বয়স চাগে ১০ বছৰৰ বেছি নহ’ব সিহঁতৰ। এজাজ, ইমৰান, য়াছিৰ আৰু ছামিমাহঁতে বছৰটোত কেইটামান মাহহে স্কুললৈ যোৱাৰ সুযোগ পায়। মাক-দেউতাকৰ সৈতে প্ৰব্ৰজন কৰিবলগীয়া হোৱাত সিহঁতে চাৰিমাহমানলৈকে স্কুলৰ চৌহদ নেদেখে। এনেকৈয়ে সিহঁত অংক, বিজ্ঞান আৰু সমাজ বিজ্ঞান, লগতে শব্দজ্ঞান আৰু লিখাৰ কৌশল আদিৰ আদিপাঠৰ পৰা বঞ্চিত হয় - বুনিয়াদী শিক্ষাৰ ভেঁটি গঢ়াত পিছ পৰি ৰয়।

সিহঁতৰ ১০ বছৰ হয় মানে গোটেই বিদ্যায়তনিক সময় মিলাই মুঠ এটা বছৰমানৰ শ্ৰেণী তেওঁলোকৰ খতি হয়। আনকি শ্ৰেণীকোঠাৰ প্ৰথমখন বেঞ্চত বহাজনৰ ক্ষেত্ৰতো এই ক্ষতি অপুৰণীয় হৈ পৰে।

কিন্তু এতিয়া আৰু তেনে নহয়। তেওঁলোকৰ লগত আজিকালি এজন ভ্ৰাম্যমাণ শিক্ষক আছে, নাম মহম্মদ আলী। এই ২৫ বছৰীয়া আলীয়ে কাশ্মীৰৰ লিড্ডেৰ উপত্যকাৰ খালান পৰ্বতত অস্থায়ী বসতি কৰা গুজ্জৰ সম্প্ৰদায়ৰ গোট এটাৰ লগত থাকে। পশুধনৰ বাবে চৰণীয়া পথাৰৰ সন্ধানত পৰ্বতৰ সেই অংশলৈ পশুধনসহ প্ৰব্ৰজন কৰা পৰিয়ালৰ কণ কণ ল’ৰা-ছোৱালীবোৰক জুনৰ পৰা ছেপ্টেম্বৰলৈ তেওঁ তাত থাকি এনেকৈ পাঠদান কৰা এতিয়া তিনিবছৰ হ’ল।

“মই চাগে ভাল শিক্ষক হ’ব পাৰিম,” লাজকুৰীয়া স্বভাৱৰ ছামিমা জানে তাইৰ আগত মেলি থোৱা চৰকাৰে দিয়া বহীখনত পুনৰ মনোনিৱেশ কৰাৰ আগেয়ে লাহেকৈ আমাক কয়। আলীয়ে কেতিয়াবা প্ৰয়োজনত ল’ৰা-ছোৱালীৰ কলম-বহীও নিজৰ পইচাৰে যোগান ধৰে।

Left: Shamima Jaan wants to be a teacher when she grows up.
PHOTO • Priti David
Right: Ali Mohammed explaining the lesson to Ejaz. Both students have migrated with their parents to Khalan, a hamlet in Lidder valley
PHOTO • Priti David

বাওঁফালে: ডাঙৰ হ’লে ছামিমা জানৰ শিক্ষক হোৱাৰ মন। সোঁফালে: আলী মহম্মদে এজাজক পঢ়াই আছে। দুয়োজনে মাক-দেউতাকৰ সৈতে লিড্ডেৰ উপত্যকাৰ খালান চুবুৰীলৈ কেইমাহমানৰ কাৰণে উঠি আহিছে

The Gujjar children (from left) Ejaz, Imran, Yasir, Shamima and Arif (behind) will rejoin their classmates back in school in Anantnag district when they descend with their parents and animals
PHOTO • Priti David
The Gujjar children (from left) Ejaz, Imran, Yasir, Shamima and Arif (behind) will rejoin their classmates back in school in Anantnag district when they descend with their parents and animals
PHOTO • Priti David

গুজ্জৰ সম্প্ৰদায়ৰ ল’ৰা-ছোৱালীবোৰ (বাওঁফালৰ পৰা) এজাজ, ইমৰান, য়াছিৰ, ছামিমা আৰু আৰিফ। এই সকলোৱে মাক-দেউতাক আৰু গৰু-ম’হৰ সৈতে অনন্তনাগৰ নিজ ঘৰলৈ ওভতাৰ পিছত পুনৰাই স্কুললৈ যোৱা কৰিব

পশুপালক সম্প্ৰদায়ৰ গুজ্জৰসকলে তেওঁলোকৰ লগত সাধাৰণতে গৰু-ম’হ ৰাখে যদিও কেতিয়াবা ছাগলী আৰু ভেড়াও নিয়ে। পশুধনৰ বাবে ভাল চৰণীয়া পথাৰৰ সন্ধানত তেওঁলোকে প্ৰতি বছৰে গ্ৰীষ্মকালত হিমালয় পৰ্বতমালাৰ ওপৰভাগলৈ গতি কৰে। এটা সময়ত এই বাৰ্ষিক প্ৰব্ৰজনৰ ফলত তেওঁলোকৰ কণ কণ ল’ৰা-ছোৱালীৰ শিক্ষা প্ৰতিবাৰে আধৰুৱা হৈ ৰৈছিল, তেওঁলোকৰ শৈক্ষিক ভেঁটি তেনেদৰে দুৰ্বল হৈ ৰৈছিল

কিন্তু এতিয়া আলী মহম্মদৰ দৰে শিক্ষকে তেওঁলোকৰ লগত গ্ৰীষ্মকালীন প্ৰব্ৰজন কৰিবলৈ লোৱাৰ ফলত আধাতে স্কুল এৰি যোৱাসকলে স্কুলৰ আধৰুৱা শিক্ষা সম্পূৰ্ণ কৰিব পাৰিছে। “কেইবছৰমান আগতে আমাৰ সম্প্ৰদায়টোৰ সাক্ষৰতাৰ হাৰ বৰ কম আছিল। পৰ্বতৰ ওপৰলৈ উঠি আহিবলগীয়া হোৱাৰ বাবে খুব কম সংখ্যকেই স্কুললৈ গৈছিল, ওখ পৰ্বতলৈ যোৱাৰ পিছত শিক্ষা অব্যাহত ৰখাৰ সুবিধা নাছিল,” ডেকা শিক্ষকজনে কয়। শৈশৱত তেঁৱো এনেকৈ গুজ্জৰ সম্প্ৰদায়ৰ মাক-দেউতাকৰ লগত প্ৰব্ৰজন কৰিবলগীয়া হৈছিল।

“কিন্ত এতিয়া এই আঁচনিখনৰ ফলত ল’ৰা-ছোৱালীহঁতে এজন শিক্ষক পাইছে। তেওঁলোকে ল’ৰা-ছোৱালীৰ পঢ়া-শুনা প্ৰব্ৰজনৰ সময়তো অব্যাহত ৰাখিব, এনেকৈ আমাৰ সম্প্ৰদায়টোও আগবাঢ়িব,” তেওঁ কয়। “এয়া নহ’লে পৰ্বতত চাৰিমাহ কটোৱাৰ পিছত ভৈয়ামৰ গাঁৱৰ স্কুলৰ (অনন্তনাগ জিলাৰ) আন ল’ৰা-ছোৱালীৰ তুলনাত তেওঁলোক পিছপৰি ৰ’লহেঁতেন।”

আলীয়ে ২০১৮-১৯ত কেন্দ্ৰ চৰকাৰে মুকলি কৰা সমগ্ৰ শিক্ষাৰ কথা কৈছে আৰু ''সৰ্বশিক্ষা অভিযান, ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান আৰু টিচাৰ্ছ এডুকেচনৰ একত্ৰীকৰণৰ কথা কৈছে।’’ এয়া "শিক্ষাত সমান সুযোগ আৰু সমতাপূৰ্ণ শিকন ফলাফলৰ ক্ষেত্ৰত বিদ্যালয়ৰ ভূমিকা উন্নত কৰাৰ অৰ্থে কৰা হৈছিল।’’

স্কুলখন হৈছে অনন্তনাগ জিলাৰ পহলগাম টেহচিলৰ খৰস্ৰোতা লিড্ডেৰ নদীখনৰ পাৰত টনি থোৱা সেউজীয়া তম্বুৰ তল। অৱশ্যে ভাল ৰ’দ দিলে সেউজীয়া ঘাঁহনিও তেওঁলোকৰ শ্ৰেণীকোঠা হৈ পৰে। আলীয়ে জীৱবিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰিছে আৰু এই কামটোৰ বাবে তেওঁক তিনিমাহৰ প্ৰশিক্ষণ দিয়া হৈছিল। “শিকনৰ ফলাফল কি হ’ব লাগিব, কেনেকৈ পঢ়াব লাগিব, লগতে শিক্ষাৰ্থীয়ে শিকা পাঠ এটা কেনেকৈ বাস্তৱ জীৱনত কেনেকৈ প্ৰয়োগ কৰি দেখাব লাগিব, সেইবিষয়ে আমাক প্ৰশিক্ষণ দিয়া হৈছিল।”

Ali Mohammed (left) is a travelling teacher who will stay for four months up in the mountains, making sure his students are up to date with academic requirements. The wide open meadows of Lidder valley are much sought after by pastoralists in their annual migration
PHOTO • Priti David
Ali Mohammed (left) is a travelling teacher who will stay for four months up in the mountains, making sure his students are up to date with academic requirements. The wide open meadows of Lidder valley are much sought after by pastoralists in their annual migration
PHOTO • Priti David

আলী মহম্মদ এগৰাকী ভ্ৰাম্যমাণ শিক্ষক, তেওঁ পৰ্বতৰ প্ৰব্ৰজন কৰা অভিভাৱকৰ ল’ৰা-ছোৱালীৰ লগত যায়, নিশ্চিত কৰে যে তেওঁলোকৰ পঢ়া-শুনা বিদ্যায়তনিক সময়সূচীত পিছ পৰি নাযায়। লিড্ডেৰ উপত্যকাৰ সেউজীয়া বিস্তৃতি ঘাঁহনিৰ বাবেই পশুপালকসকলে বছৰি তালৈ প্ৰব্ৰজন কৰি আহিছে

জুন মাহৰ এটা উমাল দুপৰীয়া। পাঠদান আৰম্ভ হৈছে। আলীক ৫ৰ পৰা ১০ বছৰীয়া শিশুৰ গোট এটাই ঘেৰি ধৰি বহিছে। এঘণ্টা পিছতে দুপৰীয়া ১২ বাজিব আৰু গুজ্জৰ পৰিয়ালৰ তিনিটা চুবুৰীৰ এটা থকা খালান পৰ্বতত স্কুল ছুটী হ’ব। নৈখনৰ পৰা অকণমান গ’লেই কেঁচা ঘৰবোৰ পাব। মুষ্টিমেয় যিকেইঘৰ মানুহ আছে, তেওঁলোক ঘৰত নাই। ৰ’দৰ উম লৈছে, বাটৰুৱাৰ সৈতে কথা পাতিছে। ইয়াত থকা পৰিয়ালকেইটাৰ মুঠ ২০ টা গৰু-ম’হ, ৫০ টা ছাগলী আৰু ভেড়া আছে, ল’ৰা-ছোৱালীকেইটাই পাৰিক কয়।

“তুষাৰপাতৰ কাৰণে স্কুলৰ পাঠদান দেৰিকৈ আৰম্ভ হৈছিল। মই ১০ দিন আগত (২০২৩ৰ ১২ জুনত) আহিছিলো।”

খালান আছে লিড্ডেৰ হিমবাহৰ বাটত, তাৰ পৰা সেই হিমবাহলৈ পৰ্বতত আৰু ১৫ কিলোমিটাৰ ওপৰলৈ উঠিব লাগে। উচ্চতা প্ৰায় ৪,০০০ মিটাৰ। বসতিস্থলটোৰ ডেকা ল’ৰাৰ সৈতে আলীয়ে সেই ঠাইলৈ গৈছে। উপত্যকাখনৰ ঘাঁহনিৰ যেন এখন সেউজীয়া দলিচা, গৰু-ম’হৰ বাবে প্ৰচুৰ খাদ্যৰ ভঁৰাল। গুজ্জৰ আৰু বকৰৱাল পৰিয়ালবোৰে নৈৰ পাৰে পাৰে বসতি পাতিছে।

“মই সেই ল’ৰা-ছোৱালীহঁতক আবেলি পঢ়াবলৈ যাও,” চাৰিটা গুজ্জৰ পৰিয়ালৰ চালাৰ নামৰ চুবুৰীটোলৈ আঙুলিয়াই দি তেওঁ কয়। খৰস্ৰোতা নদীখনৰ ওপৰত থকা কাঠৰ দলং এখন পাৰ হৈ আলী তালৈ যায়।

Left: Ali with the mud homes of the Gujjars in Khalan settlement behind him.
PHOTO • Priti David
Right: Ajeeba Aman, the 50-year-old father of student Ejaz is happy his sons and other children are not missing school
PHOTO • Priti David

বাওঁফালে: গুজ্জৰৰ খালানস্থিত বসতিস্থলত আলী, পিছফালে মাটি লিপা বেৰৰ ঘৰ। সোঁফালে: এজাজৰ লগতে গুজ্জৰ পৰিয়ালৰ ল’ৰা-ছোৱালীবোৰে প্ৰব্ৰজনৰ বাবে পঢ়া-শুনাত পিছ পৰি নোৰোৱাক লৈ এজাজৰ পিতৃ ৫০ বৰ্ষীয় আজীবা অমন অত্যন্ত সুখী

Left: The Lidder river with the Salar settlement on the other side.
PHOTO • Priti David
The green tent is the school tent. Right: Ali and two students crossing the Lidder river on the wooden bridge. He will teach here in the afternoon
PHOTO • Priti David

বাওঁফালে: চালাৰ বসতিস্থলৰ সন্মুখত, নৈখনৰ পাৰত আলী। সেউজীয়া তম্বুৰ তলত সেইখন তেওঁৰ স্কুল। সোঁফালে: আলী আৰু দুজন ছাত্ৰই কাঠৰ  দলঙেৰে লিড্ডেৰ নদী পাৰ হৈছে। আবেলি তেওঁ তাত পঢ়াবলৈ যায়

স্থানীয় লোকে কয় যে দুয়োটা চুবুৰীৰ বাবে এখনেই স্কুল আছিল। কিন্তু কেইবছৰমান আগৰ কথা, দলংখন পাৰ হওঁতে পিছল খাই নদীত পৰি এগৰাকী মহিলাৰ মৃত্যু ঘটে। তাৰপিছত চৰকাৰে নিয়ম বান্ধি দিলে যে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে নদী পাৰ হ’ব নালাগে, শিক্ষকজনেহে পাৰ হ’ব লাগিব। “এতিয়া যোৱা গ্ৰীষ্মকালৰ পৰা মই দুটা চিফটত পঢ়াবলৈ লৈছো,” তেওঁ বুজাই কয়।

আগৰ দলংখন নৈয়ে উটুৱাই নিয়াৰ ফলত আলীয়ে এতিয়া নদীখনৰ নামনিলৈ প্ৰায় এক কিলোমিটাৰ বাট নামি যাব লাগে। আজি নৈৰ সিটো পাৰৰ তেওঁৰ ছাত্ৰ-ছাত্ৰীহঁতে আগৰে পৰা তেওঁক লৈ যাবলৈ ৰৈ আছে!

আলীৰ দৰে প্ৰতিজন ভ্ৰাম্যমাণ শিক্ষকৰ চাৰিমাহৰ চুক্তি থাকে। তেওঁলোকে সেই সময়চোৱাৰ বাবে ৫০,০০০ টকা লাভ কৰে। তেওঁ চালাৰত সপ্তাহটো থাকে। “খোৱা-বোৱাৰ যোগাৰ মই নিজে কৰিব লাগে, সেয়ে মই ইয়াত সম্পৰ্কীয়ৰ ঘৰত থাকো,” তেওঁ কয়। “মই গুজ্জৰ সম্প্ৰদায়ৰ আৰু ইয়াত মোৰ সম্পৰ্কীয় আছে। মোৰ সম্পৰ্কীয় ভাই এটা ইয়াত থাকে আৰু মই তেওঁলোকৰ ঘৰতে থাকো।”

আলীৰ ঘৰ অনন্তনাগ জিলাৰ হিলান গাঁৱত। ইয়াৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ দূৰত। তেওঁ সপ্তাহান্তত ভৈয়ামলৈ গ’লে তেওঁৰ পত্নী আৰু সন্তানহঁতক দেখা কৰে। তেওঁৰ পত্নীও এগৰাকী শিক্ষক আৰু চুবুৰীতে টিউশ্যন কৰে। “সৰুকালিৰে পৰা মোৰ শিক্ষক হোৱাৰ মন আছিল।”

“চৰকাৰে ভাল কাম কৰিছে আৰু আমাৰ সম্প্ৰদায়ৰ ল’ৰা-ছোৱালীহঁতক শিক্ষিত কৰি তুলিবলৈ পাই মই সুখী,” নদীখন পাৰ হ’বলৈ কাঠৰ দলংখনত উঠাৰ সময়ত তেওঁ কয়।

এজাজৰ পিতৃ ৫০ বৰ্ষীয় আজীবা অমনো সুখী, “মোৰ ল’ৰাটো, মোৰ ভাইটোৰ ল’ৰাটো আটায়ে এতিয়া পঢ়ে। আমাৰ ল’ৰা-ছোৱালীহঁতে শিক্ষাৰ সুবিধা পোৱা দেখি ভাল লাগে।”

অনুবাদ: পংকজ দাস

Priti David

Priti David is the Executive Editor of PARI. She writes on forests, Adivasis and livelihoods. Priti also leads the Education section of PARI and works with schools and colleges to bring rural issues into the classroom and curriculum.

Other stories by Priti David
Editor : Vishaka George

Vishaka George is Senior Editor at PARI. She reports on livelihoods and environmental issues. Vishaka heads PARI's Social Media functions and works in the Education team to take PARI's stories into the classroom and get students to document issues around them.

Other stories by Vishaka George
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das