''ল’ৰাটোৰ কেনেকৈ কি হ’ল আমি একোৱেই নাজানো, কোম্পানীয়েও আমাক একো জনোৱা নাই,’’ নীলম যাদৱে কয়।
নীলম (৩৩) সোণিপটৰ ৰাই উদ্যোগিক ক্ষেত্ৰস্থিত নিজৰ ঘৰৰ ভিতৰত থিয় হৈ কথাখিনি কৈ গৈছে আৰু চলচলীয়া চকুযুৰি আমাৰ পৰা লুকুৱাবলৈ চেষ্টা কৰিছে। প্ৰায় ৬ মাহ পূৰ্বে তেওঁৰ দেওৰেকৰ পুত্ৰ ৰাম কমলৰ এটা খাদ্য প্ৰস্তুতকাৰী কোম্পানীত কৰ্মৰত অৱস্থাত মৃত্যু হৈছিল। ২০০৭ চনত বিয়াৰ পিছৰে পৰা তেওঁ ৰাম কমলক নিজ হাতেৰে ডাঙৰ-দীঘল কৰিছিল। ২৭ বছৰীয়া ৰাম কমলে কোম্পানীটোত এচি মেৰামতি ইউনিটত কাম কৰিছিল।
সেয়া আছিল ২০২৩ চনৰ ২৯ জুনৰ ঘটনা। নীলমে মনত পেলাই কৈ গৈছে সেই দিনটোৰ কথা। সেইদিনাৰ ফৰকাল দুপৰীয়াটোত ৰ’দ প্ৰখৰ আছিল। তেওঁৰ তিনিগৰাকী কণমানি সন্তান - দুজনী ছোৱালী, এজন ল’ৰা আৰু শহুৰেক শোভনাথে ভাত খাই উঠিছিলহে মাত্ৰ। তাৰপিছত তেওঁ ৰান্ধনিঘৰত বাচন-বৰ্তন ধোৱা কামত লাগিছিল আৰু শোভনাথে এঘুমটি মাৰিব বুলি বিচনাত বাগৰ দিছিল।
দুপৰীয়া ১ মান বজাত দুৱাৰত টোকৰ পৰিছিল। তেওঁ হাত ধুইছিল আৰু নিজৰ দোপাত্তাখন ঠিক কৰি দুৱাৰ খুলিবলৈ বাহিৰলৈ ওলাই আহিছিল। বাহিৰত নীলা পোছাক পৰিহিত দুজন মানুহ ৰৈ আছিল, এজনে হাতৰ আঙুলিত বাইকৰ ছাবিৰ ৰিংটো ভৰাই ঘূৰাই আছিল। নীলমে মানুহ দুজনক চিনি পাইছিল। তেওঁলোকে ৰাম কমলে কাম কৰা কোম্পানীটোতে কাম কৰিছিল। মানুহ দুজনৰ এজনে কোৱা কথাটো এতিয়াও নীলমৰ মনত আছে, ‘'ৰামৰ গাত কাৰেণ্টৰ শ্বক লাগিছে। আপোনালোক সোনকালে হাস্পতাললৈ যাওক।’’
''মই তেওঁলোকক কেনেকৈ কি হ’ল, ৰাম কমল ঠিকে আছে নে নাই সেয়া সুধিছিলো। তেওঁলোকে মাত্ৰ ইয়াকে কৈছিল যে তাৰ এতিয়া হুঁছ নাই,’’ কথাখিনি কোৱাৰ সময়ত নীলমৰ মাত থোকাথুকি হৈ পৰিছিল। তেওঁ আৰু শোভনাথে আন গাড়ীলৈ ৰৈ সময় খৰছ কৰাতকৈ যুৱক দুজনকে তেওঁলোকক বাইকতে হাস্পতাললৈ লৈ যাবলৈ অনুৰোধ কৰিলে। হাস্পতাল পাওতে তেওঁলোকক প্ৰায় ২০ মিনিট লাগিছিল।


বাওঁফালে: ছয় মাহ আগতে, ২৭ বছৰীয়া ৰাম কমলে খাদ্য প্ৰস্তুত কৰা কোম্পানীত কাম কৰি থকা অৱস্থাত প্ৰাণ হেৰুৱাইছিল। তেওঁ এচি মেৰামতি গোটত টেকনিচিয়ান হিচাপে কাম কৰিছিল। সোঁফালে: ৰামৰ খুৰাক মতিলাল হাৰিয়ানাৰ সোণিপটত তেওঁলোকৰ ঘৰৰ বাহিৰত থিয় হৈ আছে


বাওঁফালে: ৰাম কমলৰ নথি-পত্ৰ আৰু গোচৰটোৰ প্ৰমাণ সুৰক্ষিত ৰখাৰ বাবে উৎসৰ্গিত আলমাৰীটো। সোঁফালে: ৰামে তেওঁৰ খুৰাক আৰু খুড়ীয়েকৰ সৈতে ২০০৩ চনৰ পৰা সোণিপটত তেওঁলোকৰ ঘৰত বাস কৰিছিল
নীলমৰ স্বামী আৰু ৰামৰ খুৰাক মতিলালক যেতিয়া পত্নীয়ে ফোন কৰিছিল তেতিয়া তেওঁ কামত আছিল। তেওঁ ৰোহতকৰ ছমছানাৰ এটি নিৰ্মাণ স্থলত কাম কৰে। খবৰটো পোৱাৰ লগে লগে তেওঁ নিজৰ স্কুটাৰখনেৰে আধাঘণ্টাৰ ভিতৰত ২০ কিলোমিটাৰ দূৰত্ব অতিক্ৰমি হাস্পতালত উপস্থিত হৈছিল।
''তাক পোষ্টমৰ্টেম ইউনিটত ৰাখি থৈছিল,’’ ৭৫ বৰ্ষীয় ককাক শোভনাথে কয়। তেওঁৰ খুৰাক নীলমে কান্দোনমুৱা সুৰেৰে কয়, ''মই তাক চাব পৰা নাছিলো। তাক ক’লা কাপোৰ এখনেৰে ঢাকি ৰাখিছিল। মই তাক মাতি আছিলো।’’
*****
এতিয়া পৃথিৱীৰ পৰা মেলানি মগা যুৱকজনক তেওঁলোকৰ পিতৃ-মাতৃ গোলাপ আৰু শীলা যাদৱে তেওঁৰ খুৰাক-খুৰীয়েকৰ কাষত থাকিবলৈ পঠিয়াই দিছিল। যেতিয়া মতিলালে তাক উত্তৰ প্ৰদেশৰ আজমগঢ় জিলাৰ নিজামাবাদৰ পৰা লৈ আহিছিল তেতিয়া ৰাম কমলৰ বয়স আছিল মাত্ৰ ৭ বছৰ। ''আমিয়েই তাক ডাঙৰ-দীঘল কৰিছিলো,’’ মতিলালে কয়।
ৰাম কমলে ২০২৩ চনৰ জানুৱাৰীৰে পৰা এই কোম্পানীটোত কাম কৰি আছিল আৰু মাহিলি ২২ হাজাৰ টকা দৰমহা পাইছিল। আধা পইছা তেওঁ ঘৰলৈ পঠিয়াই দিছিল। ঘৰত আছিল তেওঁৰ মাক-দেউতাক, পত্নী আৰু আঠ মহীয়া এগৰাকী ছোৱালী।
''নিজৰ কণমানি ছোৱালীজনীক সি বহুত মৰম কৰিছিল। এতিয়া তাইৰ কি হ’ব? কোম্পানীৰ মানুহে ছোৱালীজনীৰ বিষয়ে এটা শব্দও সোধা নাই,’’ শোভনাথে কয়। কোম্পানীৰ মালিকে এবাৰলৈয়ো তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ খবৰ ল’বলৈ অহা নাই।
!['If this tragedy took place at their home [the employers], what would they have done?' asks Shobhnath, Ram's grandfather.](/media/images/04a-5-NA.max-1400x1120.jpg)

‘যদি এই ঘটনাটো কোম্পানীটোৰ মালিকৰ ঘৰত হ’লহেতেন তেন্তে তেওঁ কি কৰিলেহেতেন?’ ৰামৰ ককাক শোভনাথৰ প্ৰশ্ন। সোঁফালে: নীলমক ৰামৰ খবৰ দিয়া সহকৰ্মী দুগৰাকী
যিদিনা ৰামৰ মৃত্যু হৈছিল, তাৰ আগদিনা ৰাতি তেওঁ ঘৰলৈ অহা নাছিল। নীলমে সেই দিনটোলৈ মনত পেলাই কয়, ''কামত সি বহুত ব্যস্ত থকা বুলি কৈছিল। ৰামে প্ৰায়ে নিজৰ কামৰ বাবে ২৪ ঘণ্টাই অফিচতে থাকিবলগীয়া হৈছিল।’’ পৰিয়ালৰ সদস্যসকলৰ কোনেও তেওঁৰ ডিউটিৰ সময়ৰ বিষয়ে ভালকৈ জনা নাছিল। প্ৰায়েই তেওঁ ভালকৈ খাবলৈকেই সময় নাপাইছিল আৰু ৰাতিও অফিচতে টোপনি যাবলগীয়া হৈছিল। ''সি বহুত কষ্ট কৰিছিল,’’ মতিলালে শেতা পৰা হাঁহি মাৰি কয়। কামৰ পৰা আজৰি পালেই তেওঁ জীয়েক কাব্যাক চাবলৈ ভিডিঅ’ কল কৰিছিল।
কোম্পানীটোৰ আন কৰ্মচাৰীসকলৰ পৰা ৰামৰ পৰিয়ালৰ লোকসকলে জানিব পাৰিছিল যে তেওঁ কুলিং পাইপলাইনৰ মেৰামতি কৰি আছিল। এই কামটোৰ বাবে সাৱধানতা ল’বলগীয়া হয় যদিও কোম্পানীৰ তৰফৰ পৰা কোনো ধৰণৰ সুৰক্ষা সামগ্ৰী প্ৰদান কৰা হোৱা নাছিল। ''যেতিয়া তেওঁ উক্ত স্থানত এচি-পাইপ স্প্ৰে আৰু প্লায়াৰ লৈ উপস্থিত হৈছিল, তেতিয়া তেওঁ চেণ্ডেল পিন্ধা নাছিল আৰু হাতো তিতি আছিল। যদিহে কোম্পানীৰ মেনেজাৰে তাক সেই কাম কৰোতে ল’বলগীয়া সুৰক্ষা উপকৰণৰ যোগান ধৰিলেহেতেনে তেতিয়া আমি তাত হেৰুৱাবলগীয়া নহ’লহেতেন,’’ এইদৰে কয় খুৰাক মতিলালে।
নিজ পুত্ৰৰ মৃত্যুৰ খবৰ পোৱাৰ দ্বিতীয় দিনা ৰামৰ দেউতাক গোলাব যাদৱে অন্তিম সংস্কাৰৰ বাবে সোণিপটতলৈ আহিছিল। পিছদিনাখন তেওঁ ৰাই আৰক্ষী চকীলৈ যায় আৰু কোম্পানীটোৰ অব্যৱস্থা সন্দৰ্ভত এজাহাৰ দাখিল কৰে। ৰামৰ পৰিয়ালে জনোৱা মতে তদন্তকাৰী বিষয়া সুমিত কুমাৰক ঘটনাটোৰ তদন্তৰ দায়িত্ব দিয়া হৈছিল আৰু বিষয়াগৰাকীয়ে তদন্তৰ পৰিৱৰ্তে ৰামৰ পৰিয়ালক বুজাপৰা কৰিবৰ বাবেহে হেঁচা প্ৰদান কৰিছিল।
''আৰক্ষীয়ে আমাক ১ লাখ টকা লৈ কেছটো উঠাই ল’বলৈ কৈছিল। কিন্তু আমি সেয়া মানি লোৱা নাই। যি হ’ব সেয়া আদলতে নিৰ্দিষ্ট কৰি দিব।’’

সোণিপটৰ ৰাই আৰক্ষী থানাই ৰামৰ পৰিয়ালক মীমাংসা কৰিবলৈ পৰামৰ্শ আগবঢ়াইছিল
কোম্পানীত কৰ্মৰত অৱস্থাতে মৃত্যু হোৱাৰ ঘটনা সোণিপটত কোনো নতুন কথা নহয়। বিগত দুটা দশকত সোণিপট সম্পূৰ্ণৰূপে ঔদ্যোগিক ক্ষেত্ৰত পৰিণত হৈ পৰিছে। ইয়াত কাম কৰা অধিকাংশ শ্ৰমিকেই উত্তৰ প্ৰদেশ, বিহাৰ আৰু দিল্লীৰ পৰা অহা প্ৰৱাসী শ্ৰমিক
আৰক্ষীয়ে গোচৰটোক কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ কথাটো জানিব পাৰি মতিলালে ঘটনাটোৰ এমাহ পিছত আদালতৰ দ্বাৰস্থ হোৱাৰ সিদ্ধান্ত লয়। ৰাইৰ শ্ৰম আদালতত ৰামৰ পক্ষক প্ৰতিনিধিত্ব কৰা অধিবক্তা সন্দীপ দহিয়াই ওকালতিৰ বাবদ কেৱল নথি-পত্ৰ যোগাৰ কৰাৰ নামতে ১০ হাজাৰ টকা লয়। মাহটোত মাত্ৰ ৩৫ হাজাৰ টকা উপাৰ্জন কৰা পৰিয়ালটোৰ বাবে ১০ হাজাৰ টকা কোনো গুণে কম টকা নাছিল। ''আমাৰ হাতত আন কোনো উপায় নাছিল। আদালতলৈ আৰু কিমান তাঁতবাতি কাঢ়িব লাগে সেয়াও মই নাজানিছিলো,’’ এইদৰে কয় বৰ্তমান পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী মতিলালে।
আৰক্ষী বিষয়াই ৰামৰ স্কুটিখন অফিচৰ পৰা লৈ অহাৰ ক্ষেত্ৰতো কোনোধৰণৰ সহযোগিতা আগনবঢ়ালে। সেই স্কুটিখনেৰেই ৰামে ঘৰৰ পৰা ১০ কিলোমিটাৰ দূৰৈৰ কোম্পানীটোলৈ অহা-যোৱা কৰিছিল। কোম্পানীত স্কুটিখনৰ বিষয়ে সুধিবলৈ যোৱাৰ আগতে মতিলালে আৰক্ষী থানাৰ সৈতেও যোগাযোগ কৰিছিল। তেতিয়া এগৰাকী আৰক্ষী বিষয়াই তেওঁক কোম্পানীটোৰ ছুপাৰভাইজাৰৰ সৈতে পোনপটীয়াকৈ কথা পাতিবলৈ পৰামৰ্শ দিয়ে। কিন্তু ছুপাৰভাইজাৰে মতিলালৰ কথাখিনি ভালকৈ শুনিবলৈকে ৰাজি নহ’ল আৰু কথাহে শুনালে। ''যেতিয়া মই স্কুটিখন আনিবলৈ গৈছিলো তেতিয়া ছুপাৰভাইজাৰে মোক কিয় বুজা-পৰালৈ নাহিলো বুলি প্ৰশ্ন কৰিছিল। কিয় আদালতলৈ গ’লো বুলিও বেয়াকৈ কৈছিল,’’ মতিলালে কয়।
মতিলালে এয়াও নাজানে যে ৰামৰ ৱৰ্কাৰ আইডি কাৰ্ড ক’ত আছে। ''এজাহাৰত তেওঁক এজন ঠিকাভিত্তিত কাম কৰা কৰ্মচাৰী বুলি উল্লেখ কৰা হৈছে। কিন্তু তাৰ দৰমহা মুখ্য কোম্পানীৰ পৰা দিয়া হৈছিল। তাত কৰ্মচাৰীৰ আইডি কাৰ্ডো দিছিল, কিন্তু কোম্পানীৰ মানুহে সেয়া আমাক দিয়া নাই,’’ কোম্পানীৰ তৰফৰ পৰা চিচিটিভি ফুটেজো এতিয়ালৈকে দিয়া নাই বুলিও কয় মতিলালে।
ছুপাৰভাইজাৰে দাবী কৰি কয় যে ''এয়া সেই ল’ৰাজনৰেই ভুল। তেওঁ আগতে এটা এচিৰ ছাৰ্ভিচিং কৰি উঠিছিল... হাত-ভৰিত পানী লাগি আছিল, সেয়ে বিদ্যুৎস্পৃষ্ট হ’বলৈ পালে।’’ ছুপাৰভাইজাৰে কোম্পানীৰ ভুল আছে বুলি মানি ল’বলৈ সম্পূৰ্ণৰূপে অস্বীকাৰ কৰি এইদৰে কয়।


বাওঁফালে: ৰাম কমলৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত কোৱা হৈছে যে আঘাতৰ চিন তেওঁৰ বাওঁহাতৰ আঙুলিত পোৱা গৈছিল, কিন্তু পৰিয়ালটো এই প্ৰতিবেদনক লৈ সন্তুষ্ট নহয়। সোঁফালে: অমৰ উজালাত প্ৰকাশিত ৰামৰ মৃত্যু-সম্পৰ্কীয় বাতৰি
মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত উল্লেখ কৰা মতে ৰাম কমলৰ ''বাওঁহাতৰ কেঞা আঙুলিৰ পিছফালৰ অংশত বিজুলীৰ শ্বক লগাৰ চিন আছে।’’ কিন্তু পৰিয়ালৰ লোকসকলে মৰণোত্তৰ পৰীক্ষাৰ এই প্ৰতিবেদন মনেসজা বুলি অভিযোগ কৰিছে। কিয়নো তেওঁলোকৰ মতে ৰামে সোঁহাতেৰেহে কাম কৰাত অভ্যস্ত আছিল। নীলমে কয়, ''বিজুলীৰ শ্বক লগাৰ পিছত শৰীৰত জ্বলি যোৱাৰো চিন ৰৈ যায়, আৰু চেহেৰা ক’লা হৈ পৰে। কিন্তু তাৰ সকলো ঠিকেই আছিল।’’
কোম্পানীত কৰ্মৰত অৱস্থাতে মৃত্যু হোৱাৰ ঘটনা সোণিপটত কোনো নতুন কথা নহয়। বিগত দুটা দশকত সোণিপট সম্পূৰ্ণৰূপে ঔদ্যোগিক ক্ষেত্ৰত পৰিণত হৈ পৰিছে। ইয়াত কাম কৰা অধিকাংশ শ্ৰমিকেই উত্তৰ প্ৰদেশ, বিহাৰ আৰু দিল্লী (লোকপিয়ল ২০১১)ৰ পৰা অহা প্ৰৱাসী শ্ৰমিক। আৰক্ষীয়ে জনোৱা মতে প্ৰতিমাহতে অঞ্চলটোত থকা অধিকাংশ কোম্পানীৰ পৰা শ্ৰমিক আহত হোৱাৰ দৰে ঘটনাৰ খবৰ অতি কমেও ৫টাকৈ হ’লেও থানালৈ আহে। ''শ্ৰমিক আহত হোৱাৰ বহু খবৰ থানালৈ নাহেই। বহুক্ষেত্ৰত সেয়া বাহিৰতেই মীমাংসা হৈ যায়,’’ আৰক্ষীয়ে কয়।
যিহেতু ৰামৰ গোচৰটো এতিয়া আদালতৰ বিচাৰাধীন, সেয়ে উপযুক্ত ক্ষতিপূৰণসহ গোচৰটোৰ মীমাংসা হোৱাৰ সম্ভাৱনা আছে বুলি কয় অধিবক্তা দহিয়াই। ''ইমান মানুহ মৰিয়েই থাকে, সেইবোৰৰ কোনেই বা বিচাৰ-খোঁচাৰ কৰিব? এয়া আইপিচিৰ ধাৰা ৩০৪ৰ অন্তৰ্গত আৰু মই এই আইনী যুদ্ধ কণমানি ছোৱালীজনীৰ ভৱিষ্যতৰ বাবে চলাই যাব খোজো,’’ অধিবক্তাগৰাকীয়ে কয়। তেওঁ আৰু কয়, ''ভাৰতীয় দণ্ড সংহিতাৰ ৩০৪নং ধাৰাৰ অধীনত অনিচ্ছাকৃত হত্যাৰ গোচৰ ৰুজু হয় আৰু ইয়াক হত্যাৰ দৰে গুৰুতৰ অপৰাধ হিচাপে ধৰা নহয়।’’
আৰ্থিক অভাৱ আৰু মানসিক যাতনা সত্বেও ৰামৰ পৰিয়ালটোৱে ন্যায়ৰ হকে যুঁজ দি যোৱাৰ পণ লৈছে। শোভনাথে কয়, ''যদি এই ঘটনাটো কোম্পানীটোৰ মালিকৰ ঘৰত হ’লহেতেন তেন্তে তেওঁ কি কৰিলেহেতেন?’’ তেওঁ আৰু কয়, ''যিটো হৈ গ’ল সেয়াটো আৰু নোহোৱা কৰিব নোৱাৰি। কোম্পানীয়ে লাগিলে পইছা কমেই নিদিয়ক কিয়, আমি বিচাৰিছো ন্যায়।’’
অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি