এয়া যেন গতানুগতিক হিন্দী চিনেমাৰ নায়ক আৰু খলনায়কৰ মাজত মৰুভূমিৰ বুকুত হোৱা দৃশ্যগ্ৰহণৰ নেপথ্য। খলনায়কক ধৰাশায়ী কৰিবলৈ মৰুভূমিৰ ওখ-চাপৰ বালিয়ৰিৰ তপত বালি ওফৰাই নায়কৰ আৱিৰ্ভাৱ হয়। প্ৰকৃতিয়ে ইতিমধ্যে বৰষা উৎকট গৰম আৰু ধূলিৰ মাজতে নায়কে চিনেমাখন এক সুখকৰ সমাপ্তিৰ দিশলৈ আনে (খলনায়কবোৰৰ বাদে)। ৰাজস্থানৰ সেই জনশূন্য নিৰ্জনতাত অসংখ্য ভাৰতীয় চিনেমাৰ দৃশ্যগ্ৰহণ কৰা হৈছে। আনকি মধ্যপ্ৰদেশৰ চম্বল উপত্যকাৰ গিৰিখাততো এনে দৃশ্যগ্ৰহণ কৰা হৈছে।

কথাটো হৈছে এই শুষ্ক জনশূন্য দৃশ্যটো (ভিডিঅ’টো চাওক) ৰাজস্থান নাইবা চম্বলৰ দৃশ্য নহয়। এয়া দক্ষিণ উপদ্বীপৰ অন্ধ্ৰপ্ৰদেশৰ ৰায়ালসীমাৰ দৃশ্য। অনন্তপুৰ জিলাৰ প্ৰায় ১০০০ একৰ জুৰি বিয়পি থকা এই অঞ্চলটো এসময়ত মাকৈৰ খেতিৰে ভৰি আছিল। দশকৰ পিছত দশক বাগৰিল। সেউজ ভূমি এতিয়া শুষ্ক মৰুভূমিলৈ পৰিৱৰ্তিত হ’ল। বিৰোধাভাস থকা কাৰকৰ পয়োভৰ তাতে দেখা গৈছে। ক্ৰমে মৰুভূমিলৈ পৰিণত সেই ঠাইত দৃশ্যগ্ৰহণ কেনেদৰে ক’ত কৰিব পৰা যাব সেয়া চাবলৈ চলচ্চিত্ৰ নিৰ্মাতাই মানুহ পঠিয়াব ধৰিলে।

সেই মৰুভূমি সদৃশ মাটিবোৰৰ বেছিভাগ গৰাকী থকা দৰগাহ হন্নুৰ গাঁৱলৈ যাওঁতে মানুহবোৰে বিশ্বাস কৰিবলৈ টান পাইছিল যে আমি চিনেমাৰ মানুহ নহয়। ‘কোনখন চিনেমাৰ বাবে আপোনালোক আহিছে, কেতিয়া ওলাব চিনেমাখন?’ এনে নানা প্ৰশ্নৰে তেওঁলোকে আমাক সুধিছিল, নাইবা তেওঁলোকৰ মনত পাক ঘুৰণি খাইছিল। আমাক সাংবাদিক বুলি জানি কিছুমানে আকৌ নাক কোঁচাইছিল।

ঠাইখনত প্ৰথমখন চিনেমাৰ নায়ক-খলনায়কৰ সংঘাতৰ দৃশ্যগ্ৰহণ হৈছিল ১৯৯৮ আৰু ২০০০ চনৰ মাজত। চিনেমাখন আছিল তেলেগু ভাষাৰ- জয়ম মানাদে ৰা (আমাৰ জয় হ’ব)। সচৰাচৰ যিকোনো সুদক্ষ বাণিজ্যিক চলচ্চিত্ৰ নিৰ্মাতাই যি কৰিলেহেঁতেন, সেয়া তেওঁলোকেও কৰিলে। মৰুভূমিৰ নেপথ্য বহল কৰাৰ বাবে নিজাকৈ অতিৰিক্ত ছেট লগালে। ‘আমি আমাৰ শস্যবোৰ উভালি পেলাব লগীয়া হৈছিল (তাৰবাবে তেওঁলোকে ক্ষতিপূৰণ দিছিল),’ ৪৫ বৰ্ষীয় পুজাৰী লিংগানাই কয়। তেওঁৰ ৩৪ একৰ মাটিত দৃশ্যগ্ৰহণ কৰা হৈছিল। ‘আমি কিছু শস্য আৰু সৰু-সুৰা গছো আঁতৰাই পেলাইছিল যাতে মৰুভূমিৰ দৃশ্যটো বাস্তৱিক যেন লগা হয়।’ বাকীখিনি কাম কৰিছিল ডেফট্ কেমেৰাৰ কামে আৰু ফিল্টাৰৰ কৌশলী ব্যৱহাৰে।

আজি ২০ বছৰ পিছত জয়ম মানাদে ৰা চিনেমাখনৰ চিকুৱেল ওলালে তেওঁলোকে খুব কম কষ্ট কৰিব লাগিলহেঁতেন। সময় আৰু নিৰ্যাতিত প্ৰকৃতি আৰু অন্তহীন মানৱ হস্তক্ষেপে চিনেমাৰ মানুহে বিচৰাৰ দৰে অঞ্চলটোক মৰুভূমিলৈ ৰূপান্তৰিত কৰিছে।

এই শুষ্ক জনশূন্য দৃশ্যটো (ভিডিঅ’টো চাওক) ৰাজস্থান নাইবা চম্বলৰ দৃশ্য নহয়। এয়া দক্ষিণ উপদ্বীপৰ অন্ধ্ৰপ্ৰদেশৰ ৰায়ালসীমাৰ দৃশ্য।

কিন্তু সেই মৰুভূমিসদৃশ অঞ্চলটো উৎসুকতাপূৰ্ণ। তাতে এতিয়াও খেতি হয়, মাটি খান্দিলেই পানী ওলায়। ‘আমি এই মাটিত ১৫ ফুট খান্দিয়েই পানী পাও,’ লিংগান্নাৰ পুত্ৰ পি. হন্নুৰেড্ডীয়ে কয়। অনন্তপুৰত আন বহু ঠাইত ৫০০ ফুটৰ কুঁৱা খান্দিলেও পানী নোলায়। জিলাখনৰ কোনো কোনো ঠাইত হাজাৰ ফুট খান্দিও নিৰাশ হ’বলগীয়া হৈছে। কিন্তু ইয়াতে চাৰি ইঞ্চিৰ দমকলৰ পৰা পানী ওলাইছে। এই তপত বালিয়ৰিত ভূপৃষ্ঠৰ ইমান কম গভীৰতাত আছে কেনেকৈ?

সেই গোটেই অঞ্চলটো নৈৰ অৱবাহিকাৰ প্ৰসাৰিত এলেকাত পৰে, ওচৰৰে গাওঁ এখনৰ খেতিয়ক পালথুৰু মুকান্নাই বুজাই কয়। কি নদী? আমি একো দেখা নাই। ‘এই ঠাইৰেই পাৰ হৈ যোৱা বেদবাথী নৈৰ ওপৰত বহু দশক আগতে (প্ৰায় পাঁচ) সিহঁতে তাতে এটা বান্ধ নিৰ্মাণ কৰিছিল। বেদবাহীৰ সূঁতিটোও (তুংগভদ্ৰ যাক আগহাৰি নামেও জনা যায়, তাৰে এখন উপনৈ)’ শুকাই থাকিল।’

‘তেনেকুৱাই ঘটিছিল,’ পৰিস্থিতিতন্ত্ৰ কেন্দ্ৰ (অনন্তপুৰৰ গ্ৰামীণ বিকাশ ন্যাস)ৰ মাল্লা ৰেড্ডীয়ে কয়। তেওঁৰ দৰে এই ঠাইখিনিৰ কথা খুব কমেইহে জানে। ‘শতিকা পাৰ হৈ গ’ল, নৈখন মৰি থাকিল, কিন্তু সৃষ্টি কৰি থৈ গ’ল এক ভূগৰ্ভস্থ জল ভাণ্ডাৰ যিটোক নিৰৱচ্ছিন্নভাৱে নিষ্কাশন কৰি থকা হৈছে। ইয়ে ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগৰ ইংগিত দিছে।’

সেই দুৰ্যোগ কাষ চাপিছে। ’২০ বছৰ আগতে তাতে এটাও চাগে ব’ৰৱেল নাছিল,’ মৰুভূমিসদৃশ অঞ্চলটোত ১২.৫ একৰ মাটি থকা ৪৬ বৰ্ষীয় ভি. এল. হিমাচলে কয়। ‘বৰ্ষাপুষ্ট খেতিৰে অঞ্চলটো ভৰি আছিল। এতিয়া প্ৰায় ১০০০ একৰ মাটিত প্ৰায় ৩০০-৪০০ মান ব’ৰৱেল আছে। আৰু ৩০-৪০ ফুট খান্দিলেহে পানী ওলায়, কেতিয়াবা তাতোকৈ বেছিও খান্দিবলগীয়া হয়।’ এনেদৰে প্ৰতি তিনি একৰ মাটিত এটাকৈ ব’ৰৱেল পৰে।

সেয়া খুবেই বেছি ঘনত্ব থকা। আনকি অনন্তপুৰতে, মাল্লা ৰেড্ডীয়ে কোৱা মতে ‘প্ৰায় ২৭০,০০০ টা ব’ৰৱেল আছে, যদিও জিলাখনত বহনক্ষমতা ৭০ হাজাৰৰহে আছে। আৰু ইয়াৰে প্ৰায় আধা সংখ্যকতেই এই বছৰ পানী নাই।’

Pujarai Linganna in his field
PHOTO • Rahul M.
Pujarai Linganna with his son P. Honnureddy in their field
PHOTO • P. Sainath

বিশ বছৰ আগতে পুজাৰী লিংগানাই (বাওঁফালেঃ পুত্ৰ পি. হন্নুৰেড্ডীৰ সৈতে সোঁফালে) বোলছবি এখনৰ দৃশ্যগ্ৰহণৰ কাৰণে শস্য উভালি পেলাবলগীয়া হৈছিল। আজি সময়ৰ সোঁতত আৰু মানুহৰ কাৰ্যকলাপৰ ফলত মৰুভূমি সদৃশ সেই অৱস্থা নিজেই আহি পৰিছে (আলোকচিত্ৰবোৰঃ বাওঁফালেঃ ৰাহুল এম./পাৰি। সোঁফালেঃ পি. সাইনাথ/পাৰি)

সেই চন পৰা মাটিত ব’ৰৱেলৰ কি কাম? কিহৰ খেতি কৰা হৈছে? আমি জিলাখনত সততে দেখা পোৱা বাদামৰ খেতিও তাতে কৰা নাই, কৰিছে জোৱাৰৰ খেতি। তাকো কৰা হৈছে বীজ বৃদ্ধি কৰিবলৈ, বজাৰ নাইবা খোৱাৰ বাবে নহয়। এই কামৰ বাবে কোম্পানীবোৰে কৃষকৰ সৈতে চুক্তি কৰিছে। দুটা লগালগি শাৰীত পুং আৰু স্ত্ৰী শস্যৰ পুলি ৰোৱা হৈছে। জোৱাৰৰ দুটা প্ৰজাতিৰ পৰা কোম্পানীবোৰে নতুনকৈ সংকৰ বীজ সৃষ্টি কৰিছে। এই অভিযানত যথেষ্ট পৰিমাণে পানীৰ প্ৰয়োজন হ’ব। বীজ আহৰণৰ পিছত অৱশিষ্ট উদ্ভিদখিনি গৰু-মহৰ বাবে ঘাঁহ হিচাপে ব্যৱহাৰ কৰা হ’ব।

‘বীজ অনুকৃত্যায়ন (replication)ৰ এই কামৰ বাবে আমি প্ৰতি কুইণ্টলত ৩৮০০ টকা পাও,’ পুজাৰী লিংগান্নাই কয়। শ্ৰম আৰু যতনলৈ চাই সেই টকা কম যেনেই লাগে আৰু আচল কথাটো হৈছে সেই বীজকেই কোম্পানীয়ে একে শ্ৰেণীৰ কৃষকৰ ওচৰত অতি উচ্চ দৰত বিক্ৰী কৰিব। একে কামকে কৰা আন এজন খেতিয়ক ৱাই. এছ. শান্তাম্মাই কোৱা মতে তাইৰ পৰিয়ালে প্ৰতি কুইণ্টলত ৩৭০০ টকা পায়।

শান্তাম্মা আৰু তাইৰ জীয়ৰী ভন্দাক্ষীয়ে কয় যে খেতি কৰাৰ ক্ষেত্ৰত পানীৰ সমস্যা নহয়। ‘আমাৰ ঘৰত নলৰ সংযোগ নাই যদিও গাঁৱৰ পৰা সহজেই পানী পাও।’ তেওঁলোকৰ সমস্যা হৈছে পাহাৰ সদৃশ বালিয়ৰিক লৈ। সেয়া দ্ৰুতগতিত বাঢ়িব ধৰিছে। আৰু বহুফুট দঁ বালিত তামোল এখনৰ বাটো খোজ কঢ়াটো কষ্টকৰ হৈ পৰে।

‘আপুনি কৰা সোপাকে কষ্টৰ কাম বালিয়ে পানী কৰিব পাৰে,’ মাকে কয় আৰু জীয়েক পি. হন্নুৰেড্ডীয়ে সন্মতিত মুৰ দুপিয়াই আমাক বালিয়ে ঢাকি পেলোৱা শিৰলুবোৰ দেখুৱালে। তাতে তেওঁলোকে চাৰিদিনমান আগতে হাড় ভঙা শ্ৰম কৰি শাৰী শাৰী পুলি লগাইছিল। এতিয়া সেই শিৰলুবোৰ বালিৰ শিৰলু হৈ পৰিছে। ক্ৰমে বিয়পিব ধৰা শুকান মৰুভূমিৰ এইচোৱা অংশৰ পৰা গাওঁবোৰলৈ তীব্ৰ বতাহ বলাৰ লগতে বালিৰ তীব্ৰ ধুমুহাও বলে।

‘যোৱা তিনিমাহ ধৰি এইখন গাঁৱত বালিৰ বৰষুণ হৈ আছে,’ মৰুভূমিত খেতি কৰা আন এজন খেতিয়ক এম. বাসাই কয়। ‘সেই বালি আমাৰ ঘৰত সোমায়, খাদ্যত পৰে।’ বতাহত বালিবোৰ আহি ওচৰৰ গাওঁবোৰত সোমায়, আনকি দূৰত থকা গাঁওবোৰলৈকো যায়। জাল তৰি নাইবা অতিৰিক্ত দৰ্জা লগালেও ৰেহাই পোৱা নাযায়। ইচিক্কা বৰষম (বালিৰ বৰষুণ) আমাৰ জীৱনৰ অংশ হৈ পৰিছে, আমি অভ্যস্ত হৈ পৰিছোঁ।‘

Honnureddy’s painstakingly laid out rows of plants were covered in sand in four days.
PHOTO • P. Sainath
Y. S. Shantamma
PHOTO • P. Sainath

বাওঁফালেঃ হন্নুৰেড্ডীয়ে মুৰৰ ঘাম মাটিত পেলাই শস্যৰ পুলিবোৰ চাৰিদিনতে বালিয়ে ঢাকি পেলালে। সোঁফালেঃ ৱাই. এছ. শান্তাম্মা আৰু তাইৰ জীয়ৰী ভন্দাক্ষীয়ে কয়, ‘আপুনি কষ্টৰে কৰা কামখিনি সহজেই ই (বালিয়ে) নষ্ট কৰিব পাৰে।’ (আলোকচিত্ৰঃ বাওঁফালেঃ পি. সাইনাথ/পাৰি, সোঁফালেঃ পি. সাইনাথ/পাৰি)

ডি হন্নুৰ গাঁৱৰ বাবে এই বালি আচহুৱা নহয়। ‘মাত্ৰ তাৰ পৰিমাণ খৰতকীয়াকৈ বাঢ়িছে,’ হিমাচলে কয়। বতাহক বাধা দিয়া জোপোহা তৰু-তৃণ আৰু সৰু-সুৰা গছ-গছনিবোৰ নোহোৱা হৈছে। গোলকীকৰণ আৰু বজাৰৰ অৰ্থনীতিৰ প্ৰভাৱৰ কথা হিমাচলে বিজ্ঞৰ দৰেই কৈ গৈছে। ‘এতিয়া আমি সকলো কথাই টকাৰে জোখো। গুল্মজাতীয় উদ্ভিদ, গছ-গছনি আৰু অইন সেউজ ভূমি নাইকিয়া হৈছে কিয়নো মানুহে বাণিজ্যিক হাৰত খেতি কৰাৰ বাবে এক আঙুলো মাটি বাকী ৰাখিব খোজা নাই।’ আৰু ‘যদি বীজবোৰৰ অংকুৰণ নাইবা গাঁজ ওলোৱাৰ সময়ত বালি পৰে, তেতিয়া সম্পূৰ্ণ ক্ষতিসাধন হয়,’ কৃষক এম. টিপ্পাইয়াহে (৫৫) কয়। পানীৰ সুবিধা পোৱা স্বত্বেও শস্যৰ উৎপাদন কমিছে। ‘আমি এক একৰত তিনি কুইণ্টল আৰু খুব ভাল খেতি হ’লে চাৰি কুইণ্টল বাদাম পাও,’ ৩২ বৰ্ষীয় কৃষক কে. চি. হন্নুৰ স্বামীয়ে কয়। জিলাখনৰ গঢ় উৎপাদন প্ৰায় পাঁচ কুইণ্টল।

তেওঁলোকে প্ৰাকৃতিক বতাহ অৱৰোধকৰ একো মোল নুবুজে? ‘তেওঁলোকে কেৱল অৰ্থকৰ উদ্ভিদৰ বাণিজ্যিক মূল্যহে বুজি পায়,’ হিমাচলে কয়। সেই গছবোৰ এই পৰিৱেশৰ সৈতে খাপ নাখায়, এই ঠাইত মুঠেও বৃদ্ধি নহ’ব পাৰে। ‘আকৌ ইফালে চৰকাৰে কৈয়েই থাকে যে আমাক গছ-গছনি ৰুই সহায় কৰিব, কিন্তু কাৰ্যতঃ সেয়া হোৱা নাই।’

‘কিছু বছৰ আগেয়ে বালিয়ৰি অঞ্চলটো পৰিদৰ্শনৰ বাবে ভালেমান চৰকাৰী বিষয়া আহিছিল।’ মৰুভূমিৰ সেই ভ্ৰমণ সুখকৰ নহ’ল, তেওঁলোকৰ এছ.ইউ.ভি. বালিত সোমাই গ’ল। গাঁৱৰ মানুহে ট্ৰেক্টৰ লগাই তেওঁলোকক উদ্ধাৰ কৰিলে। ‘তেতিয়াৰে পৰা তেওঁলোকৰ কাৰোৱে দেখাদেখি নাই,’ মুকান্নাই কয়। এনে সময়ো আহে যেতিয়া ‘বাছ গাঁৱৰ সেইটো মুৰলৈ যাব নোৱাৰা হয়,’ কৃষক মোখা ৰাকেশে কয়।

গুল্মাঞ্চল আৰু বনাঞ্চল নাইকিয়া হোৱাটো সমগ্ৰ ৰায়ালসীমা অঞ্চলৰে সমস্যা হৈ পৰিছে। কেৱল অনন্তপুৰ জিলাতে ১১ শতাংশ মাটিকালি ‘বনাঞ্চল’ হিচাপে বৰ্গীকৰণ কৰা হৈছে। দৰাচলতে বনাঞ্চল ২ শতাংশতকৈও তললৈ নামিছে। ফলত অৱধাৰিত ৰূপত মাটি, পানী, বায়ু আৰু উষ্ণতাৰ ওপৰত প্ৰভাৱ পেলাইছে। এতিয়া হাবি বুলিবলৈ অনন্তপুৰত সকলোতে বায়ুকলেই দেখিব, হাজাৰ হাজাৰ বায়ুকল, আনকি ক্ষুদ্ৰ মৰুভূমিখনো আগুৰি আছে বায়ুকলে। বায়ুকলৰ কোম্পানীয়ে দীঘলীয়া সময়ৰ বাবে লীজত লোৱা নাইবা ক্ৰয় কৰা মাটিত এই বায়ুকলবোৰ ভৰি পৰিছে।

ডি হন্নুৰত মৰূসদৃশ মাটিত খেতি কৰা কেইজনমান কৃষকে আমাক নিশ্চিত কৰি ক’লে যে তাৰে পৰিস্থিতি আগৰে পৰাই তেনেই আছিল। সেই কৈয়েই ক্ষান্ত নাথাকি তেওঁলোকে প্ৰমাণো দাঙি ধৰাৰ চেষ্টা কৰিলে। সেই বালি তাতে আগৰে পৰাই আছিল। কিন্তু বালিৰ ধুমুহা সৃষ্টি কৰিব পৰাকৈ বল বাঢ়িছে। আগতে গুল্ম জাতীয় উদ্ভিদ সেউজ অঞ্চলটোত অধিক আছিল। এতিয়া তেনেই তাকৰীয়া। তেওঁলোকৰ পানীৰ অভাৱ নাছিল, কিন্তু নৈ এখনৰ মৃত্যুৰ কথা আমি পিছতহে জানিবলৈ পাইছিলোঁ। তাতে দুটা দশক আগেয়ে খুব কমেইহে ব’ৰৱেল আছিল, এতিয়া শ শ হৈছে। সকলোৱে যোৱা দুটা দশকত তীব্ৰ জলবায়ু পৰিৱৰ্তন দেখিছে।

বৰষুণৰো তাৰতম্য ঘটিছে। ‘আমাক যেতিয়া বৰষুণ লগা হয়, তেতিয়া আমি এই ধৰক ৬০ শতাংশ মান কম কৈ পাও,’ হিমাচলে কয়। ‘যোৱা কেইটামান বছৰত উগাড়িৰ সময়ত (তেলেগু কেলেণ্ডাৰ মতে নতুন বছৰ, সাধাৰণতে এপ্ৰিলত আৰম্ভ হয়) বৰষুণ কম হৈছে।’ দক্ষিণ-পশ্চিম আৰু উত্তৰ-পূৱ মৌচুমী বায়ুয়ে অনন্তপুৰ স্পৰ্শ কৰিছে যদিও তাৰে কোনো এটাৰ পৰা সম্পূৰ্ণকৈ লাভ হোৱা নাই।

PHOTO • Rahul M.

ওপৰৰ শাৰীতঃ বালি সৰ্বব্যাপী, আন এজন বালিয়ৰিৰ খেতিয়ক এম. বাসাই কয়। ‘আমাৰ ঘৰত সোমায়, আমাৰ খাদ্যত সোমায়।’ তলৰ শাৰীতঃ অনন্তপুৰৰ একমাত্ৰ হাবিখন এতিয়া কেৱল বায়ুকলৰ হাবিলৈ পৰ্যবসিত হৈছে। আলোকচিত্ৰঃ ৰাহুল এম./পাৰি)

যদিওবা কোনো কোনো বছৰত জিলাখনত গঢ়ে বাৰ্ষিক বৰ্ষপাত ৫৩৫ মি.মি. হয়, তথাপি তাৰে সময়, বিস্তৃতি আৰু বিতৰণ খুবেই ভিন্ন। কোনো কোনো বছৰত বৰষুণ শস্যৰ ঋতুত নহৈ শস্য নোহোৱা ঋতুলৈ স্থানান্তৰ হৈছে। কেতিয়াবা ২৪-২৮ ঘণ্টালৈ মুষলধাৰে বৰষুণ হয় আৰু তাৰ পিছত তীব্ৰ খৰাং পৰে। যোৱা বছৰ খেতিৰ সময়ত (জুনৰ পৰা অক্টোবৰ মাহলৈকে) ৭৫ দিনলৈ খৰাং বতৰৰ সমুখীন হ’বলগীয়া হৈছিল। অনন্তপুৰৰ তিনি চতুৰ্থাংশ জনসংখ্যা গ্ৰামাঞ্চলত থাকে আৰু শ্ৰমিকৰ ৮০ শতাংশই কৃষিকাৰ্যত জৰিত (কৃষক নাইবা কৃষি শ্ৰমিক হিচাপে)। সেইমৰ্মে এনে জলবায়ুৰ প্ৰভাৱ বিধ্বংসী।

‘যোৱা দুটা দশকত মাত্ৰ দুটাকৈহে ‘স্বাভাৱিক’ বছৰ দেখা গৈছিল,’ পৰিস্থিতিতন্ত্ৰ কেন্দ্ৰৰ মাল্লা ৰেড্ডীয়ে কয়। ‘বাকী ষোল্লটা বছৰত জিলাখনৰ দুই তৃতীয়াংশৰ পৰা আৰম্ভ কৰি তিনি চতুৰ্থাংশ অঞ্চল খৰাং পিড়ীত বুলি ঘোষণা কৰা হৈছিল। তাৰে ২০ বছৰ আগতে প্ৰতিটো দশকতে তিনিবাৰকৈ খৰাঙে দেখা দিছিল। ১৯৮০ৰ দশকতে দেখা দিয়া পৰিৱৰ্তনে প্ৰতি বছৰে খৰতকীয়া গতি লৈছে।’

এসময়ত বিভিন্ন জোৱাৰ-মাকৈজাতীয় শস্যৰ খেতিৰে ভৰি থকা জিলাখনত এতিয়া বাদামৰ দৰে বাণিজ্যিক শস্যৰ পয়োভৰ ঘটিছে। তাৰ লগে লগে শ শ ব’ৰৱেল শুকাইছে। (ৰাষ্ট্ৰীয় বৃষ্টিনিৰ্ভৰ অঞ্চল প্ৰাধিকৰণৰ এক প্ৰতিবেদন মতে এতিয়া কিছুমান এনে ‘সুৰুঙা আছে যিবোৰত ভূজল শোষণ ১০০ শতাংশ পাৰ হৈ গৈছে।)’

‘চল্লিশ বছৰ আগেয়ে আমাৰ জলবায়ুৰ আৰ্হি স্পষ্ট আছিল- ১০ বছৰত তিনিবাৰ খৰাং- সেয়ে খেতিয়কে জানিছিল খেতি কেতিয়া আৰম্ভ কৰিব লাগে। ৯ৰ পৰা ১২ বিধ ভিন্ন খেতি কৰা হৈছিল আৰু কৃষিচক্ৰ সুস্থিৰ আছিল,’ চি. কে. ‘বাবলু’ গাংগুলীয়ে কয়। তেওঁ টিম্বাকটু কালেক্টিভ নামে এটা বেচৰকাৰী সংস্থা চলায় য়িটোৱে তিনিটা দশক ধৰি এই অঞ্চলটোৰ গ্ৰামীণ দৰিদ্ৰ শ্ৰেণীৰ বাবে অৰ্থনৈতিক উন্নতিৰ হকে কাম কৰি আহিছে। চাৰিটা দশকৰ অভিজ্ঞতাৰে তেওঁ অঞ্চলটোক লৈ সাংঘাতিক অন্তৰ্দৃষ্টি লাভ কৰিছে।

‘বাদামে আফ্ৰিকাৰ চাহেলত যি কৰিলে সেই একেই পৰিস্থিতি আমাৰ ইয়াতো উদ্ভৱ হৈছে উল্লেখ্য যে অনন্তপুৰৰ প্ৰায় ৬৯ শতাংশ খেতি কৰা মাটি বাদাম খেতিয়ে আৱৰি আছে। একক শস্যৰ ফলত জলসংকট তীব্ৰ হৈছে। ছাঁ পৰা ঠাইত বাদাম খেতি হ’ব নোৱাৰে, সেয়ে মানুহে গছবোৰ কাটি পেলাইছে। অনন্তপুৰৰ মাটিৰ গুণাগুণ অৱনমিত হৈছে। জোৱাৰ-মাকৈৰ খেতি নাইকিয়া হৈছে। জলীয় কণা নাইকিয়া হৈছে, বৃষ্টিনিৰ্ভৰ কৃষিকাৰ্য কঠিন হৈ পৰিছে।’ পথাৰত শস্যৰ পৰিৱৰ্তনে কৃষিত মহিলাৰ অংশগ্ৰহণো সলনি কৰিছে। পাৰম্পৰিকভাৱে বৃষ্টিনিৰ্ভৰ শস্যৰ বীজবোৰৰ ৰক্ষণাবেক্ষণৰ দায়িত্বত আছিল মহিলাসকল। অনন্তপুৰত উভৈনদী হৈ পৰা সংকৰ প্ৰজাতিৰ নগদী শস্যৰ বীজ (বাদামকে ধৰি) বজাৰৰ পৰা কৃষকে সংগ্ৰহ কৰিবলৈ ধৰাৰ ফলত মহিলাৰ কাম- কাজ শ্ৰমিকৰ শাৰীতে সীমাবদ্ধ হৈ পৰিছে। তদুপৰি ভিন্ন শস্যৰ খেতি একেখন পথাৰতে কৰাৰ প্ৰজন্মৰ পিছত প্ৰজন্ম বাগৰি অহা কৌশল-অভিজ্ঞতা দুটা প্ৰজন্মতে নিঃশেষ হ’ব ধৰিছে।

PHOTO • Rahul M. ,  P. Sainath

লিংগান্নাৰ নাতিয়েক হন্নুৰ স্বামী (ওপৰৰ শাৰীত বাওঁফালে) আৰু নাগাৰাজু (ওপৰৰ শাৰীত সোঁফালে) এতিয়া মৰুভূমিৰ খেতিয়ক, তেওঁৰ ট্ৰেক্টৰ আৰু গৰুগাড়ীয়ে (তলৰ শাৰীত) বালিত দঁ সাজ বহুৱায়। (আলোকচিত্ৰঃ ওপৰৰ বাওঁফালে আৰু তলৰ সোঁফালেঃ ৰাহুল এম./পাৰি। ওপৰৰ সোঁফালে আৰু তলৰ সোঁফালেঃ পি. সাইনাথ/পাৰি)

পশুখাদ্যৰ ফচল খেতিপথাৰৰ ৩ শতাংশতকৈও কম অংশত কৰা হয়। ‘ক্ষুদ্ৰ পাগুলি খোৱা পশুৰ সংখ্যা অনন্তপুৰত এসময়ত দেশখনৰ ভিতৰতে সৰ্বাধিক আছিল,’ গাংগুলীয়ে কয়। ‘সৰু পশুবোৰ আটাইতকৈ ভাল সম্পদ, লৈ ফুৰিব পৰা, প্ৰাচীন কুৰুবাচসকলৰ দৰে পাৰম্পৰিক পশুপালকৰ দিনৰেপৰা। খেতি চপোৱাৰ পিছৰ সময়চোৱাত পথাৰত জাকে জাকে সেই পশুধনে গোবৰ আৰু মূত্ৰ এৰে যি পিছলৈ সাৰ হৈ পৰে, কিন্তু এতিয়া শস্যৰ ধৰণ আৰু ৰাসায়নিকৰ পয়োভৰৰ ফলত সেই পৰম্পৰা বিচ্ছিন্ন হৈছে। এই অঞ্চলটোৰ পৰিকল্পনাই উপান্ত শ্ৰেণীক শ’লঠেকত পেলাইছে।‘

হন্নুৰৰ হিমাচলে তেওঁৰ চৌদিশে সংকুচিত হ’ব ধৰা কৃষি জৈৱবৈচিত্ৰতাৰ আৰু তাৰ পৰিণামৰ কথা অনুধাৱন কৰিব পাৰিছে। ‘এসময়ত এইখন গাঁৱতেই বাজৰা, মাহজাতীয় শস্য, বুটমাহ, ৰাগী, কণিধান, মুগদাইল, মটৰমাহৰ খেতি হৈছিল...’ তেওঁ তালিকা এখন গাই গ’ল। ‘খেতি সহজেই হয়, কিন্তু বৃষ্টিনিৰ্ভৰ কৃষিৰ পৰা টকা নাহে।’ বাদামৰ পৰা আহে, সাময়িকভাৱে।

বাদামৰ শস্যচক্ৰ হৈছে ১১০ দিনীয়া। এইখিনি সময়ত ই কেৱল মাটিখিনিক অৱক্ষয় হোৱাৰ পৰা ৬০-৭০ দিন মানৰ কাৰণে ৰক্ষা কৰে। আগতে ন-বিধ ভিন্ন মাহজাতীয় শস্যৰ খেতি কৰাৰ সময়ত বছৰটোত জুন মাহৰ পৰা ফেব্ৰুৱাৰী মাহলৈ ভূ-ভাগ আচ্ছাদিত হৈ থকাৰ ফলত অৱক্ষয়ৰ পৰা সুৰক্ষিত হৈ আছিল। সকলো সময়তে মাটিত ইবিধ নহয় সিবিধ শস্য আছিল।

হন্নুৰত হিমাচল চিন্তাত পৰিছে। তেওঁ জানে যে ব’ৰৱেল আৰু নগদী শস্যই খেতিয়কলৈ লাভ আনিব। সেই ধাৰা দুৰ্বল হৈ পৰা আৰু জীৱিকাৰ উপায় সংকুচিত হৈ অহাৰ ফলত বৃহৎ হাৰত হোৱা প্ৰব্ৰজন হোৱা তেওঁ বুজিব পাৰিছে। ‘প্ৰায় ২০০ৰো অধিক পৰিয়ালে বাহিৰত কাম কৰিবলৈ গৈছে,’ হিমাচলে কয়। অনন্তপুৰৰ বম্মানহাল মণ্ডলৰ এইখন গাঁৱৰ ২০১১ৰ লোকপিয়ল মতে থকা ১,২২৭ পৰিয়ালৰ সেয়া ছ-ভাগৰ এভাগ। ‘৭০ৰ পৰা ৮০ শতাংশ পৰিয়ালেই ধাৰত ডুবি আছে,’ তেওঁ কয়। দুটা দশক ধৰি অনন্তপুৰত কৃষি সংকটে গা কৰি উঠিছে আৰু কৃষকৰ আত্মহত্যাৰে অন্ধ্ৰপ্ৰদেশৰ এইখন সমস্যাজৰ্জৰ জিলাখন সৰ্বাধিক ক্ষতিগ্ৰস্ত এলেকাত পৰিণত হৈছে।

Pujari Linganna standing outside his house
PHOTO • P. Sainath
Palthuru Mukanna
PHOTO • Rahul M.
V. L. Himachal
PHOTO • P. Sainath

বাওঁফালেঃ পুজাৰী লিংগান্না (আলোকচিত্ৰঃ পি. সাইনাথ/পাৰি)। সোঁমাজতঃ পালথুৰু মুকান্না (আলোকচিত্ৰঃ ৰাহুল এম./পাৰি)। সোঁফালেঃ ভি. এল. হিমাচল (আলোকচিত্ৰঃ পি. সাইনাথ/পাৰি)

‘ব’ৰৱেলৰ দিন শেষ,’ মাল্লা ৰেড্ডীয়ে কয়। ‘তাৰ লগে লগে নগদী শস্য আৰু এক-শস্যকৰণৰো দিনো নাই।’ ‘অজান বজাৰৰ কাৰণে পণ্য সৃষ্টি’ৰ বাবে দৰে উৎপাদনৰ পৰা সেৱনৰ দিশলৈ অগ্ৰসৰ হৈছে।’

যদি জলবায়ু পৰিৱৰ্তন মানে হৈছে প্ৰকৃতিয়ে পুনৰ্স্থাপনৰ দিশে অগ্ৰসৰ হোৱা, তেন্তে আমি হন্নুৰ আৰু অনন্তপুৰত দেখা সেয়া কি? আকৌ আমাক বৈজ্ঞানিকসকলে কয় যে জলবায়ু পৰিৱৰ্তন বৃহৎ অঞ্চল আৰু পৰিমণ্ডলত ঘটে, তেন্তে হন্নুৰ আৰু অনন্তপুৰ হৈছে মাত্ৰ প্ৰশাসনিক একক, জলবায়ু পৰিৱৰ্তনৰ বাবে বিবেচিত হ’বলৈ তেনেই ক্ষুদ্ৰ একক। এনেকুৱা হ’ব পাৰে নেকি যে বৃহৎ অঞ্চলৰ চিত্ৰপট সলনি হোৱাৰ সময়ত কেতিয়াবা তাৰ অন্তৰ্গত উপ- অঞ্চলৰ বিদ্যমান প্ৰাকৃতিক বৈশিষ্টগত দিশৰ পৰিৱৰ্তন ঘটিব পাৰে?

অনন্তপুৰত এই পৰিৱৰ্তনৰ কাৰণ হৈছে মানৱ হস্তক্ষেপ। ‘ব’ৰৱেলৰ মহামাৰী’ৰ পৰা আৰম্ভ কৰি বাণিজ্যিক শস্যৰ পয়োভৰ আৰু একেবিধ শস্যৰে খেতি; তাৰ লগে লগে জলবায়ু পৰিৱৰ্তনক বাধা দিব পৰা অনন্তপুৰৰ একমাত্ৰ ভৰসা জৈৱ বৈচিত্ৰতাৰ পতন; ভূগৰ্ভস্থ জল ভাণ্ডাৰৰ নিঃশেষ হোৱাৰ দিশে গতি কৰা; সেউজ পৰিস্থিতিতন্ত্ৰক বিস্তৰ ক্ষতিসাধন আৰু বিষম হাৰত ভূ-

অৱক্ষয়; উদ্যোগচালিত ৰাসায়নিক কৃষিৰ পয়োভৰ; কৃষি আৰু বনাঞ্চলৰ মাজত, পশুপালক আৰু কৃষকৰ পাৰস্পৰিক সম্পৰ্ক নিশকতীয়া কৰি তোলা; জীৱিকা আৰু নৈৰ মৃত্যু- এই সকলোবোৰে বৰ্দ্ধিত উষ্ণতা, বতৰ আৰু জলবায়ু পৰিৱৰ্তনত প্ৰভাৱ পেলাইছে। যাৰ ফলত এই প্ৰক্ৰিয়াবোৰ খৰতকীয়া হৈ পৰিস্থিতি অধিক অৱনতিৰ ফালে গতি কৰিছে।

যদি অৰ্থনীতি আৰু উন্নয়নৰ আৰ্হিৰে পৰিচালিত মানৱীয় কাৰ্যকলাপ বিভ্ৰান্তিৰ দিশে গতি কৰে, তেন্তে আমাৰ পৰিৱৰ্তনৰ ওপৰত পৰা প্ৰভাৱৰ অন্যতম কাৰক সিয়ে হ’ব। সেয়ে এই অঞ্চলটোৰ পৰা আৰু তেনে আন বহুতো অঞ্চলৰ পৰা বহুখিনি শিকিবলগীয়া আছে।

‘আমি হয়তো ব’ৰৱেলবোৰ বন্ধ কৰি পুনৰাই বৃষ্টিনিৰ্ভৰ খেতিলৈ উভতি যোৱা উচিত, কিন্তু সেই বাটো কণ্টকময়।’

পি. সাইনাথ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰতিস্থাপক সম্পাদক।

বেটুপাতৰ আলোকচিত্ৰঃ ৰাহুল এম./পাৰি

দেশব্যাপী জলবায়ু পৰিৱৰ্তনৰ ওপৰত পাৰিয়ে কৰা প্ৰতিবেদনৰ প্ৰকল্পটো হৈছে সৰ্বসাধাৰণ মানুহৰ জীৱন্ত অভিজ্ঞতা আৰু মাত-কথাৰ জৰিয়তে জলবায়ু পৰিৱৰ্তনৰ পৰিঘটনাক লিপিবদ্ধ কৰাৰ বাবে ইউএনডিপি সমৰ্থিত পদক্ষেপৰ এক অংশ।

এই প্ৰতিবেদন পুনৰ প্ৰকাশ কৰিব বিচাৰে নেকি? তেন্তে অনুগ্ৰহ কৰি Cc-ত [email protected] ৰাখি এই ইমেইল ঠিকনালৈ লিখক- [email protected]

পংকজ দাস এগৰাকী সাংবাদিক, অনুবাদক আৰু অসমীয়া নিউজ পৰ্টেল newsnextone.com ৰ সহ-প্ৰতিস্থাপক। যোগাযোগৰ ইমেইল আইডি [email protected]

পি সাইনাথ পিপল’ছ আৰ্কাইভেল অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰতিষ্ঠাপক সম্পাদক।‘এভ্ৰিবডী লাভছ আ গুড ড্ৰট’ ৰ লেখক সাইনাথে কেবাদশক ধৰি গ্ৰাম্য সাংবাদিকতা কৰি আহিছে।তেখেতৰ

Other stories by P. Sainath