“বৰষুণ আকৌ ৰৈ গৈছে,” ধৰ্মা গাৰেলে বাঁহৰ লাখুটি এডালৰ সহায় লৈ নিজৰ খেতিৰ পিনে গৈ থাকোতে কয়। “জুন মাহটো অদ্ভুত মাহ হৈ পৰিছে। ২-৩ ঘণ্টা বৰষুণ হ’ব। কেতিয়াবা কিনকিনীয়া, কেতিয়াবা মুষলধাৰ। কিন্তু কেইঘণ্টামান পিছতে আকৌ অসহ্য গৰম পৰিব। মাটিৰ আৰ্দ্ৰতা একেবাৰে শুহি লৈ যাব। এনেকৈ মাটি আকৌ শুকাই যাব। শস্যই পোশা মেলিব কেনেকৈ?”

চাৰিকুৰি বয়সৰ গাৰেল আৰু তেওঁৰ পৰিয়ালে থানে জিলাৰ সাহাপুৰ তালুকত ১৫ টা ৱাৰ্লি আদিবাসী পৰিয়াল থকা বস্তি গাৰেলপাৰাত নিজৰ এক একৰ খেতিপথাৰত ধানখেতি কৰে। তেওঁ কৰা ধানৰ খেতি ২০১৯ৰ জুনত একেবাৰে শুকাই গ’ল। সেই মাহটোত, ১১ দিনত কেৱল ৩৯৩ মি.মি. বৰষুণ হৈছিল (গঢ়ে ৪২১.৯ মি.মি.তকৈও কম)।

তেওঁ ধানৰ যি বীজ সিঁচিছিল, সেয়া অংকুৰিতও হ’বলৈ পোৱা নাছিল। তাতে আকৌ তেওঁ বীজ, সাৰ, ভাড়াত অনা ট্ৰেক্টৰ আৰু খেতিৰ অন্য সামগ্ৰীৰ নামত যি ১০,০০০ টকা খৰছ কৰিছিল, সেইখিনিও পানীত পৰিল।

“আগস্তত যেনিবা বৰষুণ নিয়মীয়া হ’ল, আৰু মাটিলৈ জীপ আহিল। মই জানিছিলো যে দ্বিতীয়বাৰ বীজ সিঁচাৰ সাহস কৰিলে আমি ফচল পাম, হাতলৈ অলপমান লাভ আহিব,” ধৰ্মাৰ ল’ৰা, ৩৮ বছৰীয়া ৰাজুৱে কয়।

তাৰপিছত জুন মাহত বৰষুণ একেবাৰেই নাইকিয়া হ’ল। তালুকটোত জুলাইৰ ৮৪৩.৩ মি.মি.ৰ সামান্য বৰষুণৰ তুলনাত জুলাইত ১৫৮৬.৮ মি.মি. প্ৰচুৰ বৰষুণ হ’ল। সেয়ে গাৰেলৰ পৰিয়ালে দ্বিতীয়বাৰ বীজ সিঁচাৰ মন মেলিলে। কিন্তু আগস্তত বৰষুণ ধাৰাসাৰে হ’বলৈ ধৰিলে আৰু অক্টোবৰলৈ বৰষুণ নকমিল। থানে জিলাত সাতটাৰ কেউটা তালুকত ১১৬ দিনত ১,২০০ মি.মি.ৰ অধিক বৰষুণ হৈছিল।

“ধানৰ কঠিয়াবোৰ ডাঙৰ হ’বপৰাকৈ ছেপ্টেম্বৰলৈ পৰ্য্যাপ্ত বৰষুণ হৈছিল। পেট ভৰাৰ পিছত আমি মানুহেও খাব নোৱাৰো, তেন্তে পুলিবোৰে কেনেকৈ খাব?” ৰাজুৱে কয়। অক্টোবৰৰ বৰষুণত গাৰেল পৰিয়ালটোৰ খেতিপথাৰ জলমগ্ন হৈ পৰিল। “আমি ছেপ্টেম্বৰৰ শেষৰ সপ্তাহত ধান কাটি মুঠি কৰি দমাই থোৱা আৰম্ভ কৰিছিলো”, ৰাজুৰ পত্নী ৩৫ বছৰীয়া সবিতাই মনত পেলাই কয়, তেওঁ নিজেও এজন খেতিয়ক। “আমি তেতিয়াও বাকীখিনি শস্য চপাবলৈ আছিল। ৫ অক্টোবৰৰ পিছত হঠাতে মুষলধাৰে বৰষুণ হ’বলৈ ধৰিলে। পথাৰত জমা কৰি থোৱা ধানৰ মুঠিবোৰ আমি ঘৰলৈ অনাৰ যথাসম্ভৱ চেষ্টা কৰিলো। কিন্তু কেইমিনিটমানৰ ভিতৰতে খেতিপথাৰ পানীৰে ভৰি পৰিল...”

আগস্তত দ্বিতীয়বাৰ কৰা খেতিত গাৰেল পৰিয়ালটোৱে ৩ কুইণ্টল চাউল পালে, কিন্তু যোৱাবাৰ তেওঁলোকে প্ৰথমবাৰৰ খেতি চপাই প্ৰায় ৮-৯ কুইণ্টল ধান পাইছিল।

Paddy farmers Dharma Garel (left) and his son Raju: 'The rain has not increased or decreased, it is more uneven – and the heat has increased a lot'
PHOTO • Jyoti Shinoli
Paddy farmers Dharma Garel (left) and his son Raju: 'The rain has not increased or decreased, it is more uneven – and the heat has increased a lot'
PHOTO • Jyoti Shinoli

ধানৰ খেতি কৰা খেতিয়ক ধৰ্মা গাৰেল (বাওঁফালে) আৰু তেওঁৰ পুত্ৰ ৰাজুঃ ‘বৰষুণ কমাও নাই, বঢ়াও নাই; তাৰতম্যহে বাঢ়িছে- উষ্ণতাও বাঢ়িব ধৰিছে’

“এটা দশক ধৰি এনেকুৱাই হৈ আহিছে,” ধৰ্মাই কয়। “বৰষুণ বঢ়াও নাই, কমাও নাই, বাঢ়িছে যদি তাৰ তাৰতম্যহে। লগতে বাঢ়িছে উষ্ণতা।” ২০১৮তো প্ৰয়োজনতকৈ কম বৰষুণৰ বাবে পৰিয়ালটোৱে কেৱল চাৰি কুইণ্টল ধানহে পাইছিল। ২০১৭ত অক্টোবৰত হোৱা আবতৰীয়া বৰষুণে তেওঁলোকৰ ধান নষ্ট কৰিছিল।

ইয়াৰ উপৰিও, যিটো ধৰ্মাও বিশ্বাস কৰে, উষ্ণতা নিৰন্তৰ বৃদ্ধি পাবলৈ ধৰিছে আৰু ‘অসহনীয়’ হৈ পৰিছে। নিউয়ৰ্ক টাইমছৰ জলবায়ু আৰু গোলকীয়া উষ্ণতা সম্পৰ্কীয় ইণ্টাৰেক্টিভ প’ৰ্টেলৰ ডেটাৰ পৰা দেখা যায় যে ১৯৬০ চনত, যেতিয়া ধৰ্মাৰ বয়স ২০ বছৰ আছিল, তেতিয়া থানেত তাপমান ৩২ ডিগ্ৰী ছেলচিয়াছলৈ বাঢ়িব পৰা দিনৰ সংখ্যা ১৭৫ দিন আছিল। আজি এই সংখ্যা বাঢ়ি ২৩৭ দিন হৈছে য’ত তাপমান ৩২ ডিগ্ৰী চুব পাৰে।

সাহাপুৰ তালুকৰ সকলো আদিবাসী বস্তিৰ আন ভালেমান পৰিয়ালে ধানৰ উৎপাদন কমাৰ কথা কয়। এই জিলাখন কাটকাৰি, মলহাৰ কোলি, মা থাকুৰ, ৱাৰ্লি আৰু আন আদিবাসী সম্প্ৰদায়ৰ ঘৰ। থানেত অনুসূচিত জনজাতিৰ জনসংখ্যা প্ৰায় ১১ লাখ ৫০ হাজাৰ (২০১১ৰ লোকপিয়ল মতে), যি মুঠ জনসংখ্যাৰ প্ৰায় ১৪ শতাংশ।

“বৰ্ষানিৰ্ভৰ ধানখেতিত নিয়মিত সময়ৰ ব্যৱধানত পানীৰ প্ৰয়োজন হয়, সেইটো কাৰণতে বৰষুণৰ পানীৰ বিতৰণ সুষমভাৱে হ’ব লাগে। শস্যৰ চক্ৰৰ কোনো এটা পৰ্য্যায়ত পানী কমিলেই উৎপাদন হ্ৰাস পায়,” পুণেস্থিত বিএআইএফ ইনষ্টিটিউট ফৰ চাষ্টেনেবল লাইভলিহুডচ্ এণ্ড ডেভলপমেণ্টৰ কাৰ্যসূচী প্ৰৱন্ধক সোমনাথ চৌধুৰীয়ে কয়।

আদিবাসী পৰিয়ালৰ বহুতেই প্ৰতিবাৰেই খাৰিফ শস্যৰ বতৰত সৰু সৰু খেতিপথাৰবোৰত ধানখেতি কৰে আৰু তাৰপিছত ছমাহৰ কাৰণে ইটাৰ ভটা, কুঁহিয়াৰৰ খেতি আৰু আন কামৰ বাবে প্ৰব্ৰজন কৰে। কিন্তু অনিয়মীয়া বৰ্ষাৰ কাৰণে ধানখেতিৰ উৎপাদন ক্ৰমান্বেয় কমি অহাত এতিয়া তেওঁলোকে অনিশ্চিত বছৰি আয়ৰ এই অৰ্ধেকখিনিও আশা কৰিব নোৱাৰা হৈছে।

জিলাখনত বৰ্ষানিৰ্ভৰ ধানখেতি খাৰিফ শস্যৰ বতৰত ১৩৬,০০০ হেক্টৰ মাটিত আৰু ৰবিশস্যৰ বতৰত ৩,০০০ হেক্টৰ জলসিঞ্চিত ভূমি (ঘাইকৈ মুকলি কুঁৱা আৰু ব’ৰৱেলৰ পৰা)ত কৰা হয় (এয়া শুষ্কভূমিৰ কৃষি গৱেষণাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠানৰ ২০০৯-১০ৰ তথ্য)। ইয়াত উৎপাদিত আন ঘাই শস্য হৈছে বজৰা, দাইল আৰু চীনাবাদাম।

Savita Garel and Raju migrate every year to work in sufarcane fields: We don’t get water even to drink, how are we going to give life to our crops?'
PHOTO • Jyoti Shinoli

সবিতা গাৰেল আৰু ৰাজুৱে প্ৰতিবছৰে কুঁহিয়াৰ খেতিত কাম কৰিবলৈ গাওঁ এৰেঃ ‘আমি নিজেই খাবলৈ বুলি পানী এটুপি নাপাও, শস্যবোৰ কেনেকৈ বাচি থাকিব?’

থানে জিলাত উল্লাস আৰু বৈতৰণা বুলি দুখন প্ৰমুখ নদী আৰু নদীদুখনৰ ভালেকেইখন উপনৈ আছে আৰু সাহাপুৰ তালুকত চাৰিটা ডাঙৰ বান্ধ আছে- ভাটসা, মোডক সাগৰ, তানসা আৰু উপৰি বৈতৰণা। তথাপিও ইয়াত আদিবাসীসকলে খেতি কৰিবলৈ বৰষুণৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া হয়।

“চাৰিওটা বান্ধৰ পানী মুম্বাইলৈ যোগান ধৰা হয়। ইয়াৰ খেতিয়কে বৰ্ষা অহাৰ আগলৈকে, ডিচেম্বৰৰ পৰা মে’ মাহলৈ পানীৰ নাটনিত ভোগে। সেয়ে গৰমৰ দিনবোৰত টেংকেৰে অনা পানীয়ে ঘাই জলস্ৰোত হৈ পৰে,” সাহাপুৰৰ সমাজকৰ্মী আৰু ভাটসা সিঞ্চন যোজনা পুনৰ্বাসন সমিতিৰ সমন্বয়ক ববন হাৰাণে কয়।

“সাহাপুৰত ব’ৰৱেলৰ চাহিদা বাঢ়িছে,” তেওঁ কয়। “জল বিভাগে কৰা খননৰ উপৰিও ঠিকাদাৰবোৰে অবৈধভাৱে ৭০০ মিটাৰৰ অধিক গভীৰতালৈ খান্দিবলৈ লৈছে।” ভূজল সমীক্ষা আৰু উন্নয়ন সংস্থাৰ সাম্ভাব্য জল অনাটনৰ প্ৰতিবেদন, ২০১৮ত উল্লেখ কৰা হৈছে যে সাহাপুৰকে ধৰি থানেৰ তিনিখন তালুকৰ ৪১ খন গাঁৱত ভূজলৰ স্তৰ তললৈ নামি গৈছে।

“আমি খাবলৈ বুলি পানী নাপাওঁ, এনেস্থলত শস্যবোৰ কেনেকৈ জীয়াই ৰাখিম? ডাঙৰ খেতিয়কে পানী যোগাৰ কৰি লয়, টকাৰ বিনিময়ত বান্ধৰ পৰা পানী সংগ্ৰহ কৰে, নাইবা তেওঁলোকৰ কুঁৱা আৰু পাম্পেৰে নিজে পানী তোলে,” ৰাজুৱে কয়।

সাহাপুৰৰ আদিবাসী বস্তিবোৰৰ বাসিন্দাসকলে প্ৰতি বছৰে নৱেম্বৰৰ পৰা মে’ মাহত ঘৰ এৰি বাহিৰলৈ কাম বিচাৰি যোৱাৰ ইয়ো এক ঘাই কাৰণ। অক্টোবৰত খাৰিফ শস্য চপোৱাৰ পিছত তেওঁলোক মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ ইটাৰ ভটাত বা ৰাজ্যখনৰ ভিতৰতে কুঁহিয়াৰ খেতিৰ পথাৰত কাম কৰিবলৈ গুছি যায়। কেইমাহমান চলিবলৈ হাতত কোনোমতে অলপ পইছা পৰাৰ পাছত তেওঁলোক খাৰিফ শস্য সিঁচাৰ সময়ত ঘৰলৈ উভতে।

ৰাজু আৰু সবিতা গাৰেলেও প্ৰায় ৫০০ কিলোমিটাৰ দূৰৰ নন্দুৰবাৰ জিলাৰ সাহাদে তালুকৰ প্ৰকাশ গাঁৱৰ কুঁহিয়াৰৰ খেতিপথাৰত কাম কৰিবলৈ যায়। ২০১৯ত তেওঁলোকে অলপ দেৰিকৈ ডিচেম্বৰত ওলাইছিল, ধৰ্মা আৰু তেওঁৰ ১২ বছৰীয়া পুত্ৰ অজয় গাৰেলপাৰাতে ৰৈছিল। চাৰিজন সদস্যৰ এই পৰিয়ালটোৰ হাতত জুনলৈ কাম চলাব পৰাকৈ তিনি কুইণ্টল চাউল আছিল। “আমি (ওচৰৰে) আঘাই গাঁৱৰ ৰহৰ খেতিয়কক চাউল দি বিনিময়ত দাইল লওঁ। এইবাৰ সেয়া সম্ভৱ নহ’ব...” ৰাজুৱে এইবাৰ তেনেই শোচনীয় উৎপাদনৰ কথা উল্লেখ কৰি কৈছিল।

Many in Shahapur speak of falling paddy yields. Right: '...the rain is not trustworthy,' says Malu Wagh, with his wife Nakula (left), daughter-in-law Lata and her nieces
PHOTO • Jyoti Shinoli
Many in Shahapur speak of falling paddy yields. Right: '...the rain is not trustworthy,' says Malu Wagh, with his wife Nakula (left), daughter-in-law Lata and her nieces
PHOTO • Jyoti Shinoli

সাহাপুৰত বহুলোকে ধানৰ উৎপাদন কমি অহাৰ কথা কয়। বাওঁফালেঃ ‘বৰষুণৰ ওপৰত ভৰসা কৰিব নোৱাৰি,’ মালু ৱাঘে কয়, লগত পত্নী নকুলা (বাওঁফালে), বোৱাৰী লতা আৰু তেওঁৰ ভতিজা

সবিতা আৰু তেওঁ কুঁহিয়াৰ খেতিত প্ৰায় সাত মাহলৈকে কাম কৰাৰ পিছত মোটামুটি ৭০,০০০ টকা উপাৰ্জন কৰে। ৰাজুৱে জুনৰ পৰা ছেপ্টেম্বৰৰ মাজভাগত, সাহাপুৰৰ প্ৰায় ৫০ কিলোমিটাৰ দূৰৰ, ভিৱাণ্ডি তালুকৰ এখন অনলাইন শ্বপিঙৰ ৱেৰহাউছত ল’ডাৰ হিচাপেও কাম কৰে- সাধাৰণতে দিনে ৩০০ টকাৰ মজুৰিৰ ৫০ দিনৰ কাম পায়।

গাৰেলপাৰাৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ দূৰৰ বেৰশিঙিপাৰা বস্তিত মালু ৱাঘৰ পৰিয়ালটোৱে ধানৰ উৎপাদন কমি অহাৰ ফলত সমস্যাৰ সন্মুখীন হৈছে। মাটি লেপি দিয়া খেৰী চালৰ ঘৰটোৰ এটা চুকত দুই কুইণ্টল ধান নিমগছৰ পাতৰ সৈতে কাংগি এটাত থোৱা আছে, যাতে পোক-পৰুৱাই নধৰে। কাংগী হৈছে বাঁহেৰে তৈয়াৰী গোবৰ-মাটি লেপি দিয়া ওখ ডুলি। “এয়াই এতিয়া ঘৰখনৰ আটাইতকৈ দামী বস্তু,” মালুৱে যোৱাবাৰ নৱেম্বৰত মোক কৈছিল। “আমি উৎপাদিত ধানখিনি চাই-চিতি ব্যয় কৰিব লাগিব, কিয়নো বৰষুণৰ ওপৰত ভৰসা কৰিব নোৱাৰি। বৰষুণ নিজৰ মনৰ ৰজা, আমাৰ নহয়। আমাৰ কথা নুশুনে।”

বৰষুণে যে এতিয়া প্ৰৱঞ্চকৰ ৰূপ লৈছে, সেয়া অধ্যয়নবোৰতো ধৰা পৰিছে। “আমি মহাৰাষ্ট্ৰৰ ১০০ৰো অধিক বছৰৰ তথ্যৰ বিশ্লেষণ কৰিছো,” ভাৰতীয় বতৰ বিজ্ঞান বিভাগ (আইএমডি)য়ে ২০১৩ত কৰা এক অধ্যয়নৰ প্ৰমুখ লেখক ডা. পুলক গুহাঠাকুৰ্তাই কয়। মহাৰাষ্ট্ৰত বৰষুণৰ ৰেহ-ৰূপ আৰু ঋতুৰ সূচাংকৰ পৰিৱৰ্তনৰ তুলনাত পানীৰ বৰ্দ্ধিত নাটনি শীৰ্ষক অধ্যয়নটোত ৰাজ্যখনৰ ৩৫ খন জিলাৰ ১৯০১-২০০৬ৰ মাজভাগৰ বৰষুণৰ মাহিলী তথ্যৰ বিশ্লেষণ কৰা হৈছে। “এই অধ্যয়নত এটা কথা স্পষ্ট... জলবায়ু পৰিৱৰ্তন, ক্ষুদ্ৰ অঞ্চলবোৰৰ সাময়িক আৰু স্থানিক প্ৰকৃতিকো প্ৰভাৱিত কৰিবলৈ ধৰিছে... পৰিৱৰ্তিত এই ৰেহ-ৰূপ কৃষিৰ ক্ষেত্ৰত অতিশয় গুৰুত্বপূৰ্ণ, বিশেষকৈ বৰ্ষানিৰ্ভৰ কৃষিক্ষেত্ৰবোৰত,” ডা. গুহাঠাকুৰ্তাই কয়, তেওঁ জলবায়ু গৱেষণা আৰু সেৱা কাৰ্য্যালয়, আইএমডি, পুণেৰ এগৰাকী বৈজ্ঞানিক।

আৰু এই পৰিৱৰ্তিত ৰেহ-ৰূপে বুনিয়াদী পৰ্য্যায়ত প্ৰভাৱ পেলাইছে। সেয়ে যেতিয়া কাটকাৰি সম্প্ৰদায়ৰ ৫৬ বছৰ বয়সীয়া মালু ৱাঘ আৰু তেওঁৰ পৰিয়ালে ইটাৰ ভটাত কাম কৰিবলৈ ২০১৯ৰ নৱেম্বৰত গুজৰাটৰ বলসাৰ জিলাৰ বাপী চহৰলৈ বুলি ৰাওনা হৈছিল, যিটো ২২৭ টা আদিবাসী পৰিয়ালৰ সেই বস্তিটোৰ অধিকাংশ লোকেই কৰে, তেতিয়া তেওঁলোকে লগত ৫০ কিলো চাউল লৈ গৈছিল, আৰু নিজৰ বন্ধ জুপুৰীত কেৱল দুই কুইণ্টলমানহে এৰি গৈছিল, যাতে ঘৰ আহি মে’-জুনৰ পৰা অক্টোবৰলৈ বেৰশিঙিপাৰাত ৰ’লে সেয়া কামত আহে।

“প্ৰায় ৫-১০ বছৰ আগতে, আমি ৮-১০ কুইণ্টল শস্য চপাব পাৰিছিলো, আৰু ৪-৫ কুইণ্টল চাউল ঘৰত অব্যৱহৃত হৈ ৰৈছিল। প্ৰয়োজন হ’লেই আমি ৰহৰ দাইল, নাগলি (ৰাগি), ৱাৰাই (বজৰা) আৰু হৰভৰা (কাবুলি চানা) আদিৰ খেতি কৰা কৃষকৰ সৈতে সেই চাউল বিনিময় কৰো,” মালুৰ পত্নী, ৫০ বছৰ বয়সীয়া নকুলাই কয়। সেইখিনিৰে পাঁচজনীয়া পৰিয়ালটো বছৰটোলৈ চলিব পাৰিছিল। “এতিয়া পাঁচৰো অধিক বছৰ বাগৰিল, আমি ৬-৭ কুইণ্টলৰ অধিক ধান উৎপাদন কৰিব পৰা নাই।”

“বছৰে বছৰে উৎপাদন কমি আহিব ধৰিছে,” মালুৱে কয়।

In one corner of Malu Wagh's hut, paddy is stored amid neem leaves in a kanagi: 'That’s the most precious thing in the house now'
PHOTO • Jyoti Shinoli
In one corner of Malu Wagh's hut, paddy is stored amid neem leaves in a kanagi: 'That’s the most precious thing in the house now'
PHOTO • Jyoti Shinoli

মালু ৱাঘৰ জুপুৰীটোৰ এটা চুকত ধানবোৰ এটা কাংগিত নিমপাতৰ মাজত থোৱা আছেঃ ‘ঘৰখনত এতিয়া এয়াই আটাইতকৈ দামী বস্তু’

যোৱা বছৰ আগস্তত যেতিয়া ধাৰাসাৰ বৰষুণ হ’বলৈ ধৰিছিল, তেতিয়া তেওঁৰ মনত আশা জাগিছিল। কিন্তু অক্টোবৰৰ ১১ দিনত ১০২ মি.মি.ৰ আবতৰীয়া আৰু মুষলধাৰ বৰষুণে পৰিয়ালৰ এক একৰ খেতিমাটি জলমগ্ন কৰি পেলালে। কাটি থোৱা ধান পানীত বুৰ গ’ল, কেৱল তিনি কুইণ্টল ধানহে তুলি আনিব পৰা গ’ল। “বীজ, সাৰ আৰু ভাড়াত অনা ম’হৰ নামত ১০,০০০ টকা খৰছ কৰিছিলো, সেইবোৰ পানীত পৰিল,” মালুৱে কয়।

থানে জিলাৰ সাহাপুৰ তালুকৰ এই বস্তিটোত ১২ টা কাটকাৰি আৰু ১৫ টা মলহাৰ কোলি পৰিয়ালৰ বেছিভাগেই সমানেই লোকচানৰ সন্মুখীন হৈছে।

“বৰ্ষা ঋতু আগতকৈ বেছি অনিয়মীয়া হৈ পৰিছে। জলবায়ু পৰিৱৰ্তনৰ ফলত এই অনিয়মীয়া প্ৰকৃতি আগতকৈ তীব্ৰ ৰূপ লৈছে, ফলত কৃষকে শস্যচক্ৰ আৰু পচন্দৰ ফচল পদ্ধতি অনুসৰণ কৰাত ব্যৰ্থ হৈছে,” ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান, বম্বেৰ জলবায়ু অধ্যয়নৰ আন্তঃপাঠ্যক্ৰমিক কাৰ্যসূচীৰ আহ্বায়ক অধ্যাপক পাৰ্থসাৰথিয়ে কয়। তেওঁৰ এক অধ্যয়নত এই কথা জানিব পৰা গৈছে যে মহাৰাষ্ট্ৰৰ নাচিক আৰু কৌংকান জিলাত বৃষ্টিপাতৰ প্ৰাৱল্য থকা দিনৰ সংখ্যা লক্ষণীয় হাৰত বাঢ়িছে, আকৌ থানে জিলাত ১৯৭৬-৭৭ৰ পিছত অতিবৃষ্টি হোৱা দিনৰ সংখ্যাৰ তাৰতম্য ঘটা দেখা গৈছে।

কৃষিৰ ওপৰত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱক কেন্দ্ৰ কৰি এই অধ্যয়ন কৰা হৈছে। ১৯৫১ৰ পৰা ২০১৩ৰ কালচোৱাত, মহাৰাষ্ট্ৰৰ ৩৪ খন জিলাৰ পৰা ৬২ বছৰৰ বাবে সংগ্ৰহ কৰা দৈনিক বৃষ্টিপাতৰ তথ্যৰ আধাৰত এই অধ্যয়ন প্ৰস্তুত কৰা হৈছে। “জলবায়ু পৰিৱৰ্তনে বৰষুণক প্ৰভাৱিত কৰে। অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে বৰষুণৰ বতৰ আৰম্ভ হোৱা আৰু মৌচুমী বায়ুৰ আগমন, শুষ্ক আৰু সিক্ত দিন, বৃষ্টিপাতৰ মুঠ পৰিমাণ আদি সকলো সলনি হ’বলৈ ধৰিছে, যাৰ ফলত বীজ সিঁচাৰ তাৰিখ, বীজ অংকুৰণৰ হাৰ আৰু মুঠ উৎপাদনত প্ৰভাৱিত হৈছে, কেতিয়াবা বিশাল পৰিমাণত উৎপাদিত শস্য নষ্ট হৈছে,” অধ্যাপক পাৰ্থসাৰথিয়ে কয়।

বেৰশিঙিপাৰাৰ পৰা ১২৪ কি.মি. দূৰত থকা নেহৰোলি গাঁৱৰ ঠাকুৰ সম্প্ৰদায়ৰ ৬০ বছৰীয়া ইন্দু আগিৱালে পৰিৱৰ্তিত ৰেহৰূপৰ কথা কয়। “আমি ৰোহিণী নক্ষত্ৰ চাই (২৫ মে’ৰ পৰা ৭ জুনলৈ) বীজ সিঁচো। পুষ্য (২০ জুলাইৰ পৰা ২ আগস্তলৈ) অহালৈকে আমি বীজ সিঁচাৰ বাবে সাজু হৈছিলো। চিত্ৰা নক্ষত্ৰ চাই (১০ৰ পৰা ২৩ অক্টোবৰলৈ) আমি শস্য চপোৱা আৰু মৰণা মৰা কাম আৰম্ভ কৰো। এতিয়া এই সকলোবোৰ (ধানখেতিৰ প্ৰক্ৰিয়াবোৰ) পলম হ’বলৈ ধৰিছে। দীৰ্ঘদিন ধৰি নক্ষত্ৰ অনুযায়ী বৰষুণ হোৱা নাই। কিয় এনে হৈছে মই বুজিব পৰা নাই।”

ইন্দুৱে বাঢ়ি অহা গৰমৰ কথাও কয়। “মই গোটেই জীৱনকালত এনে গৰমৰ দিন দেখা নাই। সৰু থাকোতে ৰোহিণী নক্ষত্ৰৰ সময়ত প্ৰচুৰ বৃষ্টিপাত হৈছিল। বৰষুণ ধাৰাসাৰ হৈছিল, গ্ৰীষ্মৰ তপত ভূমি শীতল হৈছিল। বতাহত সেমেকা মাটিৰ গোন্ধ বিয়পি পৰিছিল। এতিয়া সেই সুগন্ধ পাবলৈ নাই...” নিজৰ দুই একৰ খেতিপথাৰত আলি দি থকা সময়ত তেওঁ এইখিনি কথা কয়।

Top row: 'For a long time now, the rainfall is not according to the nakshatras,' says Indu Agiwale. Botttom row: Kisan Hilam blames hybrid seeds for the decreasing soil fertility
PHOTO • Jyoti Shinoli

ওপৰৰ শাৰীতঃ ‘এতিয়া দীৰ্ঘদিন ধৰি নক্ষত্ৰ অনুসৰি বৰষুণ হোৱা নাই,’ ইন্দু আগিৱালে কয়। তলৰ শাৰীতঃ কৃষক হিলমে মাটিৰ উৰ্বৰতা কমি অহাৰ কাৰণে বৰ্ণসংকৰ প্ৰজাতিৰ বীজক দোষাৰোপ কৰিছে

ইয়াৰে খেতিয়কবোৰে কয় যে অনিয়মীয়া বৰষুণ, কমি অহা উৎপাদন আৰু বৰ্দ্ধিত উষ্ণতাৰ সমানে সমানে সাহাপুৰৰ মাটিৰ উৰ্বৰতাও কমিবলৈ ধৰিছে। আৰু নেহৰোলি গাঁৱৰ ৬৮ বছৰীয়া খেতিয়ক হিলমে ইয়াৰ কাৰণে ৰাসায়নিক সাৰ আৰু বৰ্ণসংকৰ বীজক দোষ দিয়ে। “মছুৰী, চিকন্দৰ, পোশী, ডাংগে... কাৰ হাতত এতিয়া এইবোৰ (পৰম্পৰাগত) বীজ আছে? কাৰো হাতত নাই। সকলোৱে পৰম্পৰাগত বীজ এৰি ঔষধযুক্ত (বৰ্ণসংকৰ) বীজৰ খেতি কৰিবলৈ লৈছে। এতিয়া কোনেও বীজ সংৰক্ষণ নকৰে...” তেওঁ কয়।

আমি লগ পাওঁতে, তেওঁ ওখোনাৰে মাটিত বৰ্ণসংকৰ বীজ মিহলাই আছিল। “মই এইবোৰ ব্যৱহাৰৰ পৰিপন্থী। পৰম্পৰাগত বীজৰ পৰা উৎপাদন কম হয় ঠিকেই, কিন্তু সেই শস্যই পৰিৱেশৰ সৈতে ভাৰসাম্য অটুট ৰাখে। এই নতুন বীজবোৰ ঔষধ (উৰ্বৰক) অবিহনে গজিবও নোৱাৰে। বৰষুণ ভালে হওঁক বা বেয়া, এইবোৰে মাটিৰ বিশুদ্ধতা (উৰ্বৰতা) নাইকিয়া কৰে।”

“কৃষকে নিজৰ পৰম্পৰাগত বীজ সংৰক্ষণ কৰাৰ পৰিৱৰ্তে বীজৰ কোম্পানীবোৰৰ ওপৰত নিৰ্ভৰশীল হ’বলৈ ধৰিছে। কিন্তু সময় পাৰ হোৱাৰ লগে লগে এই বৰ্ণসংকৰ বীজবোৰক অধিক সাৰ, কীটনাশক আৰু পানীৰ প্ৰয়োজন হ’বলৈ ধৰে। সেইবোৰ নাথাকিলে গেৰাণ্টি থকা উৎপাদন দিব নোৱাৰে। ইয়াৰ অৰ্থ এয়ে যে পৰিৱৰ্তিত জলবায়ুৰ এনে পৰিস্থিতিত বৰ্ণসংকৰ বীজ টিকিব নোৱাৰে,” চাষ্টেনেবল লাইভলিহুডচ্ এণ্ড ডেভলপমেণ্ট, পুণেৰ বিএআইএফৰ সহকাৰী কাৰ্য্যসূচী সমন্বয়ক সঞ্জয় পাটিলে কয়। “এতিয়া গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তনৰ কাৰণে সময়মতে আৰু পূৰ্বনুমান মতে বৰষুণ দুৰ্লভ হৈ পৰিছে, সেয়ে পৰিৱৰ্তিত পৰিস্থিতিৰ সৈতে খাপ খাব পৰাকৈ এবিধ ঘাই শস্য থকাটো অতিকৈ আৱশ্যক হৈ পৰিছে।”

“সেই অঞ্চলবোৰত উৎপাদিত পৰম্পৰাগত ধানৰ বীজবোৰ জলবায়ু পৰিৱৰ্তন হোৱা স্বত্ত্বেও কিছু হ’লেও উৎপাদনৰ বাবে পৰ্য্যাপ্ত,” বিএআইএফৰ সোমনাথ চৌধুৰীয়ে কয়।

বৰ্ণসংকৰ বীজক সাধাৰণত অধিক পানীৰ প্ৰয়োজন হয়, আৰু বৰ্ষানিৰ্ভৰ গাওঁবোৰত বৰষুণৰ হেৰফেৰ হ’লেই শস্যৰ ওপৰত প্ৰভাৱ পৰে।

ইয়াৰ মাজতে, এইটো বছৰৰ আৰম্ভণিৰ ভাগত বাপীত ইটাৰ ভটাত নিজৰ অস্থায়ী জুপুৰীত মালু, নকুলা, তেওঁৰ পুত্ৰ ৰাজেশ, বোৱাৰী লতা আৰু ১০ বছৰীয়া নাতিনী সুবিধাই আমাৰ সৈতে কথা পাতি থকা সময়ত ভাত খাই আছিল। তেওঁলোকে খোৱা-বোৱা কমাইছিল- বেঙেনা, আলু নাইবা কেতিয়াবা বিলাহীৰ টকেৰে দিনত এবাৰেই ভাত খাইছিল।

Along with uneven rainfall, falling yields and rising temperatures, the fertility of the soil is also decreasing, farmers in Shahapur taluka say
PHOTO • Jyoti Shinoli
Along with uneven rainfall, falling yields and rising temperatures, the fertility of the soil is also decreasing, farmers in Shahapur taluka say
PHOTO • Jyoti Shinoli

সাহাপুৰ তালুকৰ খেতিয়কে কয় যে অনিয়মীয়া বৰষুণ, কম উৎপাদন আৰু বৰ্দ্ধিত উষ্ণতাৰ লগতে মাটিৰো উৰ্বৰা শক্তি কমি আহিছে

“ইটাৰ ভটাৰ কাম সহজ নহয়। আমাৰ মূৰৰ ঘাম মাটিত পৰে। কাম ভালদৰে কৰি যাবলৈ আমি পেট পূৰাই ভালকৈ খাবলৈ পাব লাগে। এইবাৰ উৎপাদন কমিল, সেয়ে আমি দিনত এবাৰেই খাওঁ। জুনত বীজ সিঁচাৰ আগতে হাতত থকা চাউলখিনি শেষ হ’বলৈ দিব নোৱাৰো,” মালুৱে কয়।

ইটা সজা বতৰ উকলিলে, মানে মে’ মাহত, চাৰিজন প্ৰাপ্তবয়স্কৰ শ্ৰমেৰে প্ৰায় ৮০,০০০-৯০,০০০ টকা হাতত লৈ বেৰশিঙিপাৰালৈ উভতে। এই টকাকেইটা বছৰটোৰ বাকীকেইটা দিনৰ বাবে খেতিৰ কাম কৰাৰ লগতে বিজুলীৰ মাচুল দিয়া, দৰৱ-পাতি আৰু ৰেচনৰ সামগ্ৰী যেনে নিমখ, জলকীয়াৰ গুড়ি, শাক-পাচলি আদিৰ নামত খৰছ হয়।

সাহাপুৰৰ আদিবাসী বস্তিত মালু ৱাঘ, ধৰ্মা গাৰেল আৰু আনসকলে যদিওবা ‘জলবায়ু পৰিৱৰ্তন’ শব্দটো নুবুজিব পাৰে, কিন্তু তেওঁলোকে এই পৰিৱৰ্তনবোৰৰ বিষয়ে উপলব্ধি কৰে আৰু সদায়ে ইয়াৰ সৈতে প্ৰত্যক্ষভাৱে মুখামুখি হৈ আহিছে। তেওঁলোকে জলবায়ু পৰিৱৰ্তনৰ বিভিন্ন দিশৰ বিষয়ে স্পষ্টকৈ কৈছেঃ অনিয়মীয়া বৃষ্টিপাত আৰু তাৰ অসম বিতৰণ, সাংঘাতিক হাৰত বাঢ়ি অহা গৰম, ব’ৰৱেলৰ বৃদ্ধি আৰু জলাস্ৰোতৰ ওপৰত তাৰ প্ৰভাৱ আৰু এই আটাইবোৰ মিলি ভূমি, শস্য আৰু কৃষিৰ ওপৰত পেলোৱা প্ৰভাৱ, বীজৰ সালসলনি আৰু উৎপাদনত ইয়াৰ প্ৰভাৱ; এনেদৰে ক্ৰমে দুৰ্বল হৈ পৰা খাদ্য সুৰক্ষা যিটোৰ সতৰ্কবাণী ইতিমধ্যে জলবায়ু বিজ্ঞানীয়ে দিছে।

তেওঁলোকৰ কাৰণে এয়া জীৱন্ত অভিজ্ঞতা। তেওঁলোকৰ পৰ্য্যবেক্ষণ মন কৰিবলগীয়া। বিজ্ঞানীসকলে কৈ অহা কথাৰ সৈতে তেওঁলোকৰ পৰ্য্যবেক্ষণৰ ভালেখিনি ওচৰ সম্পৰ্ক আছে। পাৰ্থক্য কেৱল ভাষাৰ। তাতে তেওঁলোকৰ আন এখন যুঁজ নিতৌ চলিছে, সেয়া হৈছে কৰ্তৃপক্ষৰ বিৰুদ্ধে, বিশেষকৈ বন বিভাগৰ লগত।

মালুৰ ভাষাত এই সংগ্ৰামখন স্বৰূপটো এনেধৰণৰঃ “এয়া কেৱল বৰষুণেই নহয়। আমি আন বহু যুঁজত অৱতীৰ্ণ হ’বলগীয়া হৈছে। বন বিষয়াসকলৰ সৈতে (মাটিৰ অধিকাৰ বিচাৰি), ৰেচন বিষয়াসকলৰ সৈতে। এই যুঁজত বৰষুণনো কিয় পিছ পৰি থাকিব?”

ইফালে গাৰেলপাৰাত নিজৰ খেতিপথাৰত থিয় হৈ ৮০ বছৰীয়া ধৰ্মাই কয়, “বতৰ সলনি হৈছে। গৰম বহুত বাঢ়িছে। আগৰ দৰে এতিয়া সময়ত বৰষুণ নহয়। যদি প্ৰজাই (মানুহ) আগৰ দৰে ভাল হৈ নাথাকিল, তেন্তে নিসৰ্গ (প্ৰকৃতি) কেনেকৈ আগৰদৰে হৈ থাকিব? প্ৰকৃতিও সলনি হৈছে...”

দেশব্যাপী জলবায়ু পৰিৱৰ্তনৰ ওপৰত পাৰিয়ে কৰা প্ৰতিবেদনৰ প্ৰকল্পটো হৈছে সৰ্বসাধাৰণ মানুহৰ জীৱন্ত অভিজ্ঞতা আৰু মাত-কথাৰ জৰিয়তে জলবায়ু পৰিৱৰ্তনৰ পৰিঘটনাক লিপিবদ্ধ কৰাৰ বাবে ইউএনডিপি সমৰ্থিত পদক্ষেপৰ এক অংশ।

এই প্ৰতিবেদন পুনৰ প্ৰকাশ কৰিব বিচাৰে যদি অনুগ্ৰহ কৰি Cc-ত [email protected] ৰাখি এই ইমেইল ঠিকনালৈ লিখক- [email protected]

অনুবাদ: পংকজ দাস

Jyoti Shinoli is a Senior Reporter at the People’s Archive of Rural India; she has previously worked with news channels like ‘Mi Marathi’ and ‘Maharashtra1’.

Other stories by Jyoti Shinoli
Translator : Pankaj Das

Pankaj Das is a Journalist, Translator and Co-Founder of newsnextone.com. He can be reached at [email protected]

Other stories by Pankaj Das