“ফেঁক দেবে, খাদান মে গাঢ় দেবে (দলিয়াই পেলাম, বালিৰ খনিত পুতি থম)”

খাপতিহা কালান গাঁৱৰ বাসিন্দা মাথুৰিয়া দেৱীক বালি খনন কৰা ঠিকাদাৰে এইদৰে কৈছিল। তেওঁৰ বিৰুদ্ধে বালিৰ মহলদাৰ খঙত অগ্নিশৰ্মা হৈ পৰিছিল, তেওঁ কয়। বুন্দেলখণ্ডৰ এখন ডাঙৰ নদী কেন ধ্বংস কৰাৰ বিৰুদ্ধে তেওঁৰ লগতে আন ২০ জন কৃষকে সমবেত হৈ ১ জুনত প্ৰতিবাদ কৰিছিল।

কেন নদীত আৰম্ভ কৰা জল সত্যাগ্ৰহত সেইদিনা প্ৰায় দুপৰীয়া পৰ্যন্ত দুঘণ্টা সময় গাওঁবাসীয়ে থিয় হৈ প্ৰতিবাদ জনাইছিল। উত্তৰ প্ৰদেশৰ বান্দা জিলাত চিল্লা গাঁৱত যমুনা নদীত চামিল হোৱাৰ আগতে মধ্যপ্ৰদেশৰ জবলপুৰত উৎপত্তি হোৱা কেন নদীয়ে মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ মাজেৰে ৪৫০ কিলোমিটাৰ বৈ আহিছে। প্ৰায় ২০০০ লোকে বাস কৰে মাথুৰিয়া দেৱীৰ গাওঁখন জিলাখনৰ তিন্দৱাৰি ব্লকত অৱস্থিত। 

এদল স্থানীয় লোকে দুয়োপাৰত বালি খনন কৰাৰ ফলত কেন নদীৰ দুয়োপাৰ বহল হৈ ই প্ৰৱাহিত হোৱা গাওঁকেইখনৰ পৰিসীমা সংকুচিত কৰিছে। কৃষকসকলে অভিযোগ কৰা মতে বালি খনন কৰা দুটা কোম্পানীৰ হৈ এই বালি মাফিয়াই বালি খন্দা কাম কৰে। এই  বালি খনন অবৈধ, ৬৩ বছৰীয়া মাথুৰিয়া দেৱীয়ে কয়, কেন নদীৰ পাৰত তেওঁৰ এক বিঘাতকৈ অলপ বেছি, অৰ্থাৎ প্ৰায় আধা একৰ কৃষিভূমি আছে। কিন্তু নদীৰ দুয়োপাৰে চলি থকা বালি খননে তেওঁৰ খেতি আৰু জীৱিকা ধ্বংস কৰিছে।

“সিহঁতে ব্যাপক হাৰত আমাৰ মাটি খান্দি পেলাইছে- ১০০ ফুট পৰ্যন্ত গভীৰ কৰিছে- খান্দিবলৈ বুলড’জাৰ ব্যৱহাৰ কৰিছে,” তেওঁ কয়। ২ জুনত যেতিয়া তেওঁ মোক নদীৰ কাষত সাক্ষাৎ কৰোঁ, সেই সময়ত তেওঁৰ অপৰিচিত দুজন ডেকা মানুহে ভিডিঅ’ ৰেকৰ্ডিং কৰি আছিল। “সিহঁতে আমাৰ গছবোৰ ইতিমধ্যে ধ্বংস কৰিছে, এসময়ত আমি পানী আনিবলৈ ব্যৱহাৰ কৰা আমাৰ নদীখনো এতিয়া হত্যা কৰিছে। আমি আৰক্ষীৰ কাষ চাপিছিলো, কিন্তু আমাৰ কথা কোনেও নুশুনিলে। আমাক ভাবুকি দিয়া যেন লাগিল...।”

বালিখনন প্ৰতিৰোধৰ প্ৰচেষ্টাত দেখা গ’ল মাথুৰিয়া দেৱীৰ দৰে দলিত আৰু দুটা সন্তানৰ মাতৃ ৩৮ বছৰীয়া বিধৱা ক্ষুদ্ৰ ঠাকুৰ সুমন সিং গৌতমৰ মাজত জোটবন্ধন হৈছে। তেওঁৰ মালিকানাধীন একমাত্ৰ এক একৰ মাটিৰ এটা অংশৰ পৰাও বালিৰ মহলদাৰে বালি বলপূৰ্বভাৱে আহৰণ কৰিছে। “আমাক ভাবুকি দি ভয় খুৱাবলৈ সিহঁতে শূন্যলৈ গুলী চালনাও কৰিছিল,” তেওঁ কয়।

খাপতিহা কালান গাঁৱৰ খেতিয়কসকলে প্ৰধানকৈ ঘেঁহু, বুটমাহ, সৰিয়হ আৰু দাইলৰ খেতি কৰে। “মোৰ মালিকানাধীন ১৫ বেছৱা মাটিত সৰিহয় খেতি আছিল, কিন্তু গোটেই মাৰ্চ মাহটো সিহঁতে এই মাটিৰ পৰা বালি খনন কৰিছে,” সুমন সিং গৌতমে কয়।

PHOTO • Jigyasa Mishra

গাওঁবাসীৰ প্ৰচুৰ ক্ষতিসাধন কৰা অঞ্চলটোৰ বালিখননৰ বিৰুদ্ধে প্ৰতিবাদ জনাবলৈ বান্দা জিলাৰ কেন নদীত ১ জুনত জল সত্যাগ্ৰহ কৰা হৈছিল। নদীখন সংকুচিত হোৱা সম্পৰ্কে মহিলাসকলে কয় আৰু বৰ্ষাকালত পাৰত গোট খোৱা পলসুৱা বোকা পানীত উটি যায়, মাজে মাজে তেওঁলোকৰ গৰু বোকাময় পানীত আৱদ্ধ হৈ পৰে আৰু কেতিয়াবা ডুব যায়

বছৰৰ পিছত বছৰ ধৰি গাওঁবাসীয়ে তেওঁলোকৰ শস্য ৰক্ষা কৰিবলৈ শিকিছে। “কেতিয়াবা শস্য চপোৱাৰ সময়লৈকে আমি শস্য ৰক্ষা কৰিবলৈ সক্ষম হৈছিলো,” মাথুৰিয়া দেৱীয়ে কয়, “দুৰ্ভগীয়া বছৰবোৰত আমি বালি খননৰ বাবে শস্য হেৰুৱাবলগীয়া হৈছো,” গাওঁখনৰ আন এগৰাকী খেতিয়ক আৰতি ফিঙে কয়, “বালি খনন কৰা সেই মাটিৰ খেতিৰ ওপৰত আমি এতিয়া অলপো নিৰ্ভৰ কৰিব নোৱাৰো। আন ঠাইত থকা অলপমান মাটিত এতিয়া আমি খেতি কৰিছো।”

জল সত্যাগ্ৰহত অংশগ্ৰহণ কৰা ৭৬ বছৰ বয়সীয়া শীলা দেৱী সকলোতকৈ বয়সীয়া খেতিয়ক। এসময়ত তেওঁৰ মাটি বাবুল গছেৰে ভৰি আছিল। “মই আৰু মোৰ পৰিয়ালে একেলগে এসময়ত গছবোৰ ৰুইছিলো। এতিয়া চিন-মোকাম নাইকিয়া হ’ল,” তেওঁ কয়। “সিহঁতে সকলো খান্দি পেলালে, এতিয়া সিহঁতৰ বিৰুদ্ধে ক’লে, আমাৰ নিজৰ খেতিপথাৰৰ ক্ষতিপূৰণ বিচাৰিলে বালিত পুতি থ’ম বুলি প্ৰাণৰ ভাবুকি দিয়ে।”

১৯৯২ৰ বিধ্বংসী বানপানীৰ পিছত কেন নদীৰ পাৰত বালি খনন বৃদ্ধি পায়। “ফলস্বৰূপে অঞ্চলটোত পোৱা ৰঙাবালি নদীৰ পাৰত জমা হৈছিল।” বান্দাৰ এজন সমাজকৰ্মী আশীষ দিক্ষিতে কয়। তেওঁ কয় যে যোৱা দশকত বালিখনন কাৰ্যই নতুন গতি লাভ কৰে। “মই দাখিল কৰা আৰ টি আই-ৰ প্ৰতি সঁহাৰি জনাই মই বছৰৰ পিছত বছৰ ধৰি দেখি অহা বৃহৎ যন্ত্ৰৰ ব্যৱহাৰ নিষিদ্ধ কৰিছিল। আগতেও ইয়াৰ মানুহে এনে কাৰ্যৰ বিৰুদ্ধে মাত মাতিছিল।”

“জিলাখনৰ খনন আঁচনিৰ ওপৰত ভিত্তি কৰি অধিকাংশ খনন প্ৰকল্পলৈ অনুমোদন জনোৱা হৈছিল। কিন্ত ইয়াৰ বিপৰীতে দেখা গৈছিল যে নদীৰ ব্যাপক অৱবাহিকা অঞ্চলত এই আঁচনি প্ৰয়োগ কৰা সম্পৰ্কে গুৰুত্ব দিয়া নাছিল,” লক্ষ্ণৌৰ বাবাচাহেব ভিমৰাও আম্বেদকাৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা নদী বিশেষজ্ঞ ভেংকটেশ দত্তই আমাক ফোনত এইদৰে কৈছিল। “খননকাৰীয়ে সাধাৰণতে নদীৰ গতিপথ খননৰ ওপৰত গুৰুত্ব দিয়ে, যাৰ ফলত নদীৰ পাৰৰ প্ৰাকৃতিক গাঁথনি ধ্বংস হয়। সিহঁতে জলচৰ প্ৰাণীৰো ক্ষতিসাধন কৰে। দীৰ্ঘকাল ধৰি ব্যাপক হাৰত খননৰ ফলত ক্ৰমবৰ্ধমান প্ৰভাৱ মূল্যায়নে পৰ্যবেক্ষণ নকৰে। মই এনে বহুতো খনন প্ৰকল্পৰ বিষয়ে জানো, যিবিলাকে যমুনা নদীৰ গতিপথ সলনি কৰি পেলাইছে।”

১ জুনত অনুষ্ঠিত জল সত্যাগ্ৰহৰ পিছত বান্দাৰ অতিৰিক্ত জিলা দণ্ডাধীশ সন্তোষ কুমাৰ আৰু উপ সংমণ্ডলীয় দণ্ডাধীশ ৰাম কুমাৰ খনন চলি থকা ঠাইলৈ আহিছিল। উপ সংমণ্ডলীয় দণ্ডাধীশজনে মোক পিছত ফোনত জনালে, “মতামত অবিহনে যিসকলৰ মাটিত খনন চলোৱা হৈছে, তেওঁলোকৰ চৰকাৰৰ তৰফৰ পৰা ক্ষতিপূৰণ পোৱাৰ অধিকাৰ আছে। তেওঁলোকে যদি টকাৰ বাবে নিজৰ মাটি বিক্ৰি কৰিছিল, তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব। এইক্ষেত্ৰত তদন্ত চলি আছে।” খনি আৰু খনিজ সম্পদ আইন, ১৯৫৭ (২০০৯ত সংশোধিত)ৰ অধীনত ক্ষতিপূৰণৰ বিষয়ে নিৰ্দিষ্টকৈ উল্লেখ কৰা হৈছে।

“এই বছৰৰ আৰম্ভণিতে এটা কোম্পানীৰ বিৰুদ্ধে গাওঁসভাৰ মাটিত অবৈধ খননৰ অভিযোগ আমি পাইছিলো, এই কোম্পানীটোৱে লীজত মাটি লৈছিল, সিহঁতক পিছত দোষী সাব্যস্ত কৰা হৈছিল”, ৰাম কুমাৰে কয়। “ইয়াৰ ভিত্তিত জিলা দণ্ডাধীশলৈ এক প্ৰতিবেদন প্ৰেৰণ কৰা হৈছিল আৰু কোম্পানীটোলৈ জাননী জাৰি কৰা হৈছিল। এতিয়া দীৰ্ঘদিন ধৰি বান্দা জিলাত অবৈধ খনন চলি আছে, সেই কথা মই অস্বীকাৰ নকৰো।”

PHOTO • Jigyasa Mishra

জল সত্যাগ্ৰহত অংশগ্ৰহণ কৰা সকলতকৈ বয়োজ্যেষ্ঠ খেতিয়ক ৭৬ বছৰীয়া শীলা দেৱী। তেওঁ কয় যে এসময়ত তেওঁৰ মাটি বাবুল গছেৰে ভৰি আছিল। “মোৰ বহুত গছ আছিল। মই আৰু মোৰ পৰিয়ালে একেলগে গছ ৰুইছিলো। এতিয়া সেইবোৰৰ চিন-মোকাম নাই”


PHOTO • Jigyasa Mishra

৯ বছৰ বয়সত বিবাহপাশত আৱদ্ধ হোৱাৰ পিছত মাথুৰিয়া দেৱী এই গাঁৱলৈ আহিছিল। “গাওঁ কি, মাটি কি, এই কথা জনাৰে পৰা মই ইয়াতে কাম কৰিছো। কিন্তু এতিয়া সিহঁতে কয় যে আমাৰ মাটি আৰু গাওঁ বানপানীত জাহ গ’ল (বৰ্ষাকালত বুলড’জাৰেৰে বহু গছ বগৰাই দিয়া হৈছিল)। আমাৰ গছবোৰো নোহোৱা হ’ল”


PHOTO • Jigyasa Mishra

“দুঘণ্টা সময় আমি এইখিনি ঠাইতে থিয় হৈ আছিলো,” নদীৰ পাৰৰ অবৈধ বালি খননৰ বিৰুদ্ধে কেন নদীত জল সত্যাগ্ৰহৰ নেতৃত্ব দিয়া খাপতিহা কালান গাঁৱৰ খেতিয়ক চান্দা দেৱীয়ে ২০২০ৰ ১ জুনত কয়


PHOTO • Jigyasa Mishra

নিজৰ মাটি ৰক্ষা কৰিবলৈ ৰমেশ প্ৰজাপতি আৰু তেওঁৰ পৰিয়াল- বালি খননৰ বাবে তেওঁলোকৰ মাটি ৮০ ফুট গভীৰকৈ খান্দি পেলোৱা হৈছে


PHOTO • Jigyasa Mishra

তলাবন্ধৰ সময়ত খাপতিহা কালানৰ বাসিন্দাসকলে নিজৰ মাটি ৰক্ষা কৰিবলৈ ব্যৰ্থ হয়। বুলড’জাৰ চলোৱা স্থানীয় এজন যুৱকে তেওঁলোকক জনায় যে তেওঁলোকৰ মাটি ১০০ ফুট দকৈ খন্দা হৈছে। জল সত্যাগ্ৰহৰ এদিনৰ পিছত একাংশ মহিলাই তৰাং নদী ইপাৰ-সিপাৰ হৈ নিজৰ মাটি বিচাৰে

PHOTO • Jigyasa Mishra

বালি ভৰ্তি কৰি যাবলৈ সাজু হ’বলৈ শাৰী পাতি থকা ট্ৰাকবিলাক

PHOTO • Jigyasa Mishra

ৰাজু প্ৰসাদ নামৰ কৃষকজনে বালিৰ মহলদাৰলৈ আঙুলিয়াই দি (ছবিত নাই) কয়, “সি মোৰ মাটি খান্দি পেলাইছে। মই অভিযোগ কৰাৰ পিছত সি বালি খন্দা বন্ধ কৰা নাই। মোৰ ল’ৰা-ছোৱালীহঁত এতিয়া তাত বহি আছে। সি সিহঁতকো আঁতৰি যাবলৈ কৈছে। সেই মাটিত থকা একমাত্ৰ বাঁহজুপিও সিহঁতে কাটি আছে। মোৰ লগত আহি আপুনি নিজে চাওক”

PHOTO • Jigyasa Mishra

জল সত্যাগ্ৰহৰ প্ৰতি সমৰ্থন জনাই ১ জুনৰ দিনা বালি খন্দা যন্ত্ৰবিলাক অলপ সময়ৰ বাবে বন্ধ ৰাখিছিল। কিন্তু ইতিমধ্যে খান্দি উলিওৱা টনে টনে বালি দমাই পাহাৰ সদৃশ কৰি ৰাখিছে


PHOTO • Jigyasa Mishra

তেওঁলোকৰ মাটিৰ পৰা বালি নিবলৈ অনুজ্ঞা আছেনে বুলি সেই দলটোৰ দুগৰাকী মহিলাই ট্ৰাকচালক আৰু বুলড’জাৰ চালকক সোধে


PHOTO • Jigyasa Mishra

বালি খনন কৰা এক এজেন্সীৰ নাম লিখা এখন ফলকৰ কাষত মাথুৰিয়া দেৱী, আৰতি আৰু মহেন্দ্ৰ সিং (বাওঁফালৰ পৰা সোঁফাললৈ)। খাপতিহা কালান আৰক্ষী চকীত তেওঁলোকে অভিযোগ দাখিল কৰিছে


PHOTO • Jigyasa Mishra

কৰ্মচাৰীসকলৰ লগত মই কথা পাতিব বিচাৰোতে খনন এজেন্সীৰ কাৰ্যালয়ৰ দুৱাৰত তলা মাৰি বন্ধ কৰি দিলে


PHOTO • Jigyasa Mishra

জল সত্যাগ্ৰহৰ পৰা সুমন সিং গৌতম ঘৰলৈ উভতি অহাৰ পিছত তেওঁক ভাবুকি দিবলৈ গুলিচালনা কৰে বুলি অভিযোগ কৰে, “মই আৰক্ষীক জনোৱা স্বত্তেও তদন্ত কৰিবলৈ কোনো নাহিল,” তেওঁ কয়


PHOTO • Jigyasa Mishra

জল সত্যাগ্ৰহৰ নেতৃত্ব দিয়া উষা নিশাদ সুমন সিং গৌতমৰ ঘৰত, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ লক্ষ্ণৌলৈ খোজকাঢ়ি যোৱাৰ পৰিকল্পনা কৰিছে


PHOTO • Jigyasa Mishra

কেন নদী আৱদ্ধ কৰা বালিৰ বান্ধেৰে পাৰ হৈ যোৱা এখন গৰুৰ গাড়ী। খাপতিহা কালান গাঁৱৰ বাসিন্দাই কয় যে কেৱল খননৰ কাৰণে এই বালিৰ দলং সিহঁতে তৈয়াৰ কৰিছে


PHOTO • Jigyasa Mishra

নদীৰ পানীৰ সোঁত বন্ধ কৰিবলৈ খনন এজেন্সীবোৰে অস্থায়ীভাৱে এই বালিৰ দলং (বান্ধ) তৈয়াৰ কৰিছে- যাতে তেওঁলোকে অধিক বালি সংগ্ৰহ কৰিব পাৰে। এই প্ৰক্ৰিয়াত উদ্ভিদ, শস্য, ভূমি, পানী, জীৱিকা আৰু বহুত কিবাকিবি ধ্বংস কৰা হৈছে

অনুবাদঃ পংকজ দাস

পংকজ দাস এগৰাকী সাংবাদিক, অনুবাদক আৰু অসমীয়া নিউজ পৰ্টেল newsnextone.com ৰ সহ-প্ৰতিস্থাপক। যোগাযোগৰ ইমেইল আইডি [email protected]

Jigyasa Mishra

জিজ্ঞাসা মিশ্ৰা উত্তৰ প্ৰদেশৰ চিত্ৰকূটৰ এগৰাকী মুক্ত সাংবাদিক। তেওঁ ভাৰতৰ বিভিন্ন অঞ্চলৰ গ্ৰামীণ সমস্যা, কলা-সংস্কৃতি আদিৰ ওপৰত ঘাইকৈ প্ৰতিবেদন লিখে।

Other stories by Jigyasa Mishra