হাৰিয়ানা-দিল্লী সীমান্তৰ সিংঘুত কৃষক আৰু নিৰাপত্তা বাহিনীৰ মাজত হোৱা হতাহতিৰ সময়ত কন্দুৱা গেছৰ খোলাৰ আঘাতত চৰ্দাৰ সন্তোখ সিং গুৰুতৰভাৱে আহত হৈছিল।

কিন্তু ৭০ বছৰীয়া এই বৃদ্ধগৰাকীয়ে এনে আঘাত স্বতেও সিংঘুত নতুন কৃষি আইনৰ বিৰুদ্ধে অলৰ-অচল হৈ থিয় দি আছিল। “আমি শান্তিপূৰ্ণভাৱে সমবেত হৈছিলো, হঠাতে গুলীৰ শব্দ শুনিবলৈ পাইছিলো,” ২৭ নবেম্বৰৰ দিনটো স্মৰণ কৰি তেওঁ কৈছিল, যিদিনা গেছৰ খোলাই তেওঁৰ বাওঁ চকুৰ তলত প্ৰচণ্ড আঘাত হানিছিল।

এই ঘটনাৰ আগদিনা, পাঞ্জাৱৰ টাৰ্ন টাৰান জিলাৰ গাওঁ ঘড়কাৰ পৰা ১৭ জন লোক আহি পুৱা দিল্লী সীমান্ত পাইছিলহি। “যেতিয়া আমি পাইছিলোহি, সেই স্থানত প্ৰায় ৫০,০০০ৰ পৰা ৬০,০০০ লোক সমবেত হৈ আছিল। আমি আন প্ৰতিবাদকাৰীৰ সৈতে বহি এজনৰ ভাষণ শুনি আছিলো,” সন্তোখ সিঙে মনত পেলায়।

পুৱা ১১ মান বজাত পৰিৱেশ হঠাত বিশৃংখল হৈ পৰিছিল, হতাহতি আৰম্ভ হৈছিল। ইয়াৰ কিছুসময়ৰ পাছতেই পানী আৰু কন্দুৱা গেছ বৰষিবলৈ লৈছিল। “মোৰ সন্মুখত থকা ডেকাবোৰে মোৰ গাৰ ওপৰেৰে জপিয়াই নিৰাপদ ঠাইলৈ যাবলৈ ঠেলা-হেঁচা লগাইছিল। মই থিয় হৈ নিজকে চম্ভালি লৈছিলো,” সন্তোখ সিঙে কয়। “মই নিৰাপত্তা বাহিনীক উদ্দেশ্যি চিঞৰি উঠিছিলোঃ “তোমালোকে আমাক কিয় উত্তেজিত কৰিছা? আমি ইয়াত শান্তিপূৰ্ণভাৱে সমবেত হৈছোহি।” ঠিক তেনেতে মোৰ সন্মুখত এটি শিশুৱে এটা কন্দুৱা গেছৰ খোলা উৰি অহা দেখি বহি পৰে, আৰু এইটোৱে মোৰ মুখত আঘাত কৰে। তথাপি মই পিছ হোঁহকা নাছিলো।”

পাঞ্জাৱৰ চোলা ছাহিব তহচিলত থকা নিজ গাঁৱৰ কৃষিভূমিত গোটেই জীৱন ধৰি ধান আৰু ঘেঁহুৰ খেতি কৰি অহা চৰ্দাৰ সন্তোখ সিঙে কয়, “ৰাইজে মোক আগুৰি ধৰি জুম বন্ধাৰ আগলৈকে মই মোৰ আঘাতৰ বিষয়ে গমেই পোৱা নাছিলো। তেওঁলোকে মোক কৈছিল যে মোৰ প্ৰচুৰ ৰক্তপাত হৈছে আৰু সেইবাবে চিকিৎসালয়লৈ নিয়াৰ প্ৰয়োজন। মই এনে কৰিবলৈ অস্বীকাৰ কৰিলো আৰু পলায়ন কৰা প্ৰতিবাদকাৰীক উভতি আহিবলৈ আহ্বান জনালো। মই ক’লো, নপলাবা। আগুৱাই আহা। আমি পলাবৰ বাবে ইমান দূৰৰ পৰা ইয়ালৈ অহা নাই। চৰকাৰী বাহিনীয়ে আমাক কিয় এনেদেৰে নিৰ্বিচাৰভাৱে আক্ৰমণ কৰিলে সেই বিষয়ে মই তেওঁলোকক সুধিব বিচাৰিছিলো। তেওঁলোকক কৈছিলো, সাহস আছে যদি সন্মুখলৈ আহা আৰু মোৰ সৈতে যুঁজ কৰা। তেওঁলোকৰ গুলীক আমি মুঠেই ভয় নকৰো।”

গেছৰ খোলাই তেওঁক আঘাত কৰাৰ পাছত, সিঙৰ বাওঁ চকুত আঠটা চিলাই পৰিছিল আৰু তেজৰ চেঁকুৰা বান্ধিছিল। “মোৰ গাঁৱৰ পৰা অহা ডেকাসকলে প্ৰতিবাদস্থলীৰ কাষতে থকা এখন চিকিৎসালয়লৈ মোক লৈ গৈছিল। সেই চিকিৎসালয়খনে আমাক সোমাবলৈ দিয়া নাছিল আৰু আমাৰ সন্মুখতে তেওঁলোকৰ দুৱাৰ বন্ধ কৰি দিছিল। সেই সময়ত এক ভীষণ বিশৃংখল পৰিস্থিতিৰ উদ্ভৱ হৈছিল। সৌভাগ্যক্ৰমে, সেই স্থানত পাঞ্জাৱৰ পৰা অহা এখন এম্বুলেঞ্চ ৰৈ আছিল। তেওঁলোক আমাৰ ওচৰলৈ আগুৱাই আহে আৰু ক্ষতস্থান চিলাই কৰি দিয়াৰ লগতে ঔষধ দি আমাক সহায় কৰে। তেওঁলোকে কন্দুৱা গেছৰ খোলাত আঘাতপ্ৰাপ্ত আনসকলকো চিকিৎসা কৰে।”

PHOTO • Kanika Gupta

সন্তোষ সিঙে মুখত সামান্য হাঁহি আৰু গহীন কণ্ঠৰে সেই দিনটোৰ কথা মনত পেলায়ঃ ‘আমি খেতি পথাৰত পোৱা আঘাতৰ তুলনাত এই আঘাত একোৱেই নহয়’

সন্তোখ সিঙে মুখত সামান্য হাঁহি আৰু গহীন কন্ঠৰে সেই দিনটোৰ কথা মনত পেলাইছিল। “আমি খেতি পথাৰত পোৱা আঘাতৰ তুলনাত এই ঘটনাটো একোৱেই নাছিল। খেতি চপোৱাৰ সময়ত পোৱা গভীৰ আঘাত এটা সাধাৰণ কথা। মই এজন কৃষক, মই ৰক্তপাতৰ ঘটনাৰ সৈতে অভ্যস্ত। তেওঁলোকে ভাবিছিল নেকি যে তেওঁলোকৰ বন্দুকবোৰে আমাক খেদি পঠাব পাৰিব?”

এই ঘটনাৰ মাহ চেৰেক পাৰ হৈ গৈছে, সিং আৰু আন প্ৰতিবাদকাৰীসকল এতিয়াও সীমান্তত প্ৰতিবাদৰত। চৰকাৰৰ সৈতে এখনৰ পাছত আন এখন বৈঠক ব্যৰ্থ হৈছে যদিও তেওঁলোক নিজৰ সংকল্পত অলৰ-অচৰ হৈ ৰৈছে।

কৃষকসকলে প্ৰতিবাদ কৰা আইনকেইখন হ’লঃ কৃষকৰ (সবলীকৰণ আৰু সুৰক্ষা) মূল্য নিশ্চিতকৰণ চুক্তি আৰু কৃষি সেৱা আইন, ২০২০ ; কৃষকৰ উৎপাদিত সামগ্ৰীৰ ব্যৱসায় আৰু বাণিজ্য (সংবৰ্দ্ধন আৰু সৰলীকৰণ) আইন, ২০২০ ; আৰু অত্যাৱশ্যকীয় সামগ্ৰী (সংশোধনী) আইন, ২০২০ । এই আইনকেইখনে ভাৰতীয় সংবিধানৰ ৩২ নং অনুচ্ছেদক উপেক্ষা কৰি ভাৰতীয় নাগৰিকৰ আইনী যুঁজৰ অধিকাৰ কাঢ়ি নিয়াৰ বুলিও সমালোচিত হৈছে।

এই আইনকেইখন প্ৰথমে অধ্যাদেশ হিচাপে জাৰী কৰা হৈছিল ২০২০ চনৰ ৫ জুনত, তাৰপাছত ১৪ ছেপ্টেম্বৰত সংসদত কৃষি বিধেয়ক হিচাপে উত্থাপন কৰা হয় আৰু সেই মাহৰে ২০ তাৰিখে তাৎক্ষণিকভাৱে আইনত পৰিণত কৰা হয়। কৃষকসকলে ভাবিছে যে এই আইনকেইখন তেওঁলোকৰ জীৱিকা ধ্বংস কৰিব কাৰণ আইনকেইখনে কৃষক আৰু কৃষিৰ ওপৰত বৃহৎ কৰ্প’ৰেট গোষ্ঠীক অধিক ক্ষমতা প্ৰদান কৰিব। ইয়াৰ উপৰিও এইসমূহে ন্যূনতম সমৰ্থন মূল্য (এমএচপি), কৃষিজাত উৎপাদন বিপণন সমিতি (এপিএমচি সমূহ), চৰকাৰীভাৱে শস্য সংগ্ৰহ, যোগান আৰু অন্যান্যকে ধৰি কৃষকৰ প্ৰতি আগবঢ়োৱা সাহায্যৰ প্ৰধান নীতিসমূহক উলংঘা কৰিব।

“চৰকাৰৰ পৰিকল্পনা হ’ল আমাক ইয়াত দীৰ্ঘদিন ধৰি বহুৱাই ৰখা যাতে আমি এদিন ক্লান্ত হৈ নিজেই উভতি যাওঁ। কিন্তু তেওঁলোকৰ ধাৰণা ভুল। আমি উভতি যাবম বুলি ইয়ালৈ অহা নাই। মই এই কথা আগতেও কৈছো আৰু পুনৰাই কওঁ: ইয়াত বহি থকাত আমাৰ কোনো সমস্যা নাই। ট্ৰেক্টৰ আৰু ট্ৰলীত খাদ্যৰ সম্পূৰ্ণ ৰচদ-পাতি মজুত আছে। আমাৰ শিখ ভাইসকলে আমাৰ আৱশ্যকীয় সকলো বস্তু যোগান ধৰিছে। চৰকাৰে আমাক আমাৰ অধিকাৰ ওভতাই নিদিয়া পৰ্যন্ত আমি ঘূৰি নাযাওঁ। এই আইনসমূহ প্ৰত্যাহাৰৰ উদ্দেশ্যেৰেই আমাৰ এই যুঁজ চলি আছে। আইন প্ৰত্যাহাৰ নহ’লে আমাৰ আৰু আহিব লগা প্ৰজন্মৰ ভৱিষ্যৎ অন্ধকাৰ হৈ পৰিব। আমি নতুন প্ৰজন্ম আৰু তেওঁলোকৰ ভৱিষ্যতৰ বাবে সংগ্ৰামত অবিচল থাকিব লাগিব। আমি কেৱল আমাৰ অধিকাৰ ওভতাই পোৱাৰ দিনাহে ঘূৰি যাম, তাৰ আগতে নহয়।”

অনুবাদ: ত্ৰিদীৱ নীলিম দত্ত

Kanika Gupta

کنیکا گُپتا نئی دہلی کی ایک آزاد صحافی اور فوٹوگرافر ہیں۔

کے ذریعہ دیگر اسٹوریز Kanika Gupta
Translator : Tridib Nilim Dutta

Tridib Nilim Dutta is a freelance journalist, writer and language expert based in Mumbai. He was a recipient of UNICEF Media Fellowship in 2016 and 2017. His areas of interest are human rights and development journalism.

کے ذریعہ دیگر اسٹوریز Tridib Nilim Dutta