ভাৰতৰ পূব প্ৰান্তৰ সাগৰৰ পাৰত সময় তেতিয়া নিশা ৩ বাজিছে। টৰ্চলাইট জ্বলাই অলিভ ৰিডলে নামৰ সামুদ্ৰিক কাছবিধৰ কণীৰ সন্ধান কৰিছে ৰামলু লক্ষমায়াই। হাতত কাঠৰ এডাল দীঘল লাঠি আৰু এটা পাত্ৰ লৈ লাহে লাহে তেওঁ নিজৰ ঘৰ জলাৰিপেটাৰ পৰা আৰকে বীচ্ছৰ মাজৰ বালিময় চমু পথছোৱাৰে আগবাঢ়িছে।

সামুদ্ৰিক এই কাছবিধৰ মাইকী কাছবোৰে কণী পাৰিবলৈ পাৰলৈ উঠি আহে। বিশাখাপট্টনমৰ সমুদ্ৰ তীৰ বালিময় আৰু এঢলীয়া হোৱা বাবে এই কাছবিধে কণী পাৰিবলৈ উক্ত ঠাইখিনিকে বাচি লৈ আহিছে। ১৯৮০ চনৰে পৰা কাছবিধক উক্ত ঠাইত কণী পৰা দেখা গৈছে। অৱশ্যে কেবা কিলোমিটাৰ উত্তৰৰ ওড়িশা উপকূলতেই দেশৰ ভিতৰতে সৰ্বাধিক কাছই কণী পাৰি আহিছে। মাইকী কাছই এবাৰত ১০০-১৫০ কণী পাৰে আৰু সেই কণী বালিৰ দ গাঁত খান্দি ঢাকি থয়।

''বালি যেতিয়া ঢিলা ধৰণৰ হৈ পৰা দেখা যায় তেতিয়াই আমি তাত কাছই কণী পৰা বুলি অনুমান কৰো,’’ লাঠিৰে ভিজা বালি সাৱধানেৰে খুপিয়াই চাই ফুৰা লক্ষমায়াই কয়। লক্ষমায়াৰ সৈতে আছে কাৰি জাল্লিবাবু, পুত্তিয়াপানা, য়েৰানা আৰু পুল্লা পোলাৰাও। আটাইকেইগৰাকীয়েই জালাৰি সম্প্ৰদায়ৰ (অন্ধ্ৰপ্ৰদেশৰ অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্গত সম্প্ৰদায়)। ২০২৩ চনত সামুদ্ৰিক কাছ সংৰক্ষণ প্ৰকল্পৰ অধীনত তেওঁলোকে অন্ধ্ৰপ্ৰদেশ বন বিভাগে অলিভ ৰিডলে কাছবিধৰ কণী সংৰক্ষণৰ বাবে হাতত লোৱা পদক্ষেপক বাস্তৱায়িত কৰিবলৈ অংশকালীন পহৰাদাৰৰ কামত যোগ দিছে।

অলিভ ৰিডলে কাছবিধক (Lepidochelys olivacea) ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অব নেচাৰ্ছ (IUCN)ৰ ৰেড লিষ্টত দুষ্প্ৰাপ্য প্ৰজাতি হিচাপে চিহ্নিত কৰা হৈছে। ভাৰতীয় বন্যপ্ৰাণী সুৰক্ষা আইন ১৯৭২ (১৯৯১ত সংশোধিত)ৰ প্ৰথম অনুসূচীৰ অধীনত এই কাছবিধৰ সংৰক্ষণ আৰু সুৰক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি অহা হৈছে।

উপকূলীয় বিনাশ তথা আন তেনেধৰণৰ একাধিক কাৰণত কাছ এতিয়া সংকটৰ সন্মুখীন হৈ আহিছে। ''কণী পৰা ঠাইবোৰত হৈ অহা উন্নয়নমূলক কাম-কাজৰ লগতে জলবায়ু পৰিৱৰ্তনৰ বাবেও সামুদ্ৰিক জীৱকূললৈ দুৰ্যোগ নামি আহিছে,’’ এইদৰে কয় বিশাখাপট্টনমস্থিত কাম্বালকোণ্ডা বন্যপ্ৰাণী অভয়াৰণ্যৰ প্ৰকল্প বিজ্ঞানী যজ্ঞপাঠি আদাৰিয়ে। একেদৰে মাংস আৰু কণীৰ বাবে কাছ চিকাৰ কৰি অহাটোও দুষ্প্ৰাপ্য হৈ পৰাৰ অন্যতম কাৰণ বুলিও তেওঁ কয়।

Left to right: Ramolu Lakshmayya, Karri Jallibabu, Puttiyapana Yerranna, and Pulla Polarao are fishermen who also work as guards at a hatchery on RK Beach, Visakhapatnam where they are part of a team conserving the endangered Olive Ridley turtle at risk from climate change and loss of habitats.
PHOTO • Amrutha Kosuru

বাওঁফালৰ পৰা সোঁফাললৈ: মাছমৰীয়া ৰামলু লক্ষ্মায়া, কাৰি জাল্লিবাবু, পুটিয়াপানা য়েৰান্না, আৰু পুল্লা পোলাৰাওৱে বিশাখাপট্টনমৰ আৰকে বীচ্ছৰ এটা হেচ্ছাৰী কেন্দ্ৰত পহৰাদাৰ হিচাপেও কাম কৰে, তেওঁলোকে জলবায়ু পৰিৱৰ্তনৰ বাবে বিপন্ন হৈ পৰা অলিভ ৰিডলে কাছৰ সংৰক্ষণৰ বাবে গঠন কৰা বিশেষ গোট এটাৰ হৈ কাম কৰি আহিছে

Olive Ridley turtle eggs (left) spotted at the RK beach. Sometimes the guards also get a glimpse of the mother turtle (right)
PHOTO • Photo courtesy: Andhra Pradesh Forest Department
Olive Ridley turtle eggs (left) spotted at the RK beach. Sometimes the guards also get a glimpse of the mother turtle (right)
PHOTO • Photo courtesy: Andhra Pradesh Forest Department

আৰ কে বীচ্ছত পহৰাদাৰে সন্ধান লাভ কৰা অলিভ ৰিডলে কাছৰ কণী (বাওঁফালে)। কেতিয়াবা মাকজনীকো দেখা পায় (সোঁফালে)

'যিমান দ গাঁতত কণী নাপাৰক কিয়, সেয়া বিচাৰি উলিয়াব পাৰি। মানুহে তাৰ ওপৰত খোজ দিব পাৰে, তাতকৈয়ো ডাঙৰ কথাটো হ’ল কুকুৰে সেয়া খান্দি উলিওৱাৰ আশংকা থাকে,’’ কণী সংৰক্ষণৰ প্ৰসংগলৈ উনুকিয়াই লক্ষমায়াই কয়। ''হেচ্ছাৰিত এই কণীবোৰ নিৰাপদে থাকে,’’ ৩২ বছৰীয়া লক্ষমায়াৰ মন্তব্য।

সেয়ে লক্ষমায়াৰ দৰে পহৰাদাৰসকলে যথেষ্ট সাৱধানতাৰে কাম কৰে। অলিভ ৰিডলে কাছ হৈছে আটাইতকৈ ক্ষুদ্ৰ সামুদ্ৰিক কাছ। এই কাছবিধ দেখাত জলফাই বৰণীয়া হোৱা বাবেই ইয়াৰ নাম জলফাইৰ ইংৰাজী প্ৰতিশব্দ অলিভৰ নামেৰে ৰখা হৈছে।

এই পহৰাদাৰসকলক কাছৰ কণীৰ সন্ধান কৰি সেয়া হেচ্ছাৰিত ৰখাৰ কামত নিয়োজিত কৰা হৈছে। কণী ফুটি পোৱালি জগাৰ পিছতেই পোৱালিবোৰক সমুদ্ৰত এৰি দিয়া হয়। আৰ কে বীচ্ছত থকা হেচ্ছাৰিটো হৈছে অন্ধ্ৰপ্ৰদেশৰ কাছৰ বাবে স্থাপন কৰা ৪টা হেচ্ছাৰি কেন্দ্ৰৰ এটা। বাকী কেন্দ্ৰকেইটা আছে সাগৰ নগৰ, পেদানাগামায়াপালেম আৰু চেপালাউপাড়াত।

সাগৰ নগৰত থকা হেচ্ছাৰি কেন্দ্ৰটোত কৰ্মৰত সকলো পহৰাদাৰ মাছমৰীয়া নহয়। ইয়াৰে কিছুমান প্ৰব্ৰজিত শ্ৰমিক। তেওঁলোকে অতিৰিক্ত উপাৰ্জনৰ বাবে এই কাম কৰি আহিছে। চালক হিচাপে কৰ্মৰত ৰঘুৱে আৰু সংসাৰৰ জোৰা মাৰিব পৰাকৈ যাতে আৰু কেইটকামান পাব পাৰে তাৰ বাবে এই কামত জড়িত হৈছে। ২২ বছৰ বয়সতে ৰঘুৱে শ্ৰীকাকুলামৰ পৰা বিশাখাপট্টনমলৈ আহিছিল। চালক হিচাপে কাম কৰি মাহে ৭০০০ টকা দৰমহা পোৱা ৰঘুৰ নিজাকৈ গাড়ী নাই। এই কামটো কৰি সুখী হৈ পৰা ৰঘুৱে কয়, ''এই পাৰ্টটাইম কামটো কৰি মই ঘৰত থকা মা-দেউতালৈ মাহে ৫০০০-৬০০০ টকা পঠিয়াব পাৰিছো।’’

Left: B. Raghu, E. Prudhvi Raj, R. Easwar Rao, and G. Gangaraju work as guards at the Sagar Nagar hatchery. Right: Turtle eggs buried in sand at the hatchery
PHOTO • Amrutha Kosuru
Left: B. Raghu, E. Prudhvi Raj, R. Easwar Rao, and G. Gangaraju work as guards at the Sagar Nagar hatchery. Right: Turtle eggs buried in sand at the hatchery
PHOTO • Amrutha Kosuru

বাওঁফালে: বি ৰঘু , ই প্ৰুধ্বী ৰাজ , আৰ ঈশ্বৰ ৰাও , আৰু জি গংগাৰাজুৱে সাগৰ নগৰ হেচ্ছাৰী কেন্দ্ৰত পহৰাদাৰ হিচাপে কাম কৰে। সোঁফালে: কাছৰ কণী হেচ্ছাৰী কেন্দ্ৰত বালিত পুতি থোৱা হয়

Guards at the Sagar Nagar hatchery digging a hole to lay the turtle eggs
PHOTO • Amrutha Kosuru
Guards at the Sagar Nagar hatchery digging a hole to lay the turtle eggs.
PHOTO • Amrutha Kosuru

সাগৰ নগৰৰ হেচ্ছাৰীৰ পহৰাদাৰে অলিভ ৰিডলে কাছৰ কণী থবলৈ গাঁত খান্দিছে

প্ৰতিবছৰে ডিচেম্বৰৰ পৰা মে’ মাহলৈকে আৰকে বীচ্ছত ৭-৮ কিলোমিটাৰ দূৰত্বৰ এলেকাত পহৰাদাৰসকলে কণীৰ সন্ধান কৰে। কণীৰ সন্ধান পাবৰ বাবে দুখোজ দিয়েই তেওঁলোকে ৰৈ ৰৈ আগবাঢ়ে। ভাৰতত সাধাৰণতে অলিভ ৰিডলে কাছবিধে নৱেম্বৰৰ পৰা মে’ মাহত কণী পাৰে। কিন্তু সৰ্বাধিক কণী পোৱা যায় ফেব্ৰুৱাৰী আৰু মাৰ্চৰ সময়ছোৱাত।

''কেতিয়াবা আমি মাকজনীৰ খোজৰ চিন দেখা পাও, কাচিৎহে আমি মাকজনীক দেখা পাও,’’ জাল্লিবাবুৱে কয়। কণীৰ সন্ধান পোৱাৰ লগে লগে সেয়া সাৱধানে আৰু অতি যতনেৰে বালিৰে সৈতে বেগত ভৰোৱা হয়। এই বালিখিন হেচ্ছাৰিত পুনৰ কণী থবলৈ ব্যৱহাৰ কৰা হয়।

কণী পোৱাৰ পিছতে কিমান কণী আছে সেয়া টুকি থোৱা হয়। লগতে কণী পৰাৰ তাৰিখটো অনুমান কৰি কণী পৰা ঠাইখিনিত এডাল মাৰি পুতি দিয়ে। এনে কৰিলে কণী পৰাৰ সময় আৰু কণী ফুটাৰ সময়ৰ হিচাপ ৰখাতো সহজ হৈ পৰে। কণী ফুটি পোৱালি জগিবলৈ সাধাৰণতে ৪৫-৬৫ দিনৰ প্ৰয়োজন হয়।

পহৰাদাৰসকলে পুৱা প্ৰায় ৯ বজালৈকে হেচ্ছাৰিত থাকে। তাৰপিছত তেওঁলোকে তেওঁলোকৰ মূল জীৱিকা মাছ মাৰিবলৈ সাগৰলৈ বুলি ওলাই যায়। ডিচেম্বৰৰ পৰা মে’ৰ সময়ছোৱাত এই সংৰক্ষণৰ কামৰ বাবে তেওঁলোকে মাহিলি ১০ হাজাৰ টকাকৈ লাভ কৰে। ২০২১-২২ৰ সময়ছোৱালৈকে এই ধনৰ পৰিমাণ ৫০০০ টকা আছিল। ''কাছৰ সংৰক্ষণৰ বাবে অহা ধন এনেকৈ উচিতভাৱে ব্যৱহাৰ হোৱা বুলিব পাৰি,’’ জাল্লিবাবুৱে আৰু কয়।

Lakshmayya buries the Olive Ridley turtle eggs he collected at RK Beach at the hatchery. 'In the hatchery the eggs are safe,' he says
PHOTO • Amrutha Kosuru
Lakshmayya buries the Olive Ridley turtle eggs he collected at RK Beach at the hatchery. 'In the hatchery the eggs are safe,' he says.
PHOTO • Amrutha Kosuru

লক্ষ্মায়াই হেচ্ছাৰীত আৰকে বীচ্ছৰ পৰা সংগ্ৰহ কৰা অলিভ ৰিডলে কাছৰ কণীবোৰ থৈছে। 'হেচ্ছাৰী কেন্দ্ৰত কণীবোৰ নিৰাপদ,' তেওঁ কয়

লক্ষমায়াই উল্লসিতভাৱে কয়, ''প্ৰজননৰ সময়ত যেতিয়া ১৫ এপ্ৰিলৰ পৰা ১৪ জুনলৈ মাছ ধৰাত ৬১ দিনীয়া নিষেধাজ্ঞা চলে তেতিয়া এই পইছাখিনি বৰ কামত আহে।’’ অৱশ্যে এইসকল পহৰাদাৰে বিগত কিছুমাহ ধৰি সময়মতে ধন লাভ কৰা নাই। পাৰিৰ প্ৰতিনিধিয়ে যেতিয়া জুন মাহত তেওঁলোকক লগ কৰিছিল তেতিয়া তেওঁলোকে প্ৰথম তিনিমাহ ডিচেম্বৰ, জানুৱাৰী আৰু ফেব্ৰুৱাৰীৰ পইছাহে পাইছিল।

মাছ ধৰাত নিষেধাজ্ঞা চলি থকা সময়খিনিত তেওঁলোকৰ উপাৰ্জন প্ৰায় শূন্য হৈ পৰে। ''আমি এই সময়ত নিৰ্মাণৰ কাম-কাজ চলি থকা ঠাইলৈ কাম বিচাৰি যাও আৰু আন কামো কৰো। এই বছৰ যেনিবা এই অতিৰিক্ত উপাৰ্জন কামত আহিছে। আশা কৰিছো পাবলগীয়া বাকী টকাখিনিও সোনকালে পাম,’’ জুনৰ সময়ত লক্ষমায়াই কৈছিল।

একাংশক ছেপ্টেম্বৰ মাহত শেহতীয়াকৈ ধন আদায় দিয়া হৈছে। আন একাংশই মাছ মৰাত নিষেধাজ্ঞা আৰোপৰ কেইমাহমান পিছত আগষ্টত ধন পাইছিল।

ৰঘুৱে কয় যে কাছৰ কণী ফুটি পোৱালি জগা সময়খিনিয়েই হৈছে এই কামটোৰ আটাইতকৈ ভাললগা সময়। পহৰাদাৰসকলে তেতিয়া বিশেষ পাচিত পোৱালিবোৰ লৈ আহে আৰু বীচ্ছত এৰি দিয়ে।

ৰঘুৱে কয়, ''পোৱালিবোৰ পাচিত থকা বালিৰ পৰা ওলাই আহে আৰু কোমল ভৰিৰে খোজ দিয়ে। তাৰপিছত লাহে লাহে খোজকাঢ়ি তেতিয়ালৈকে গৈ থাকে যেতিয়ালৈকে সাগৰৰ ওচৰ নাপায়। সাগৰ পোৱাৰ পিছতে ঢৌৱে পোৱালিবোৰক দূৰলৈ লৈ যায়।’’

After the eggs hatch, the hatchlings are carefully transferred into the a butta (left) by the guards. The fishermen then carry them closer to the beach
PHOTO • Photo courtesy: Andhra Pradesh Forest Department
After the eggs hatch, the hatchlings are carefully transferred into the a butta (left) by the guards. The fishermen then carry them closer to the beach
PHOTO • Photo courtesy: Andhra Pradesh Forest Department

কণী ফুটাৰ পিছত পোৱালিবোৰক পহৰাদাৰসকলে সাৱধানে আন ঠাইলৈ (বাওঁফালে)লৈ স্থানান্তৰিত কৰে। তাৰ পিছত মাছমৰীয়াসকলে তেওঁলোকক পাৰলৈ লৈ যায় আৰু এৰি দিয়ে

Guards at the Sagar Nagar hatchery gently releasing the hatchlings into the sea
PHOTO • Photo courtesy: Andhra Pradesh Forest Department
Guards at the Sagar Nagar hatchery gently releasing the hatchlings into the sea
PHOTO • Photo courtesy: Andhra Pradesh Forest Department

সাগৰ নগৰ হেচ্ছাৰী কেন্দ্ৰৰ পহৰাদাৰে আলফুলে পোৱালিবোৰ এৰি দিছে

কণী ফুটি পোৱালি জগাৰ পিছত সেয়া পাৰত মুকলি কৰি দিয়া প্ৰক্ৰিয়াৰ এইবছৰ জুনত অন্ত পৰে। অন্ধ্ৰপ্ৰদেশ বন বিভাগৰ মতে ২১ জন পহৰাদাৰে ৪৬,৭৫৪টা কণী সংগ্ৰহ কৰিছিল আৰু সাগৰত ৩৭,৬৩০টা পোৱালি এৰি দিছিল। ৫,৬৫৫ টা কণী নুফুটাকৈ ৰৈ যায়।

''২০২৩ৰ ধাৰাসাৰ বৰষুণৰ ফলত বহু কণী নষ্ট হৈ গ’ল। এয়া পৰিতাপৰ কথা। মে’ মাহত জগা বহু কাছৰ পোৱালিৰ চলংবোৰ ভগা আছিল,’’ লক্ষমায়াই কয়।

আদাৰিয়ে জনোৱা মতে কাছই নিজৰ জন্মস্থানৰ ভৌগোলিক স্থানাংক চিনাক্ত কৰিব পাৰে। ৫ বছৰ বয়সত যেতিয়া মাইকী কাছবোৰে প্ৰজনন ক্ষমতা লাভ কৰে তেতিয়া কণী পাৰিবৰ সময়ত নিজে যি ঠাইত জন্মিছিল সেই একেই ঠাইলৈকে কণী পাৰিবলৈ আহে।

''এই প্ৰক্ৰিয়াৰ অংশ হ’বলৈ পাই মই সুখী। কাছৰ কণী অতি সংবেদনশীল আৰু সুৰক্ষা দিয়াতো প্ৰয়োজনীয়,’’ আকৌ কেতিয়া কাছৰ কণী পৰা সময় আহিব সেয়া মনতে হিচাপ কৰি লক্ষমায়াই গৌৰৱেৰে কয়।

এই প্ৰতিবেদন ৰং দে -ৰ সাহায্যত যুগুত কৰা হৈছে।

অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি

Amrutha Kosuru

Amrutha Kosuru is a 2022 PARI Fellow. She is a graduate of the Asian College of Journalism and lives in Visakhapatnam.

Other stories by Amrutha Kosuru
Editor : Sanviti Iyer

Sanviti Iyer is Assistant Editor at the People's Archive of Rural India. She also works with students to help them document and report issues on rural India.

Other stories by Sanviti Iyer
Translator : Dhrubajyoti Dhanantari

Dhrubajyoti Dhanantari is a journalist based in Guwahati, Assam.

Other stories by Dhrubajyoti Dhanantari