৱা তুষাৰপাত নহয়। যোৱা ৫ আগস্তত কেন্দ্ৰীয় চৰকাৰে জম্মু আৰু কাশ্মীৰক বিশেষ অধিকাৰ প্ৰদান কৰা অনুচ্ছেদ ৩৭০ সংবিধানৰ পৰা প্ৰত্যাহাৰ কৰাৰ সময়ৰে পৰা আৰম্ভ হোৱা ৰাজনৈতিক অনিশ্চয়তা আৰু বাধানিষেধ আৰোপেও কুংকুম খেতিৰ ক্ষতিসাধন কৰে। ‘বাধানিষেধ আৰোপ কৰাৰ ফলত খেতিপথাৰলৈ যাব নোৱাৰা হ’লো, ফুল ফুলাৰ সময়ত যতন ল’ব পৰা নহ’ল,’ ৰংগাহ এলেকাৰ আন এজন কুংকুম খেতিয়ক এজাজ আহমদ ভাটে কয়।
কাশ্মীৰত কাম কৰিবলৈ অহা বৃহত সংখ্যক প্ৰব্ৰজনকাৰী শ্ৰমিক আগস্তৰ ৰাজনৈতিক পৰিৱৰ্তনৰ পিছত উভতি যায় আৰু ইয়াৰ ফলত কুংকুম খেতিৰ ক্ষতি হয়। তথা খেতিয়কসকলে উচ্চ মজুৰীৰ বিনিময়ত স্থানীয় শ্ৰমিক নিয়োগ কৰিবলগা হয়। পাম্পৰেৰ জাফৰান কলনিৰ কুংকুম খেতিয়ক বছীৰ আহমদ ভাটে কয়, ‘কুংকুম খেতি এতিয়া লাভজনক খেতি হৈ থকা নাই।’
ইণ্টাৰনেট বন্ধই কুংকুম খেতিক লোকচানৰ ফালে ঠেলি দিলে। ‘আমাৰ ল’ৰা-ছোৱালীয়ে নিয়মীয়াকৈ ইণ্টাৰনেটত বতৰৰ আগজাননী চায়,’ মোস্তাক আহমেদে কয়। ‘আগতে আমি আকাশৰ ডাঁৱৰ চাই ক’ব পাৰিছিলোঁ যে বৰষুণ আহিব নে বৰফ পৰিব। কিন্তু এতিয়া ইণ্টাৰনেটৰ ওপৰত নিৰ্ভৰশীল হৈ পৰাৰ ফলত আকাশলৈ চাই বতৰৰ পৰিৱৰ্তন আমি লক্ষ্য নকৰা হ’লো,’ ৱাছিম খান্দাইয়ে কয়।

শীতকালৰ এদিন পুৱাা পুলৱামা জিলাৰ পাম্পৰে উন্নয়ন খণ্ডৰ খ্ৰিউ এলেকাৰ কৃষকে কুংকুমৰ খেতিপথাৰ চাইছে আৰু কৃত্ৰিম সাৰ প্ৰয়োগ কৰিছে

পুলৱামা জিলাৰ লেথপৰা এলেকাত ছয় কানালৰ কুংকুম খেতিপথাৰত ৬৫ বছৰীয়া খেতিয়ক আব্দুল আহদে পৰিয়ালৰ আন সদস্যৰ সৈতে কুংকুমৰ ফুলবোৰ চিঙিছে। ৩০ বছৰ ধৰি তেওঁ কুংকুম খেতি কৰি আহিছে

পুলৱামা জিলাৰ পাম্পৰে উন্নয়ন খণ্ডৰ লেথপৰা এলেকাৰ পথাৰত ফুলি থকা কুংকুমৰ ফুলবোৰ

পুলৱামা জিলাৰ খ্ৰিউ এলেকাত আব্দুল ৰছিদে নিজৰ ঘৰত কুংকুমৰ ফুলৰ পৰা ৰঙা কেশৰবোৰ নিষ্কাশন কৰিছে

পুত্ৰ ফয়াজৰ সৈতে আব্দুল ৰছিদে কাম কৰে। ফুলৰ পৰা আঁহবোৰ এৰুৱাই পেলোৱাটোৱে এক বিশেষ কলা বুলি তেওঁ কয়। ‘ফুলবোৰৰ পৰা সঠিক আঁহডাল নিৰ্বাচন কৰি উলিয়াই আনিবলৈ আপোনাৰ যথেষ্ট নিপুণতাৰ প্ৰয়োজন হ’ব। নহ’লে ফুলটো নষ্ট হৈ যাব।’

‘যোৱা পাঁচ বছৰ ধৰি কুংকুমৰ খেতিত মন্দাৱস্থা চলি আহিছে,’ ৭০ বছৰীয়া হাজি আব্দুল আহদ মীৰে কয়। তেওঁলোকৰ আঠ কানাল মাটিত তিনি প্ৰজন্ম ধৰি কুংকুমৰ খেতি কৰি অহা হৈছে। ‘কুংকুম খেতিৰ বাবে প্ৰয়োজন হোৱা শৈলী মই বংশগতভাবে লাভ কৰিছোঁ,’ তেওঁ কয়। ‘উঠি অহা চামে যদি ভুল পদ্ধতিৰে খেতি কৰে (বীজ ভুলকৈ সীচে আৰু পৰিচালনা কৰে) তেন্তে আমি এই খেতি চিৰদিনৰ বাবে হেৰুৱাম।’ তেওঁ আশা কৰে যে এই বছৰৰ তুষাৰপাতৰ কাৰণে অহাবছৰ কুংকুমৰ খেতি ভাল হ’ব।

পুলৱামা জিলাৰ ৰংগাহ এলেকাত কুংকুম খেতিয়ক আৰু ব্যৱসায়ী গোলাম মহম্মদ ভাটে বিক্ৰীৰ বাবে কুংকুমবোৰ গুণাগুণ অনুসৰি ঘৰতে ভাগ কৰিছে। তিনিটা পৰ্যায়ত কুংকুমবোৰ ভগোৱা হয়। একেবাৰে উচ্চমানৰ বোৰত কেৱল ৰঙা আঁহ থাকে। কিন্তু মুকুল নাথাকে। মধ্যমানৰ ফুলবোৰত মুকুল থাকে আৰু তৃতীয় পৰ্যায়বোৰত প্ৰথম পৰ্যায়ৰ বাচনি কৰি এৰি যোৱাবোৰ আৰু অৱশিষ্টবোৰ ধৰা হয়।

ৰংগাহ বলত মহম্মদ ভাটৰ এখন সৰু দোকান আছে। যোৱা তিনি দশক ধৰি তেওঁ পৰিয়ালৰ সাত কানাল মাটিত কুংকুমৰ খেতি কৰি আহিছে। ‘এইবছৰ এক কিলোগ্ৰাম কুংকুম উৎপাদন কৰিব পাৰিম বুলি মই আশা কৰিছিলোঁ। অথচ মাত্ৰ ৭০ গ্ৰাম কুংকুম পালো। তুষাৰপাতে মোৰ খেতি একেবাৰে নষ্ট কৰি পেলালে,’ তেওঁ কয়। লগতে তেওঁ কয় যে তেওঁৰ পথাৰৰ খেতি নষ্ট কৰিবপৰাকৈ তুষাৰপাত হ’ব বুলি ইণ্টাৰনেট বন্ধ থকাৰ ফলত তেওঁ জানিব পৰা নাছিল।
অনুবাদঃ পংকজ দাস