‘ইটাৰ ভাতীৰ ভিতৰত তলাবন্ধ নাই। আমি সদায় কাম কৰি আছো’, হৃদয় প্ৰভুৱে ক’লে। পাঁচ এপ্ৰিলত তেওঁক লগ পাইছিলো। ‘কেৱল সাপ্তাহিক বজাৰ বন্ধ হৈছে। আমাক মালিকে দিয়া পইছাৰে খোৱাবস্তু ক্ৰয় কৰাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈ পৰিছে।’
এই পৰ্যন্ত তিনি বছৰ ধৰি হৃদয় নামৰ লোকজনে তেলেংগানাৰ ইটাৰ ভাতীত কাম কৰি আহিছে। ঋণৰ বোজাৰ বাবে এই কাম কৰিবলৈ বাধ্য হৈছে। ওড়িশাৰ বালাংগীৰ জিলাৰ তুৰেকেলা তালুকৰ নিজ গাওঁ খুটুলুমুণ্ডাত তেওঁ প্ৰতি বছৰে পত্নিক এৰি থৈ আহে। ‘মই কমাৰশালৰ কাম কৰি ঘৰতে ভাল উপাৰ্জন কৰিছিলো। মোৰ ঘৰটো নিৰ্মাণ কৰাৰ পিছত মই ধাৰত পোত গ’লো। ইয়াৰ পিছত আহিল বিমূদ্ৰাককৰণ,’ ভগা ভগা হিন্দীত তেওঁ কৈ গ’ল। ‘আমাৰ গাঁৱত কাম পোৱা টান, ইফালে মোৰ ঋণৰ বোজা বাঢ়ি যাবলৈ ধৰিলে। গতিকে মই ইটা বনোৱা কাম কৰিবলৈ ইয়ালৈ আহিবলৈ বাধ্য হ”লো। ইটাৰ ভাতীত কাম কৰা প্ৰতিজন শ্ৰমিক ঋণগ্ৰস্ত।’
তেলেংগানাৰ সাংগাৰেড্ডী জিলাৰ জিন্নাৰাম মণ্ডলৰ গাড্ডিপোথাৰাম গাঁৱৰ হৃদয়ে কাম কৰা ইটাৰ ভাতীৰ শ্ৰমিকৰ মাজত ২৫ মাৰ্চত অনাকাংক্ষিতভাৱে ঘোষণা কৰা তলাবন্ধই বিভ্ৰান্তি আৰু অনিশ্চয়তাৰ সৃষ্টি কৰে। ‘ইয়াৰ পৰা ৩ কিলোমিটাৰ দুৰত থকা গাঁৱৰ বজাৰলৈ আমি প্ৰতি শুকুৰবাৰে যাও। সাপ্তাহিক ভাট্টাৰ ধনেৰে খাদ্যবস্তু আৰু আন অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰো,’ একেখন ইটাৰ ভাতীত কাম কৰা হৃদয়ৰ দুৰ সম্পৰ্কীয় জয়ন্তী প্ৰভুৱে কয়। ‘কিছুমানে সুৰাও ক্ৰয় কৰে। তলাবন্ধৰ বাবে বজাৰখন বন্ধ হৈ পৰাৰ পিছত সকলো নোহোৱা হ’ল।’
তলাবন্ধ আৰম্ভ হোৱাৰ দুদিনৰ পিছত শ্ৰমিকসকলে শুকুৰবৰীয়া বজাৰৰ পৰা অলপ খাদ্যসামগ্ৰী সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল যদিও পিছৰ শুকুৰবাৰে বজাৰ বন্ধ হৈ পৰোতে তেওঁলোক আৱদ্ধ হৈ পৰিল। ‘খোৱাবস্তু যোগাৰ কৰা কঠিন হৈ পৰিল,’ হৃদয়ে কয়। ‘দোকান বিচাৰি গাঁৱৰ পৰা অলপ দূৰলৈ যাব বিচাৰিলে পুলিচে আমাক খেদি আহে, ইফালে আমি তেওঁলোকৰ ভাষাও (তেলেগু) ক’ব নাজানো।’








