আহেমাডোছ চিতাৰমেকাৰে পেৰিচলৈ যাব পাৰিলেহেতেঁন, কিন্তু তেওঁৰ দেউতাকে সেয়া হ’বলৈ নিদিলে। “যদিহে তই বাহিৰৰ পৃথিৱীখন দেখা পাৱ, তেন্তে আৰু ঘূৰিয়েই নাহিবি,’’ দেউতাকে যাবলৈ মানা কৰি কৈছিল। তাহানিৰ সেই দিনবোৰ মনলৈ অহাত ৯৯ বছৰীয়া আহেমাডোছে এমোকোৰা হাঁহিৰে কৈছিল।

আহেমাডোছৰ যেতিয়া ৩০ বছৰ বয়স আছিল তেতিয়া পেৰিছৰ পৰা দুগৰাকী মহিলাই ধ্ৰুপদী বাদ্য চেতাৰ প্ৰস্তুতৰ কলা শিকিবলৈ তেওঁ চহৰখনলৈ আহিছিল। “কেবাঠাইতো ঘূৰি-পকি তেওঁলোক মোৰ কাষ পাইছিল আৰু মই শিকাবলৈ লৈছিলো,’’ মিৰাজৰ চেতাৰমেকাৰ গলিত থকা তেওঁলোকৰ দুমহলীয়া ঘৰটোৰ তলৰ মহলাত বহি কৈ গৈছিল তেওঁ। প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি তেওঁলোকৰ পৰিয়ালটোৱে এই ঠাইতে বসবাস কৰাৰ লগতে কামো কৰি আহিছে।

তেওঁ কৈ গৈছে, “তেতিয়া আমাৰ ঘৰত স্নানাগাৰৰ ব্যৱস্থা নাছিল। কিন্তু আমি এদিনতে সেই ব্যৱস্থা কৰি লৈছিলো, কাৰণ আমি কৰাৰ দৰে বিদেশী আলহীক বাহিৰলৈ যাবলৈ ক’বলৈ সত নগৈছিল।’’ কথাখিনি কৈ থকাৰ সময়তে চেতাৰ বাজি উঠাৰ মৃদু ধ্বনি শুনা গৈছিল। তেতিয়া তেওঁৰ পুত্ৰ গাউছ চেতাৰমেকাৰে হয়তো কাম কৰি আছিল।

আহেমাডোছৰ ঘৰত যুৱতী মহিলাদুগৰাকী প্ৰায় ৯ মাহ ধৰি আছিল। কিন্তু শেষৰ কথাখিনি শিকাৰ পূৰ্বে তেওঁলোকৰ ভিছাৰ ম্যাদ উকলি যাবৰ হৈছিল। তাৰ কেইমাহমান পিছত যুৱতী দুগৰাকীয়ে বাকী থকাখিনি শিকাই দিবলৈ তেওঁক পেৰিছলৈ আমন্ত্ৰণ জনাইছিল।

কিন্তু পিতৃৰ কথামতে তেওঁৰ পেৰিছলৈ আৰু যোৱা নহ’ল। চেতাৰ প্ৰস্তুতৰ বাবে প্ৰসিদ্ধ মহাৰাষ্ট্ৰ ছাংলি জিলাতে এগৰাকী চেতাৰ প্ৰস্তুত কৰা শিল্পী হিচাপেই চলি থাকিল সাধাৰণ জীৱন। আহেমাডোছৰ পৰিয়ালটোৰ ৭ টা প্ৰজন্মই যোৱা প্ৰায় ১৫০ বছৰ ধৰি এই কামৰ সৈতে জড়িত হৈ আছে। বৰ্তমান তেওঁ ৯৯ বছৰত ভৰি দিছে যদিও এতিয়াও কাম কৰিয়েই গৈছে।

Left: Bhoplas [gourds] are used to make the base of the sitar. They are hung from the roof to prevent them from catching moisture which will make them unusable.
PHOTO • Prakhar Dobhal
Right:  The gourd is cut into the desired shape and fitted with wooden sticks to maintain the structure
PHOTO • Prakhar Dobhal

বাওঁফালে: ভোপলা [ৰঙালাও] চেতাৰ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। সেমেকি যাব নোৱাৰাকৈ চালত ওলোমাই থোৱা হয় সোঁফালে: ৰঙালাওৰ খোলা জোখমতে কাটি কাঠৰ মাৰি লগোৱা হয়

আহেমাডোছৰ কাৰখানা সদৃশ ঘৰটোত ভোপ্লা অথবা ৰঙালাওৰ খোলা ভিন্ন ঠাইত ওলমাই ৰখা হৈছে। তেওঁৰ ঘৰটোৰ কাষৰ ঘৰবোৰতো তেনে দৃশ্যই দেখা যায়।

চেতাৰ প্ৰস্তুতকৰ্তাসকলে এই ৰঙালাওৰ খোলাৰ সহায়তেই চেতাৰৰ মূল অংশ তৈয়াৰ কৰে। মিৰাজৰ পৰা প্ৰায় ১৩০ কিলোমিটাৰ দূৰৈৰ পান্ধাৰপুৰ অঞ্চলত এই পাচলিবিধৰ খেতি কৰা হয়। এই ৰঙালাওবিধৰ সোৱাদ কিছু তিতা হয় বাবে মানুহে বৰকৈ নাখায় আৰু সেয়ে চেতাৰ প্ৰস্তুতকাৰীসকলক উদ্দেশ্য কৰিয়েই ইয়াৰ খেতি কৰা হয়। চেতাৰ প্ৰস্তুতকাৰী শিল্পীসকলে লাভৰ আশাৰে খেতি কৰিবলৈ লওতেই গ্ৰীষ্মৰ সময়তে আগতীয়াকৈ ৰঙালাওবোৰ বন্দোৱস্ত কৰি ৰাখে, কিয়নো খৰালি কালত চপোৱাৰ সময়ত দাম বাঢ়ি যোৱাৰ সম্ভাৱনা থাকে। সেমেকি নাযাবৰ বাবে ৰঙালাওবোৰ ঘৰৰ চালত ওলমাই ৰখা হয়। যদিহে মাটিত ৰখা হয় তেতিয়া ভেঁকুৰে ধৰাৰো আশংকা থাকে আৰু তেনে অৱস্থাত বাদ্যবিধ সোনকালে বেয়া হৈ পৰে।

“আগতে আমি এটাত ২০০-৩০০ টকা দিছিলো, কিন্তু এতিয়া দাম ১০০০-১৫০০ টকা হৈছেগৈ,’’ ৰঙালাওবোৰ ছাফা কৰি প্ৰয়োজনীয় আকাৰ দিবলৈ কাটি থকা ইমতিয়াজে চেতাৰমেকাৰে কয়। ক্ৰমাৎ বৃদ্ধিপোৱা পৰিবহণ ব্যয়েও ইয়াৰ দামবৃদ্ধিত অৰিহণা যোগাইছে। ইমতিয়াজে আৰু এটা সমস্যালৈ উনুকিয়াই কয় যে এতিয়া হস্তনিৰ্মিত সামগ্ৰীৰ চাহিদা হ্ৰাস পাইছে বাবেই খেতিয়কসকলে ৰঙালাওৰ খেতি কৰিবলৈ কমাই দিছে, ফলত দাম বৃদ্ধি পাইছে।

খোলাতো হৈ উঠিলে ইয়াত কাঠৰ হেণ্ডেল সংযুক্ত কৰা হয়। তাৰপিছত শিল্পীসকলে ডিজাইন দিবলৈ আৰম্ভ কৰে। ডিজাইনিঙৰ কাম সম্পূৰ্ণ হৈ উঠিবলৈ প্ৰায় এসপ্তাহৰ প্ৰয়োজন হয়। হাতেৰে চলোৱা ড্ৰিল আৰু প্লাষ্টিক ষ্টেনচিল ব্যৱহাৰ কৰি ইৰফানৰ দৰে পাকৈত ডিজাইনাৰসকলে কাঠত ডিজাইন কৰে। ৪৮ বছৰীয়া ইৰফানে কয়, ''বহুসময় ধৰি কাম কৰি থাকিলে পিঠিৰ বিষয় আৰু বহু সমস্যাই দেখা দিয়ে।’’ কথাৰ মাজতে তেওঁৰ পত্নী শ্বাহিনে যোগ দিয়ে, ''এই কামটোৱে দেহাটো বছৰি বছৰি কিবা কৰি পেলায়।’’

ভিডিঅ’ চাওকঃ মিৰাজৰ চেতাৰ নিৰ্মাতাসকল

শ্বাহিনে কয়, “শিল্প বা এই পৰম্পৰাক বেয়া পাবলৈ মোৰ আছেইবা কি? এই কষ্টকৰ কাম কৰি দুপইছা উপাৰ্জন কৰা মোৰ স্বামীক পৰিচয়ক লৈ মই গৰ্বিত।” দুটা সন্তানৰ মাতৃ শ্বাহিনে আৰু কয় যে এই শিল্পবিধৰ পৰা হোৱা উপাৰ্জনৰ সৈতে শাৰীৰিক পৰিশ্ৰমৰ তুলনা নহয়। ৰান্ধনিঘৰৰ দুৱাৰমুখত থিয় হৈ থাকি তেওঁ আৰু কয়, “আমি স্বামীয়ে দিনটো কাম কৰি পোৱা ধনেৰেই দুবেলা দুমুঠি খাই আহিছো। মই এই জীৱনটোক লৈ সুখী। সেইবুলিয়েই কিন্তু আমি আমাৰ অভাৱবোৰক কেনেকৈ অস্বীকাৰ কৰিম?’’

তেওঁলোকৰ দুই পুত্ৰয়ো ককাৰ ভাতৃৰ পৰা চেতাৰ বজাবলৈ শিকি আছে। “দুয়ো ধুনীয়াকৈ বজাব জানে,’’ শ্বাহিনে কয়, “এনেকৈ গৈ থাকিলে ভৱিষ্যতে দুয়ো ডাঙৰ মানুহ হৈ যাব বুলি ভাবি থাকো।’’

কিছুসংখ্যক চেতাৰ প্ৰস্তুতকাৰীয়ে সমগ্ৰ প্ৰক্ৰিয়াটোত বিশেষ বিশেষ কামহে কৰে। কোনোৱে যদি ৰঙালাওৰ খোলা কাটে, কোনোৱে আকৌ ডিজাইন কৰে আৰু ইয়াৰ বিনিময়ত তেওঁলোকে দৈনিক হাজিৰা লাভ কৰে। ডিজাইনাৰ আৰু ৰং কৰা লোকসকলে কামৰ ধৰণ আৰু পৰিমাণলৈ চাই এদিনত ৩৫০-৫০০ টকালৈকে পায়। আনহাতে, আন কিছুসংখ্যকে আকৌ ৰঙালাওৰ খোলাতো পৰিস্কাৰ কৰা আৰু বাদ্যবিধক পলিচ আদি কৰি চূড়ান্ত ৰূপ দিয়া কাম কৰে। সকলো কামৰ অন্তত যেতিয়া চেতাৰৰ প্ৰস্তুতকৰণ সম্পূৰ্ণ হৈ উঠে তেতিয়া এই হস্তনিৰ্মিত চেতাৰ খনে প্ৰতি ৩০-৩৫ হাজাৰ টকা পৰ্যন্ত বিক্ৰী হয়।

সাধাৰণতে পৰিয়ালৰ মহিলা সদস্যসকলে এই শিল্পবিধৰ সৈতে ইমানকৈ জড়িত নহয়। “মই নিশ্চিত যে যদি আজি মোৰ ছোৱালী দুজনীয়ে শিকিবলৈ লয় তেন্তে সেয়া দুদিনতে শিকি যাব। দুয়ো পঢ়া-শুনাত ভাল, এই কথাটোৱে মোক সুখী কৰি তোলে,’’ এইদৰে কয় দুগৰাকী কন্যা সন্তানৰ পিতৃ গৌছে। ৫৫ বৰ্ষীয় গৌছে শিশু অৱস্থাৰে পৰা চেতাৰৰ পলিছ কৰা আৰু ফিটিং কৰা কাম কৰি আহিছে। “ছোৱালী মানুহ এদিন বিয়া হৈ যাব। হয়তো সিঁহতে চেতাৰৰ সৈতে সম্পৰ্ক নথকা পৰিয়াললৈ বিয়া হৈ যাব আৰু এই বিদ্যাৰ কামেই নাথাকিব,’’ তেওঁ কয়। উল্লেখ্য যে, মহিলাসকলে এই সমগ্ৰ কামটোত পলিছ কৰা বা আন তেনেধৰণৰ সৰু-সুৰা কাম কৰে। সাধাৰণতে পুৰুষে কৰা কামবোৰ মহিলাই কৰিলে সমাজে কিবা ক’ব বুলি ভাবি বা বিয়াৰ সময়ত দৰাঘৰৰ পৰিয়ালে মানি নল’ব বুলি ধাৰণা কৰিয়েই সেই কামবোৰৰ পৰা আঁতৰি থাকে।

Left:  Irfan Sitarmaker carves patterns and roses on the sitar's handle using a hand drill.
PHOTO • Prakhar Dobhal
Right: Wood is stored and left to dry for months, and in some instances years, to season them
PHOTO • Prakhar Dobhal

বাওঁফালে: ইৰফান সীতাৰমেকাৰে হেণ্ড ড্ৰিল ব্যৱহাৰ কৰি চেতাৰৰ হেণ্ডেলত আৰ্হি আৰু গোলাপ ফুল খোদিত কৰে। সোঁফালে: কাঠ মজুত কৰি মাহৰ পিছত মাহ ধৰি শুকুৱাবলৈ দিয়া হয়, আৰু কিছুমান ক্ষেত্ৰত বছৰ বছৰ ধৰি শুকুৱাই ৰখা হয়

Left: Fevicol, a hammer and saws are all the tools needed for the initial steps in the process.
PHOTO • Prakhar Dobhal
Right: Imtiaz Sitarmaker poses with the sitar structure he has made. He is responsible for the first steps of sitar- making
PHOTO • Prakhar Dobhal

বাওঁফালে: ফেভিকল, হাতুৰী আৰু কটাৰী হৈছে প্ৰক্ৰিয়াটোৰ প্ৰাৰম্ভিক পদক্ষেপৰ বাবে প্ৰয়োজনীয় মূল সঁজুলি। সোঁফালে: নিজ হাতেৰে তৈয়াৰ কৰা চেতাৰৰ সৈতে ইমটিয়াজ সীতাৰমেকাৰ। চেতাৰ তৈয়াৰৰ প্ৰক্ৰিয়াটোৰ আৰম্ভণিৰ কামখিনিৰ দায়িত্ব তেওঁৰ

*****

মিৰাজৰ ৰজা শ্ৰীমন্ত বালাছাহেব পটৱৰ্ধন দ্বিতীয়ৰ শাসনকালত ১৯ শতিকাত বাদ্যযন্ত্ৰৰ ব্যৱসায়ৰ ক্ষেত্ৰত চেতাৰ প্ৰস্তুতকাৰী এই চেতাৰমেকাৰসকলে খ্যাতি অৰ্জন কৰিবলৈ সমৰ্থ হৈছিল। সংগীত ভালপোৱা ৰজাগৰাকীয়ে আগ্ৰা, বাৰাণসী আদি অঞ্চলৰ শিল্পীসকলকো তেওঁৰ ৰাজ দৰবাৰলৈ সংগীত পৰিৱেশনৰ বাবে মতাই আনিছিল। কিন্তু ৰাস্তাৰে যাত্ৰা কৰাৰ সময়ত সংগীত শিল্পীসকলৰ বাদ্যযন্ত্ৰবোৰ বেয়া হৈ গৈছিল। এই সমস্যা সমাধান কৰিবলৈ ৰজাই মেৰামতি কৰা লোকৰ সন্ধান কৰিছিল।

“ৰজাই বাদ্যযন্ত্ৰ মেৰামতি কৰা লোকৰ সন্ধান কৰোতে দুই ভাতৃৰ সন্ধান পাইছিল। চিকালগাৰ সম্প্ৰদায়ৰ এই দুই ভাতৃ হৈছে মহিনুদ্দিন আৰু ফৰিদছাহেব,’’ চেতাৰমেকাৰৰ ষষ্ঠ প্ৰজন্মৰ ইব্ৰাহীমে কয়। চিকালগাৰ সম্প্ৰদায়ক মহাৰাষ্ট্ৰত অন্যান্য পিছপৰা সম্প্ৰদায় (অবিচি)ৰ মৰ্যাদা দিয়া হৈছে। এই সম্প্ৰদায়ৰ লোকসকল সাধাৰণে ধাতুৰ কাম আৰু অস্ত্ৰ-শস্ত্ৰ আদি নিৰ্মাণৰ সৈতে জড়িত। ইব্ৰাহীমে কয়, “ৰজাৰ অনুৰোধত তেওঁলোক দুজনে বাদ্যযন্ত্ৰ মেৰামতিৰ কাম কৰিবলৈ ল’লে। সময় যোৱাৰ লগে লগে সেয়াই তেওঁলোকৰ প্ৰধান বৃত্তি হৈ পৰিল। পিছলৈ তেওঁলোকৰ উপাধিও চিকালগাৰৰ পৰা গৈ চেতাৰমেকাৰ হৈ পৰিল।’’ বৰ্তমান মিৰাজত থকা তেওঁলোকৰ উত্তৰসূৰীসকলে দুয়োটা নামেই উপাধি হিচাপে ব্যৱহাৰ কৰি আহিছে।

কিন্তু এই কাম চলাই যাবলৈ ঐতিহাসিক উত্তৰাধিকাৰতকৈও নতুন প্ৰজন্মৰ বাবে আগ্ৰহৰহে অধিক প্ৰয়োজন। শ্বাহিন আৰু ইৰফানৰ দুই পুত্ৰ তথা আন শিশুসকলৰো বহুতেই চেতাৰ প্ৰস্তুতৰ পৰিৱৰ্তে চেতাৰ বাদনহে শিকিবিলৈ আৰম্ভ কৰিছে।

সময় যোৱাৰ লগে লগে বাদ্যযন্ত্ৰসমূহ ছফটৱেৰ নিৰ্ভৰশীল হৈ পৰিছে। ফলত বাদ্যশিল্পীসকলে আগৰ বাদ্যযন্ত্ৰৰ পৰিৱৰ্তে নতুন উন্নত বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰিবলৈ লোৱাত হস্তনিৰ্মিত বাদ্যযন্ত্ৰৰ বজাৰখন লাহে লাহে স্তিমিত হৈ পৰিছে। হস্তনিৰ্মিত চেতাৰৰ পৰিৱৰ্তে যন্ত্ৰ-নিৰ্মিত চেতাৰৰ দাম কম হোৱাৰ দৰে কাৰকসমূহেও চেতাৰমেকাৰসকল প্ৰভাৱিত কৰিছে।

Left: Gaus Sitarmaker is setting the metal pegs on the sitar, one of the last steps in the process. The pegs are used to tune the instrument.
PHOTO • Prakhar Dobhal
Right: Japanese steel strings sourced from Mumbai are set on a camel bone clog. These bones are acquired from factories in Uttar Pradesh
PHOTO • Prakhar Dobhal

বাওঁফালে: গৌছ সীটাৰমেকাৰে চেতাৰত ধাতুৰ পেগবোৰ লগাই আছে , যিটো প্ৰক্ৰিয়াৰ শেষ পদক্ষেপবোৰৰ ভিতৰত এটা। পেগবোৰৰ সহায়ত বাদ্যযন্ত্ৰটো টিউনিং কৰা হয়। সোঁফালে: মুম্বাইৰ পৰা অনা জাপানীজ ষ্টীলৰ ডোঙা উটৰ হাড়ৰ ক্লগত স্থাপন কৰা হৈছে। এই হাড়বোৰ উত্তৰ প্ৰদেশৰ কাৰখানাৰ পৰা আহৰণ কৰা হয়

Left: Every instrument is hand polished  multiple times using surgical spirit.
PHOTO • Prakhar Dobhal
Right: (from left to right) Irfan Abdul Gani Sitarmaker, Shaheen Irfan Sitarmaker, Hameeda Abdul Gani Sitaramker (Irfan’s mother) and Shaheen and Irfan's son Rehaan
PHOTO • Prakhar Dobhal

বাওঁফালে: প্ৰতিটো বাদ্যযন্ত্ৰ স্পিৰিট ব্যৱহাৰ কৰি একাধিকবাৰ হাতেৰে পলিচ কৰা হয়। সোঁফালে: (বাওঁফালৰ পৰা সোঁফালে) ইৰফান আব্দুল গণি সীতাৰমেকাৰ , শ্বাহিন ইৰফান সীতাৰমেকাৰ , হামিদা আব্দুল গনি সীতাৰামকেৰ (ইৰফানৰ মাতৃ) আৰু শ্বাহীন আৰু ইৰফানৰ পুত্ৰ ৰেহান

এই সমস্যাৰে মোকাবিলা কৰিবলৈ চেতাৰমেকাৰসকলে এতিয়া মিনি চেতাৰ প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিছে। এই মিনি চেতাৰৰ মূল গ্ৰাহক হৈছে পৰ্যটকসকল। দেখিবলৈ ধুনীয়া উজ্জ্বল ৰং ব্যৱহাৰ কৰা এই মিনি চেতাৰ ৰঙালাওৰ খোলাৰ পৰিৱৰ্তে বিশেষ ফাইবাৰৰ জৰিয়তে প্ৰস্তুত কৰা হয় আৰু এখন চেতাৰ ৩০০০-৫০০০ টকা পৰ্যন্ত বিক্ৰী হয়।

লাহে লাহে চৰকাৰে প্ৰদান কৰা স্বীকৃতি তথা সাহায্যও হ্ৰাস পাবলৈ লৈছে। যদিও চৰকাৰীভাৱে শিল্পীসকলৰ বাবে একাধিক আঁচনি লোৱা হৈছে তথাপি কিন্তু এইসকল লোক এতিয়াও তেনে আঁচনিৰ পৰা বাদ পৰি ৰৈছে। ''যদিহে চৰকাৰে আমাৰ কাম আৰু প্ৰচেষ্টাক স্বীকৃতি প্ৰদান কৰে তেতিয়া আমি আৰু উন্নতধৰণে বাদ্যযন্ত্ৰ তৈয়াৰ কৰিব পাৰিম। এনে কৰিলে আমাৰ এই শিল্পীসকল আৰ্থিকভাৱে লাভান্বিত হ’ব, লগতে ইমানদিনে কৰি অহা এই সাধনায়ো সন্মান লাভ কৰিব,’’ ইব্ৰাহীমে কয়। আহেমাডোছৰ দৰে বৰ্ষীয়ান শিল্পীসকলৰ অৱশ্যে এই লৈ কোনো আক্ষেপ নাই। “আজিও যদি মোক কোনোবাই সোধে যে কিবা সাহায্য লাগিব নেকি, তেন্তে মই হাঁহিমুখে কম যে আমাক সেইবোৰৰ দৰকাৰ নাই, আমাক সেইবোৰ নালাগে,’’ আহেমাডোছে কয়।

সম্প্ৰতি ইণ্টাৰনেটেও তেওঁলোকৰ বাবে সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি কৰিছে। এতিয়া গ্ৰাহকসকলে ৱেবছাইটৰ জৰিয়তেই অৰ্ডাৰ দিব পাৰে, ফলত ষ্ট’ৰৰ মালিক আৰু মধ্যভোগীক কমিছন নিদিয়াকৈয়ো বয়-বস্তু বিক্ৰী কৰিব পৰাতো সম্ভৱ হৈ উঠিছে। চাওতে চাওতে দেশৰ ভিন্ন প্ৰান্তৰ গ্ৰাহকৰ পৰা অৰ্ডাৰ আহিবলৈ লৈছে। আনকি বিদেশৰ গ্ৰাহকসকলেও ৱেবছাইটৰ জৰিয়তে চেতাৰৰ সন্ধান কৰিবলৈ লোৱা দেখা গৈছে।

ভিডিঅ’ত কিদৰে চেতাৰ তৈয়াৰ কৰা হয় আৰু এই শিল্পীসকলে কি সমস্যাৰ সন্মুখীন হৈ আহিছে সেয়া চাওক।

অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি

Student Reporter : Swara Garge

سورا گرگے سال ۲۰۲۳ میں پاری کے ساتھ انٹرن شپ کر چکی ہیں اور ایس آئی ایم سی (پونے) میں ماسٹرز کی آخری سال کی طالبہ ہیں۔ وہ وژوئل اسٹوری ٹیلر ہیں اور دیہی امور، ثقافت اور معاشیات میں دلچسپی رکھتی ہیں۔

کے ذریعہ دیگر اسٹوریز Swara Garge
Student Reporter : Prakhar Dobhal

پرکھر ڈوبھال سال ۲۰۲۳ میں پاری کے ساتھ انٹرن شپ کر چکے ہیں اور ایس آئی ایم سی (پونے) سے ماسٹرز کی پڑھائی کر رہے ہیں۔ پرکھر ایک پرجوش فلم میکر ہیں، جن کی دلچسپی دیہی امور، سیاست و ثقافت کو کور کرنے میں ہے۔

کے ذریعہ دیگر اسٹوریز Prakhar Dobhal
Editor : Sarbajaya Bhattacharya

سربجیہ بھٹاچاریہ، پاری کی سینئر اسسٹنٹ ایڈیٹر ہیں۔ وہ ایک تجربہ کار بنگالی مترجم ہیں۔ وہ کولکاتا میں رہتی ہیں اور شہر کی تاریخ اور سیاحتی ادب میں دلچسپی رکھتی ہیں۔

کے ذریعہ دیگر اسٹوریز Sarbajaya Bhattacharya
Translator : Dhrubajyoti Dhanantari

Dhrubajyoti Dhanantari is a journalist based in Guwahati, Assam.

کے ذریعہ دیگر اسٹوریز Dhrubajyoti Dhanantari