at-the-countrys-back-breaking-brick-kilns-as

Jan 17, 2024

ইটাৰ ভাতী - হাড়ভঙা শ্ৰম আৰু খাটনিৰ ঘাটি

ইটাৰ ভাতী - হাড়ভঙা শ্ৰম আৰু খাটনিৰ ঘাটি। ভাৰতৰ এইখন কৰ্মক্ষেত্রত কাম কৰিবলৈ আদিবাসী, প্ৰান্তীয় শ্ৰেণীৰ মজদুৰে বছৰটোৰ ছটা মাহৰ বাবে ঘৰ-বাৰী এৰি প্ৰব্ৰজন কৰে। তম্বু তৰি তেওঁলোকে ভাতীৰ গাতে লাগি থাকে, তপত ৰ’দত কঁকাল কোঙা কৰা ওজন দাঙে। ভাতীত কাম কৰি পোৱা পইচাখিনিৰে তেওঁলোকে বছৰটো কোনোমতে চলিবলৈ চেষ্টা কৰে। বাকীছোৱা সময়ত খেতিপথাৰত দিনহাজিৰা কৰে, নাইবা আন খুচুৰা কাম বিচাৰি ফুৰে। ভাতীত তেওঁলোকে প্ৰায়ে বন্ধুৱা শ্ৰমিক হিচাপে পৰিয়াল সহিতে কাম কৰে। ঠিকাদাৰৰ পৰা লোৱা আগধনৰ বাবদ পৰিয়াল এটাই নিৰ্দিষ্ট (সাধাৰণতে বহুত বেছি সংখ্যাত) সংখ্যক ইটা বনাই দিব লাগে। মহাৰাষ্ট্ৰ, ওড়িশা আৰু তেলাংগনাৰ ইটাৰ ভাতীত কাম কৰা তেনে কিছু শ্ৰমিক আৰু শ্ৰমস্থলীৰ প্ৰতিবেদনৰ এয়া এক সংকলন

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

PARI Contributors

Translator

PARI Translations, Assamese