অধো জাম আৰু হোঠাল পদমাণিৰ প্ৰেম-কাহিনী কচ্ছৰ উপৰিও সৌৰাষ্ট্ৰৰো কোনো কোনো ঠাইত জনপ্ৰিয়৷ অন্য লোককথাৰ দৰে এই কাহিনীয়েও নিশ্চয় বহু মানুহৰ মুখ বাগৰি বাগৰিয়ে সৌৰাষ্ট্ৰ পাইছেগৈ৷ পিছে বিভিন্ন সময়ত আৰু বেলেগ বেলেগ স্থানত এই কাহিনীৰ কিছু সাল-সলনিও ঘটা দেখা গৈছে৷ সেই কাৰণেই হয়তো তেওঁলোকৰ পূৰ্বজ সম্বন্ধে সম্পূৰ্ণ শুদ্ধ ধাৰণা কাৰো হাতত নাই৷ অধো জাম এগৰাকী জনজাতীয় সাহসী বীৰ নেতাও হ’ব পাৰে, অথবা কিয়োৰৰ এজন ক্ষত্ৰিয় যোদ্ধাও হ’ব পাৰে৷ ঠিক একেদৰে হোঠালো এগৰাকী জনজাতীয় বীৰাঙ্গনা নেত্ৰী হিচাপেই জনাজাত৷ কিন্তু অন্য কিছু সংস্কৰণত তেওঁক এগৰাকী অভিশপ্ত দেৱী হিচাপে উপস্থাপন কৰা হৈছে৷

বৌৱেক মিনাৱতীৰ অতৃপ্ত যৌন বাসনা পূৰণ কৰিবলৈ অমান্তি হোৱা অধো জাম এতিয়া নিৰ্বাসিত৷ সেই কাৰণে তেওঁ মোমায়েকৰ এজন আত্মীয় বিশাল দেৱৰ ঘৰত আশ্ৰয় লৈ আছে৷ তেওঁৰ ঘৰ পিৰানা পতনত৷ সেই বিশাল দেৱৰে উটবোৰ নাগাৰ-সামোই সিন্ধৰ প্ৰধান বমভানিয়াই লুটি লৈ গৈছিল৷ তেতিয়াই অধোয়ে সেই উটবোৰ ঘুৰাই অনাৰ কাৰণে প্ৰতিজ্ঞাবদ্ধ হৈছিল৷

পশুপালক জনগোষ্ঠীৰ মহিয়সী নাৰী হোঠাল পদ্মিনীও সিন্ধৰ বমভানিয়াৰ ওপৰত প্ৰতিশোধ লোৱাৰ বাবে ব্যগ্ৰ৷ কাৰণ তেওঁ পদ্মিনীৰ পিতৃৰ সাম্ৰাজ্যখনত উৎখাত কৰি গোটেই পশুবোৰ চুৰি কৰি লৈ গৈছে৷ আৰু এই অন্যায়ৰ উচিত প্ৰত্যুত্তৰ দিব বুলি তেওঁৰ মুমূৰ্ষ পিতৃৰ ওচৰত অংগিকাৰবদ্ধও হৈছে৷ পদ্মিনীয়ে অভিযানৰ সময়তে অধো জামক লগ পালে৷ সেই মূহুৰ্তত তেওঁ এজন পুৰুষ যোদ্ধাৰ ছদ্মবেশত আছিল৷ কিছুমান আখ্যানত তেওঁক ’হঠো’ আৰু আন কিছুমানত ‘এক্কালমাল’ বুলি নামাকৰণ কৰা হৈছে৷ অধো জামৰ দৃষ্টিত তেওঁ এগৰাকী দুঃসাহসী যুৱ যোদ্ধা আৰু যিহেতু তেওঁলোকৰ উদ্দেশ্য একেটাই, সেয়ে দুয়োৰে মাজত অতি সোনকালেই বন্ধুত্ব গঢ়ি উঠিল৷ বমভানিয়াৰ বিৰুদ্ধে যুদ্ধ কৰি দুয়োজনে তেওঁক পৰাস্ত কৰি উট আৰু পশুবোৰ ঘূৰাই আনিবলৈ সক্ষম হ’ল৷

নাগাৰ সামোইৰ পৰা উভতি অহাৰ পথতে দুয়োজনৰ দিশ হৈ পৰিল ভিন্ন৷ অধোয়ে পিৰানা পতনৰ দিশে আৰু হঠোয়ে কানাৰা পৰ্বতৰ দিশে বাট ল’লে৷ কিছুদিন পিছত অধো জামক হঠোৰ স্মৃতিয়ে বৰকৈ আমনি কৰিবলৈ ধৰিলে৷ তেতিয়াই তেওঁ নিজৰ বন্ধুক বিচাৰি যোৱাৰ সিদ্ধান্ত ল’লে৷ এদিন এটা হ্ৰদৰ পাৰত অধোয়ে প্ৰথমতে তেওঁৰ বন্ধুৰ যোদ্ধাৰ সাজ-পোছাক আৰু ঘোঁৰাটো দেখা পালে৷ তাৰ পাছত হ্ৰদৰ পানীত গা ধুই থকা হোঠালক দেখি তেওঁৰ প্ৰকৃত সত্য উদ্ধাৰ কৰিলে৷

হোঠালৰ ৰূপত বিমুগ্ধ হৈ অধো তেওঁৰ প্ৰেমত পৰিল আৰু লগে লগে বিয়াৰ প্ৰস্তাৱ দিলে৷ সেই একে প্ৰেমবাণে অধীৰ কৰা হোঠালেও অধোৰ প্ৰস্তাৱত সন্মতি জনালে এটা মাথো চৰ্তত৷ সেই চৰ্ত অনুযায়ী হোঠালে তেওঁৰ লগত সেই মূহুৰ্তলৈকেহে থাকিব যেতিয়ালৈকে অধোয়ে তেওঁৰ প্ৰকৃত পৰিচয় গোপনে ৰাখিব পাৰিব৷ অধোৱে প্ৰতিশ্ৰুতি দিয়াৰ পাছত তেওঁলোক বিয়াত বহিল আৰু দুজনকৈ সাহসী ল’ৰা সন্তানৰ অধিকাৰীও হ’ল৷ কিন্তু কিছুমান আখ্যান মতে বহু বছৰৰ পাছত হয়তো অধোৱে মদৰ ৰাগীত নিজৰ বন্ধু-বান্ধৱৰ আগত নহ’লেবা কোনোবা এখন ৰাজহুৱা সভাত দুই পুত্ৰৰ বীৰ গাঁথাসমূহ কৈ থাকোতে হোঠালৰ প্ৰকৃত পৰিচয় সকলোৰে আগত কৈ পেলালে৷ তাৰ পিছ মূহুৰ্ততে তেওঁ অধোক এৰি গুচি যায়৷

ইয়াতে উপস্থাপন কৰা গীতটিত কণ্ঠদান কৰিছে ভদ্ৰেশ্বৰৰ জুমা ৱাঘেৰে আৰু গীতটোৰ আৰম্ভণি কৰা হৈছে অধো জাম আৰু হোঠালৰ বিচ্ছেদৰ মূহুৰ্তৰ পাছত৷ হোঠালে এৰি যোৱাৰ পিছত অধো জাম ইমান দুখী যে তেওঁৰ চকুপানীৰে বাট নেদেখা হৈছে৷ পত্নীয়ে এৰি যোৱাৰ দুখত ব্যথিত অধোৰ চকুপানীয়ে হাজাছাৰ হ্ৰদত বান আনিছে। হোঠাল পদ্মিনীক ঘূৰাই আহিবলৈ আনকি তেওঁক বিলাসিতা আৰু আতিথ্যৰো প্ৰলোভন দিছে৷

ভদ্ৰেশ্বৰৰ জুমা ৱাঘেৰে পৰিৱেশন কৰা লোকগীতটি শুনক

કચ્છી

ચકાસર જી પાર મથે ઢોલીડા ધ્રૂસકે (2)
એ ફુલડેં ફોરૂં છડેયોં ઓઢાજામ હાજાસર હૂબકે (2)
ઉતારા ડેસૂ ઓરડા પદમણી (2)
એ ડેસૂ તને મેડીએના મોલ......ઓઢાજામ.
ચકાસર જી પાર મથે ઢોલીડા ધ્રૂસકે
ફુલડેં ફોરૂં છડેયોં ઓઢાજામ હાજાસર હૂબકે
ભોજન ડેસૂ લાડવા પદમણી (2)
એ ડેસૂ તને સીરો,સકર,સેવ.....ઓઢાજામ.
હાજાસર જી પાર મથે ઢોલીડા ધ્રૂસકે
ફુલડેં ફોરૂં છડેયોં ઓઢાજામ હાજાસર હૂબકે
નાવણ ડેસૂ કુંઢીયું પદમણી (2)
એ ડેસૂ તને નદીએના નીર..... ઓઢાજામ
હાજાસર જી પાર મથે ઢોલીડા ધ્રૂસકે
ફુલડેં ફોરૂં છડયોં ઓઢાજામ હાજાસર હૂબકે
ડાતણ ડેસૂ ડાડમી પદમણી (2)
ડેસૂ તને કણીયેલ કામ..... ઓઢાજામ
હાજાસર જી પાર મથે ઢોલીડા ધ્રૂસકે (2)
ફુલડેં ફોરૂં છડ્યોં ઓઢાજામ હાજાસર હૂબકે.

অসমীয়া

হাজাছাৰ পাৰত ঢুলীয়াই ইনাই-বিনাই কান্দে,
অধোৰ বুকুত শোকে খুন্দা মাৰে (২),
আজি সুগন্ধী ত্যাগী ফুলবোৰো নিৰ্বাসিত হৈছে
অধোৰ শোকত হাজাছৰ দুয়োপাৰ উপচিছে। (২)

অ’ পদ্মিনী,
তোলৈ সাজিছো বিশাল অন্তেষপুৰ
সাজিছো আশাৰ কাৰেং বহুমহলীয়া
আজি অধোৰ শোকত হাজাছৰ দুয়োপাৰ উপচিছে।
হাজাছাৰ পাৰত ঢুলীয়াই ইনাই-বিনাই কান্দে,
অধোৰ বুকুত শোকে খুন্দা মাৰে।
আজি সুগন্ধী ত্যাগী ফুলবোৰো নিৰ্বাসিত হৈছে,
অধোৰ শোকত হাজাছৰ দুয়োপাৰ উপচিছে।

অ’ পদ্মিনী,
তোলৈ কাঁহীত যাচিম লাৰু (২)
বাতিত যাচিম কোমল চাউল, সান্দহ-গুড়ি…
হাজাছাৰ পাৰত ঢুলীয়াই ইনাই-বিনাই কান্দে,
অধোৰ বুকুত শোকে খুন্দা মাৰে।
আজি সুগন্ধী ত্যাগী ফুলবোৰো নিৰ্বাসিত হৈছে
অধোৰ শোকত হাজাছৰ দুয়োপাৰ উপচিছে।

অ’ পদ্মিনী,
তোক স্নান-বিলাসৰ বাবে সৰু পুখুৰীও বনাই দিম (২)
বোৱতী নৈৰ সজল ধাৰা আনি দিম।
হাজাছাৰ পাৰত ঢুলীয়াই ইনাই-বিনাই কান্দে,
অধোৰ বুকুত শোকে খুন্দা মাৰে।
আজি সুগন্ধী ত্যাগী ফুলবোৰো নিৰ্বাসিত হৈছে
অধোৰ শোকত হাজাছৰ দুয়োপাৰ উপচিছে।

তোৰ ডালিমগুটীয়া দাঁত দুপাৰি জিলিকাবলৈ
আনি দিম ডালিমৰ ঠাৰি (২)
কৰবীৰ কোমল ঠানিও দিম আনি,
হাজাছাৰ পাৰত ঢুলীয়াই ইনাই-বিনাই কান্দে,
অধোৰ বুকুত শোকে খুন্দা মাৰে
আজি সুগন্ধী ত্যাগী ফুলবোৰো নিৰ্বাসিত হৈছে
অধোৰ শোকত হাজাছৰ দুয়োপাৰ উপচিছে৷

PHOTO • Priyanka Borar

গীতৰ প্ৰকাৰ : পৰম্পৰাগত লোকগীত

গীতৰ কথা : প্ৰেম আৰু আকাংক্ষাৰ গীত

গীত : ১০ টা

গীতৰ শিৰোনাম : চাকাছাজি পাৰ মাথে ধলিদা ধৰুস্কে

গীতিকাৰ : দেৱল মেহতা

গায়ক : মুন্দ্ৰ তালুকাৰ অৰ্ন্তগত ভদ্ৰেশ্বৰ গাঁওৰ নিবাসী জুমা ভাগেৰ

বাদ্যযন্ত্ৰ : ঢোল,হাৰমনিয়াম, বেঞ্জো

বাণীবদ্ধকৰণৰ সময় : ২০১২, কে.এম.ভি.এছ ষ্টুডিঅ’

এই গীতসমূহ (সৰ্বমুঠ ৩৪১ টা) সুৰবাণী নামৰ সামূহিক অনাতাঁৰ কেন্দ্ৰত বাণীবদ্ধ কৰা হৈছিল৷  এই গীতসমূহ পাৰিয়ে লাভ কৰিছে ‘কচ্ছ মহিলা বিকাশ সংগঠন’ (KMVS) নামৰ সংগঠনটোৰ জৰিয়তে৷ এনেধৰণৰ গীতৰ আৰ্কাইভ ৰাণৰ সুৰ আৰু গীতবোৰ: কচ্ছী লোকসংগীতৰ ভঁৰাল শীৰ্ষক শিতানত পাব।

প্ৰীতি চনি , অৰুণা ধোলকিয়া, কে.এম.ভি.এছ.ৰ সচিব, অমদ চামেজা, কে.এম.ভি.এছ.ৰ প্ৰকল্প সমন্বয়কক তেওঁলোকৰ সহায়-সহযোগিতাৰ কাৰণে আৰু ভাৰতীবেন গ’ৰলৈ তেওঁৰ সহায়ৰ বাবে ধন্যবাদ

অনুবাদ: ডেইটী

Text : Pratishtha Pandya

Pratishtha Pandya is a Senior Editor at PARI where she leads PARI's creative writing section. She is also a member of the PARIBhasha team and translates and edits stories in Gujarati. Pratishtha is a published poet working in Gujarati and English.

Other stories by Pratishtha Pandya
Illustration : Priyanka Borar

Priyanka Borar is a new media artist experimenting with technology to discover new forms of meaning and expression. She likes to design experiences for learning and play. As much as she enjoys juggling with interactive media she feels at home with the traditional pen and paper.

Other stories by Priyanka Borar
Translator : Deity

Deity is a translator and writer from Guwahati. She wants to live like a free bird.

Other stories by Deity