মানসিক আৰু শাৰীৰিকভাৱে বাধাগ্ৰস্ত ছোৱালী আৰু মহিলা ভাৰতত যৌন হিংসাৰ চিকাৰ হোৱাৰ সম্ভাৱনা অধিক, এয়া এক প্ৰতিবেদনৰ তথ্য। তাৰ কাৰণ হিচাপে উল্লেখ কৰা হৈছে তেওঁলোকৰ যোগাযোগৰ ক্ষেত্রত থকা অক্ষমতা আৰু চোৱাচিতা কৰা মানুহৰ ওপৰত নিৰ্ভৰশীলতা। অভিযোগ দাখিল কৰা হ’লেও আইনী প্ৰক্ৰিয়াটোৱে তেওঁলোকৰ বাবে শাস্তি হৈ পৰে, ২১ বৰ্ষীয় কাজৰিৰ কথাই ধৰক। কাজৰি ২০১০ত অপহৃত হৈছিল আৰু দহ বছৰ তেওঁ সৰবৰাহ, যৌন আতিশয্য আৰু শিশু শ্ৰমৰ চিকাৰ হিচাপে জীৱন পাৰ কৰিবলগীয়া হৈছিল। তেওঁৰ পিতৃয়ে কয়, “একেটা ঠাইত মই বেছিদিন কাম কৰিব নোৱাৰোঁ, কিয়নো কাজৰিক পুলিচ ষ্টেটমেণ্ট, পৰীক্ষা আদিৰ বাবে নিবলৈ ছুটী ল’বলগীয়া হয় আৰু ছুটী বিচাৰিলে কামৰ পৰা খেদা খাওঁ।”
কমচেপচুৱেলাইজিং ব্ৰাহ্মিনিকেল পেট্ৰিয়াৰ্কি ইন আৰ্লি ইণ্ডিয়া শীৰ্ষক ৰচনাত অধ্যাপক উমা চক্ৰৱৰ্তীযে “নিয়ন্ত্ৰণৰ এক প্ৰভাৱশালী ব্যৱস্থা সৃষ্টি আৰু নিৰন্তৰ তেওঁলোকক (মহিলাক) সুৰক্ষা দিয়াৰ ধাৰণা” প্ৰচলিত হৈ থকাৰ কথা লিখিছে। এই নিয়ন্ত্ৰণ প্ৰায়ে পিতৃপ্ৰধান সমাজৰ ৰীতি-নীতিক আদৰি লোৱা মহিলাৰ হাততে থাকে আৰু নিয়ন্ত্ৰণ নৰখাসকলক নিন্দা কৰা হয়। মহিলাৰ চলন-ফুৰণৰ ক্ষেত্রত সাংঘাতিক কটকটীয়া নিয়মৰ আঁৰত লুকাই থাকে মহিলাগৰাকী যৌনতা, লগতে মহিলাগৰাকীৰ আৰ্থিক স্বাধীনতাক লৈ সমাজে কৰা ভয়। “আগতে মই যেতিয়াই গাঁৱৰ কোনোবা গৰ্ভৱতী মহিলাক দেখা কৰিবলৈ যাও বা তেনে মহিলাক হস্পিতাললৈ লৈ যাও, সিহঁতে (শাহু-শহুৰ) কৈছিল যে মই আন কোনোবা মতা মানুহক লগ কৰিবলৈ গৈছো। আশা হিচাপে এয়া মোৰ কৰ্তব্য,” গিৰিজাই (৩০) কয়। উত্তৰ প্ৰদেশৰ মাহোবা জিলাৰ গিৰিজাই স্বীকৃত সামাজিক স্বাস্থ্যকৰ্মী (আশা) হিচাপে কাম এৰি দিয়াৰ বাবে শহুৰেকৰ ঘৰৰ পৰা বাৰুকৈয়ে হেঁচা পায়। “কালি মোৰ স্বামীৰ ককাকে মোক লাঠি এডালেৰে মাৰিছে, আনকি মোক ডিঙি চেপি মাৰিবলৈ চেষ্টা কৰিছিল,” তেওঁ কয়।
মহিলাই যেতিয়া ঘৰুৱা এই বাধাবোৰ অতিক্ৰম কৰি কাম কৰে আৰু তাৰবাবে পাৰিশ্ৰামিক পায়, তেতিয়া আহে আন এক লিংগভিত্তিক আতিশয্য - কৰ্মস্থানত হাৰাশাস্তি। ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্র আৰু বেংগালুৰুৰ বস্ত্ৰ উদ্যোগত কৰা মহিলাৰ ওপৰত চলোৱা এক সমীক্ষা অনুযায়ী ১৭ শতাংশ মহিলাৰ কৰ্মস্থানত যৌন আতিশয্যৰ অভিযোগ আছে। “মেনেজাৰ, চুপাৰভাইজাৰ আৰু মেকানিক আদি পদত পুৰুষ থাকে আৰু তেওঁলোকে আমাক স্পৰ্শ কৰাৰ চেষ্টা কৰে, কিন্তু আমি অভিযোগ দিবলৈ কোনো নাই,” কাপোৰৰ ফেক্টৰি এটাত কাম কৰা শ্ৰমিক লতাই কয় (পঢ়ক: দিণ্ডিগুলত দলিত মহিলাৰ সাহসিকতাই গঢ়িলে ইতিহাস)। মহিলা শ্ৰমিকৰ কণ্ঠ সামূহিক ৰূপত সবলভাবে তুলি ধৰিবলৈ বিশাখা নিৰ্দেশাৱলী (১৯৯৭)ত সংস্থাসমূহক মহিলাৰ দ্বাৰা গঠিত এখন অভিযোগ কমিটি গঠন কৰাৰ পৰামৰ্শ দিয়া হৈছে, যিখনৰ মুৰব্বী মহিলা হ’ব লাগিব আৰু কমিটিখনত মহিলা সদস্যৰ সংখ্যা আধাতকৈ কম হ’ব নালাগিব। কাগজে-পত্ৰই এনে নিৰ্দেশাৱলী আছে যদিও, তাৰ ৰূপায়ণ তেনেই শোচনীয়। কৰ্মস্থলে হওঁক বা ঘৰ - মহিলাৰ বিৰুদ্ধে হিংসা সকলোতে বিৰাজমান।