নৰসুৰ কাটকাৰিৱাড়িত থকা ৰাজহুৱা মন্দিৰৰ বাহিৰত আবেলি সময়ত আহি উপস্থিত হ’ল কেইখনমান গাড়ী। কোন আহিছে বুলি বিষ্ণু ৱাঘমাৰেই জুমি চালে আৰু কাটকাৰি ভাষাতে কিবা ক’লে। আগন্তুকসকলক আদৰণি জনাবলৈ মন্দিৰৰ ভিতৰৰ পৰা ১৫ জন মান পুৰুষ-মহিলা ওলাই আহিল।
“সৰহকৈ শ্ৰমিক লৈ যোৱাৰ কাৰণে তেওঁলোক ইয়ালৈ আহিছে। এতিয়া তেওঁলোকে বন্দোৱস্তি কৰিবলৈ আলোচনাত বহিব। এই ঠিকাদাৰবোৰে যে তেওঁলোকক ঠগিব, সেই কথা আমাৰ বহুতেই নাজানে। সিহঁতে আমাক শোষণ কৰে আৰু তথাপিও আমি সিহঁতৰ কাম কৰিবলৈ যাওঁ। মই কেতিয়াও ভাতীত কাম কৰিবলৈ নাযাও,” ২১ বছৰীয়া বিষ্ণুৱে ক’লে। তেওঁ কেতিয়াবা ওচৰৰ গাঁৱত এনে ধৰণৰ ভাল নলগা কাম কৰিবলৈ যায়।
মহাৰাষ্ট্ৰৰ ৰাইগড় জিলাৰ সুধাগড় ব্লকৰ নৰসুৰ পঞ্চায়তৰ সৰু গাওঁ নৰসুৰ কাটকাৰি। ইয়াত বসবাস কৰা ৩৬০ ঘৰ কাটকাৰি আদিবাসীৰ প্ৰায় সকলো লোক বিশেষভাৱে স্পৰ্শকাতৰ জনজাতীয় গোষ্ঠীৰূপে তালিকাভুক্ত - তেওঁলোকে প্ৰতিবছৰে দেৱালিৰ পিছত নৱেম্বৰ মাহৰ মাজভাগত প্ৰব্ৰজন কৰে। অন্ধ্ৰপ্ৰদেশ আৰু কৰ্ণাটকৰ পোৰা কয়লাৰ ভাতীত তেওঁলোকে কাম কৰাৰ উপৰি মহাৰাষ্ট্ৰৰ চিপলুন, অমৰাৱতী তথা আন ঠাইত কাম কৰে। জুন মাহৰ আৰম্ভণিতে তেওঁলোক নিজৰ গাঁৱলৈ উভতি আহে। এই ভাতীবোৰত বাবুল গছৰ কাঠ পুৰি কয়লা বনোৱা হয়। ৰেস্তোঁৰাবোৰত বাৰবিকিউ আৰু তন্দুৰি বনাবলৈ এই কয়লা ব্যৱহাৰ কৰা হয়।
ট্ৰাকতে লৈ যোৱা শ্ৰমিকসকল মহাৰাষ্ট্ৰৰ ভিতৰৰ ঠাই হ’লে ১৮ ঘণ্টাত গৈ পাব আৰু আন ৰাজ্যৰ পোৰা কয়লাৰ ভাতী পাবলৈ প্ৰায় ৩৮ ঘণ্টাৰ যাত্ৰা কৰিব লাগে। ভাতীৰ ওচৰত কাটকাৰিসকলে মুকলি ঠাইত বাঁহ, খেৰ আৰু কুঁহিয়াৰৰ পেলনীয়া অংশেৰে অস্থায়ী বাসগৃহ তৈয়াৰ কৰি লয়। বিদ্যুৎ অথবা শৌচাগাৰ-স্নানাগাৰ অবিহনে তেওঁলোক তাত থাকে আৰু বন্যজন্তু তথা সাপৰ কাৰণে তেওঁলোক ভীতিগ্ৰস্ত হৈ থাকিবলগীয়া হয়।






