ঘূৰ্ণীবতাহৰ দুৰ্বিসহ দিনৰ স্মৃতি কাজল লতা বিশ্বাসৰ চকুৰ আগত এতিয়াও জলজল পটপট হৈ ভাঁহি উঠে। ২০০৯ৰ ২৫ মে’ত অহা আইলাই সুন্দৰনবনত ধ্বংসলীলা চলোৱাৰ আজি ১০ বছৰ হৈ গ’ল, কিন্তু সেই দুৰ্যোগে দিয়া ঘাঁটুকুৰা এতিয়াও শুকোৱা নাই।

বেলি মুৰৰ ওপৰেৰে পাৰ হৈছিল মাত্ৰ। ‘নৈৰ পানী (কালিন্দী) গাওঁখনত হোৰাহোৰে সোমাই আহিছিল আৰু ঘৰবোৰ পানীত বুৰ গৈছিল,’ কাজল লতাই কয়। তাই কুমিৰমাৰী গাঁৱত সম্পৰ্কীয় এগৰাকীৰ ঘৰত আছিল, তাইৰ গোবিন্দকাতি গাঁৱত থকা নিজ ঘৰৰ পৰা সাত কিলোমিটৰমান দূৰত। ‘আমাৰ ৪০-৫০ জন মানে এখন নাঁৱত আশ্ৰয় লৈছিলো, তাতেই গোটেই দিনটো আৰু ৰাতিটো থাকিছিলোঁ। গছ, নাও, গৰু-ছাগলী আৰু কঠিয়া আদি উটুৱাই নিয়া দেখিছিলোঁ। ৰাতি আমি একো এটা দেখা নাছিলোঁ। আনকি দিয়াশলাইৰ কাঠিবোৰো সেমেকি গৈছিল। বিজুলী ঢেৰেকনি মাৰিলেহে দেখিছিলোঁ।’

ঘৰৰ বাহিৰত বহি দুপৰীয়াৰ আহাৰৰ কাৰণে মাছ বাছি থকা ৪৮ বৰ্ষীয় কৃষক কাজল লতাই কৈ গ’ল, ‘সেই ৰাতিটো পাহৰিব নোৱাৰোঁ। এটোপাল খোৱাপানী নাছিল। এটা পলিথিনৰ মোনাত মই অকণমান বৰষুণৰ পানী ধৰিছিলো। সেই পানীৰে পিয়াহত আতুৰ হোৱা মোৰ ছোৱালী দুজনী আৰু ভতিজীৰ ওঠকেইটা তিঁয়াই দিছিলোঁ।’ কথাখিনি কওঁতে তাইৰ মাতটো কঁপি উঠিল।

পিছদিনা পুৱা নাও লৈ তেওঁলোকে নিজৰ গাওঁখনত উঠিছিল। বানৰ পানী ভাঙি ঘৰ সোমাইছিল। ‘মোৰ ১৭ বছৰীয়া ডাঙৰজনী ছোৱালী তনুশ্ৰী প্ৰায় ডুবেই গৈছিল। ভাগ্যে তাই খুড়ীয়েকৰ চাদৰত ধৰি কোনোমতে বাচিল,’ কথাখিনি কওঁতে কাজল লতাৰ চকুত সেই মুহূৰ্তটোৰ আশংকাৰ ছবি ভাঁহি উঠিল। 

২০১৯ৰ মে’ মাহত তাইৰ সেই ভয় তাইৰ ২৫ বছৰীয়া সৰুজনী ছোৱালী অনুশ্ৰীৰ বিয়াৰ সময়ত অহা ফনি নামৰ ঘূৰ্ণীবতাহে আকৌ জগাই তুলিলে।

Kajal Lata Biswas cutting fresh fish
PHOTO • Urvashi Sarkar
PHOTO • Urvashi Sarkar

গোবিন্দকাতি গাঁৱৰ নিজ ঘৰৰ বাৰান্দাত মাছ বাচি থকা মুহূৰ্তত কাজল লতা বিশ্বাসে ঘূৰ্ণীবতাহৰ আগমনৰ সময়ৰ ভয়াৱহতাৰ কথা মনত পেলাইছে; তাইৰ গাঁৱৰ সেই জুপুৰীবোৰত ধান মজুত কৰা হয় আৰু খেতি নষ্ট হৈ গৈছে

বিয়াৰ দিন ঠিক কৰা হৈছিল ৬ মে’। ফনিৰ আগমনৰ কথা পঞ্চায়তে লাউডস্পিকাৰেৰে আৰু চৰকাৰে অনাতাঁৰ যোগে কেইদিনমান আগেয়ে প্ৰচাৰ কৰা আৰম্ভ কৰিছিল। ‘আমাৰ দুৰ্দশা আৰু শংকিত অৱস্থাটো কল্পনা কৰকচোন,’ কাজললতাই কয়। ‘বিয়াখনৰ সকলো আয়োজন ধুমুহা বতাহ-বৰষুণে নষ্ট কৰিব বুলি আমি ভয় খাইছিলো। বিয়াৰ কিছুদিন আগতে বৰষুণ দিবলৈ ধৰিছিল। কিন্তু ভাগ্যক্ৰমে আমাৰ গাওঁখনত ঘূৰ্ণীবতাহে ক্ষয়-ক্ষতি নকৰিলে,’ স্বস্থিৰ নিশ্বাস এৰি তাই কয়।

২ মে’ত ভাৰতীয় বতৰবিজ্ঞান বিভাগে অন্ধ্ৰপ্ৰদেশ, ওড়িশা (যিখন ৰাজ্য সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছিল) আৰু পশ্চিম বংগত ফনিৰ আগমনৰ সতৰ্কতাবাণী জাৰী কৰিছিল। ৮০ বৰ্ষীয় বৃদ্ধ খেতিয়ক আৰু ৰজত জুবিলি গাঁৱৰ প্ৰাক্তন শিক্ষক প্ৰফুল্ল মণ্ডলে ফনিৰ অনুভৱ বৰ্ণনা দি ক’লেঃ ‘সুন্দৰবনৰ নিচেই কাষেৰে ফনি পাৰ হৈ গৈছিল। বতাহৰ শব্দ আমাৰ কাণত বাজিছিল। আমাৰ গাঁওখন ঘূৰ্ণীবতাহৰ কবলত পৰা হ’লে আমাৰ ঘৰ-বাৰী সকলো ধূলিস্যাৎ হৈ গ’লহেঁতেন...’  

মণ্ডল আৰু কাজল লতা দুয়োজনেই জানে যে সুন্দৰবনত ঘূৰ্ণীবতাহ অহাটো স্বাভাবিক। পশ্চিমবংগ চৰকাৰৰ দুৰ্যোগ ব্যৱস্থাপনা আৰু অসামৰিক সুৰক্ষা বিভাগে দক্ষিণ আৰু ২৪ পাৰগনা জিলাক ঘূৰ্ণীবতাহৰ ‘অত্যাধিক ক্ষতিশংকা প্ৰৱণ মণ্ডল’ হিচাপে তালিকাভূক্ত কৰিছে।

দক্ষিণ ২৪ পাৰগনা জিলাৰ গোচাবা খণ্ডত মণ্ডলৰ গাওঁ আৰু উত্তৰ পাৰগনা জিলাৰ হিঞ্জালগঞ্জ খণ্ডত কাজল লতাৰ গাঁও। পশ্চিমবংগৰ উত্তৰ ২৪ পাৰগনাৰ ৬টা খণ্ড আৰু দক্ষিণ ২৪ পাৰগনাৰ ১৩ টা খণ্ড মিলি ভাৰতৰ অংশত পৰা সুন্দৰবন গঠিত হৈছে। উপৰোক্ত দুটা খণ্ডও তাৰে অন্তৰ্গত।

ভাৰত আৰু বাংলাদেশৰ ভূমিত প্ৰায় ১০,২০০ বৰ্গকিলোমিটাৰ মাটিকালিত বিস্তৃত সুন্দৰবন বোধকৰোঁ গোটেই বিশ্বৰ ভিতৰতে বৃহৎ মেনগ্ৰোভ বনাঞ্চল বুলি জনা যায়। ‘সুন্দৰবন বনাঞ্চলখন বিশ্বৰ সৰ্বাধিক প্ৰাচুৰ্যপূৰ্ণ পৰিস্থিতিতন্ত্ৰৰ ভিতৰত এটা...’ বিশ্ব বেংকৰ সুন্দৰবনৰ বহনক্ষম উন্নয়নৰ বাবে স্থিতিস্থাপকতা নিৰ্মাণ  শীৰ্ষক ২০১৪ৰ প্ৰতিবেদনখনত এই কথা কোৱা হৈছে। ‘সুন্দৰবনৰ সমগ্ৰ মেনগ্ৰোভ বনাঞ্চলক তাৰ ব্যতিক্ৰমী জৈৱবৈচিত্ৰকে ধৰি বিভিন্ন সংকটাপন্ন প্ৰজাতি যেনে ৰয়েল বেংগল টাইগাৰ, লুণীয়া পানীৰ ঘৰিয়াল, ভাৰতীয় অজগৰ, আৰু ভিন্ন প্ৰজাতিৰ ডলফিনৰ বাবে বিখ্যাত। সুন্দৰবন হৈছে ভাৰতত পোৱা ১০ শতাংশ স্তন্যপায়ী আৰু ২৫ শতাংশ পক্ষীৰ ঘৰ।’ 

ভাৰতত ৪২০০ বৰ্গকিলোমিটাৰ আয়তনৰ সুন্দৰবনখন ৪৫ লাখ মানুহৰ বসতিস্থল। তাৰে বহুতেই দাঁতিকাষৰীয়া দূৰ্গম ভূ-ভাগত প্ৰতিকুল বতৰ নেওচি কোনোমতে জীৱিকা নিৰ্বাহ কৰে।

আইলাৰ পিছত যদিও অঞ্চলটোত কোনো ডাঙৰ ঘূৰ্ণীবতাহ অহা নাই, তথাপি অঞ্চলটো বিপদমুক্ত হৈ থকা নাই। ভাৰতীয় প্ৰযুক্তি প্ৰতিস্থান, খৰগপুৰ-এ পশ্চিমবংগ চৰকাৰৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ হৈ কৰা ২০০৬ৰ এক অধ্যয়নৰ প্ৰতিবেদনত কৈছে যে ১৮৯১ৰ পৰা ২০০৪লৈ ৰাজ্যখনে ৭১বাৰ ঘূৰ্ণীবতাহৰ সমুখীন হৈছে। সেইখিনি সময়ত দক্ষিণ ২৪ পাৰগনা জিলাৰ গোচাবা খণ্ড ছবাৰকৈ প্ৰচণ্ড আৰু ১৯ বাৰ স্বাভাৱিক ঘুৰ্ণীবতাহৰ কবলত পৰা আটাইতকৈ ক্ষতিগ্ৰস্ত অঞ্চল। 

PHOTO • Urvashi Sarkar

ৰজত জুবিলী গাঁৱত ৮০ বছৰীয়া প্ৰফুল্ল মণ্ডলৰ ওপৰৰে বহু ধুমুহা পাৰ হৈ গৈছে, কিন্তু তেওঁৰ পৰিয়ালে এতিয়া অনিয়মীয়া বতৰৰ চিকাৰ হ’বলগীয়া হৈছে 

প্ৰফুল্লই আইলাৰ আগৰ ঘূৰ্ণীবতাহৰ কথা এনেদৰে সোঁৱৰে। ‘মই ১৯৯৮ৰ ঘূৰ্ণীবতাহ (স্বাধীনতাৰ পিছত পশ্চিমবংগত হোৱা ‘আটাইতকৈ প্ৰৱল ঘূৰ্ণীবতাহ’ বুলি যাক গণ্য কৰা হয়, আইলাতকৈও শক্তিশালী সেয়া আছিল এক গুৰুতৰ ঘূৰ্ণীবতাহ)ৰ প্ৰচণ্ড আৰু বিধ্বংসী ৰূপ পাহৰিব নোৱাৰো। তাৰে আগতেও ১৯৮৮ৰ ভূমিকম্পৰ কথা মোৰ মনত পৰে।

ধুমুহাবিধ্বস্ত অতীত থকা স্বত্বেও ঘূৰ্ণীবতাহ জনিত চাপ (সামূদ্ৰিক উপকুলত প্ৰতি ঘণ্টাত ৩১ৰ পৰা ৬০ কিলোমিটাৰ বেগত চলা এক অস্থিৰ উষ্ম বতাহ, ঘূৰ্ণীবতাহৰ বেগ ৬২ৰ পৰা ৮২ কি.মি. প্ৰতি ঘণ্টাতকৈ কম বেগ) গাংগেয় বদ্বীপত (সুন্দৰবনখন য’ত অৱস্থিত) যোৱা ১০ বছৰত ২.৫ গুণ বাঢ়িছে। কলকাতাৰ এগৰাকী সমুদ্ৰবিজ্ঞানী ড. অভিজিত মিত্ৰই ২০১৯ত লিখা তেওঁৰ গ্ৰন্থ Forests in India. Exploring  Ecosystem Services-ত  এই কথা লিখিছে। ‘তাৰমানে ঘূৰ্ণীবতাহ সঘনাই হ’বলৈ ধৰিছে।’ 

অইন ভালেকেইটা অধ্যয়নতো এই কথা প্ৰমাণিত হৈছে যে বংগ উপত্যকাত ঘূৰ্ণীবতাহৰ ঘটনা বাঢ়িছে। ডাইভাৰ্চিটি পত্ৰকাখনত ২০১৫ত প্ৰকাশিত এক অধ্যয়নত ঘূৰ্ণীবতাহৰ ঘটনা ১৮৮১ৰ পৰা ২০০১ৰ ভিতৰত ২৬ শতাংশ বৃদ্ধি পোৱা বুলি কোৱা হৈছে। বংগ উপত্যকাত ১৮৭৭ৰ পৰা ২০০৫ৰ ভিতৰত মে’, অক্টোবৰ আৰু নৱেম্বৰ মাহৰ ঘূৰ্ণীবতাহৰ উপলব্ধ তথ্য ব্যৱহাৰ কৰি ২০০৭ত প্ৰকাশিত এক অধ্যয়ন মতে গুৰুতৰ ঘূৰ্ণীবতাহৰ ঘটনা সেইকেইটা মাহত যোৱা ১২৯ বছৰত সাংঘাতিক ধৰণে বাঢ়িছে।

আংশিকভাবে ইয়ে সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধিত অৰিহণা যোগাইছে (জাৰ্নেল অব আৰ্থ চায়েন্স এণ্ড ক্লাইমেট চেইঞ্জ-ত প্ৰকাশিত এখন গৱেষণা পত্ৰ মতে)। ভাৰতৰ সুন্দৰবনত এই উচ্চতা বৃদ্ধিৰ হাৰ হৈছে ১৯৮০ৰ পৰা ২০০৭ৰ মাজৰ কালচোৱাত দশকে প্ৰতি ০.৫ ডিগ্ৰী ছেলচিয়াছ। এই হাৰ গোলকীয়া উষ্ণতা বৃদ্ধিৰ হাৰ ০.০৬ ডিগ্ৰী ছেলচিয়াছতকৈ বেছি।    

ইয়াৰ পৰিণাম আকস্মিক দুৰ্যোগৰ ৰূপত দেখা দিছে। ‘সুন্দৰবনত ২০০৯ত অন্তিমটো গুৰুতৰ ঘূৰ্ণীবতাহৰ আগমন ঘটিছিল যদিও বংগ উপত্যকাৰ উত্তৰাঞ্চলত অহা তাৰ পৰৱৰ্তী ঘূৰ্ণীবতাহৰ ফলত সঘনে মথাউৰি ভাঙিছে আৰু ভূ-ভাগ পানীত ডুব গৈছে।’

PHOTO • Urvashi Sarkar

অইন বহুতো পৰিৱৰ্তনৰ লগতে সাগৰপৃষ্ঠৰ উচ্চতা আৰু উষ্ণতা বঢ়াৰ ফলত সুন্দৰবনৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে  

মথাউৰিয়ে সুন্দৰবনত ঘূৰ্ণীবতাহ আৰু সাগৰ পৃষ্ঠৰ ওফন্দি অহাৰ ফলত হ’ব পৰা ক্ষতি ৰোধ কৰি সুৰক্ষা দিয়াত প্ৰমূখ ভূমিকা পালন কৰে। এই কথা বিশ্ববেংকৰ প্ৰতিবেদনত কোৱা হৈছে। পৰিৱৰ্তিত জলবায়ুৰ পৰিপ্ৰেক্ষিতত বদ্বীপৰ অৱক্ষয়, সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি, আৰু ঘূৰ্ণীবতাহৰ প্ৰাৱল্য বৃদ্ধি আদিয়ে সুন্দৰবনৰ বাসিন্দা আৰু তেওঁলোকৰ আয়ৰ উৎসৰ প্ৰতি নিৰন্তৰ ভাবুকি বৃ্দ্ধি কৰিছে আৰু ১৯ শতিকাৰ ৩৫০০ কিলোমিটাৰ জোৰা মথাউৰি ব্যৱস্থা দুৰ্বল হৈ পৰাৰ ফল তেওঁলোকে ভূগিছে…।’

বিশ্ব বন্যপ্ৰাণী ফাণ্ডৰ ২০১১ৰ এক গৱেষণা পত্ৰৰ মতে সুন্দৰবনৰ সাগৰ দ্বীপৰ নিৰিক্ষণগৃহৰ পৰা ২০০২-২০০৯ৰ সাগৰপৃষ্ঠৰ মধ্যমান প্ৰতি বছৰে ১২ মি.মি.কৈ বৃদ্ধি পাইছে, ২৫ বছৰৰ হিচাপত এই হাৰ হৈছে ৮ মি.মি.।

উষ্ণতা বৃদ্ধি আৰু সাগৰপৃষ্ঠৰ বৰ্ধিত উচ্চতাই মেনগ্ৰোভৰ ওপৰতো বিৰূপ প্ৰভাৱ পেলাইছে। মেনগ্ৰোভ বনাঞ্চলে উপকূলীয় ভূ-ভাগক ঘূৰ্ণীবতাহ আৰু খহনীয়াৰ পৰা সুৰক্ষা দিয়ে আৰু মাছ-কাছকে ধৰি অইন বিভিন্ন প্ৰজাতিৰ জীৱৰ বাবে প্ৰজনন স্থল হিচাপে কাম কৰে। তদুপৰি ৰয়েল বেংগল টাইগাৰৰো ই বসতিস্থল। যাদৱপুৰ বিশ্ববিদ্যালয়ৰ স্কুল অৱ অচিয়েনোগ্ৰাফিক ষ্টাডিজৰ ২০১০ৰ ‘সুন্দৰবনৰ সাময়িক পৰিৱৰ্তন চিনাক্তকৰণ অধ্যয়ন (২০০১-২০০৮)’ শীৰ্ষক এখন গৱেষণাপত্ৰ মতে সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি আৰু ঘূৰ্ণীবতাহে সুন্দৰবনৰ মেনগ্ৰোভৰ সেউজ আচ্ছাদন কম কৰাৰ ফলত বৃহৎ মেনগ্ৰোভ অঞ্চলটোৰ গুৰুতৰ ক্ষতিসাধন হৈছে। 

ৰজত জুবিলী গাঁৱৰ অৰ্জুন মণ্ডলে সুন্দৰবনৰ পৰিস্থিতিতন্ত্ৰৰ ক্ষেত্ৰত মেনগ্ৰোভৰ গুৰুত্ব ভালদৰে বুজি পায়। সুন্দৰবন গ্ৰামীণ বিকাশ সমাজ নামে এটা বেচৰকাৰী সংস্থাৰ সৈতে তেওঁ কাম কৰিছিল। ‘সকলোৱে জলবায়ু পৰিৱৰ্তনৰ কথা শুনিছে, কিন্তু ই কেনেদৰে আমাৰ ক্ষতি কৰিছে? আমি এইবিষয়ে বিতংকৈ জনা উচিত,’ ২০১৯ৰ মে’ মাহত তেওঁ মোক কৈছিল।

২০১৯ৰ জুন মাহত পিৰ্খালি বনত কেঁকোৰা ধৰিবলৈ যাওঁতে অৰ্জুনক বাঘে ধৰি নিছিল। সুন্দৰবনত বাঘে মানুহ আক্ৰমণ কৰাৰ ঘটনা বহুদিন ধৰি চলি আহিছে। সাগৰপৃষ্ঠৰ বৰ্ধিত উচ্চতাৰ ফলত বনাঞ্চলৰ খহনীয়া বাঢ়িছে আৰু মানুহৰ বসতিস্থলৰ সৈতে বাঘ সংস্পৰ্শলৈ আহিছে।

এফালে ঘূৰ্ণীবতাহে সঘনে ধ্বংসলীলা চলায়, আনফালে পানীত লৱণৰ পৰিমাণ বাঢ়িব ধৰিছে, বিশেষকৈ কেন্দ্ৰীয় সুন্দৰবন অঞ্চলত য’ত গোচাবা পৰে। ‘...লৱণাক্ত পানী লক্ষণীয় হাৰত বঢ়াৰ ফলত পৰিস্থিতিতন্ত্ৰৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিছে, এনেদৰে সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধিৰ লগতে বদ্বীপ অঞ্চলটোলৈ বৈ অহা সতেজ পানী হ্ৰাস পাইছে,’ এয়া বিশ্ব বেংকৰ প্ৰতিবেদনৰ তথ্য।

PHOTO • Urvashi Sarkar
PHOTO • Urvashi Sarkar

সুন্দৰবনত কৃষি আৰু মাটিৰ লৱণতা নিয়ন্ত্ৰণৰ গুৰুত্বপূৰ্ণ ভূমিকা লোৱা বিস্তিৰ্ণ মথাউৰি সাগৰপৃষ্ঠৰ বৰ্দ্ধিত উচ্চতাই নিৰন্তৰ খহাই নিব ধৰিছে 

ড. মিত্ৰই লিখা গৱেষণা পত্ৰ এখনত সুন্দৰবনক ‘উচ্চ-লৱণযুক্ত’ বুলি কোৱা হৈছে। ‘সুন্দৰবনৰ কেন্দ্ৰীয় অংশত সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধিৰ ফলত পানীত লৱণৰ মাত্ৰা বৃদ্ধি পাইছে। ইয়াৰ জলবায়ু পৰিৱৰ্তনৰ সৈতে সম্পৰ্ক আছে,’ ড. মিত্ৰই কয়।

বিদ্যাধৰি নদীৰ গেদৰ পৰিমাণ বৃদ্ধি হোৱাৰ ফলত হিমালয়ৰ পৰা সুন্দৰবনৰ কেন্দ্ৰীয় আৰু পূৰ্বাঞ্চললৈ সতেজ জলধাৰ আহি পোৱাত বাধাৰ সৃষ্টি হোৱা বুলি অইন গৱেষকৰ পৰ্যবেক্ষণত প্ৰকাশ পাইছে। ভূমি সংশোধন, খেতি, নলাৰ বোকাপানী আৰু মীনপালনৰ বৰ্জ্য পদাৰ্থ নিক্ষেপ আদিৰ ফলতো এনে পৰিস্থিতিৰ উদ্ভৱ হোৱা বুলি গৱেষকে কয়। ১৯৭৫ত পশ্চিমবংগৰ মুৰ্ছিদাবাদত গংগা নদীৰ ওপৰত ফাৰাক্কা বান্ধ নিৰ্মাণৰ ফলত কেন্দ্ৰীয় সুন্দৰবনত লৱণৰ পৰিমাণ বাঢ়িছে।

ৰজত জুবিলিৰ মণ্ডল পৰিয়ালে উচ্চ লৱণোদক মাটিৰ প্ৰভাৱৰ কথা বুজি পায়। আইলাৰ পিছত তেওঁলোকৰ হাতত তিনি বছৰ ধৰি বিক্ৰী কৰিবলৈ ধান উৎপাদিত হোৱা নাছিল। তেওঁলোকে আগতে চাউল বেছি ১০-১২ হাজাৰ টকা পাইছিল। এতিয়া তাৰো মুধা মৰিল। ‘ধানখেতি নাইকিয়া হোৱাৰ ফলত কাৰখানা আৰু নিৰ্মাণখণ্ডৰ শ্ৰমিকৰ কাম বিচাৰি মানুহবোৰ তামিলনাডু, কৰ্ণাটক, গুজৰাট আৰু মহাৰাষ্ট্ৰলৈ যাবলৈ ধৰাত গাঁৱত মানুহ নাইকিয়া হ’বলৈ ধৰিলে,’ প্ৰফুল্লই মনত পেলায়।

ৰাজ্যজুৰি আইলাই ২ লাখ হেক্টৰ শস্যপথাৰ আৰু ৬০ লাখ মানুহৰ ক্ষতি কৰিছে। তদুপৰি সেই বিধ্বংসী ধুমুহাত ১৩৭ জনৰ মৃত্যু হোৱাৰ লগতে ১০ লাখ ঘৰ ধ্বংস হৈছে। ‘গাঁৱৰ এনে এজন মানুহ নাই যাৰ ক্ষতি হোৱা নাই,’ প্ৰফুল্লই কয়। ‘মোৰ ঘৰ ভাঙিছিল আৰু খেতিও নষ্ট হৈছিল। মই ১৪ টা ছাগলী হেৰুৱাইছিলো আৰু তিনি বছৰলৈ খেতি কৰিব পৰা নাছিলো। সকলো শূন্যৰ পৰা আৰম্ভ কৰিবলগীয়া হৈছিল। সেই বছৰকেইটা বহু কষ্টৰে পাৰ হৈছিল। মই বাঢ়ৈৰ কামকে ধৰি বিভিন্ন কাম কৰি পেট পুহিছিলো।’ 

আইলাৰ ফলত মাটি-পানীৰ লুণীয়া গুণ বঢ়াত উৎপাদন কমিল, পৰিণাম স্বৰূপে কাজল লতাৰ পৰিয়ালে তেওঁলোকৰ ২৩ বিঘা মাটিৰ ছয় বিঘা মাটি বিক্ৰী কৰিবলগীয়া হয়। ‘মাটি অত্যাধিক লৱণযুক্ত হোৱাৰ ফলত দুটা বছৰত এডালো ঘাঁহ-বন গজা নাছিল। লাহে লাহে খোৱাৰ জোখাৰে সৰিয়হ, বন্ধাকবি, ফুলকবি আৰু লাউ আদিৰ খেতি হ’বলৈ ধৰিছে,’ তাই কয়। ‘শ’ল, মাগুৰ, ৰৌ আদি মাছ থকা পুখুৰী এটাও আমাৰ আছিল, তাৰ পৰা ২৫ৰ পৰা ৩০ হাজাৰ টকা বছৰি উপাৰ্জন হৈছিল। কিন্তু আইলাৰ পিছত পানী সাংঘাতিক লুণীয়া হৈ পৰিল, ফলত মাছো নাইকিয়া হৈ গ’ল।’

PHOTO • Urvashi Sarkar
PHOTO • Ritayan Mukherjee

সুন্দৰবনৰ পৰিস্থিতিতন্ত্ৰৰ বাবে মেনগ্ৰোভচ্ অত্যাৱশ্যকীয়, কিন্তু সেয়াই লাহে লাহে নাইকিয়া হৈ আহিবলৈ ধৰিছে 

আইলাৰ পিছত মাটিৰ লৱণোদক আৰু ক্ষাৰকীয় গুণ বাঢ়ি অৱক্ষয় ঘটিবলৈ ধৰে, পৰিণাম স্বৰূপে উত্তৰ আৰু দক্ষিণ পাৰগানা জিলাত ধানখেতিৰ উৎপাদন হ্ৰাস পাবলৈ ধৰে। এয়া জাৰ্নেল অৱ এক্সপেৰিমেণ্টেল বায়লজি এণ্ড এগ্ৰিকালচাৰেল চায়েন্স-ত ২০১৬ত প্ৰকাশিত এখন গৱেষণা পত্ৰৰ কথা। জাৰ্নেলখনত প্ৰকাশিত অধ্যয়নটোৰ মতে সেই মাটিত খেতি পুনৰাই ভাল কৰিবলৈ ফছফেট আৰু পটাছ থকা সাৰ পৰামৰ্শিত মাত্ৰাতকৈ অধিক হাৰত প্ৰয়োগ কৰিবলগীয়া হৈছিল। 

‘আইলাৰ পিছত সাৰৰ প্ৰয়োগ বাঢ়িল। তেনেকৈ আমি আমাৰ প্ৰয়োজনীয় পৰিমাণৰ উৎপাদন কৰিব পৰা হ’লো,’ প্ৰফুল্লৰ ৪৮ বৰ্ষীয় পুত্ৰ প্ৰবীৰ মণ্ডলে কয়। ‘সেয়া স্বাস্থ্যকৰ নহয় যদিও সেয়া আমি খাবলৈ বাধ্য। আমি সৰু থাকোতে খোৱা ভাতৰ কথা মনত আছে। শুদা ভাতেই খাব পাৰি। কিন্তু আজিকালি পাচলিৰ লগত খালেও ভাল নালাগে।’ 

তেওঁৰ পিতৃৰ ১৩ বিঘা মাটি আছিল, তাৰ পৰা প্ৰতি বিঘা মাটিত ৮-৯ বস্তা চাউল উৎপাদিত হৈছিল। এবস্তা চাউল মানে ৬০ কিলোগ্ৰাম। ‘ধান খেতিৰ ভূঁই ৰোৱা, ধান কটা, চপোৱা আৰু সাৰ আদিৰ খৰছ বাদ দি আমাৰ হাতত অকণমান টকাহে ৰৈছিল,’ প্ৰবীৰে কয়।

২০১৮ৰ এক গৱেষণা পত্ৰ মতে সামগ্ৰিকভাবে সুন্দৰবনত ধানখেতিৰ উৎপাদন আইলাৰ পিছত অৰ্ধেক পৰিমাণে হ্ৰাস পাইছে। প্ৰতি হেক্টৰ মাটিত পূৰ্ৱৰ ৬৪-৮০ কুইণ্টলৰ পৰিৱৰ্তে এতিয়া ৩২ৰ পৰা ৪০ কুইণ্টল হয়। যদিও ধানখেতিৰ উৎপাদন এতিয়া সুস্থিৰ হৈছে, তথাপি প্ৰবীৰৰ পৰিয়ালৰ লগতে তেওঁলোকৰ গাঁৱৰ সকলোৱে এতিয়াও জুনৰ পৰা ছেপ্তেম্বৰ মাহলৈ বৰষুণৰ পানীৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈয়ে আছে। 

বৰষুণৰ ওপৰত ভৰসা কৰিব নোৱাৰা হৈছে। ‘সাগৰপৃষ্ঠৰ বৰ্ধিত উচ্চতা আৰু মৌচুমী বায়ুৰ আগমনত পলম হোৱা আৰু ঘাটি বৰষুণেই জলবায়ু পৰিৱৰ্তনৰ দীৰ্ঘদিনীয়া পৰিণাম স্বৰূপে দেখা দিছে’, অধ্যাপক হাজৰাই কয়।

যোৱা দুটা দশকত বংগ উপত্যকাৰ উত্তৰ অঞ্চলত (য’ত সুন্দৰবন অৱস্থিত) দিনে ১০০ মিলিমিটাৰৰ অধিক বৃষ্টিপাতৰ দিন বাঢ়িছে, স্কুল অৱ অচিয়েনোগ্ৰাফিক ষ্টাডিজ, কলকাতাৰ এক চলিত গৱেষণাত এই কথা কোৱা হৈছে। একে সময়তে বীজ সিচাৰ ঋতুত বৰ্ষাৰ পৰিমাণ কমিছে। এই বছৰো তেনে হৈছে। ছেপ্তেম্বৰৰ ৪ তাৰিখলৈ দক্ষিণ ২৪ পাৰগানাত প্ৰায় ৩০৭ মি.মি. বৃষ্টিপাত আৰু উত্তৰ ২৪ পাৰগানাত ১৫৭ মি.মি. বৃষ্টিপাত কমকৈ হৈছে।

কেৱল এইটো বছৰতে নহয়, বৃষ্টিপাত কম-বেছি হোৱা পৰিঘটনা সুন্দৰবনত যোৱা কেইটামান বছৰ ধৰি ঘটি আহিছে। স্বাভাৱিকতে জুনৰ পৰা ছেপ্তেম্বৰ মাহলৈ দক্ষিণ ২৪ পাৰগানাত বৃষ্টিপাত ১৫৫২.৬ মি.মি.। জিলাখনত ২০১২-১৭ৰ বৰ্ষাকালৰ তথ্য মতে সেই ছটা বছৰৰ চাৰিটাতে বৃষ্টিপাতৰ পৰিমাণ কম আছিল। ২০১৭ত আৰু ২০১২ত সেয়া আছিল সাংঘাতিকভাবে কম, ক্ৰমে ১১৭৩.৩ মি.মি. আৰু ১১৩০.৪ মি.মি.।

PHOTO • Urvashi Sarkar

‘ধানখেতি সম্পূৰ্ণৰূপে বৰষুণৰ ওপৰত নিৰ্ভৰ কৰে। বৰষুণ ভাল নহ’লে খেতিও ভাল নহয়’

উত্তৰ ২৪ পাৰগানাত ইয়াৰে বিপৰীত কাণ্ড ঘটিছে। তাতে বৃষ্টিপাতৰ হাৰ বাঢ়িছে। স্বাভাৱিকতে জুনৰ পৰা ছেপ্তেম্বৰলৈ জিলাখনত বৃষ্টিপাতৰ পৰিমাণ ১১৭২.৮ মি.মি.। ২০১২-১৭ৰ লেখ মতে যোৱা ছটা বছৰৰ চাৰিটাত মাত্ৰাধিক বৃষ্টিপাত হৈছিল। আটাইতকৈ বেছি হৈছিল ২০১৫ত, ১৪২৮ মি.মি.। 

‘সময়ত বৰষুণ নোহোৱাটোৱে ডাঙৰ সমস্যা,’ কাজল লতাই কয়। ‘এই বছৰ ফেব্ৰুৱাৰী মাহত প্ৰচুৰ বৰষুণ হৈছিল, বাৰিষাৰ দিনৰ দৰে। ফেব্ৰুৱাৰী মাহত আগতে এনেদৰে বৰষুণ হোৱা জ্যেষ্ঠসকলৰো মনত নাই।’ তাইৰ পৰিয়ালটো উপাৰ্জনৰ বাবে খেতিৰ ওপৰতে নিৰ্ভৰশীল। জুন-জুলাই মাহত বীজ সিচে আৰু নবেম্বৰ-ডিচেম্বৰত খেতি চপায়। ‘ধানখেতি সম্পূৰ্ণৰূপে বৰষুণৰ ওপৰত নিৰ্ভৰশীল। বৰষুণ ভাল নহ’লে খেতিও ভাল নহয়।

যোৱা চাৰিৰ পৰা পাঁচ বছৰত বাৰিষাৰ দিনৰ উপৰিও নবেম্বৰ-ডিচেম্বৰ মাহতো বৰষুণ হৈছে। এই মাহকেইটাত সাধাৰণতে অলপ বৰষুণ হয় যদিও বেছি বৰষুণে ধানখেতি নষ্ট কৰিব পাৰে। ‘যেতিয়া প্ৰয়োজন হয় তেতিয়া বৰষুণ নাথাকে আৰু অকালত বৰষুণ বেছি হয়। ইয়ে খেতি নষ্ট কৰিবলৈ ধৰিছে। প্ৰতি মাহতে আমি ভাবো যে এইবাৰ (অবতৰত) মাত্ৰাধিক বৰষুণ নহ’ব, কিন্তু ইমানেই বৰষুণ হয় যে খেতি নষ্ট হৈ যায়। সেয়ে আমি কওঁ, ‘আশাই মৰে চাচা’ (আশই কৃষকৰ কাল মাতে)।’

ৰজত জুবিলি গাঁৱত প্ৰবীৰ মণ্ডলৰ কপালত চিন্তাৰ ৰেখা জিলিকিছে, ‘জুন আৰু জুলাই মাহত বৰষুণ নাছিল (আমাৰ গাঁৱত)। ধান খেতি শুকাই গৈছিল। শেষত যেনিবা বৰষুণ আহিল (আগস্তত)। কিন্তু সেয়া জানো পৰ্যাপ্ত হ’ব? বৰষুণ বেছি হৈ যদি খেতিবোৰ নষ্ট হৈ যায়!’

স্বাস্থ্যসেৱা অনুশীলন কৰি থকা (বৈকল্পিক ঔষধৰ স্নাতক ডিগ্ৰীধাৰী) প্ৰবীৰে কয় যে তেওঁৰ ওচৰলৈ অহা ৰোগীয়ে আগতকৈ গৰম বঢ়া বুলি কয়। ‘বহুতেই উৎকট গৰমৰ চিকাৰ হৈছে। হিট ষ্ট্ৰোক যিকোনো সময়ত হ’ব পাৰে আৰু ই মাৰাত্মকো হৈ উঠিব পাৰে,’ তেওঁ বুজাই ক’লে।  

সাগৰপৃষ্ঠৰ উত্তাপ বৃদ্ধিৰ লগতে সুন্দৰবনৰ ভূপৃষ্ঠৰো উত্তাপ বাঢ়িবলৈ ধৰিছে। ১৯৬০ত বছৰটোৰ ১৮০ টা দিনত উষ্ণতা ৩২ ডিগ্ৰী ছেলচিয়াছ আছিল। ২০১৭ত সেয়া বাঢ়ি গৈ ১৮৮ দিন হয়গৈ। এয়া নিউয়ৰ্ক টাইমচৰ জলবায়ু আৰু গোলকীয়া উত্তাপৰ তথ্যসম্বলিত এক পৰ্টেলৰ তথ্য। শতিকাটোৰ শেষৰফালে একোটা বছৰত গৰম দিনৰ সংখ্যা ২১৩ৰ পৰা ২৫৮ দিন হ’ব পাৰে। 

বৰ্দ্ধিত উষ্ণতা, ধূমুহা, অনিয়মীয়া বৰষুণ, অত্যাধিক লৱণাক্ত মাটি-পানী, নাইকিয়া হ’বলৈ ধৰা মেনগ্ৰোভ আৰু বহুতো প্ৰতিকূল প্ৰাকৃতিক পৰিস্থিতিয়ে সুন্দৰবনক তিলে তিলে অনিশ্চয়তাৰ গৰাহলৈ ঠেলি নিছে। প্ৰফুল্ল মণ্ডলে জীৱনত ভালেমান ধূমুহা আৰু ঘূৰ্ণীবতাহ দেখিছে, তেওঁ শংকিত হৈ উঠে, ‘ইয়াৰ পিছত আৰু কি আহিব কোনে জানে?’ 

দেশব্যাপী জলবায়ু পৰিৱৰ্তনৰ ওপৰত পাৰিয়ে কৰা প্ৰতিবেদনৰ প্ৰকল্পটো হৈছে সৰ্বসাধাৰণ মানুহৰ জীৱন্ত অভিজ্ঞতা আৰু মাত-কথাৰ জৰিয়তে জলবায়ু পৰিৱৰ্তনৰ পৰিঘটনাক লিপিবদ্ধ কৰাৰ বাবে ইউএনডিপি সমৰ্থিত পদক্ষেপৰ এক অংশ।

এই প্ৰতিবেদন পুনৰ প্ৰকাশ কৰিব বিচাৰে নেকি? তেন্তে অনুগ্ৰহ কৰি Cc-ত [email protected] ৰাখি এই ইমেইল ঠিকনালৈ লিখক- [email protected]

অনুবাদঃ পংকজ দাস

পংকজ দাস এগৰাকী সাংবাদিক, অনুবাদক আৰু অসমীয়া নিউজ পৰ্টেল newsnextone.com ৰ সহ-প্ৰতিস্থাপক। যোগাযোগৰ ইমেইল আইডি [email protected]

উৰ্বশী চৰকাৰ এগৰাকী মুক্ত সাংবাদিক আৰু ২০১৬ বৰ্ষৰ পৰি সদস্য।

Other stories by Urvashi Sarkar