উত্তৰ-পশ্চিম মহাৰাষ্ট্ৰ সাতপুৰা পাহাৰৰ ফালাই গাঁৱৰ খেৰীঘৰটোৰ ভিতৰত আঠ বছৰীয়া শৰ্মিলা পাওৰা তাইৰ পঢ়া টেবুলখনত কেঁচি, বেজী-সুতা আৰু কাপোৰ আদি লৈ বহি আছে।

টেবুলখনত পুৰণি চিলাই মেচিন এটা আছে, দেউতাকে ৰাতি আধৰুৱা কৰি চিলাই থোৱা কাপোৰ পৰি আছে। তাই কাপোৰখন তুলি লৈ ভাঁজ কৰি মেচিনত ভৰাই চিলাবলৈ লৈছে, তাই অকণমান চিলাইৰ কাম জনা হৈছে।

অতিমাৰীৰ কাণে ২০২০ৰ মাৰ্চৰ পৰা আবাসিক স্কুল বন্ধ হৈ আছে। তাৰ আগলৈকে নন্দৰবাৰ জিলাৰ তোৰণমল অঞ্চলৰ আওহতীয়া গাওঁখনৰ তাইৰ সেই টেবুলখন আচলতে পঢ়াটেবুলহে আছিল, চিলাই-কটাইৰ নাছিল। “মা-দেউতাক চাই চাই মই মেচিনটো চলাবলৈ শিকিলো,” তাই কয়।

স্কুল কি শিকিছিল শৰ্মিলাৰ বিশেষ একো মনত নাই, স্কুল বন্ধ থকাৰ আজি ১৮ মাহ পাৰ হ’ল।

ফালাইত স্কুল নাই। সন্তানক শিক্ষাৰ এটা সুযোগ দিয়া হওঁক বুলি ভাবি ২০১৯ৰ জুনত শৰ্মিলা মাক-দেউতাকে তাইক ফালাইৰ পৰা প্ৰায় ১৪০ কিলোমিটাৰ দূৰৰ নন্দৰবাৰ চহৰৰ অটল বিহাৰী বাজপেয়ী আন্তঃৰাষ্ট্ৰীয় আবাসিক বিদ্যালয়ত নামভৰ্ত্তি কৰায়। মহাৰাষ্ট্ৰ আন্তঃৰাষ্ট্ৰীয় শিক্ষা ব’ৰ্ডৰ অধীনত জিলা পৰিষদে চলোৱা এনে ৬০ খন আশ্ৰমশালা (অনুসূচিত জনজাতিৰ লৰা-ছোৱালীৰ কাৰণে) আছে, নন্দৰবাৰৰ এইখন স্কুল তাৰেই মাজৰ এখন। মাৰাঠী ভাষাত স্থানীয়ভাৱে প্ৰস্তুত কৰি উলিওৱা ‘আন্তৰাষ্ট্ৰীয় পৰ্য্যায়’ৰ শিক্ষাদানৰ বাবে ২০১৮ত এই শিক্ষা ব’ৰ্ডখন গঠন কৰা হৈছিল। (ব’ৰ্ডখন ভংগ কৰি পিছলৈ স্কুলবোৰ ৰাজ্যিক ব’ৰ্ডৰ অধীনলৈ অনা হয়।)

Sharmila Pawra's school days used to begin with the anthem and a prayer. At home, her timetable consists of household tasks and ‘self-study’ – her sewing ‘lessons’
PHOTO • Jyoti Shinoli
Sharmila Pawra's school days used to begin with the anthem and a prayer. At home, her timetable consists of household tasks and ‘self-study’ – her sewing ‘lessons’
PHOTO • Jyoti Shinoli

ৰাষ্ট্ৰীয় সংগীত আৰু প্ৰাৰ্থনাৰে স্কুলত শৰ্মিলাৰ দিনটো আৰম্ভ হয়। ঘৰত এতিয়া কাম-বন আৰু নিজে শিকি থকা চিলাইৰ কামৰ মাজত দিনটো পাৰ হয়

স্কুললৈ প্ৰথম যাওঁতে মাৰাঠী ভাষাটো শৰ্মিলাৰ বাবে নতুন ভাষা আছিল। তাই পাওৰা সম্প্ৰদায়ৰ আৰু পাওৰি ভাষা কয়। বহীত মাৰাঠী ভাষাত লিখা থকাখিনি চাই তাই শিকা বৰ্ণকেইটা মনত পেলাবলৈ যত্ন কৰিলে যদিও শেষত হিন্দী ভাষাত ক’লে, “বৰ্ণবোৰ এতিয়া মোৰ ভালকৈ মনত নাই...”

তাই স্কুলত কোনোমতে ১০ মাহ পাৰ কৰিছিল। স্কুল বন্ধ হোৱাৰ সময়ত তাই প্ৰথম শ্ৰেণীত পঢ়ি আছিল আৰু আক্ৰানি তালুকৰ (য’ত সেই স্কুলখন আছে) পৰা ৪৭৬ জন শিক্ষাৰ্থীক ঘৰলৈ উভতাই পঠিওৱা হয়। “স্কুল আকৌ কেতিয়া খুলিব মই নাজনো,” তাই কয়।

স্কুলত তাইৰ দিনটো ৰাষ্ট্ৰীয় সংগীত আৰু পুৱাৰ প্ৰাৰ্থনাৰে আৰম্ভ হয়। কিন্তু ঘৰত তাইৰ দিনটোৰ সময়সূচীখন ভিন্নঃ “প্ৰথমে মই দমকলৰ পৰা পানী আনো (ঘৰৰ বাহিৰত থকা দমকল)। তাৰ পিছত মায়ে ভাত ৰন্ধা হোৱালৈকে ৰিংকুক নিচুকাও (তাইৰ এবছৰীয়া ভনীয়েকজনী)। ইফালে-সিফালে নি তাইক ইটো-সিটো বস্তু দেখুৱাই ফুচুলাও।” আকৌ যেতিয়াই তাই মাক-দেউতাক মেচিনৰ ওচৰত নাথাকে, তাই নিজেই তাইৰ চিলাইৰ ‘পাঠ্যক্ৰম’ আৰম্ভ কৰে।

শৰ্মিলা তাইৰ চাৰিটা ভাই-ভনীৰ মাজৰ ডাঙৰজনী। তাইৰ ভায়েক ৰাজেশ বয়স পাঁচ বছৰ, উৰ্মিলাৰ বয়স তিনি আৰু এই কণমানি ৰিংকু। “তাইক কবিতা আবৃত্তি কৰিব পাৰিছিল, লিখিবও পাৰিছিল (মাৰাঠী ভাষাৰ বৰ্ণ),” তাইৰ দেউতাক ২৮ বছৰীয়া ৰাকেশে কয়। এতিয়া তেওঁ নিজৰ আনকেইটা ল’ৰা-ছোৱালীৰ পঢ়া-শুনা কি হ’ব তাকে লৈ চিন্তাত পৰিছে, ৰাজেশ আৰু উমেশকো ছবছৰ বয়স হ’লে স্কুলত দিব লাগিব। “তাই লিখিব-পঢ়িব পৰা হ’লে সৰু ভায়েক-ভনীয়েকহঁতক পঢ়ুৱাব পাৰিলেহেঁতেন,” তেওঁ কয়। “এই দুটা বছৰত ল’ৰা-ছোৱালীৰ পঢ়া-শুনাক লৈ হেতালি খেলাৰ দৰে হৈছে,” নিপুণভাৱে চিলাই মেচিন চলাই থকা জীয়েকলৈ চাই তেওঁ কয়।

Classmates, neighbours and playmates Sunita (in green) and Sharmila (blue) have both been out of school for over 18 months
PHOTO • Jyoti Shinoli
Classmates, neighbours and playmates Sunita (in green) and Sharmila (blue) have both been out of school for over 18 months
PHOTO • Jyoti Shinoli

সহপাঠী, চুবুৰীয়া আৰু খেলৰ লগৰী সুনীতা (সেউজীয়া চোলা পৰিহীতা) আৰু শৰ্মিলা (নীলা চোলা পিন্ধা) স্কুললৈ নোযোৱা ১৮ মাহৰ বেছি হ’ল

“আমি তাই পঢ়া-শুনা কৰাটো বিচাৰো (সাক্ষৰ আৰু শিক্ষিত), বিষয়া হোৱাটো বিচাৰো, আমাৰ দৰে দৰ্জী নহয়। পঢ়া-শুনা নাথাকিলে মানুহে সন্মান নিদিয়ে,” শৰ্মিলাৰ মাক ২৫ বছৰীয়া সৰলাই কয়।

সৰলা আৰু ৰাকেশে দুয়ো লগ লাগি দৰ্জী কাম কৰি মাহে ৫-৬ হাজাৰ মান উপাৰ্জন কৰে। কিছু বছৰ আগলৈকে ৰাকেশ-সৰলাই গুজৰাট বা মধ্য প্ৰদেশলৈ দিনহাজিৰাৰ কামৰ বাবে ওলাই গৈছিল। “শৰ্মিলাৰ জন্মৰ পিছত তাইৰ সঘনে বেমাৰ হৈ থাকে কাৰণে আমি বাহিৰলৈ যোৱা বাদ দিলো (তাইক আগতে লগত লৈ গৈছিল),” তেওঁ কয়, “তাইক স্কুললৈ পঠিয়াবলৈও আমাৰ মন আছিল।”

ডেকাকালত তেওঁ খুড়াক গুলাবৰ পৰা চিলাইৰ কাম শিকিছিল। একেখন গাঁৱতে তেওঁ থাকিছিল (২০১৯ত ঢুকাইছে)। ৰাকেশৰ সহায় লৈ তেওঁ চিলাই মেচিন আনি সৰলাকো শিকায়।

“আমাৰ খেতিমাটি নাছিল। সেয়ে ১৫ হাজাৰ টকাৰে আমি ২০১২ত এটা ছেকেণ্ড হেণ্ড চিলাই মেচিন আনিছিলো,” সৰলাই কয়। কৃষি শ্ৰমিক হিচাপে কাম কৰি গোটেই জীৱনটোত গোটোৱা টকা আৰু ৰাকেশৰ মাক-দেউতাকৰ পৰা পোৱা টকা মিলাই তেওঁলোকে সেই টকা যোগাৰ কৰিছিল। খুড়াক গুলাবে তেওঁৰ কিছু গ্ৰাহকক ৰাকেশ-সৰলাৰ ওচৰলৈ পঠিয়াই দিও সহায় কৰিছিল।

“আমাৰ ৰেচন কাৰ্ড নাই। মাহে ৩০০০-৪০০০ হাজাৰ টকা ৰেচন কিনোতে যায়,” ৰাকেশে কয়। সৰলাই ঘৰখনত কি কি লাগে গাই শুনালে- চাউল, আটা, নিমখ, জলকীয়াৰ গুড়ি… “সিহঁত ডাঙৰ হৈ আহিছে, খোৱা-বোৱাত আপোচ কৰিব নোৱাৰি,” তেওঁ কয়।

'If she could read and write, she could have taught her younger siblings. In these two years, my child’s life has turned into a game', Rakesh says
PHOTO • Jyoti Shinoli
'If she could read and write, she could have taught her younger siblings. In these two years, my child’s life has turned into a game', Rakesh says
PHOTO • Jyoti Shinoli

“লিখিব-পঢ়িব জনা হ’লে তাই সৰু ভাই-ভনীহঁতক পঢ়াব পাৰিলেহেঁতেন। এই দুটা বছৰত মোৰ ল’ৰা-ছোৱালীকেইটাৰ জীৱনটো খেলৰ দৰেই হৈ পৰিছে,” ৰাকেশে কয়

ল’ৰা-ছোৱালীৰ পঢ়াৰ কাৰণে পইচা বচোৱাটো অসম্ভৱ কাম আৰু আশ্ৰমশালাৰ ওচৰত তেওঁলোক কৃতজ্ঞ। “তাতে অন্তত শিশুহঁতে পঢ়িবলৈ আৰু খাবলৈ পায়,” সৰলাই কয়। কিন্তু এতিয়া ১ম মানৰ পৰা ৭ম মানৰ শিক্ষাৰ্থীৰ কাৰণে স্কুল বন্ধ।

আক্ৰানি তালুকৰ দৰে আওহতীয়া অঞ্চলত অনলাইন শিক্ষা এটা আচহুৱা ব্যৱস্থা। আশ্ৰমশালাৰ ৪৭৬ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ১৯০ জনক শিক্ষকে যোগাযোগ কৰিব পৰা নাই। তাৰে মাজত শৰ্মিলাও আছে। এইকেইজন শিশু আনুষ্ঠানিক শিক্ষাৰ পৰা একেবাৰে বিচ্ছিন্ন হৈ পৰিছে।

“৯০ শতাংশ অভিভাৱকৰ নিজা হেণ্ডছেটেই নাই,” আশ্ৰমশালাৰ শিক্ষক আৰু নন্দৰবাৰৰ বাসিন্দা ৪৪ বছৰ বয়সীয়া সুৰেশ পাড়বিয়ে কয়। তেওঁ হৈছে স্কুলখনৰ সেই নজনীয়া শিক্ষকৰ দলটোৰ এজন, যিসকলে আক্ৰানিৰ গাঁৱে গাঁৱে গৈ অতিমাৰীৰ সময়ত শিক্ষাৰ সৈতে সংযোগ বিচ্ছিন্ন হৈ পৰা শিক্ষাৰ্থীসকলক বিচাৰি উলিয়াই পাঠদান কৰি আহিছে।

“আমি তিনিটা দিনৰ বাবে ইয়ালৈ আহো (সপ্তাহত), গাঁৱৰ কাৰোবাৰ ঘৰত ৰাতি কটাও,” সুৰেশে কয়। এই দিনকেইটাত শিক্ষকে গাওঁখনৰ পৰা ১ৰ পৰা ১০ম মানৰ ১০-১২ জন শিক্ষাৰ্থী গোটাবলৈ যত্ন কৰে। “এজন যদি ১ম মানৰ হয়, আনজন আকৌ ৭ম মানৰ। কিন্তু আমি সিহঁতক পঢ়াব লাগিব (একেলগে),” তেওঁ কয়.

এই শিক্ষকৰ দলটোৱে অৱশ্যে শৰ্মিলাক এতিয়াও পোৱা নাই। “বহু ল’ৰা-ছোৱালীৰ একেবাৰে দুৰ্গম, ৰাস্তা-ঘাট-ফোনৰ যোগাযোগ নথকা ঠাইত ঘৰ। তেওঁলোকক বিচাৰি উলিওৱাটো টান,” সুৰেশে কয়।

Reaching Sharmila’s house in the remote Phalai village is difficult, it involves an uphill walk and crossing a stream.
PHOTO • Jyoti Shinoli
Reaching Sharmila’s house in the remote Phalai village is difficult, it involves an uphill walk and crossing a stream.
PHOTO • Jyoti Shinoli

ফালাইৰ দৰে আওহতীয়া গাঁৱৰ শৰ্মিলাৰ ঘৰ ঢুকি পোৱাটো কঠিন কাম, তালৈ থিয় পাহাৰ বগাই জান-জুৰি চেৰাই যাব লাগে

ফালাইস্থিত শৰ্মিলাৰ ঘৰলৈ বৰ দুৰ্গম বাট। আটাইতকৈ ছুটি বাটটোত থিয় পাহাৰ আৰু নিজৰা এখন পাৰ হ’ব লাগে। আন এটা বাট আছে যদিও সেই বোকামাটিৰ ৰাস্তাটোৰে বেছি সময় লাগে। “আমাৰ ঘৰটো একেবাৰে নিলগত আছে,” ৰাকেশে কয়। “এইফালে কেতিয়াও শিক্ষক আহি পোৱা নাই।”

তাৰমানে স্কুল বন্ধ হোৱাৰ দিন ধৰি শৰ্মিলাৰ দৰে বহু শিক্ষাৰ্থী শিক্ষা ব্যৱস্থাটোৰ পৰা একেবাৰে বিচ্ছিন্ন হৈ পৰিছে। ২০২১ৰ জানুৱাৰীৰ এক অধ্যয়ন মতে অতিমাৰীৰ কাৰণে স্কুলবোৰ বন্ধ হৈ থকাৰ ফলত স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে কিবা নহয় কিবা এটা শৈক্ষিক কামত অপাৰগ হৈছে। যেনে ধৰক মৌখিকভাৱে চিত্ৰ এখন নাইবা তেওঁলোকৰ অভিজ্ঞতা বৰ্ণনা কৰাত, চিনাকি শব্দ পঢ়াত, পঢ়াৰ সমানে সমানে বুজা, যোৱাবছৰ শিকা সৰল বাক্য লিখা আদিত।

*****

“স্কুলত পেঞ্চিলেৰে মোৰ নামটো লিখা শিকিছিলো,” শৰ্মিলাৰ চুবুৰীয়া আৰু খেলৰ লগৰী, যোৱা বছৰ স্কুল বন্ধ হোৱাৰ আগলৈকে একেখন স্কুলতে ১ম মানত পঢ়া আঠ বছৰীয়া সুনীতা পাওৰাই কয়।

“স্কুলত মই এইজোৰ পোচাক পিন্ধিছিলো। ঘৰতো কেতিয়াবা পিন্ধো,” কেঁচা ঘৰটোৰ বাহিৰত ওলমাই থোৱা পোচাকযোৰলৈ আঙুলিয়াই উৎসাহেৰে তাই কয়। “বাইদেৱে (শিক্ষয়িত্ৰী) কিতাপ এখনৰ পৰা ফলৰ চিত্ৰ দেখুৱাইছিল। ৰঙা-নীলা ফলবোৰ। সেইটো ৰঙা ফল আছিল। নামটো নাজানো,” তাই মনত পেলাবলৈ অতিকৈ যত্ন কৰিছে। পঢ়াশালি মানে এতিয়া তাইৰ বাবে এক স্মৃতি, তাকো মনৰ পৰা মচ খাব ধৰিছে।

Every year, Sunita's parents Geeta and Bhakiram migrate for work, and say, 'If we take the kids with us, they will remain unpadh like us'
PHOTO • Jyoti Shinoli
Every year, Sunita's parents Geeta and Bhakiram migrate for work, and say, 'If we take the kids with us, they will remain unpadh like us'
PHOTO • Jyoti Shinoli

প্ৰতিবছৰে সুনীতাৰ মাক-দেউতাক গীতা আৰু ভকীৰাম কামৰ বাবে বাহিৰলৈ যায়, তেওঁলোকে কয়, “ল’ৰা-ছোৱালীহঁতক আমাৰ লগত লৈ গ’লে সিহঁতো আমাৰ দৰে অশিক্ষিত হৈ ৰ’ব”

সুনীতাই এতিয়া ফলি-কিতাপ লৈ নবহে, আঁক-বাঁকো নকৰে। কিন্তু তাই বগা শিল এটুকুৰা লৈ কিছুদূৰত থকা আলকাতৰা দিয়া ৰাস্তাটোত কিবা আঁকিছে, শৰ্মিলাৰ সৈতে কুটুকুটু খেলাৰ আয়োজন কৰিছে। তাইৰ তিনিটা ভাই-ভনী- দিলীপৰ বয়স ছয়, আমিতাৰ পাঁচ আৰু দীপক চাৰি বছৰীয়া। আঠ বছৰীয়া সুনীতা ডাঙৰ, তায়েই এতিয়া স্কুললৈ যায়। অৱশ্যে মাক-দেউতাকে বাকীকেইজনকো স্কুলত নামভৰ্ত্তি কৰাব বুলি আশা কৰি আছে।

তাইৰ মাক-দেউতাক গীতা আৰু ভাকিৰামে বৰ্ষাকালত এঢলীয়া এক একৰ মাটিত খেতি কৰে আৰু ২-৩ কুইণ্টল জোৱাৰ পৰিয়ালটোৰ খোৱাৰ জোখাৰে উৎপাদন কৰে। “এইখিনিৰে চলাটো মস্কিল। কাম বিচাৰি সেয়ে আমি বাহিৰলৈ যাওঁ,” ৩৫ বছৰীয়া গীতাই কয়।

অক্টোবৰত খেতি চপাই তেওঁলোকে গুজৰাটলৈ যায় আৰু তাত কপাহৰ খেতিত দিনে ২০০-৩০০ টকা হাজিৰাত কাম কৰে, এনেদৰে এপ্ৰিল-মে’ নপৰালৈ তেওঁলোকে প্ৰায় ২০০ মান দিন কাম কৰে। “আমাৰ ল’ৰা-ছোৱালীহঁতক আমাৰ লগত লৈ গ’লে সিহঁতো আমাৰ দৰে অশিক্ষিত হৈ ৰ’ব। আমি য’লৈ যাওঁ তাত স্কুল নাই,” ৪২ বছৰ বয়সীয়া ভাকিৰামে কয়।

“আশ্ৰমশালাত ল’ৰা-ছোৱালীহঁতে থাকেও, পঢ়েও,” গীতাই কয়। “চৰকাৰে স্কুলবোৰ খুলি দিব লাগে।”

'I used to wear this dress in school. I wear it sometimes at home', Sunita says. School for her is now a bunch of fading memories
PHOTO • Jyoti Shinoli
'I used to wear this dress in school. I wear it sometimes at home', Sunita says. School for her is now a bunch of fading memories
PHOTO • Jyoti Shinoli

‘স্কুলত এইযোৰ ড্ৰেছ পিন্ধিছিলো। ঘৰতো কেতিয়াবা পিন্ধো,’ সুনীতাই কয়, যাৰ বাবে এতিয়া স্কুল মানে পাহৰণিৰ গৰ্ভত হেৰাই যাব ধৰা স্মৃতিৰ টোপোলা

২০২১ৰ ১৫ জুলাইৰ এক চৰকাৰী ঘোষণাত এনেদৰে কোৱা হৈছেঃ “ৰাজ্যখনৰ চৰকাৰী সাহায্যপ্ৰাপ্ত আবাসিক আৰু একলব্য আদৰ্শ আবাসিক বিদ্যালয়সমূহ ৮ম মানৰ পৰা ১২শ মানৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে ২০২১ৰ ২ আগষ্টৰ পৰা ক’ভিডমুক্ত এলেকাত খুলিবলৈ অনুমতি দিয়া হৈছে।”

“নন্দৰবাৰত প্ৰায় ১৩৯ খনমান আবাসিক স্কুলত ২২ হাজাৰ ল”ৰা-ছোৱালীয়ে পঢ়ে,” নন্দৰবাৰ জিলা পৰিষদৰ এগৰাকী সদস্য গণেশ পাৰাড়কেয়ে অনুমান কৰে। ইয়াৰে এক বৃহৎ সংখ্যক ল’ৰা-ছোৱালী আক্ৰানি তালুকৰ পাহাৰীয়া আৰু বনাঞ্চলৰ পৰা আহে। কিন্তু এতিয়া “প্ৰায়ভাগৰেই পঢ়া-শুনাৰ পৰা মন উঠিছে, ছোৱালীবোৰক বিয়া দি দিয়া হৈছে,” তেওঁ কয়।

*****

শৰ্মিলাৰ ঘৰৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ দূৰৰ আক্ৰানি তালুকৰে চিণ্ডিদিগাৰ গাঁৱৰ ১২ বছৰীয়া ৰহিদাস পাওৰা আৰু তেওঁৰ দুই বন্ধুৱে সিহঁতৰ নিজৰ মুঠ ১২টা ছাগলী আৰু পাঁচটা গৰু চৰাই আছে। “আমি ইয়াতে অকণ সময় ৰওঁ। ইয়াত ভাল লাগে। আপুনি দেখিছেই নহয়, পাহাৰ, আকাশ, গাওঁবোৰ...ইয়াত সকলো আছে,” ৰহিদাসে কয়, যিজনে এইটো সময়ত গাওঁখনৰ পৰা ১৫০ কিলোমিটাৰ দূৰৰ নৱপুৰ তালুকৰ কাই ডি. জে. ক’কানি আদিবাসী ছাত্ৰলয়া শ্ৰাৱণী স্কুলখনৰ শ্ৰেণীকোঠাৰ ভিতৰত ৬ষ্ঠ শ্ৰেণীৰ বুৰঞ্জী, গণিত বা ভূগোলৰ কিতাপ পঢ়ি থাকিব লাগিছিল, যদিহে স্কুলখন এতিয়া বন্ধ হৈ নাথাকিলহেঁতেন।

ৰহিদাসৰ পিতৃ পাইনে (৩৬) আৰু মাতৃ শীলা (৩২)য়ে বৰ্ষাকালত তেওঁলোকৰ দুই একৰ মাটিত মাকৈ আৰু জোৱাৰৰ খেতি কৰে। “মোৰ ডাঙৰ ভাই ৰামদাসে তেওঁলোকৰ খেতিৰ কামত সহায় কৰে,” ৰহিদাসে কয়।

Rahidas Pawra and his friends takes the cattle out to grazing every day since the school closed. 'I don’t feel like going back to school', he says.
PHOTO • Jyoti Shinoli
Rahidas Pawra and his friends takes the cattle out to grazing every day since the school closed. 'I don’t feel like going back to school', he says.
PHOTO • Jyoti Shinoli

ৰহিদাস পাওৰা আৰু তেওঁৰ লগৰীয়াবোৰে স্কুল বন্ধ হোৱাৰ দিন ধৰি পথাৰলৈ গৰু চৰাবলৈ নিয়ে। “স্কুললৈ ঘূৰি যোৱাৰ মনেই নাযায়,” ৰহিদাসে কয়

বছৰৰ মুৰত খেতি চপোৱাৰ পিছত পাইনে, শীলা আৰু ১৯ বছৰ বয়সীয়া ৰামদাস যিয়ে ৪ৰ্থ মানলৈ পঢ়িছে, তেওঁলোক চুবুৰীয়া ৰাজ্য গুজৰাটৰ কুঁহিয়াৰৰ খেতিপথাৰত কাম কৰিবলৈ নৌছাৰি জিলালৈ যাব। ডিচেম্বৰৰ পৰা মে’লৈ প্ৰায় ১৮০ দিনৰ বাবে তাতে তেওঁলোকে দিনে ১৫০ টকাকৈ হাজিৰা কৰিব।

“যোৱাবছৰ তেওঁলোক ক’ৰণাৰ ভয়তে নগ’ল। কিন্তু এইবছৰ সিহঁতৰ লগত ময়ো যাম,” ৰহিদাসে কয়। পৰিয়ালৰ গৰু-ছাগলীকেইটাৰ পৰা উপাৰ্জন নহয়, ছাগলীৰ গাখীৰখিনি ঘৰতে খোৱা হয়। ছাগলীৰ আকাৰ আৰু স্বাস্থ্য চাই তেওঁলোকে স্থানীয় বেপাৰীৰ ওচৰত কেতিয়াবা ৫ৰ পৰা ১০ হাজাৰ টকাত দুই-এটা ছাগলী বিক্ৰী কৰে। কিন্তু কাচিৎহে এনে হয়, পইচাৰ অতিকৈ প্ৰয়োজন আহি পৰিলেহে তেওঁলোকে ছাগলী বিক্ৰী কৰে।

গৰু চৰাই থকা তিনি বন্ধুই একেখন স্কুলৰ একেটা শ্ৰেণীতে পঢ়ে। “আগেতও গ্ৰীষ্মৰ বন্ধত আৰু দেৱালীৰ ছুটীত গৰু-ছাগলী চৰাবলৈ নিছিলো (অতিমাৰীৰ আগতে),” ৰহিদাসে কয়। “এয়া কোনো নতুন কথা নহয়।”

সেয়া নতুন কথা নহয় ঠিকেই, কিন্তু নতুন কথা এটা নথকাও নহয়। সেয়া হৈছে তেওঁৰ আগ্ৰহৰ পৰিৱৰ্তন। তেওঁ কৈছেই, “স্কুললৈ যাবলৈ মন নাইকিয়া হৈছে।” স্কুল খোলাৰ সম্ভাৱনা থকা বুলি শুনা বাতৰিটোৱে সিহঁতক উৎসাহিত কৰা নাই। “মোৰ একো মনত নাই,” ৰহিদাসে কয়। “কি ঠিক, স্কুলবোৰ আকৌ বন্ধ হৈ যায় যদি?”

অনুবাদ: পংকজ দাস

Jyoti Shinoli is a Senior Reporter at the People’s Archive of Rural India; she has previously worked with news channels like ‘Mi Marathi’ and ‘Maharashtra1’.

Other stories by Jyoti Shinoli
Translator : Pankaj Das

Pankaj Das is a Journalist, Translator and Co-Founder of newsnextone.com. He can be reached at [email protected]

Other stories by Pankaj Das