সকলোতকৈ ডাঙৰ কথা, এয়া হ’ল প্লাষ্টিক। কল্পনাই ঢুকি পোৱা প্ৰায় সকলো ৰূপতে ই সৰ্বত্ৰে বিৰাজমান - পথত পৰি থকা অৱস্থাত, পানীত ওপঙি থকা অৱস্থাত, বস্তাত দ’মাই থোৱা অৱস্থাত, আৱৰ্জনাৰ পাত্ৰত, ঘৰৰ চালত। আৰু যেতিয়া ১৩তম কম্পাউণ্ডৰ সীমাত থকা কূপত উচ্চ মূল্যৰ ধাতুৰ অংশ নিষ্কাশন কৰিবলৈ প্লাষ্টিকৰ সামগ্ৰীবোৰ জ্বলাই দিয়া হয়, ঘন ক’লা ধোঁৱাই আকাশ চানি ধৰে।

এই প্লাষ্টিক আৰু অন্যান্য আৱৰ্জনাৰ এক অন্তহীন শৃংখল মুম্বাইৰ সকলো প্ৰান্তৰ পৰা নিয়মীয়াকৈ ধাৰাৱিৰ এই কমপ্লেক্সৰ ৰিচাইক্লিং খণ্ডত আহি শেষ হয়। চহৰখনত দৈনিক উৎপন্ন হোৱা ১০,০০০ টনতকৈও অধিক আৱৰ্জনাৰ এক বৃহৎ অংশ ঠেলা, ট্ৰাক আৰু টেম্পোৰে ইয়ালৈ অনা হয়। শ্ৰমিকসকলৰ অধিকাংশই বিভিন্ন ৰাজ্যৰ প্ৰব্ৰজনকাৰী যুৱক, তেওঁলোক অঞ্চলটোৰ অতিকৈ ঠেক পথবোৰত এই সামগ্ৰীবোৰ লোড আৰু আনলোড কৰে।

ইয়াত ঘৰবোৰৰ এক ভৰ্তি পাত্ৰত, তাৰে কিছুমান চাৰিটা স্তৰযুক্ত, ৰিচাইক্লিঙৰ এক বহুস্তৰীয় প্ৰক্ৰিয়া পুনৰাবৃত্তি গতিত চলিব ধৰে। প্ৰতিটো সামগ্ৰী এটা ‘নতুন’ কেঁচামালৰ সামগ্ৰী অথবা অন্যান্য প্ৰস্তুত সামগ্ৰীলৈ ৰূপান্তৰিত হোৱাৰ পূৰ্বে ইয়াক এটা শাৰীত স্থাপন কৰি এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ, এটা প্ৰক্ৰিয়াৰ পৰা আন এটা প্ৰক্ৰিয়ালৈ ত্বৰান্বিত কৰা হয়৷

টেৰা কম্পাউণ্ডত ৰিচাইক্লিঙৰ পৰিস্থিতিতন্ত্ৰৰ এক সূক্ষ্ম আভ্যন্তৰীণ যুক্তি আছে: তাত ক্ৰয় আৰু বিক্ৰীৰ ব্যৱস্থা আছে। মানুহে কামৰ নিৰ্দিষ্ট পৰিভাষা ব্যৱহাৰ কৰে, প্ৰক্ৰিয়াটোৰ ক্ৰমাগত পদক্ষেপবোৰ ভালদৰে প্ৰতিষ্ঠাপন কৰা হয় আৰু প্ৰতিজন ব্যক্তিয়েই এক বা একাধিক কামত বিশেষজ্ঞ: ৰড্ডিৱালাই (চহৰৰ আৱৰ্জনা সামগ্ৰীৰ ডীলাৰ) পৰিত্যক্ত সামগ্ৰী সংগ্ৰহ কৰে, আৱৰ্জনা-সংগ্ৰাহক আৰু ফেৰিৱালাই (ভ্ৰমণকাৰী ডীলাৰ) ঘৰবোৰত দৈনিক তেওঁলোকৰ সংগ্ৰহবোৰ জমা কৰে। বাহন চালক আৰু সহায়কসকলে কাঁটাৱালাত সামগ্ৰী আনলোড কৰে (ওজনৰ স্কেল থকা ডীলাৰ)। তাৰ পিছত গুদামৰ মালিক অৰ্থাৎ শেঠসকল, ছুপাৰভাইজাৰসকল, শ্ৰমিকসকল, পুৰুষ আৰু মহিলা সকলোৱেই সহস্ৰাধিক কামত নিয়োজিত হৈ পৰে।

PHOTO • Sharmila Joshi
PHOTO • Sharmila Joshi

ধাৰাৱিৰ ১৩ নম্বৰ চৌহদত ৰিচাইক্লিঙৰ পৰিস্থিতিতন্ত্ৰৰ এক সূক্ষ্ম আভ্যন্তৰীণ যুক্তি আছে

যন্ত্ৰবোৰে কৰ্কশ শব্দ কৰি উঠে, ধাতুবোৰ জ্বলাই গলাই পেলোৱা হয় আৰু ইয়াৰ পৰা কাৰখানাবোৰৰ বাবে পুনৰ ব্যৱহাৰযোগ্য শ্বীট প্ৰস্তুত কৰি তোলা হয়৷ শ্ৰমিকসকলে ব্যৱহৃত বাকচৰ পৰা ভাল অংশবোৰ কাটি কাৰ্ডব’ৰ্ড বাকচবোৰ পুনৰ প্ৰস্তুত কৰে, পুৰণি জোতাৰ ৰবৰৰ তলুৱাবোৰ এটা চূৰ্ণাৰত ৰাখে, জেৰী কেনবোৰ পৰিষ্কাৰ কৰে আৰু সেইবোৰ ঘৰৰ চালত ওখ ঠাইত জমা কৰি ৰাখে। পুৰণি ৰেফ্ৰিজেৰেটৰ আৰু ৱাশ্বিং মেচিনবোৰ ১৩ নম্বৰ কম্পাউণ্ডত বিচ্ছিন্ন কৰা হয় আৰু ধাতু আৰু প্লাষ্টিকৰ অংশবোৰ পুনৰ্ব্যৱহাৰৰ বাবে স্থানান্তৰ কৰা হয়। কম্পিউটাৰ কীবৰ্ডবোৰ ভাঙি পেলোৱা হয়, পুৰণি আচবাববোৰ ভাঙি পেলোৱা হয় নতুবা মেৰামতি কৰা হয়, তেল আৰু ৰঙৰ খালী বেৰেলবোৰ পৰিষ্কাৰ কৰা হয় আৰু দ্বিতীয়টো জীৱনকালৰ বাবে প্ৰস্তুত কৰি তোলা হয়, আনহাতে সেইবোৰৰ মাৰাত্মক অৱশিষ্টবোৰ মুকলি নলাত বোৱাই দিয়া হয়।

কিছুমান গুদামত শ্ৰমিকসকলে গুণগত মানদণ্ড, আকাৰ আৰু প্ৰকাৰ অনুসৰি প্লাষ্টিকৰ সামগ্ৰীবোৰ – বটল, বাল্টি, বাকচ আৰু যি যি থাকে সেইধৰণে ভাগ ভাগ কৰে। এইবোৰ শৃংখলাৱদ্ধ কৰা হয়, পৃথক কৰা হয়, ধোৱা হয়, আৰু কিছুমান কৰ্মঘৰত, শেষত নিম্ন-শ্ৰেণীৰ প্লাষ্টিক সামগ্ৰীত পুনৰ নিৰ্মাণ কৰাৰ বাবে পেলেট আকাৰত তৈয়াৰ কৰা হয়। তাৰ পিছত ৰিচাইক্লিং শৃংখলাৰ সৈতে পৰৱৰ্তী যাত্ৰাৰ বাবে টেম্পো আৰু ট্ৰাকত বস্তা ভৰ্তি কৰা হয় – এই এটা কাম সম্ভৱতঃ এজন কৰ্মী (প্ৰচ্ছদ আলোকচিত্ৰত) আৰু তেওঁৰ সহযোগীয়ে এইমাত্ৰ সম্পূৰ্ণ কৰিলে৷

"আপুনি এনেধৰণৰ আন কোনো গাঁও দেখিছে নেকি?" ইয়াত এজন কৰ্মীয়ে এবাৰ মোক কৈছিল। "এই ঠাইখনে আপোনাক সকলো দিব পাৰে। ইয়ালৈ অহা যিকোনো লোকে এটা সংস্থাপন বিচাৰি পাব পাৰে। দিনটোৰ শেষত ইয়াত কোনেও ভোকত থাকিবলগীয়া নহয়।"

অৱশ্যে যোৱা দশকত, বহুতো গুদাম ধাৰাৱিৰ পৰা মুম্বাইৰ উত্তৰ প্ৰান্তৰ নালাচোপাৰা আৰু বাচাইৰ দৰে অন্যান্য ৰিচাইক্লিং হাবলৈ স্থানান্তৰিত হৈছে কিয়নো বৰ্ধিত ব্যয় আৰু পুনৰ্বিকাশৰ অনিশ্চয়তাই সকলোকে ছানি ধৰিছে। প্ৰায় এক বৰ্গ মাইল জুৰি আৱৰি থকা মুম্বাইৰ কেন্দ্ৰীয় এলেকা ধাৰাৱিক 'পুনৰ বিকাশ' কৰাৰ পৰিকল্পনা বহু বছৰ পূৰ্বেই কৰা হৈছে। যেতিয়া এয়া কাৰ্যকৰী হ’ব, এইবোৰে ক্ৰমান্বয়ে অধিক আৱৰ্জনা খণ্ডৰ ব্যৱসায় আৰু সহস্ৰাধিক শ্ৰমিকক বাহিৰলৈ লৈ যাবলৈ বাধ্য কৰিব যিসকলে দীৰ্ঘদিন ধৰি ইয়াত কাম কৰি জীৱন নিৰ্বাহ কৰি আছে। তেওঁলোকৰ নগৰীয়া 'গাঁৱ'ত তেতিয়া অধিক সুউচ্চ ভৱন স্থাপনৰ বাবে পথ প্ৰশস্ত হ’ব।

অনুবাদ: মনোৰঞ্জন মজুমদাৰ

Sharmila Joshi

Sharmila Joshi is former Executive Editor, People's Archive of Rural India, and a writer and occasional teacher.

Other stories by Sharmila Joshi
Translator : Manoranjan Majumder

Manoranjan Majumder is a professional translator. He loves to watch films and read.

Other stories by Manoranjan Majumder