ধনু আৰু কাঁড় বনোৱা কলাত চেৰিং দৰ্জী ভুটিয়া ইমানেই মগ্ন যে পাকয়ং জিলাৰ কাৰ্থক গাঁৱৰ তেওঁৰ নিজ ঘৰত আমাৰ সৈতে কথা পাতোতে কেৱল সেই বিষয়েই তেওঁ কৈ থাকিল। পৰম্পৰাগত এই শিল্পকৰ্মত জীৱনটো নিমজ্জিত কৰা চেৰিঙৰ কথা-বতৰাৰ পৰা বিশ্বাস কৰিবলৈ টান লাগে যে সেই শিল্প তেওঁৰ জীৱিকাৰ উৎস নহয়। জীৱনৰ তিনিকুৰি বছৰ তেওঁ কাঠমিস্ত্ৰী কাম কৰি পেট পুহিছে। কাঠমিস্ত্ৰী মানে আচলতে ঘাইকৈ কাঠৰ আচবাব তেওঁ মেৰামতি কৰে। কিন্তু গৃহৰাজ্য চিক্কিমৰ পৰম্পৰাৰ সৈতে ওতঃপ্ৰোতঃভাৱে জৰিত হৈ থকা ধনুশিল্পৰ পৰা তেওঁ সদায় অনুপ্ৰাণিত হৈ আহিছে, তেওঁ কয়।

কাঠৰ কাম কৰা বহুদশক হ’ল, তেওঁৰ দুহাত নিপুণ যদিও তেওঁক পাকয়ঙৰ ধনু-কাঁড় নিৰ্মাতা হিচাপেহে মানুহে জনাটো তেওঁ বিচাৰে।

“মোৰ বয়স ১০ কি ১২ আছিল, তেতিয়াই মই কাঠৰ সামগ্ৰী নিৰ্মাণ কৰিবলৈ লৈছিলো। লাহে লাহে সেই সামগ্ৰীবোৰৰ আকাৰ ধনুৰ দৰে হৈ পৰিল আৰু মানুহেও কিনিবলৈ ধৰিলে। তেনেকৈয়ে এই ধনুমানৱৰ জন্ম হ’ল,” চেৰিঙে পাৰিৰ আগত কয়।

“আগতে ধনুবোৰ অলপ বেলেগ ধৰণে সজা হৈছিল,” তেওঁ সজা কিছুমান ধনু দেখুৱাই আমাক দেখুৱাই কয়। “আগৰ এনে ধনুবোৰক তাবজু (নেপালী ভাষাত) বুলি কোৱা হয়। দুডাল দণ্ড একেলগে জোৰা লগাই বান্ধি লৈ তাৰ ওপৰত চামৰা মেৰিয়াই এই ধনু সজা হৈছিল। আমি এতিয়া সজাবোৰক ‘বোটডিজাইন’ বুলি কোৱা হয়। এখন ধনু সাজোতে অতিকমেও তিনিদিন লাগে। কিন্তু নিপুণ হাতৰ ডেকাইহে সেয়া তিনিদিনত কৰিব পাৰে। বয়সীয়া মানুহক তাতকৈ বেছি দিন লাগে,” দুষ্টালিভৰা হাঁহিৰে চেৰিঙে কয়।

Left: Tshering Dorjee with pieces of the stick that are joined to make the traditional tabjoo bow. Right: His elder son, Sangay Tshering (right), shows a finished tabjoo
PHOTO • Jigyasa Mishra
Left: Tshering Dorjee with pieces of the stick that are joined to make the traditional tabjoo bow. Right: His elder son, Sangay Tshering (right), shows a finished tabjoo
PHOTO • Jigyasa Mishra

বাওঁফালেঃ মিহি কৰি উলিওৱা বাঁহৰ দুচটাৰ সৈতে চেৰিং দৰ্জী, সেই দুচটা বাঁহ জোৰা লগাই পৰম্পৰাগত তবজু ধনু সজা হয়। সোঁফালেঃ তেওঁৰ পুত্ৰ সাংগে চেৰিঙে (সোঁফালে) এখন তবজু দেখুৱাইছে

গেংটকৰ পৰা ৩০ কিলোমিটাৰমান দূৰত্বৰ নিজৰ গৃহ চহৰখনত চেৰিঙে যোৱা ছটা দশকৰো অধিক কাল ধনু সজা কাম কৰি আহিছে। প্ৰাচীনতাৰ ফালৰ পৰা চিক্কিমৰ ষষ্ঠ স্থানত থকা বৌদ্ধ বিহাৰখনৰ বাবে কাৰ্থকিসকলক জনা যায়। স্থানীয় লোকে কোৱা মতে কাৰ্থকত ভালেকেইজন ধনুনিৰ্মাতা আছিল, কিন্তু এতিয়া ধনুনিৰ্মাতা বুলিবলৈ চেৰিঙেই আছে।

চেৰিঙৰ ঘৰটোৱে কাৰ্থকৰ সৌন্দৰ্যৰ চানেকি বুলি ক’ব পাৰি। ঘৰটোৰ বুলনি-চৰাতে ৰং-বিৰঙী ফুলেৰে ভৰি থকা এখন দীঘল ফুলনি আছে। ৫০০ৰো অধিক ফুল আৰু গছ-লতাৰে ভৰা বুলনি-চ’ৰাখন পাৰ হৈ গৈহে আপুনি তেওঁৰ ঘৰ পাব। তেওঁৰ ঘৰৰ পিছফালে এটা সেউজগৃহ আৰু নাৰ্ছাৰিও আছে। তাতে আপুনি বনৌষধি, উদ্যানশস্য আৰু বনছাই গছৰ উপৰিও ৮০০ মান অৰ্কিডৰ প্ৰজাতি পাব। ৩৯ বছৰ বয়সীয়া তেওঁৰ পুত্ৰ সাংগে চেৰিং ভুটিয়া এগৰাকী পাকৈত উদ্যানশস্যবিদ, তেওঁ প্ৰচেষ্টাতে এই উদ্যানখন গঢ় লৈ উঠিছে। সাংগেয়ে বিভিন্ন ধৰণৰ বাগিচা ডিজাইন কৰিব জানে আৰু গছপুলি বিক্ৰী কৰে। তদুপৰি উদ্যানশস্যৰ বিষয়ে তেওঁ শিকোৱাৰ লগতে আনক এই কামত সহায়ো কৰে।

“ইয়াত আমি ছজন থাকো,” চেৰিঙে আমাক কয়। ‘ইয়াত’ মানে কাৰ্থকৰ তেওঁলোকৰ সাধাৰণ ঘৰটোৰ কথা তেওঁ কৈছে। “মোৰ পত্নী দাৱতি ভুটিয়া (৬৪), মোৰ ল’ৰা সংগে চেৰিং আৰু বোৱাৰী তাচী দৰ্মা চেৰ্পা (৩৬) আৰু মই এই ঘৰখনত থাকো। আমাৰ নাতি শ্যাম্পা হেছাল ভুটিয়া আৰু ৰংজেল ভুটিয়া আমাৰ লগত থাকে।” ঘৰখনৰ আৰু এজন সদস্য আছে, সেয়া সকলোৰে মৰমৰ ডলি নামৰ কুকুৰজনী। তাইক প্ৰায়ে তিনি বছৰীয়া শ্যাম্পাৰ লগতে দেখা যায়। ৰংছেলৰ বয়স দুবছৰ হোৱা নাই।

চেৰিঙৰ দ্বিতীয়জন পুত্ৰ সোণম পালাজৰ ভুটিয়া (৩৩) চিক্কিমৰ ইণ্ডিয়ান ৰিজাৰ্ভ বেটেলিয়নত কাম কৰে, পোষ্টিং দিল্লীত। তাতে তেওঁ পত্নি-পুত্ৰৰ সৈতে থাকে। উৎসৱ আৰু বন্ধৰ দিনত সোণমে দেউতাকক সাক্ষাৎ কৰিবলৈ ঘৰলৈ আহে। চেৰিঙৰ সন্তানকেইঠাৰ ডাঙৰগৰাকী কন্যা, চেৰিং হামু ভুটিয়া (৪৩)। তেওঁৰ বিয়া হৈছে আৰু গেংটকত থাকে। তাতে তেওঁৰ সৰুজনা পুত্ৰ সাংগে গ্যাম্পো (৩১) থাকে, তেওঁ এগৰাকী গৱেষক আৰু পিএইছডি কৰি আছে। পৰিয়ালটো  চিক্কিমৰ এটা সংখ্যাগুৰু অনুসূচিত ভুটিয়া জাতিৰ অন্তৰ্গত বৌদ্ধ লামা সম্প্ৰদায়ৰ।

PHOTO • Jigyasa Mishra
PHOTO • Jigyasa Mishra

বাওঁফালেঃ চেৰিঙৰ বাগিচাখনত বিভিন্ন প্ৰজাতিৰ ফুল আৰু উদ্ভিদ আছে। সোঁফালেঃ উদ্যানশস্যবিদ সাংগে চেৰিঙে দিনটোৰ সৰহভাগ সময় বাগিচাখনতে কটায়। 'মোৰ বাবে এয়া পেছাতকৈ নিচাহে'

আমি চেৰিঙৰ ধনুৰ বিষয়ে শিকিবলৈ আৰু চলাবলৈ জানিবলৈ চেষ্টা কৰি থাকোতে সাংগে চেৰিঙে আমাৰ সৈতে যোগ দিয়ে। “দেউতাই এইখন মোৰ বাবে সাজি দিছিল,” আমাক মুগা-হালধীয়া আৰু ৰঙচুৱা ৰঙৰ ধনু এখন দেখুৱাই তেওঁ কয়। “মই এইখনেৰেই আৰ্চাৰী অনুশীলন কৰোঁ,” তেওঁ বাওঁহাতেৰে কাঁড় মৰাৰ কৌশল দেখুৱাই আমাক কয়।

চিক্কিমত আৰ্চাৰী কেৱল এক খেল নহয়, ই এক এৰাব নোৱাৰা পৰম্পৰা, সংস্কৃতিৰ অভিন্ন অংগ। সকলোৱে যেতিয়া শস্য চপাই আজৰি হয়, উৎসৱৰ পৰিৱেশ বিৰাজমান হয়, তেতিয়াই মানুহবোৰ টুৰ্ণামেণ্ট চাবলৈ সমবেত হয়। ভাৰতৰ লগত চামিল হোৱাৰ আগৰেপৰাই চিক্কিম প্ৰদেশত আৰ্চাৰী আছিল ৰাষ্ট্ৰীয় খেল।

চিক্কিম হৈছে বিশ্ব আৰ্চাৰী চেম্পিয়নশ্বিপ আৰু এছিয়ান গেমচৰ দুবাৰকৈ পদকপ্ৰাপ্ত ধনুৰ্ধৰ তৰুণদ্বীপ ৰায়ৰ গৃহৰাজ্য। বোধকৰো তেঁৱেই একমাত্ৰ ভাৰতীয় ধনুৰ্ধৰ যিয়ে দেশক তিনিবাৰকৈ, ২০০৪ত এথেন্স, ২০১২ত লণ্ডন আৰু ২০২১ত টকিঅ’ অলিম্পিকত প্ৰতিনিধিত্ব কৰিছে। যোৱাবছৰ চিক্কিমৰ মুখ্যমন্ত্ৰী প্ৰেম চিং তমং-গোলাইয়ে পদ্মশ্ৰী সন্মানেৰে বিভূষিত ধনুৰ্ধৰগৰাকীৰ সন্মানাৰ্থে তৰুণদ্বীপ ৰায় আৰ্চাৰী একাডেমি প্ৰতিস্থাৰ কথা ঘোষণা কৰিছিল।

এইখন ৰাজ্যৰ ৰাজধানী চহৰ গেংটকৰ ৰাজপ্ৰাসাদৰ খেলপথাৰকে ধৰি অনান্য অঞ্চলত হোৱা উচ্চখাপৰ টুৰ্ণামেণ্টবোৰত পশ্চিমবংগ, নেপাল আৰু ভুটানৰ পৰা আৰ্চাৰী খেলুৱৈৰ দল আহে। আধুনিক শৈলীৰে নিৰ্মিত জটিল ধনু, যাক ধনু নুবুলি ডিভাইচ বুলিহে ক’ব লাগিব, তাৰ পৰিৱৰ্তে পুৰণি শৈলীৰে নিৰ্মিত ধনুৰ এই পাৰম্পৰিক খেল চিক্কিমবাসীৰ মাজত অতিকৈ জনপ্ৰিয়।

PHOTO • Jigyasa Mishra
PHOTO • Jigyasa Mishra

দেউতাকে সাজি উলিওৱা এখন আধুনিক ধনুৰ সৈতে (বাওঁফালে) সাংগে চেৰিং, সোঁফালৰ ফটোত তেওঁ ধনুকাঁড় চলোৱা ভংগীমা দেখুৱাইছে

আচৰিত কথা যে আপুনি পৰম্পৰাগত ধনু কিনিবলৈ কোনো নিৰ্দিষ্ট দোকান নাপাব, ভুটিয়া পৰিয়ালটোৱে কয়। স্থানীয় দোকানত কাঁড় কিনিবলৈ পাব, কিন্তু ধনু নাপাব। “কিনিব খোজাসকলে স্থা্নীয় বজাৰ আৰু খেলুৱৈৰ পৰা আমাৰ বিষয়ে জানিবলৈ পাই ঘৰত সাক্ষাৎ  কৰেহি। এয়া ডাঙৰ ঠাই নহয় আৰু আমাৰ ঘৰ বিচাৰি উলিয়াওতে কাৰো কষ্ট নহয়। ইয়াত সকলোৱে সকলোকে চিনে,” অশীতিপৰ চেৰিঙে কয়।

ধনু কিনিবলৈ চিক্কিমকে ধৰি চুবুৰীয়া ৰাজ্য, আনকি ভুটানৰ পৰাও মানুহ আহে। “তেওঁলোকে গেংটক আৰু কাৰ্থক হৈ ইয়ালৈ আহে,” নেপালী ভাষাতে চেৰিঙে কয়। ৰাজ্যখনৰ আন বহুতৰ দৰে নেপালী তেওঁৰ মাতৃভাষা।

ধনু কেনেকৈ সাজে আৰু চেৰিঙে কেতিয়াৰ পৰা এই কামত লাগি আছে বুলি সোধোতে তেওঁ একো নকৈ কিবা বস্তু বিচাৰি ঘৰৰ ভিতৰলৈ সোমাই গ’ল আৰু তিনি মিনিটমানত ওলাই আহিল। তেওঁৰ মুখত মিচিকীয়া হাঁহি আৰু হাতত কেইডালমান তেওঁ বহুযুগ আগতে বনোৱা ধনু আৰু কাঁড়। লগত আছে ধনু-কাঁড় বনোৱা তেওঁৰ যোগাৰ-পাতি।

“এই সকলোবোৰ মই সাজিছো, ৪০ কি তাতোকৈ বহুবছৰ আগতে। ইয়াৰে কিছুমান অতি পুৰণি, মোতকৈ অলপহে সৰু,” তেওঁ মিচিকীয়াই হাঁহি কয়। “এইবোৰ সাজিবলৈ মই কোনো বৈদ্যুতিক আহিলা-পাতি ব্যৱহাৰ কৰা নাই। সকলোখিনি সম্পূৰ্ণৰূপে হস্তনিৰ্মিত।”

“আমি এতিয়া ব্যৱহাৰ কৰা কাঁড়বোৰ নতুন প্ৰযুক্তিৰে নিৰ্মিত,” সাংগেয়ে কয়। “মই যেতিয়া সৰু আছিলো, তেতিয়া কাঁড়বোৰৰ পিছ অংশটো বেলেগ আছিল। তাত হাঁহৰ পাখি লগোৱা হৈছিল। এতিয়া আধুনিক কাঁড়বোৰ ঘাইকৈ ভুটানৰ পৰা আহে।” সাংগেয়ে মোক কাঁড়কেইডাল গতাই ভিতৰলৈ গৈ আধুনিক মেচিন নিৰ্মিত কাঁড় এডাল আনি দেখুৱায়।

PHOTO • Jigyasa Mishra
PHOTO • Jigyasa Mishra

বাওঁফালেঃ দুকুৰি বছৰ আগতে চেৰিঙে সাজি উলিওৱা কেইডালমান কাঁড়। সোঁফালেঃ হস্তনিৰ্মিত ধনু আৰু কাঁড় বনোৱা আহিলা-পাতি

“৪০০ টকা দি সস্তা আৰু পাতল ধনু বিচৰা গ্ৰাহকক আমি ফিলিং আৰু পলিচিং নকৰা ধনু দিওঁ,” সাংগেয়ে কয়। “তেতিয়া আমি আগলি বাঁহ ব্যৱহাৰ কৰোঁ, যিটো সাধাৰণতে ব্যৱহাৰ কৰা নহয়, কিয়নো আগলি বাঁহ মজবুত নহয়। কিন্তু ভালদৰে পলিচ কৰা তিনিটা কোটিং মৰা ভাল ধনু এখনৰ দাম ৬০০ৰ পৰা ৭০০ টকা হয়। পুৰঠ বাঁহেৰে আমি সেই ধনু সাজো।”

“ভাল ধনু এখন সাজিবলৈ ১৫০ মান টকাৰ বাঁহ লাগিব পাৰে, সুতাৰ কাৰণে ৬০ টকা আৰু পলিচিং কৰোঁতে কিমান পৰে সেয়া নিৰ্ধাৰণ কৰাটো টান,” সাংগেয়ে হাঁহি কয়।

ইয়াৰ কাৰণ?

“আমি পলিচ ঘৰতে কৰোঁ। দাশাইনৰ সময়ত (দূৰ্গা পূজাত) আমি চামৰা (ছাগলীৰ) কিনো আৰু তাৰ পৰা পলিচিঙৰ কাৰণে ৱেক্স উলিয়াও। ধনুখন সজা হোৱাৰ পিছত এই পলিচৰ প্ৰলেপ লগোৱা হয়। প্ৰথমটো তৰপ শুকোৱাৰ পিছত দ্বিতীয়টো লগোৱা হয়। এনেকৈ তিনিবাৰ পলিচ কৰা হয়। ১ বৰ্গফুট ছাগলীৰ ছালখনত ১৫০ টকা লাগে,” সাংগেয়ে কয়। তেওঁলোকে যিদৰে ব্যৱহাৰ কৰে, তাৰ পৰা পলিচিঙৰ সঠিক খৰছ উলিওৱা টান।

“অঁ, মূল সামগ্ৰীবিধৰ কথা পাহৰিছিলোৱেই, ধনু এখন সাজিবলৈ লগা বাঁহৰ দাম এডালত ৩০০ টকা পৰে। ডাঙৰ বাঁহ এডালেৰে আমি পাঁচখন ধনু সহজতে সাজিব পাৰো।”

PHOTO • Jigyasa Mishra
PHOTO • Jigyasa Mishra

বাওঁফালেঃ চেৰিঙৰ হাতত এখন পৰম্পৰাগত ধনু। আনফালে তেওঁৰ পুত্ৰৰ হাতত এখন শেহতীয়া প্ৰযুক্তিৰ ধনু। সোঁফালেঃ সাংগেয়ে ছাগলীৰ ছালৰ পৰা উলিওৱা ৱেক্সেৰে পলিচ কৰা আৰু উড পলিচ কৰা ধনুৰ পাৰ্থক্য দেখুৱাইছে

“এয়া নতুন ডিজাইনৰ ধনু, এইখন।” সাংগে ভিতৰলৈ গৈ আৰ্চাৰীৰ ডাঙৰ এটা কিটবেগ লৈ ওলাই আহে। তাৰ পৰা ডাঙৰ আৰু গধুৰ ধনু এখন দেখুৱাই কয়। “কিন্তু আমাৰ স্থানীয় টুৰ্ণামেণ্টত এইখন চলোৱাৰ অনুমতি নাই। এইখনেৰে অনুশীলন কৰিব পাৰে, কিন্তু মেচ খেলিব নোৱাৰে। পৰম্পৰাগতভাৱে নিৰ্মিত ধনু বাধ্যতামূলক। মোৰ ভাতৃ আৰু মই দেউতাই বনাই দিয়া ধনুৰে এই টুৰ্ণামেণ্টত ভাগ লওঁ। এইবাৰ মোৰ ভাইটোৱে দিল্লীৰ পৰা বিশেষ ধৰণৰ উড পলিচ কিনি আনি তেওঁৰ ধনুখন পলিচ কৰিছে। মোৰখন দেউতাই ব্যৱহাৰ কৰি অহা পৰম্পৰাগত পলিচেৰে সজা হৈছে।”

যোৱা কেইবছৰমানত ধনুৰ বিক্ৰী কমি অহাক লৈ ভুটিয়াসকলে দুখ প্ৰকাশ কৰে। চিক্কিম প্ৰদেশৰ ভুটিয়া সম্প্ৰদায়ৰ বৌদ্ধিক নৱবৰ্ষৰ উৎসৱ লচুঙৰ সময়ত তেওঁলোকৰ ধনু সাধাৰণতে বিক্ৰী হয়। শস্য চপোৱাৰ পাছত উদযাপন কৰা এই উৎসৱ গোটেই ডিচেম্বৰ মাহটো চলে আৰু বিভিন্ন স্থানত আৰ্চাৰীৰ টুৰ্ণামেণ্ট পতা হয়। “সৰহভাগ মানুহে বৌদ্ধ মঠ চাবলৈ ইয়ালৈ আহে আৰু তেতিয়াই আমাৰ পৰা ধনু কিনে। যোৱা কেইটামান বছৰত আমি খুব বেছি বছৰত চাৰি-পাঁচখন মানহে ধনু বিক্ৰী কৰিছো। কৃত্ৰিম ধনুৰে বজাৰ ভৰি পৰিছে, বোধকৰো সেয়া জাপানৰ পৰা অহা। বোধকৰো ছয় কি সাত বছৰমানৰ আগতে মই বছৰি ১০ খন ধনু বিক্ৰী কৰিব পাৰিছিলো,” চেৰিং দৰ্জীয়ে পাৰিক কয়।

কিন্তু বছৰত দহখন ধনু বিক্ৰী কৰি তেওঁ কোনো ভাল আয় পোৱা নাই। সেয়া আছিল বাঢ়ৈ হিচাপে তেওঁৰ কাম, কাঠৰ আচবাব নিৰ্মাণ আৰু মেৰামতিৰ কাম আৰু আন সৰু-সুৰা কাঠৰ কাম যিহেৰে তেওঁলোকৰ পৰিয়ালটো চলিছিল। প্ৰায় এটা দশক আগতে তেওঁ সেই পেছাত সক্ৰিয় আছিল, তেতিয়া ঘৰৰ একমাত্ৰ উপাৰ্জন কৰোঁতা হিচাপে তেওঁ মাহে ১০,০০০ টকা উপাৰ্জন কৰিছিল। কিন্তু এতিয়াও তেওঁৰ আগ্ৰহ ধনুশিল্পতহে, বাঢ়ৈৰ কামত নহয়।

PHOTO • Jigyasa Mishra
PHOTO • Tashi Dorma Sherpa

যোৱা বছৰবোৰত ধনুৰ বিক্ৰী কমি আহিছে, ভুটিয়াসকলে কয়। চকুৰে ভালকৈ মণিব নোৱাৰা হোৱা কাৰণে চেৰিঙে ধনু সাজিবলৈ বাদ দিয়াৰ দৰেই হৈছে

ভুটিয়াসকলে সজা ধনু বিশেষ ধৰণৰ কাঠেৰে নিৰ্মিত যাক ভুটানী কাঠ বুলি কোৱা হয়। “দেউতাই সজা আটাইবোৰ ধনু ভুটানী কাঠৰ পৰা নিৰ্মিত, সেই কাঠ আগতে ভাৰতত উপলব্ধ নাছিল,” সাংগে কয়। “এতিয়া এই গছ ইয়াৰ পৰা ৭০ কিলোমিটাৰ দূৰৰ পশ্চিমবংগস্থিত কালিংপঙত স্থানীয় খেতিয়কে উৎপাদন কৰে। মই তালৈ গৈ দুবছৰৰ জোখাৰে এই কাঠ কিনি আনো আৰু কাৰ্থকৰ নিজ ঘৰত সেয়া জমা কৰি ৰাখো।”

“আপোনাক এই শিল্প আয়ত্ব কৰিবলৈ গুৰু লাগিব। গুৰু অবিহনে কোনেও একো বিদ্যা শিকিব নোৱাৰে,” চেৰিঙে কয়। “প্ৰথমাৱস্থাত মই বাঢ়ৈ আছিলো। কিন্তু পিছলৈ মোৰ দেউতাৰ পৰা মই ধনু সজা কাম শিকিলো। মোৰ বন্ধুবৰ্গই খেলিবলৈ ব্যৱহাৰ কৰা ধনুৰ আৰ্হি মই চাই সেয়া সজাৰ চেষ্টা কৰিছিলো। লাহে লাহে এই কামত মোৰ হাত আহিল। কোনোবাই মোৰ ওচৰলৈ ধনু বিচাৰি আহিলে মই প্ৰথমে সেয়া কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেয়া শিকাই দিওঁ!”

তিৰাশী বছৰীয়া বৃদ্ধজনে ধনু সজা পুৰণি দিনৰ কথা মনত পেলাই নষ্টালজিক হৈ পৰে। “এতিয়া এই কাম কৰি মই তেনেই নগণ্য পইচা পাওঁ, কিন্তু দহ বছৰ আগৰ কথা বেলেগ আছিল। মোৰ এই ঘৰখন এতিয়া মোৰ ল’ৰাহঁতে চলোৱা এটা দশক হ’ল। ধনু সজা কামটো এতিয়া আয়ৰ উৎস নহয় যদিও ই চেনেহৰ শ্ৰম।”

“দেউতাই এতিয়া বেছিকৈ ধনু সাজিব নোৱাৰে, তেওঁৰ চকুৰে ভালকৈ মণিব নোৱাৰা হৈছে। তথাপি কেইখনমান বনায়”, সাংগে চেৰিঙে আৱেগসনা কণ্ঠৰে কয়।

“তেওঁৰ পিছত কোনে এই শিল্প আগুৱাই লৈ যাব আমি নাজানো।”

অনুবাদ: পংকজ দাস

Jigyasa Mishra

Jigyasa Mishra is an independent journalist based in Chitrakoot, Uttar Pradesh.

Other stories by Jigyasa Mishra
Translator : Pankaj Das

Pankaj Das is the translation editor for Assamese language in PARI. He works with UNICEF, Assam in the capacity of a localization expert. In his free time, he loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das