গ্ৰামাঞ্চলৰ মহিলাই কৰা কামৰ বিশাল পৰিসৰ দেখুওৱাৰ উদ্দেশ্যে দৃশ্যমান কাম , অদৃশ্য নাৰী, এক আলোকচিত্ৰ প্ৰদৰ্শনী শীৰ্ষক শিতানৰ এয়া এটা পেনেল ইয়াৰ আটাইবোৰ আলোকচিত্ৰ ১৯৯৩ৰ পৰা ২০০২ চনৰ ভিতৰত পি সাইনাথে ভাৰতৰ ১০ খন ৰাজ্য ঘূৰি তুলিছে বহুবছৰ ধৰি দেশৰ বিভিন্ন প্ৰান্তত প্ৰদৰ্শিত প্ৰদৰ্শনীৰ আলোকচিত্ৰবোৰ পাৰিয়ে সৃষ্টিশীলতাৰে ডিজিটাইজ কৰি আপোনালৈ আগবঢ়াইছে

চাফাইকৰ্ম !

অন্ধ্ৰপ্ৰদেশৰ বিজয়নগৰমৰ এইগৰাকী বৃদ্ধাই তেওঁৰ ঘৰৰ চৌপাশ চিকুণাই ৰাখে। সেয়া ঘৰৰ কাম - ‘মহিলাৰ কাম।’ কিন্তু ঘৰতে হওঁক বা ৰাজহুৱা স্থানতে হওঁক, চাফাইৰ কামৰ সৰহভাগ মহিলাই কৰিব লাগে। কিন্তু এই কাম কৰি তেওঁলোকে পাৰিশ্ৰামিকতকৈ অমানৱীয় আচৰণহে বেছি পায়। ৰাজস্থানৰ এই মহিলাগৰাকীৰ কথাই ধৰকচোন, তেওঁৰ অৱস্থা খুবেই শোচনীয়। তেওঁ এগৰাকী দলিত। মানুহৰ ঘৰে ঘৰে শৌচালয়ৰ শুকান মল চাফা কৰা এগৰাকী মেনুৱেল স্কেভেঞ্জাৰ (হাতেৰে মানুহৰ মল-মূত্ৰ চাফা কৰা কৰ্মী)। তেওঁ ৰাজস্থানৰ চিকৰ এলেকাৰ ২৫ ঘৰ মানুহৰ তাত এই কাম কৰে।

এই কাম কৰি তেওঁ প্ৰতিঘৰ মানুহৰ পৰা পাৰিশ্ৰামিক হিচাপে এখনকৈ ৰুটি পায়। কোনোবাই দয়া কৰি কেতিয়াবা মাহত কেইটকামান দিয়ে। সেয়া দহ টকা হ’ব পাৰে। তেওঁৰ চৰকাৰী পৰিচয় হৈছে ‘ভাংগি’ যদিও তেওঁ নিজকে মেটৰ বুলি পৰিচয় দিয়ে। এতিয়া এনে ভালেমান গোষ্ঠীৰ লোকে নিজকে ‘বাল্মিকী’ বুলি পৰিচয় দিবলৈ লৈছে।

মূৰত লৈ থকা খদাটোত তেওঁ মানুহৰ মল কঢ়িয়াইছে। ভদ্ৰ সমাজত ইয়াক বৰ্জ্য পদাৰ্থ, ‘নাইট চইল’ আদি নাম দিয়া আছে। তেওঁ দেশৰ আটাইতকৈ অসহায় আৰু নিপীড়িত লোক। কেৱল ৰাজস্থানৰ চিকৰতে তেওঁৰ দৰে শ শ মহিলা আছে।

ভাৰতত মেনুৱেল স্কেভেঞ্জাৰৰ সংখ্যা কিমান? আমি সঁচাকৈয়ে নাজানো। ১৯৭১ৰ লোকপিয়লত আনকি সেয়া জীৱিকা হিচাপেও অন্তৰ্ভূক্ত নাছিল। কেইখনমান ৰাজ্য চৰকাৰে ‘নাইট চইল’ চাফা কৰা কৰ্মী থকাৰ কথা নস্যাৎ কৰিছে। কিন্তু আঁসোৱাহপূৰ্ণ এই তথ্যৰ পৰাই জানিব পাৰি যে ভাৰতত প্ৰায় ১০ লাখ মেনুৱেল স্কেভেঞ্জাৰ আছে। আচল পৰিসংখ্যা ইয়াতকৈও বেছি হ’ব পাৰে। এই কৰ্মত নিয়োজিত বেছিভাগেই মহিলা।

ভিডিঅ ’ চাওকঃ ‘উচ-নীচ আৰু জাত-পাত সৰ্বস্ব আমাৰ সমাজে জাপি দিয়া এই কাম (হাতেৰ মল-মূত্ৰ চাফাই কৰা কাম) অতিশয় অমানৱিক আৰু লজ্জাজনক ; মানুহৰ আত্মসন্মানবোধ ধূলিস্যাৎ কৰে

চুড়ান্ত অমানৱিক কাম কৰি অহা স্বত্ত্বেও এই মানুহখিনিয়ে আমাৰ দেশৰ জাত-পাতৰ ব্যৱস্থাৰ পৰা সদায়েই হাৰাশাস্তি হৈ আহিছে। জীৱনৰ প্ৰতিটো স্তৰতেই অস্পৃশ্যতাৰ এই নিৰ্মম প্ৰথাই তেওঁলোকৰ অস্তিত্বক সংকটাপন্ন কৰি আহিছে। তেওঁলোকৰ কলনিবোৰ সামাজিক বসতিৰ পৰা সম্পূৰ্ণ বিচ্ছিন্ন। বহুতৰে বসতিস্থল গ্ৰামীণ চহৰ আৰু নগৰৰ মাজত অৱস্থিত। গ্ৰামাঞ্চলত তেওঁলোকৰ বসতিস্থল পৰিকল্পনাবিহীনভাৱে গঢ়ি উঠিছে। ডাঙৰ ডাঙৰ চহৰতো তেওঁলোকৰ থকা ঠাইৰ পৰিৱেশ ব্যতিক্ৰম নহয়।

১৯৯৩ত কেন্দ্ৰীয় চৰকাৰে মেনুৱেল স্কেভেঞ্জাৰৰ নিযুক্তি আৰু শুষ্ক শৌচাগাৰ নিৰ্মাণ (প্ৰতিৰোধ) আইন গৃহীত কৰে। এই আইনে হাতেৰে মল-মূত্ৰ চাফাই কৰা প্ৰথা নিষেধ কৰে। ভালেকেইখন ৰাজ্যই তেওঁলোকৰ ৰাজ্যত এনে প্ৰথা থকাৰ অস্তিত্বই নাই বুলি কয় নাইবা কোনো সঁহাৰি নিদিয়াকৈ থাকিল। তেওঁলোকৰ পুনৰ্সংস্থাপনৰ পুঁজি আছে আৰু সেয়া ৰাজ্য চৰকাৰৰ হাতত থাকে। কিন্তু যিটো বস্তু নাই বুলি দাবী কৰি থৈছে, তাৰবাবে যুঁজাৰ অৰ্থই নাথাকে। আনকি কেইখনমান ৰাজ্যৰ কেবিনেট স্তৰত এই আইনখন গৃহীত কৰাত বিৰোধিতা কৰাও দেখা গৈছিল।

বহুতো পৌৰনিগমত মহিলা চাফাই কৰ্মচাৰীক তেনেই সামান্য মজুৰি দিয়া হয়, কিন্তু তেওঁলোকেই পেটৰ তাড়নাত এই ‘নাইট চইল’ চাফা কৰা কাম কৰিবলগীয়া হয়। প্ৰায়ে পৌৰনিগমে তেওঁলোকৰ দৰমহা মাহৰ পিছত মাহ আদায় নিদিয়ে। ১৯৯৬ত হাৰিয়ানাৰ চাফাই কৰ্মচাৰীয়ে এই অন্যায়ৰ বিৰুদ্ধে এক বিশাল প্ৰতিবাদ গঢ়ি তুলিছিল। ইয়াৰ সঁহাৰি হিচাপে ৰাজ্য চৰকাৰে প্ৰায় ৭০ দিনলৈ প্ৰায় ৭০০ মহিলাক অত্যাৱশ্যকীয় পৰিসেৱা আইনৰ গইনা লৈ জেইলত ভৰাই থৈছিল। তেওঁলোকৰ একমাত্ৰ দাবী আছিলঃ আমাক আমাৰ দৰমহা সময়মতে দিয়ক।

সামাজিক অনুমোদন অবিহনে হাতেৰে মানুহৰ মল-মূত্ৰ চাফাই কৰাৰ দৰে অমানৱীয় কাম চলি থাকিব নোৱাৰে। এক সামাজিক সংস্কাৰ অবিহনে এই প্ৰথা নিৰ্মূল কৰিব পৰা নাযায়। ১৯৫০ আৰু ৬০ৰ দশকতে আইন অবিহনেই কেৰালাই এই প্ৰথা নিৰ্মূল কৰাত সক্ষম হৈছিল। সমাজৰ সদিচ্ছা আৰু হাতে-কামে লগাটো সদায়েই এনে সংস্কাৰৰ মূল ইন্ধন।

PHOTO • P. Sainath
PHOTO • P. Sainath

অনুবাদ: পংকজ দাস

P. Sainath is Founder Editor, People's Archive of Rural India. He has been a rural reporter for decades and is the author of 'Everybody Loves a Good Drought'.

Other stories by P. Sainath
Translator : Pankaj Das

Pankaj Das is the translation editor for Assamese language in PARI. He works with UNICEF, Assam in the capacity of a localization expert. In his free time, he loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das