আপুনি যদি ৬-১৪ বছৰ বয়সৰ শিশু, তেন্তে চুবুৰীৰ স্কুলখনত আপুনি “বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা” লাভ কৰাৰ আপোনাৰ অধিকাৰ আছে। শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন (আৰ.টি.ই.) খন ভাৰত চৰকাৰে ২০০৯ত মুকলি কৰিছিল।
কিন্তু ওড়িশাৰ জয়পুৰ জিলাৰ নবছৰীয়া চন্দ্ৰিকা বেহেৰাই স্কুল নোযোৱাৰ প্ৰায় দুটা বছৰেই হ’ল। কাৰণ তাইৰ স্কুলখন অকণমান দূৰত - ঘৰৰ পৰা ৩.৫ কিলোমিটাৰ খোজকাঢ়িব লাগে।
ভাৰতৰ গ্ৰামাঞ্চলত শিকন-শিক্ষণ প্ৰক্ৰিয়াটো কেতিয়াও সুষম নহয়। ইয়াৰ লগত জড়িত আইন আৰু নীতিবোৰ প্ৰায়ে কাগজে-পত্ৰই থাকি যায়। কিছুমান ক্ষেত্ৰত, খুব কমেই যদিও, শিক্ষক বিশেষে উদ্ভাৱনা আৰু ধৈৰ্য্যৰে কিছুমান ব্যৱস্থাগত প্ৰত্যাহ্বান লংঘন কৰিব পাৰিছে, তেনেকৈ বাস্তৱ সমাধানো ওলাইছে।
উদাহৰণ স্বৰূপে কাশ্মীৰৰ অনন্তনাগ জিলাৰ ভ্ৰাম্যমান শিক্ষকগৰাকীয়ে লিড্ডাৰ উপত্যকালৈ যাযাবৰ সম্প্ৰদায়ৰ গুজ্জৰ পৰিয়ালবোৰে প্ৰব্ৰজন কৰাৰ সময়ত লগত যায় আৰু তাতে চাৰিমাহ তেওঁলোকৰ ল’ৰা-ছোৱালীক পঢ়ুৱায়। সীমিত সম্পদৰ উত্তম ব্যৱহাৰেৰে এইসকল শিক্ষকে নব্য উপায়েৰে শিক্ষণৰ দিশে আগবাঢ়িছে। একেদৰে কইম্বোটোৰৰ বিদ্যা বনম বিদ্যালয়ৰ শিক্ষকে তেওঁলোকৰ ছাত্ৰ-ছাত্ৰীৰ মাজত জিনীয় সালসলনি ঘটোৱা শস্যৰ ওপৰত তৰ্কসভা চলিছে। ইয়াৰে বহুতেই প্ৰথম প্ৰজন্মৰ ইংৰাজী কওঁতা, কিন্তু তথাপি তেওঁলোকে ইংৰাজীতে কৈ গৈছে আৰু জৈৱ ধানৰ সচ আৰু বিভিন্ন শস্যৰ সপক্ষে যুক্তি দাঙি ধৰিছে।
শ্ৰেণীকোঠাত সোমাওক, তাতে আপুনি শিকনৰ ফলাফলবোৰ সুক্ষ্মভাৱে দেখিবলৈ পাব, ভাৰতৰ ৰাজ্যসমূহৰ শৈক্ষিক অৱস্থাৰ এখন সঠিক ছবি আপুনি পাব পাৰি লাইব্ৰেৰীত । গ্ৰামাঞ্চলৰ শিক্ষাৰ সুগম্যতা, গুণগত মান আৰু ব্যৱধান বিষয়ক প্ৰতিবেদনবোৰ আমি পাৰি লাইব্ৰেৰীত গোটাই থৈছো। লাইব্ৰেৰীৰ প্ৰতিখন প্ৰতিবেদনৰে এক সংক্ষিপ্ত সাৰাংশ প্ৰতিবেদনখনৰ আৰম্ভণিতে দিয়া আছে।
শেহতীয়া শিক্ষাৰ (গ্ৰামীণ) বাৰ্ষিক অগ্ৰগতিৰ খতিয়ান অনুযায়ী ২০২২ত শিশুৰ পঢ়াৰ সাধাৰণ সক্ষমতা ২০১২ চনৰ যি স্তৰ আছিল, সেই পৰ্য্যায়লৈ অৱনমিত হৈছে। এয়া গোটেই দেশৰ চৰকাৰী আৰু বেচৰকাৰী স্কুলৰ ক্ষেত্ৰত দেখা গৈছে। মহাৰাষ্ট্ৰৰ নন্দুৰবাৰ জিলাৰ তোৰনমল অঞ্চলত ৮ বছৰীয়া শৰ্মিলাই ২০২০ৰ মাৰ্চত স্কুল বন্ধ থকাত চিলাই মেচিনত কাম শিকিছে। মাৰাঠী বৰ্ণমালা হেনো তাইৰ মনত নাই, তাই কয়, “ আটাইবোৰ মনত নাই ”।
ক’ভিডে প্ৰতিখন ৰাজ্যৰে শিক্ষা ব্যৱস্থাটোৰ সংকটাপন্ন অৱস্থাটোক আৰু বেছি দূৰ্বল কৰি পেলালে। যিসকলে কোনোমতে শিক্ষালাভৰ বাবে আগবাঢ়ি আহিছিল, তেওঁলোকক বহুদূৰলৈ আঁতৰাই পঠিওৱা হ’ল আৰু অনলাইন পাঠদান আৰম্ভ হ’ল। কিন্তু পৰিতাপৰ কথা যে নগৰাঞ্চলত কেৱল ২৪ শতাংশ শিশুই আৰু গ্ৰামাঞ্চলত আঠ শতাংশই ‘যথোচিত অনলাইন সুবিধা’ লাভ কৰিছিল, ২০২১ৰ আগষ্টত চলোৱা এক সমীক্ষাত এই কথা প্ৰকাশ পাইছে।
প্ৰথমমানৰ পৰা অষ্টমমান শ্ৰেণীৰ প্ৰায় ১১.৮০ কোটি ছাত্ৰ-ছাত্ৰীক স্কুলত মধ্যাহ্ন ভোজন প্ৰদান কৰা হয়। গ্ৰামাঞ্চলৰ প্ৰায় ৫০ শতাংশ ল’ৰা-ছোৱালীয়ে তেওঁলোকৰ স্কুলত মধ্যাহ্ন ভোজন পায় বুলি প্ৰতিবেদনত প্ৰকাশ। ইয়াৰে ৯৯.১ শতাংশ চৰকাৰী প্ৰতিষ্ঠানত অধ্যয়নৰত। “খুব কমসংখ্যক অভিভাৱকে ঘৰত এই দুপৰীয়াৰ আহাৰৰ যোগাৰ কৰিব পাৰে,” চত্তিশগড়ৰ মটিয়া গাঁৱৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পুণম যাদৱে কয়। স্কুলত এনে কল্যাণমূলক আঁচনি নিৰন্তৰ হাৰত সবল কৰি তোলাৰ প্ৰয়োজন আছে।
“মোৰ দেউতাই কয়, মই আৰু অলপ পঢ়া-শুনা কৰি লাগিছিল। তেওঁ কয়, যদি মই পঢ়িয়ে থাকো, মোক কোনে বিয়া কৰাব ?” এয়া বিহাৰৰ সমস্তিপুৰ জিলাৰ ১৯ বছৰ বয়সীয় শিৱানী কুমাৰৰ ভাষ্য। লিংগ হৈছে শিক্ষাৰ ক্ষেত্ৰত অন্যতম অন্তৰায়। কি ইণ্ডিকেটৰ্চ অৱ হাউছহ’ল্ড ছ’চিয়েল কনজামচন অন এজুকেচন ইন ইণ্ডিয়া: এন.এছ.এছ. ৭৫সংখ্যক ৰাউণ্ড (জুলাই, ২০১৭- জুন ২০১৮)ত এই কথা উল্লেখ আছে। গ্ৰামাঞ্চলৰ ৩ৰ পৰা ৩৫ বছৰ বয়সৰ ১৯ শতাংশ ছোৱালীয়ে কেতিয়াও স্কুললৈ যোৱাই নাই, প্ৰতিবেদনখনত কোৱা হৈছে।
উচ্চ শিক্ষাত ২০২০ত নামভৰ্তি কৰোৱা ৪.১৩ কোটি শিক্ষাৰ্থীৰ কেৱল ৫.৮ শতাংশহে অনুসূচিত জনজাতিৰ। ভাৰতত বিভিন্ন সামাজিক গোটৰ মাজত শিক্ষাৰ সুবিধাৰ বৈষম্যপূৰ্ণ বিতৰণৰ কথা ইয়ে স্পষ্ট কৰে। “গ্ৰামাঞ্চলত, ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ সংখ্যা বঢ়াটোৱে কেৱল সামাজিক, আৰ্থিক আৰু জনসংখ্যাৰ গাঁথনিগত ষ্টেটাছ কিউ ৰক্ষাৰ কামহে কৰিছে, ভাৰতৰ উপান্ত শ্ৰেণীৰ শিক্ষাৰ ক্ষেত্ৰত নতুন সুবিধা সৃষ্টিৰ কাম কৰা নাই,” অক্সফাম ইণ্ডিয়াৰ এক প্ৰতিবেদনত এনেদৰে উল্লেখ।
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ সংখ্যা বাঢ়িলেও বহুতে এতিয়াও শিক্ষাৰ বাবে চৰকাৰী বিদ্যালয়লৈয়ে যায়। ইয়াৰ কাৰণো স্পষ্ট। প্ৰাথমিক পৰ্য্যায়ত শিক্ষাৰ বাৰ্ষিক ব্যয় চৰকাৰী স্কুলত শিক্ষাৰ্থীয়ে প্ৰতি ১,২৫৩ টকা। তাৰ পৰিৱৰ্তে প্ৰাইভেট স্কুলত সেয়া ১৪,৪৮৫ টকা। “প্ৰাইভেট স্কুলৰ শিক্ষকসকলে ভাৱে যে আমি কেৱল ৰন্ধা-বঢ়া আৰু চাফাই কাম কৰি থাকো। তেওঁলোকৰ মতে আমাৰ শিকোৱাৰ অভিজ্ঞতা নাই,” বেংগালুৰুৰ অংগনবাদী এখনৰ শিক্ষয়িত্ৰী ৪০ বৰ্ষীয় ৰাজেশ্বৰীয়ে কয়।
খোৱাপানী আৰু শৌচালয়ৰ দৰে মৌলিক আন্তঃগাঁথনিৰ অভাৱত ৰাজেশ্বৰীৰ দৰে শিক্ষকৰ কাম স্কুলত আৰু কঠিন হৈ পৰে। উদাহৰণ স্বৰূপে ওচমানাবাদৰ সঞ্জা গাঁৱৰ জিলা পৰিষদ প্ৰাথমিক বিদ্যালয়ৰ কথাই ধৰক। ২০১৭ৰ মাৰ্চৰ পৰা মহাৰাষ্ট্ৰৰ এইখন স্কুলত বিদ্যুতৰ সংযোগ নাই। “চৰকাৰৰ পৰা অহা পূঁজি পৰ্য্যাপ্ত নহয়… আমি কেৱল স্কুলখনৰ চোৱাচিতাৰ বাবে বছৰি ১০,০০০ টকা পাওঁ,” স্কুলখনৰ অধ্যক্ষা বাইদেউ শীলা কুলকাৰ্ণিয়ে কয়।
এয়া কোনো বিৰল ঘটনা নহয়। ২০১৯লৈকে ভাৰতৰ ২.৩ কোটি শিশুৱে স্কুলত এতিয়ালৈ খোৱাপানীৰ সুবিধা পোৱা নাই, ৬.২ কোটি ল’ৰা-ছোৱালীয়ে স্কুলত অনাময়ৰ সুবিধা পোৱা নাই।
গ্ৰামীণ শিক্ষা কেৱল বঞ্চনাৰ কাহিনী নহয়। ভাৰতত কলেজৰ সংখ্যা বাঢ়িব ধৰিছে: ২০১৯-২০ৰ ৪২,৩৪৩ কনৰ তুলনাত ২০২০-২১ত কলেজৰ সংখ্যা হৈছে ৪৩,৭৯৬ খন। এয়া উচ্চশিক্ষাৰ সৰ্বভাৰতীয় সমীক্ষাৰ তথ্য। দেশখনত এই কালচোৱাত ছোৱালীৰ বাবে ৪,৩৭৫ খন সুকীয়া মহিবিদ্যালয় আছিল।
দেশখনৰ গাওঁ আৰু সৰু চহৰবোৰত ছোৱালীবোৰে উচ্চ শিক্ষাৰ বাবে সংগ্ৰাম কৰিবলগীয়া হয়। মহাৰাষ্ট্ৰৰ বুলদানা জিলাৰ সৰু চুবুৰী এটাৰ যমুনা সোলাংকে তাইৰ সম্প্ৰদায় নাথযোগী যাযাবৰ সম্প্ৰদায়ৰ প্ৰথমগৰাকী মহিলা, যিয়ে ১০ম শ্ৰেণী উত্তীৰ্ণ হৈছে। “মানুহে কয় মই এগৰাকী বাছ কণ্ডাক্টৰ নাইবা এগৰাকী অংগনবাদী কৰ্মী হ’বৰ চেষ্টা কৰিলে সোনকালে কাম পাম, কিন্তু মই যি হ’ব বিচাৰিছো, সেয়াই হ’ম ,” যমুনাই কয়।
প্ৰচ্ছদ অলংকৰণ : স্বদেশা শৰ্মা
অনুবাদ: পংকজ দাস