পুৱা  ৮ বজাত সাৰ-সুৰ নোহোৱা বাট এটাৰ দাঁতিত শিলত কোবোৱা কৰ্কশ শব্দ ভাঁহি আহে। বলপ্পা ছন্দৰ ধোতৰেয়ে ডাঙৰ ডাঙৰ শিলৰ মাজত পদপথত বহি আছে আৰু সেইবোৰ ভাঙি টুকুৰা কৰিছে। তেওঁৰ অস্থায়ী কৰ্মশালাৰ পিছফালে থকা ৰিক্সা আৰু স্কুটাৰৰ মালিকে সোনকালেই নিজৰ কামত লাগিব। ধোতৰেয়েও কেইঘণ্টামানৰ ভিতৰতে তাৰ পৰা আঁতৰি যাব। মুম্বাইৰ উত্তৰ ফালৰ উপনগৰ পূৱ কান্দিবালীৰ পদপথত বহি সাজি উলিওৱা পটাবোৰ তেওঁ লগত লৈ যাব।   

পটা এখন তৈয়াৰ কৰোঁতে তেওঁক প্ৰায় এঘণ্টা সময় লাগে। মচলাজাতীয় বস্তু মিহি কৰাৰ বাবে এয়া ব্যৱহাৰ কৰা হয়। ইয়াক বিভিন্ন ঠাইত বিভিন্ন নামেৰে জনা যায। কানাড়া ভাষাত ইয়াক কল্লু ৰুব্বু, মাৰাঠী ভাষাত ইয়াক খলবট্টা বুলি কোৱা হয়। সাজি উলিওৱাৰ পিছত পটাবোৰ ৰেগজিনৰ ডাঠ বেগ এটাত ৰাখে। সাধাৰণতে ১ৰ পৰা ৪ কিলোমান ওজনৰ ২ৰ পৰা ৩ টামান পটা লৈ তেওঁ পদপথৰ কৰ্মশালাখনৰ ওচৰৰ এলেকাবোৰত বিক্ৰী কৰিবলৈ নিয়ে। ব্যস্ত ৰাস্তাৰ কাষত তেওঁ দোকান পাতে। কেতিয়াবা লগত তেওঁ ক’লা শিল লৈও যায়। যাতে কোনোবা গ্ৰাহকে পটা বিচাৰিলে থিতাতে শিল কাটি সাজি দিব পাৰে।  

তেওঁলোকে মোক পাথৰৱালা বুলি কয়, তেওঁ কয়। 

তেওঁ সৰু পটা ২০০ টকাত বিক্ৰী কৰে আৰু ডাঙৰবোৰ ৩৫০ৰ পৰা ৪০০ টকাত। ‘কোনোটো সপ্তাহত মই ১০০০ৰ পৰা ১২০০ পৰ্যন্ত টকা উপাৰ্জন কৰোঁ। কেতিয়াবা একোৱেই উপাৰ্জন নহয়,’ তেওঁ কয়। তেওঁৰ পৰা পটা কিনা গ্ৰাহকে বিদ্যুতচালিত মিক্সাৰ-গ্ৰাইণ্ডাৰ কিনিব নোৱাৰাসকল। কিছুমানে আকৌ চ’ৰাঘৰত সজাবলৈ নিয়ে। বলপ্পাৰ পত্নি নাগুবাঈয়ে শিলৰ পটা ব্যৱহাৰ কৰি ভাল পায়। ‘মই মিক্সি (বৈদ্যুতিক মিক্সাৰ) ভাল নাপাও,’ তেওঁ কয়। ‘তাতে সোৱাদ নাথাকে। পটাত বতিলেহে ব্যঞ্জনৰ সোৱাদ উঠে।’ 

Women buying stone pestle on the road
PHOTO • Aakanksha
Women grinding on stone pestle
PHOTO • Aakanksha

ব্যস্ত উপনগৰৰ ৰাস্তাৰ চুকত ধোতৰেয়ে দোকানখন পাতে। বৈদ্যুতিক মিক্সি কিনিব নোৱাৰাসকল তেওঁৰ সাধাৰণতে গ্ৰাহক হয়, নাইবা চ’ৰাঘৰত সজাবলৈ পট কিনিবলৈ অহাসকল, নাইবা শিলত বতা মচলাৰ সোৱাদ ল’বলৈ বিচৰাসকল 

ধোতৰেয়ে নিজৰ বয়স নাজানে। কিন্তু তেওঁৰ পুত্ৰ ৩০ বছৰীয়া অশোকে কয় যে তেওঁৰ পিতৃৰ বয়স ৬৬ বছৰ। তেওঁ ২০১১ত বৃহন্মুম্বাই নগৰ নিগম (বি.এম.চি.)ৰ চাফাই কৰ্মী হিচাপে অৱসৰ গ্ৰহণ কৰিছে। কিন্তু তেওঁ নিজকে কাৰুশিল্পী হিচাপে পৰিচয় দিবলৈ ভাল পায়। শিলৰ কাম আগৰেপৰাই তেওঁলোকৰ পৰিয়ালৰ পেছা। তেওঁৰ পিতৃ আৰু ককা সকলোৱে উত্তৰ কৰ্ণাটকৰ বীদৰ জিলাৰ হোমনাবাদ তালুকৰ তেওঁলোকৰ গাঁও মান্নেখেল্লীত শিলৰ কাম কৰিছিল। তেওঁলোক কল্লু বড্ডাৰ সম্প্ৰদায়ৰ (কৰ্ণাটকত অন্যান্য পিছপৰা শ্ৰেণী হিচাপে সূচীবদ্ধ শিলৰ কাম কৰা বড্ডাৰ সম্প্ৰদায়ৰ উপগোট)             

১৯৪০ আৰু ১৯৫০ৰ দশকত প্ৰায়ভাগ মানুহেই পটা ব্যৱহাৰ কৰিছিল। বলপ্পাৰ দেউতাক আৰু ককাকৰ উপাৰ্জন ভাল আছিল। সেই সময়ত তেওঁলোকে এখন পটা ৫ৰ পৰা ১৫ পইচাত বিক্ৰী কৰিছিল, তেওঁ মনত পেলালে। নাইবা তেওঁলোকে সেয়া কিহবাৰ বিনিময়ত দি দিছিল। ‘ইয়াৰ (পটাৰ) বিনিময়ত আমি গম, জোৱাৰ, চাউল আদি সকলো বস্তু পাইছিলো’ 

বলপ্পাই ১৮ বছৰ বয়সত মহাৰাষ্ট্ৰৰ গাঁৱে গাঁৱে ঘুৰি পটা বিক্ৰী কৰাৰ পিছত নাগুবাঈৰ সৈতে মুম্বাইলৈ আহে। ‘মই মোৰ ককা আৰু পিতাৰ লগত বীড় আৰু ঔৰংগাবাদ জিলালৈ গৈছিলো,’ তেওঁ মনত পেলালে। ‘আমাৰ এটা গাধ আছিল। আমি মালবোৰ গাধটোৰ পিঠিত বোজাই কৰি দি গাঁৱে গাঁৱে ঘুৰি পটা বেচিছিলো।’ 

On left A man sitting on a sofa, on right side - man is hammering stone
PHOTO • Aakanksha

‘তেওঁলোকে মোক পাথৰৱালা বুলিয়েই মাতে,’ ৬৬ বৰ্ষীয় ধোতৰেয়ে কয়

এবাৰ তীব্ৰ খৰাং পৰাত তেওঁ মুম্বাইলৈ ৰাওনা হ’ল। ‘আমাৰ গাওঁখন সাংঘাতিক আকালৰ মাজেৰে পাৰ হ’ল,’ বলপ্পাই ১৯৭০ৰ দশকক প্ৰাৰম্ভিক ভাগত পৰা তীব্ৰ খৰাঙৰ কথা ক’লে। শস্য শুকাই গ’ল আৰু খাবলৈ একো নাবাচিল। ‘হাবিখনতো একো নোহোৱা হ’ল, ঘাঁহ-বন মৰি গ’ল। গৰু-ছাগলীয়ে খাব কি? পানী নাছিল, খাদ্য নাছিল, পইছা নাছিল। মুঠৰ ওপৰত একোৱে নাছিল,’ তেওঁ কৈ গ’ল। মানুহবোৰ ওলাই আহিবলৈ ধৰিলে। কিছুমানে নিজৰ মাটি বিক্ৰী কৰি নগৰত আশ্ৰয় ল’লে। তাৰ মানে শিলৰ পটা কিনা মানুহ খুব কমেইহে গাঁৱত থাকিল। বলপ্পাৰ হাতত খেতি মাটি নাছিল, তেওঁলোকে শৈশৱ কটোৱা এটা জুপুৰীয়ে একমাত্ৰ সম্বল আছিল। (জুপুৰীটো এতিয়াও আছে, আন এটা পৰিয়ালক ভাড়ালৈ দিয়া আছে।)    

বলপ্পাই এই ডাঙৰ নগৰখনত পটা সজা কাম কৰিবলৈ তেওঁৰ পিতৃ আৰু ককাকৰ হাতুৰী-বটালি আৰু কোদাল লৈ আহিছিল। 

তেওঁলোক যেতিয়া প্ৰথমবাৰ মুম্বাইলৈ আহিছিল, তেতিয়া বলপ্পা আৰু নাগুবাঈয়ে দাদৰ ৰেলৱে ষ্টেশ্যনৰ কাষতে চাদৰেৰে চালি কৰি আছিল। পিছৰ বছৰবোৰত তেওঁ মুম্বাইৰ বিভিন্ন স্থানত ল’ৱাৰ পাৰেল, বান্দ্ৰা, আন্ধেৰী আদিত আছিল। কামে য’লৈকে লৈ যায়, তেওঁ তালৈকে গ’ল। য’তেই খালি ঠাই পালে, তাতেই তেওঁ জুপুৰী সাজি ল’লে।  

পটা বিক্ৰী কৰিবলৈ নাগুবাঈয়ে তেওঁৰ সৈতে বিভিন্ন ঠাইলৈ গৈছিল। ‘মোৰ পিতাইও পটা সাজিছিল,’ তেওঁ কৈছিল। ‘মই আৰু মোৰ মায়ে মিলি সেয়া বিক্ৰী কৰিছিলো। বিয়াৰ পিছত মই এওঁৰ সৈতে পটা বিক্ৰীৰ কাম কৰিবলৈ ল’লো। এতিয়া মোৰ পিঠি বিষায়, এই কাম কৰিব নোৱাৰা হৈছো।’  

Balappa Chandar Dhotre's family members sitting together in their house
PHOTO • Aakanksha
PHOTO • Aakanksha

মুম্বাইলৈ অহাৰ প্ৰথম অৱস্থাত বলপ্পাৰ পত্নি নাগুবাঈয়ে (বাওঁফালে পুত্ৰ অশোক আৰু তেওঁৰ পত্নি কাজল আৰু সন্তানহালৰ সৈতে) বলপ্পাৰ সৈতে মিলি পটা বিক্ৰীৰ কাম কৰিছিল  

কিন্তু সময় বাগৰাৰ লগে লগে বৈদ্যুতিক মিক্সাৰ-গ্ৰাইণ্ডাৰৰ জনপ্ৰিয়তা বাঢ়িল। শিলৰ পটাৰ চাহিদা কমিল। মান্নেখেলীত একো কাম পাবলৈ নাছিল, তালৈ উভতি অহাৰ কোনো কাৰণেই নাছিল। সেয়ে বলপ্পা ধোতৰেয়ে নাগুবাঈৰ সৈতে মুম্বাইতে থাকিল (সময়ৰ বাগৰিল, তেওঁলোকৰ সাতোটা ল’ৰা-ছোৱালী হ’ল, তিনিজন ল’ৰা আৰু চাৰিজনী ছোৱালী)। তেওঁ বিভিন্ন ধৰণৰ কামত ধৰিলে। কেতিয়াবা মুম্বাইৰ চিনেমাৰ দৃশ্যগ্ৰহণৰ কামতো গ’ল। সা-সামগ্ৰী লৈ যোৱা আৰু ছেট চাফা কৰাৰ কাৰণে ‘সেই সময়ত তেওঁ এদিনত ১৫ টকা পাইছিল,’ তেওঁ মনত পেলালে।   

এদিনাখন দুপৰীয়া, তেওঁৰ পৰিয়ালটো সেই সময়ত আন্ধেৰী ৰেলৱে ষ্টেশ্যনতে আছিল। বি.এম.চি.ৰ মানুহে তেওঁলোকৰ লগতে আন কেইজনমানক বৰিভেলীৰ চাফাইৰ কাম দিলে। ‘তেওঁলোকে আমাক অস্থায়ী ৰূপে ৰাস্তা চাফা কৰা কামত লগালে। পিছলৈ নিয়োগকৰ্তাই তেওঁলোকক স্থায়ী কৰ্মচাৰী হিচাপে নিযুক্তি দিয়াৰ বিষয়ে ভাবিলে,’ ধোতৰেৰ ডাঙৰজন ল’ৰা ৩০ বছৰীয়া তুলসীৰামে কয়। 

বি.এম.চি.ৰ কৰ্মচাৰীৰ কাৰ্ড পোৱাৰ পিছত ধোতৰেক পূৱ কান্দিভেলী এলেকাৰ চাফাইৰ দায়িত্ব দিয়া হ’ল। তেওঁ নিজৰ পৰিয়ালৰ সৈতে দেৱীপাৰাত থিতাপি ল’লে। সেই সময়ত পুৱ বৰিভেলীত বাঁহৰ খুঁটা আৰু পলিথিনেৰে চালি দিয়া কেঁচা ঘৰৰ চুবুৰী আছিল। বি.এম.চি.ৰ কৰ্মচাৰী হিচাপে তেওঁ আৰম্ভণিতে প্ৰতি মাহে ৫০০ টকা উপাৰ্জন কৰিছিল।  

এইবোৰৰ মাজতে তেওঁ পটা সজা কাম অব্যাহত ৰাখিলে। ‘তেওঁ পুৱা ছটা বজাত কামলৈ (বি.এম.চি.লৈ) ওলাই যায়,’ তুলসীৰামে মনত পেলালে। ‘দুপৰীয়া ১.৩০ মান বজাত মাই টিফিন আনে,’ মোনাত দুপৰীয়াৰ আহাৰৰ উপৰিও পটা সাজিবলৈ ব্যৱহাৰ কৰা বিভিন্ন আকাৰৰ হাতুৰী-বটালি আদি যোগাৰ-পাতিও থাকে। কাম শেষ হোৱাৰ পিছত তেওঁ শিল লৈ বহে আৰু সন্ধিয়া ৫,৬ বজালৈ কাম কৰি ঘৰ উভতে।  

Stone hammering tools
PHOTO • Aakanksha

ডাঙৰ চহৰলৈ আহি বলপ্পাই পটা সাজিবলৈ ককা-পিতাকৰ সা-সজুলি লগত লৈ আহিছিল

তেওঁক আৱশ্যক হোৱা একমাত্ৰ কেঁচামাল আছিল ক’লা শিল। ‘আপুনি (কোৰেৰে আৰু ডাঙৰ হাতুৰীৰে) মাটি খান্দি এনে শিল পাব,’ ধোতৰেয়ে কয়। এতিয়া নগৰৰ নিৰ্মাণস্থলীবোৰৰ পৰা তেওঁ শিল আনে। 

ধোতৰেয়ে বি.এম.চি.ৰ চাফাই কৰ্মী হিচাপে তিনি দশকৰো অধিক সময় কাম কৰাৰ পিছত ২০১১ত অৱসৰ গ্ৰহণ কৰে। তেওঁৰ পুত্ৰ অশোকে কয় যে তেওঁৰ পিতৃয়ে চাকৰিকালৰ শেষৰ ফালে প্ৰায় ১৮-২০ হাজাৰ টকা পাইছিল। এতিয়া মাহে ৮ হাজাৰ টকা পেঞ্চন পায়। 

অশোকে চাফাইকৰ্মীৰ চাকৰিটো দেউতাকৰ পৰা পৈতৃক সূত্ৰে পাইছে। তুলসীৰামে দিনহাজিৰাৰ কাম পালে কৰে। ধোতৰেৰ তিনি নম্বৰজন ল’ৰাইও দিনহাজিৰাৰ কামকে কৰে। নাগুবাঈৰ চাৰিওজনী ছোৱালীৰ বিয়া হৈছে আৰু মুম্বাইৰ বিভিন্ন অঞ্চলত থাকে। ভাই-ভনীৰ কোনো এজনেও পৰিয়ালটোৰ পাৰম্পৰিক শিলকটা কাম নকৰে। ‘মই এই কথা ভাল নাপাও, কিন্তু কৰিম কি? সিহঁতে এই কাম কৰিবলৈ নিবিচাৰে, সেয়ে নকৰে,’ ধোতৰেয়ে নিজৰ ল’ৰাকেইটালৈ আঙুলিয়াই কয়।  

তিনি বছৰ আগতে ধোতৰে আৰু নাগুবাঈয়ে দেবীপাৰা এৰিবলগীয়া হয়। তাতে দৰাচলতে এজন বিল্ডাৰে অট্টালিকা নিৰ্মাণৰ পিছত তেওঁলোকক এটা ফ্লেট দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। এতিয়া তেওঁলোক ওচৰতে চালি কৰি আছে। 

পটা কিনা গ্ৰাহকৰ সংখ্যা কমিছে যদিও ধোতৰেয়ে পটা সজা কাম এৰা নাই। ‘মোৰ পিতা আৰু ককাই এই কাম কৰিছিল, ময়ো এজন কাৰুশিল্পী, এয়াই মোৰ কাম,’ তেওঁ কয়। ‘তেওঁ এই কাম কৰি ভাল পায়, বুঢ়াই (এতিয়াও) এই কাম কৰি থকাটো মই ভাল পাও,’ নাগুবাঈয়ে কয়। 

অনুবাদঃ পংকজ দাস

পংকজ দাস এগৰাকী সাংবাদিক, অনুবাদক আৰু অসমীয়া নিউজ পৰ্টেল newsnextone.com ৰ সহ-প্ৰতিস্থাপক। যোগাযোগৰ ইমেইল আইডি [email protected]

Aakanksha

Aakanksha (she prefers to use only her first name) is an assistant content coordinator at PARI.

Other stories by Aakanksha