যুদ্ধভূমিত পৰিয়ালৰ মানুহক বিচাৰি অহা ওচৰৰে গাওঁ এখনৰ কেইগৰাকীমান মহিলাই তেওঁলোকৰ প্ৰিয় নেতাগৰাকীক যুদ্ধক্ষেত্ৰত পৰি থকা দেখা পাইছিল। সেয়া আছিল উমাইদুৰাই। একেবাৰে ক্ষতি-বিক্ষত অৱস্থাত। তেজেৰা ৰাঙলী হৈ পৰা তেওঁলোকৰ প্ৰিয় নেতাজনে তেতিয়াও উশাহ লৈ আছিল। তেওঁলোকে উমাইদুৰাইক সাৱধানে দাংকোলা কৰি তিনি মাইল দূৰৈৰ তেওঁলোকৰ গাঁৱলৈ লৈ গৈছিল।

কিন্তু উমাদুৰাই হৈছে 'ৱাণ্টেড', কিছু সময় পিছতেই তেওঁক বিচাৰি সেই স্থানত উপস্থিত হয় এদল সৈনিক। মহিলাসকলে তৎক্ষণাত তেওঁক বগা কাপোৰেৰে ঢাকি ধৰি হিয়া ধাকুৰি বিলাপ কৰিবলৈ ধৰে। কান্দি কান্দি সৈনিকৰ দলটোৱে শুনাকৈ কয় যে মৃতকৰ বসন্ত ৰোগ হৈছিল। সোঁচৰা ৰোগৰ নাম শুনি সৈনিকসকলে নিজৰ জীৱনৰ চিন্তা কৰি সেই স্থান ততালিকে এৰে, এনেকৈয়ে উমাইদুৰাইকে ধৰি কেইবাজনো লোকৰ প্ৰাণ ৰক্ষা পৰে।

এয়া দুশ বছৰ আগৰ তামিলনাডুৰ এক শিহৰণকাৰী ঘটনা, সঁচা ঘটনা। উনবিংশ শতিকাৰ আৰম্ভণিতে ব্ৰিটিছে যুদ্ধ সম্পৰ্কে লিখা অভিলেখত ইয়াৰ বৰ্ণিল উল্লেখ কৰা হৈছে। আৰু এতিয়া প্ৰতিষ্ঠিত লেখক চো ধৰ্মনে তামিল ভাষাত সেই কাহিনী সুন্দৰকৈ বৰ্ণনা কৰিছে। তেওঁ আজিৰ ধ্যান-ধাৰণা আৰু ক’ভিড-১৯ মহামাৰীৰ ভয় আৰু উদ্বিগ্নতাৰ বিষয়ে বৰ্ণনা কৰিছে। আৰু ইয়াৰ জৰিয়তে তেওঁ আমাক এক অসাধাৰণ মৌখিক ইতিহাসৰ বিষয়ে বাখ্যা কৰিছে য’ত গাঁৱৰ বাসিন্দাসকলে কেনেদৰে শতিকা জুৰি বিভিন্ন প্ৰকাৰৰ ভাইৰাছ, প্লেগ আৰু মহামাৰী সৈতে যুঁজি আহিছে সেয়া সবিস্তাৰে প্ৰকাশ পাইছে৷

"উমাইদুৰাই মহান স্বাধীনতা সংগ্ৰামী বীৰাপাণ্ডিয়া কাট্টাবোম্মনৰ ভাতৃ আছিল, যি পঞ্চলামকুৰিচিৰ [দক্ষিণ তামিলনাডুৰ] পলিগাৰ [মুৰব্বী] আছিল।" ধৰ্মনে এইদৰে কয়৷ বধিৰ আৰু বোবা হোৱাৰ বাবে, উমাইদুৰাইক উমি [স্থানীয়ভাৱে] আৰু ডাম্বি [ব্ৰিটিছসকলে] বুলিও জনা গৈছিল। তেওঁক স্থানীয় লোকে ভাল পাইছিল আৰু ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সদায়েই তেওঁৰ পিছ লৈছিল যাতে এই "কুখ্যাত আৰু বিখ্যাত নেতা"জনক ধ্বংস কৰিব পাৰে। "আপোনালোকে এই বিষয়ে কৰ্ণেল জেমছ ৱেলছৰ মিলিটেৰি ৰেমিনিচেঞ্চ নামৰ গ্ৰন্থখনত পঢ়িব পাৰে," ধৰ্মনে বৰ্ণনা কৰে।

১৭৯৯ চনত তামিলনাডুৰ থুটুকুড়ি জিলাৰ কোবিলপট্টি চহৰৰ ধৰ্মনৰ ঘৰৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ দূৰত পঞ্চলামকুৰিচিত এক ঐতিহাসিক যুদ্ধ সংঘটিত হৈছিল। ব্ৰিটিছ কৰ্ণেল ৱেলছে তেওঁৰ স্মৃতিগ্ৰন্থত উমাইদুৰাইক ৰক্ষা কৰা মহিলাসকলক "কৰুণ আৰু অৰ্ধ-মূৰ্খ প্ৰাণী" বুলি অভিহিত কৰাৰ বিপৰীতে ধৰ্মনে গাওঁবাসীসকলৰ মৌলিক জ্ঞান আৰু যুদ্ধক্ষেত্ৰৰ পৰা উমাইদুৰাইক ঘৰলৈ লৈ অনা মহিলাসকলৰ বীৰত্বক প্ৰশংসা কৰিছে। "আপুনিয়েই কওক, সেই মহিলাসকলে নাজানিছিল নেকি যে তেওঁ এজন ‘ৱাণ্টেড’ লোক যাক সৈনিকসকলে বিচাৰি আহিব পাৰে, তেওঁলোকৰ ঘৰ ভাঙি পেলাব পাৰে?" ধৰ্মনে এইদৰে প্ৰশ্ন কৰে।

Cho Dharman: 'The Covid crisis is an ‘idiyappa sikkal’ [the tangle of rice strings in rice hoppers]. The poor are suffering, how do we help them?'
PHOTO • R. M. Muthuraj

চো ধৰ্মনঃ ' ভিড সংকট হৈছে ' ইদিয়াপ্পা চিক্কল ' [ চাউলৰ জঁটৰ পৰা বনোৱা ব্যঞ্জন ] দৰে দৰিদ্ৰসকলে কষ্ট পাইছে , আমি তেওঁলোকক কেনেদৰে সহায় কৰিম ?'

মই কোবিলপট্টিত ধৰ্মনক লগ পাইছিলো। এই চহৰখন ২০১৫ত বিখ্যাত কাদলামিট্টাই, চীনাবাদামৰ কেণ্ডিয়ে জিআই (ভৌগোলিক সূচাংক) লাভ কৰাৰ বাবে বাতৰিত স্থান পাইছিল। তেওঁৰ দৃষ্টিত, সেই সময়ত তেওঁ কোৱাৰ দৰে, "দলিত সাহিত্য বুলি ধাৰণা নাছিল । মই জন্মগতভাৱে দলিত হ'ব পাৰো, কিন্তু মই মোৰ লিখনি পৃথক কৰিব নোৱাৰোঁ।’’ আমি আকৌ অলপতে ফোনত কথা পাতিছিলো। "মোৰ ৰুটিন [এই লকডাউনৰ বাবে] অধিক পৰিৱৰ্তন হোৱা নাই," তেওঁ এইদৰে বৰ্ণনা কৰিছিল। "নিৰ্জনতা মোৰ বাবে জীৱনৰ এক উপায়। মই দিনৰ প্ৰথম ভাগত লিখো আৰু দুপৰীয়া কানমাই [পুখুৰী]ত মাছ ধৰি সময় কটাও।

"ক’ভিড সংকট হৈছে 'ইদিয়াপ্পা চিক্কল' [চাউলৰ পৰা তৈয়াৰ কৰা এক জঁট লগা সূতাৰ আঁহ, য’ৰ পৰা ইদিয়াপ্পাম নামৰ এটা ব্যঞ্জন প্ৰস্তুত হয়]। দৰিদ্ৰসকলে কষ্ট পাইছে, আমি তেওঁলোকক কেনেকৈ সহায় কৰিম? আমি ঘূৰ্ণীবতাহ আৰু ভূমিকম্পৰ সৈতে কেনেদৰে মোকাবিলা কৰিব লাগে জানো। কিন্তু ইজনে সিজনৰ সৈতে সম্পৰ্কিত এখন পৃথিৱীত, য'ত আমি এটা দিনত আধা পৃথিৱী ভ্ৰমণ কৰিব পাৰো – যিদৰে এই ভাইৰাছে কৰিছিল – আমি এনে এক শত্ৰুৰ সৈতে যুঁজিবলৈ সংগ্ৰাম কৰি আছোঁ যি অদৃশ্য।

ঐতিহাসিকভাৱে, ইয়াৰ গাওঁবোৰে বহুতো সংক্ৰামক ৰোগ দেখিছে। ইয়াৰে কিছুমান ক’ভিড-১৯ৰ দৰে মাৰাত্মক আছিল। "তামিল ভাষাত 'পেৰিয়া আম্মাই' বুলি কোৱা ইয়াত অলপতে শাম কটা বসন্ত ৰোগকে চাওক। সংক্ৰমিত ব্যক্তিজনৰ ছালত মটৰৰ গুটিৰ আকৃতিৰ ফোঁহা ওলাইছিল, শৰীৰটো মূৰৰ পৰা ভৰিলৈকে, আৰু কেতিয়াবা চকুৰ ওপৰতো ওলাইছিল। ই তেওঁলোকক সহজে অন্ধ কৰিব পাৰে, তেওঁলোকৰ প্ৰাণ কাঢ়িব পাৰে। ব্ৰিটিছ পদাতিক বাহিনীয়ে কিমান ভয় খাব লাগিব যে এই ৰোগৰ নাম শুনিয়ে পলাই পত্ৰং দিছিল। একেদৰে কলেৰা আৰু প্লেগতো হাজাৰ হাজাৰ লোক মৰিছিল।

"তিনিওটা ৰোগ [বসন্ত, কলেৰা আৰু প্লেগ]ক 'অট্টুভাৰ-অট্টি নই' বুলি কোৱা হৈছিল। এইবোৰ সংক্ৰামক ৰোগ আছিল যিবোৰ স্পৰ্শ, সংস্পৰ্শ আৰু দূষিতকৰণৰ দ্বাৰা সংক্ৰমিত হৈছিল। আমাৰ পূৰ্বপুৰুষসকলৰ ওচৰত কোনো চিটা বা ঔষধ নাছিল। ঔষধ হিচাপে কেৱল নিমপাত আছিল, এক শক্তিশালী এণ্টিচেপ্টিক। সেয়েহে তেওঁলোকে নিমৰ পাত গুৰি কৰি সেইবোৰ ফোঁহাবোৰত সানি দিছিল। বসন্তত ভুগি থকা ব্যক্তিজনক সেউজীয়া দেখা গৈছিল।"

A monument to legendary freedom fighter Veerapandiya Kattabomman; he and his brother Umaidurai were hanged by the British in 1799. It's in Kayatharu, around 30 km from Kovilpatti, where Dharman lives, and he tells a riveting tale about Umaidurai that speaks of the courage of local communities
PHOTO • Roy Benadict Naveen

মহান মুক্তিযুঁজাৰু বীৰাপাণ্ডিয়া কাট্টাবোম্মনৰ স্মাৰক ; তেওঁ আৰু তেওঁৰ ভায়েক উমাইদুৰাইক ১৭৯৯ চনত ব্ৰিটিছে ফাঁচী দিছিল স্মাৰকটো কোবিলপট্টিৰ পৰা ৩০ কিলোমিটাৰ দূৰৈত কায়থাৰুত আছে , তাতেই ধৰ্মন থাকে তেওঁ উমাইদুৰাইৰ বিষয়ে আকৰ্ষণীয় কাহিনী বৰ্ণনা কৰিছে য স্থানীয় সম্প্ৰদায়ৰ সাহসিকতাৰ উল্লেখ আছে

৬৬ বছৰীয়া ধৰ্মনে কোবিলপট্টিৰ পৰা প্ৰায় ১০ কিলোমিটাৰ দূৰৈত থুটুকুড়ি জিলাৰ এট্টায়াম তালুকাত নিজৰ পৈতৃক গাঁও উৰুলাইকুড়িত বাস কৰা যৌৱনৰ সময়ছোৱাতে বসন্তৰ প্ৰাদুৰ্ভাৱ দেখিছিল৷ তেওঁৰ চুটি গল্প আৰু উপন্যাসত, তেওঁ এই ভূমি – কৰিচাল ভূমি, বা বৰ্ষাভিত্তিক অঞ্চল – আৰু দৃশ্যপটৰ বিষয়ে বিতংভাৱে লিখিছে, যাৰ দ্বাৰা তেওঁ পুৰস্কাৰ আৰু প্ৰশংসা অৰ্জন কৰিছে। ২০১৯ চনত তেওঁৰ কিতাপ ‘সুল’য়ে (তেওঁৰ জন্মভূমিৰ পৰিৱেশৰ ওপৰত আধাৰিত এখন উপন্যাস) সন্মানীয় সাহিত্য অকাডেমি বঁটা লাভ কৰে।

বসন্ত ৰোগ ইমানেই প্ৰচলিত আৰু মাৰাত্মক আছিল যে ইয়াক বৰ্ণনা কৰিবলৈ এটা নিৰ্দিষ্ট শব্দ সৃষ্টি কৰা হৈছিল, ধৰ্মনে এইদৰে বৰ্ণনা কৰে। 'থাই কুটিকিট্টা' শব্দটো – যাৰ তাৎপৰ্য হৈছে দেৱীয়ে ব্যক্তিজনক গ্ৰহণ কৰিছে – বসন্তৰ ফলত হোৱা মৃত্যুৰ বিষয়ে ক'বলৈ এই শব্দ ব্যৱহাৰ কৰা হৈছিল। এইটো উল্লেখ কৰাৰ এয়া এক অত্যাধুনিক আৰু বিচক্ষণ উপায় আছিল। ইয়াৰ প্ৰাদুৰ্ভাৱৰ দিশে আঙুলিয়াই দিয়া বাক্যাংশও আছিলঃ 'আম্মাই বান্ধিৰুক্কু', বসন্তৰ বেমাৰ আহি গৈছে, অৰ্থাৎ বহুতো ঘটনা সংঘটিত হৈছে; আম্মাই ভিলায়াডুটুৰ অৰ্থ আছিল যে ৰোগবিধৰ প্ৰাদুৰ্ভাৱ বৃহৎ পৰিমাণলৈ বিয়পি পৰিছে আৰু নগৰখনৰ অধিকাংশ ঘৰ ইয়াৰ কবলত পৰিছে।"

ক’ভিড-১৯-ৰ বৰ্তমানৰ শ্ৰেণীবিভাজনৰ সাদৃশ্য আছেঃ ক্লাষ্টাৰ, সামূহিক প্ৰসাৰ আৰু নিয়ন্ত্ৰণ ক্ষেত্ৰ। আন কিছুমান বাক্যাংশ, 'আম্মা এৰাংগিট্টা' আৰু 'থানি ওথিয়াচু'ৰ আক্ষৰিক অৰ্থ আছিল যে দেৱীয়ে বিদায় লৈছে, আৰু পানী ঢালি দিয়া হৈছে। মূলতঃ এই বাক্যাংশবোৰ সংক্ৰমণৰ সমাপ্তিৰ লক্ষণ আছিল। (যেনে আমাৰ সময়ত কোৱাৰেণ্টাইন আৰু আইচলেচনৰ সমাপ্তি।)

"বসন্ত সম্পূৰ্ণৰূপে নোহোৱা হোৱাৰ পিছত তিনিবাৰ স্নান কৰাৰ অন্তত হে আন ব্যক্তিৰ সংস্পৰ্শলৈ আহিব পাৰিছিল৷ আজি আমি ক’ৰোনা ভাইৰাছৰ বাবে যি কৰি আছো সেয়া বৰ বেলেগ নহয়, কিন্তু এইবাৰ," তেওঁ এইদৰে বৰ্ণনা কৰে, "এইবাৰ নাটক আৰু ভয় অলপ বেছিয়েই হৈছে – কেতিয়াবা কেতিয়াবা সংবাদ মাধ্যমেও এয়া সৃষ্টি কৰিছে।

"পুৰণি ৰোগৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰচলিত আইচলেচন কঠোৰভাৱে প্ৰয়োগ কৰা হৈছিল। সংক্ৰমিত ব্যক্তিজনৰ ঘৰৰ দুৱাৰত নিমৰ ডাল ওলোমাই ৰখা হৈছিল, যিয়ে পথচাৰীসকলক ৰোগটোৰ বিষয়ে জনোৱাত সহায় কৰিছিল। যেতিয়া ৰোগটো বৃহৎ পৰিমাণে বিয়পি পৰিছিল, নিমৰ ডালবোৰ একেলগে বান্ধি গাওঁখনৰ প্ৰৱেশদ্বাৰত বান্ধি দিয়া হৈছিল যাতে আন ব্যক্তি আৰু বিক্ৰেতাসকলে জানিব পাৰে যে গাঁৱত ৰোগবিধৰ সম্প্ৰসাৰণ ঘটিছে৷ এই সংকেতবোৰ দেখি তেওঁলোকে আঁতৰি গৈছিল।"

সেই দিনবোৰত মানুহে আত্মনিৰ্ভৰশীল হোৱাটো সহায়ক হৈছিল, ধৰ্মনে কয়। "প্ৰতিখন ঘৰতে গাখীৰ আৰু দৈৰ নিজা যোগান আছিল। যদি আপোনাৰ কম হয়, চুবুৰীয়া এজনে আপোনাৰ ঘৰৰ বাহিৰত সেয়া থৈ যায় আৰু আপুনি ইয়াক গ্ৰহণ কৰিব পাৰে। বেছিভাগ মানুহ খেতিয়ক আছিল আৰু পাচলিৰ খেতি কৰিছিল। তেওঁলোকৰ ওচৰত চাউল আৰু দাইলৰ ভাণ্ডাৰ আছিল। জাতিলাও, ৰঙালাও, জিকা, ধুন্দুলি – আমি সেইবোৰ আমাৰ পথাৰৰ পৰা আনিছিলো। তদুপৰি, আমি নগদ ধনৰ লেনদেন কৰা নাছিলো, কিন্তু বিনিময় প্ৰথাৰে চলিছিলো। যদি আপোনাৰ ওচৰত শুকান জলকীয়া নাই, আপুনি ধনিয়া গুটিৰ সৈতে বিনিময় কৰিব পাৰিলেহেঁতেন।"

Dharman saw smallpox as a young lad in his native village, Urulaikudi: 'What we’re doing now for the coronavirus is not very different...'The three [pox, cholera and the plague] were called ‘ottuvar-otti noi’ – infectious diseases that spread with touch, contact and contamination'
PHOTO • Roy Benadict Naveen
PHOTO • Roy Benadict Naveen
Dharman saw smallpox as a young lad in his native village, Urulaikudi: 'What we’re doing now for the coronavirus is not very different...'The three [pox, cholera and the plague] were called ‘ottuvar-otti noi’ – infectious diseases that spread with touch, contact and contamination'
PHOTO • Roy Benadict Naveen

ধৰ্মনে যুৱাৱস্থাত তেওঁৰ জন্মস্থান উৰুলাইকুড়িত বসন্তৰ প্ৰাদুৰ্ভাৱ দেখিছিলঃ ' কৰ না ভাইৰাছৰ বাবে আমি আজি যি কৰি আছো সেয়া বৰ বেলেগ নহয় ... ' তিনিওটা ৰোগ [ বসন্ত , কলেৰা আৰু প্লেগ ] ' অট্টুভাৰ - অটি নই ' বুলি কোৱা হৈছিল এই সংক্ৰামক ৰোগবোৰ স্পৰ্শ , সংস্পৰ্শ আৰু দূষিতকৰণৰ দ্বাৰা সংক্ৰমিত হৈছিল '

বসন্ত এক গ্ৰীষ্মকালীন ৰোগ বুলি ধৰ্মনে কয়। অতিশয় অসুবিধাজনক গৰমৰ দিনকেইটাতে এই ৰোগ হয়। বৰষুণৰ বতৰত কলেৰা আৰু প্লেগ আহিছিল আৰু বহু লোকৰ মৃত্যু হৈছিল। "মোৰ ককাদেউতাই মোক সেই সময়ৰ কাহিনীবোৰ কৈছিল। মানুহে সংক্ৰমণত মৃত্যু হোৱা কাৰোবাক সমাধিস্থ কৰিবলৈ গৈ ঘূৰি অহাৰ সময়তে ইতিমধ্যে আৰু দুজন লোকৰ মৃত্যু হৈছিল। তেওঁলোকে সেইবোৰ চম্ভালিবলৈ অস্বীকাৰ কৰা নাছিল; এটা বসতিত বাস কৰা বেছিভাগ লোক পৰস্পৰ আত্মীয় আছিল। আৰু সেয়েহে, তেওঁলোকে কোনো সুৰক্ষা সঁজুলি অবিহনে মৃতদেহবোৰ তুলি সমাধিস্থ কৰিবলৈ গৈছিল।"

এয়া নিশ্চিতভাৱে ক’ভিড-১৯ৰ শেহতীয়া বাতৰিতকৈ পৃথক যিয়ে আমাক কলংকিত কৰা সংবাদবোৰ দিছে, স্বাস্থ্য কৰ্মীসকলক ভাড়াঘৰৰ পৰা উলিয়াই দিয়া, আত্মীয়সকলে ক’ভিড-১৯ত মৃত্যু হোৱা মৃতকৰ মৃতদেহ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰা, আৰু নাগৰিকসকলে তেওঁলোকৰ নিকটতম এলেকাত মৃতদেহবোৰ সমাধিস্থ কৰাৰ বিৰোধিতা কৰিছে। ঘৰৰ ওচৰত, ধৰ্মনে তেওঁৰ জিলাৰ এজন ব্যক্তিৰ বিষয়ে এনেদৰে কয় যিয়ে মুম্বাইৰ পৰা উভতি অহা তেওঁৰ ভায়েকক ঘৰৰ পৰা ওলাই যাবলৈ কয়। কাৰণ? সেই উপকূলীয় মেট্ৰ' চহৰখনত ৰোগবিধ বিয়পি পৰিছিল, আৰু স্থানীয় ব্যক্তিজনে কোনো ৰিস্ক ল'ব বিচৰা নাছিল।

"এয়া আমাৰ মূল্যবোধ, আমাৰ মানৱতাৰ স্খলন নহয় নেকি?" ধৰ্মনে সুধিলে। "ইয়াক অতীতৰ সৈতে তুলনা কৰক। সেই উৎসাহী মহিলাসকলে মৃত্যুৰ ভয়ত উমাইদুৰাইক ত্যাগ কৰিছিল নে সাহসেৰে তেওঁক ৰক্ষা কৰিছিল?"

কাকতালীয়ভাৱে, কৰ্ণেল ৱেলছে উমাইদুৰাইৰ বিষয়ে লিখা অনুসৰি "ফাঁচীকাঠত ওলমাটোৱে তেওঁৰ ভাগ্যত আছিল " আৰু তেওঁৰ ভাতৃ কাট্টাবোম্মনৰ ক্ষেত্ৰতো একেই ঘটিছিল - ব্ৰিটিছে ১৭৯৯ চনত তেওঁলোক দুয়োকে ফাঁচী দিছিল।

'My routine hasn’t changed much [with this lockdown]. Solitude is a way of life for me. I write in the first half of the day and spend the afternoons by the kanmai [pond], fishing'
PHOTO • Aparna Karthikeyan

'মোৰ ৰুটিন [এই লকডাউনৰ সৈতে] খুব এটা পৰিৱৰ্তন হোৱা নাই। নিৰ্জনতা মোৰ বাবে জীৱনৰ এটা উপায়। মই দিনটোৰ প্ৰথম ভাগত লিখিছো আৰু দুপৰীয়া কানমাই [পুখুৰী]ৰ পৰা মাছ ধৰি কটাইছো'

সময়ৰ লগে লগে কেৱল একতাৰ মনোভাৱ সলনি হোৱাই নহয়, বৰঞ্চ আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও সলনি হৈছে, ধৰ্মনে কয়। আৰু ইয়াৰ কাৰণ হিচাপে তেওঁ আমাৰ খাদ্যাভ্যাসবোৰৰ বিষয়ে আলোকপাত কৰে। তেওঁ আমাৰ আহাৰৰ পৰা বাজৰা নাইকিয়া হোৱাৰ বাবে অনুশোচনা কৰে আৰু কয় যে চিকিৎসকসকলে সদায়েই ইয়াৰ পৰামৰ্শ দিয়ে। "আমি থলুৱা খাদ্য কিয় নাখাওঁ? পৰম্পৰাগত শস্যৰ বাবে কম পানীৰ প্ৰয়োজন হয়, কেৱল দুবাৰ বা তিনিবাৰৰ বৰষুণত এই শস্য প্ৰস্তুত হৈ উঠে।

"মধুৰিআম মোৰ বাবে বৰ ভাল। ই গ্ৰীষ্মকালীন ফল; এইটো মোৰ মাটিৰ ফল। পাহাৰীয়া পৰিৱেশত মোৰ ঘৰৰ পৰা বহু দূৰৈত ঠাণ্ডাত উৎপাদিত আপেলৰ মোক কিয় প্ৰয়োজন, যিবোৰে মোৰ ওচৰলৈ পাবলৈ বহুদূৰ ভ্ৰমণ কৰিব লাগে?"

তেওঁৰ আইতা চিনিয়াম্মল যুগৰ সৈতে এখোজ আগবঢ়া আছিল। যেতিয়াই তেওঁ কোবিলপট্টিৰ পৰা উৰুলাইকুড়িত থকা তেওঁৰ পৈতৃক ঘৰলৈ ঘূৰি আহিছিল, আইতাকে পানীৰ বটল কঢ়িয়াই নিয়াৰ বাবে তেওঁক গালি পাৰিছিল। "তেওঁ মোক সেই পানীখিনি পেলাই দিবলৈ ক'লেহেঁতেল, কিয়নো পানীবোৰ 'মৃত' আছিল। আৰু তেওঁ মোক কুঁৱাৰ পানী খাবলৈ আদেশ দিলেহেঁতেন!"

ধৰ্মনে তেওঁৰ জীৱনকালত কেৱল এবাৰহে কাৰ্ফিউৰ সন্মুখীন হৈছে – ক’ভিড-১৯ ৰ আগমনৰ পূৰ্বে। ১৯৯৫ চনত, জাত-পাতৰ সংঘৰ্ষৰ পৰিপ্ৰেক্ষিতত আঠ দিনৰ সান্ধ্য আইন জাৰি কৰা হৈছিল। মতা মানুহ বাহিৰ ওলালেই ধৰি নিয়া হৈছিল।

সেই উদ্বেগপূৰ্ণ দিন আৰু নিশাবোৰত ধৰ্মনে এগৰাকী মহিলাক লগ পাইছিল যি তেওঁৰ এটা চুটি গল্পৰ উৎস হৈ পৰিছিলঃ তেওঁ আছিল প্ৰসৱ বেদনা আৰম্ভ হোৱা এগৰাকী গৰ্ভৱতী মহিলা। লেখক আৰু তেওঁৰ পৰিয়ালে দুপৰ নিশা সেই মহিলাগৰাকীক নাৰ্চিং হোমলৈ লৈ গৈছিল। তাৰ পিছত ধৰ্মনে চিকিৎসকে বিচৰা প্ৰয়োজনীয় সামগ্ৰীৰ সন্ধানত গোটেই চহৰখন চলাথ কৰিছিল।

"কেৱল এয়াই নহয়। ঘটনাটোৰ আচৰিত অংশটো হ'ল যে মহিলাগৰাকী আৰু মই দুটা পৃথক জাতিৰ, যাৰ মাজত সংঘাত চলি আছিল। যেতিয়া কেঁচুৱাটো জন্ম হৈছিল, দম্পতীহালে মোক কেঁচুৱাটোৰ নাম থ'বলৈ অনুৰোধ কৰিছিল। মই ছোৱালীজনীৰ নাম কলা দেৱী ৰাখিছিলো [কলাভাৰাম বা সেই সময়ত সংঘটিত হিংসাত্মক সংঘৰ্ষৰ পৰিপ্ৰেক্ষিতত]। আপুনি জানেনে মই সেই কাহিনীটো কিদৰে আৰম্ভ কৰিছিলো?' তেওঁ সেই ঘটনাৰ কাল্পনিক অংশৰ বিষয়ে সুধিছিল যাক তেওঁ বৰ্ণনা কৰিছিল৷ "বহুদশকজুৰি মোৰ বন্ধু হৈ থকাবোৰো মোৰ শত্ৰু হৈ পৰিছিল, আৰু যিসকল মোৰ শত্ৰু আছিল তেওঁলোক বন্ধু হৈ পৰিছিল, আৰু এই সকলোবোৰ এটা মুহূৰ্ততে ঘটিছিল...'

ঘটনাবোৰ পৰিচিত যেন লাগিছে নেকি? সাম্প্ৰদায়িকতাৰ এই যুগত ক’ভিড-১৯ আৰু প্ৰব্ৰজনকাৰী শ্ৰমিকৰ ব্যাপক প্ৰস্থান, পৰিচিত যেন লাগিবৰে কথা।

অনুবাদ: মনোৰঞ্জন মজুমদাৰ

Aparna Karthikeyan

Aparna Karthikeyan is an independent journalist, author and Senior Fellow, PARI. Her non-fiction book 'Nine Rupees an Hour' documents the disappearing livelihoods of Tamil Nadu. She has written five books for children. Aparna lives in Chennai with her family and dogs.

Other stories by Aparna Karthikeyan
Translator : Manoranjan Majumder

Manoranjan Majumder is a professional translator. He loves to watch films and read.

Other stories by Manoranjan Majumder