“মোৰ ডাঙৰ ল’ৰা দুটাই পাটিলৰ (পামৰ মালিক) লগত দুদিনৰ কাৰণে কাম কৰি ১৫০ টকাকৈ উপার্জন কৰিছিল। সিহঁতে সেইখিনি টকাৰে তেওঁৰ পৰা কান্যা কিনিছিল”, ৱনিতা ভ’ইৰে কয়। তেওঁ এটা প্লাষ্টিকৰ জাৰ খুলি হাতত অলপ চাউলৰ টুকুৰা লৈ মোক দেখুৱায়। এয়া খেতি চপোৱাৰ পাচত মৰণা মৰাৰ সময়ত গোটোৱা চাউলৰ টুকুৰা আৰু এইবোৰ চাউলতকৈ সস্তা। এই কান্যাবোৰৰ লগতে ৫২ বছৰীয়া ৱনিতাৰ খেৰী ঘৰটোত এসপ্তাহৰ জোখাৰে নিমখ, জলকীয়া আৰু হালধী গুড়ি, ৰন্ধন তেল আৰু কিছু আলু আছে। এই সামগ্রীসমূহো পৰিয়ালটোক স্থানীয় সমাজকর্মীসকলেহে যুগুত কৰি দিছে।

“যাৰ ৰেচন কার্ড আছে, চৰকাৰে তেওঁলোকক শস্যৰ বীজ দিয়ে। তেওঁলোকে চাউলো বিনামূলীয়াকৈ পায় (মার্চত লকডাউন আৰম্ভ হোৱাৰে পৰা প্রতি মাহে)। কিন্তু আমাৰ ৰেচন কার্ড নাই। এতিয়া আমাৰ পৰিয়ালটোৱে কি কৰা উচিত?”, ৱনিতাৰ ৫৫ বছৰীয়া স্বামী নৱসু ভ’ইৰে প্রশ্ন কৰে। তেওঁ আৰু কয়, “চৰকাৰে আমাক সহায় নকৰে। আমাৰ কামো বন্ধ হৈ থাকিল; আমি এতিয়া খাম কি?”

নৱসুৱে কেতিয়াও ৰেচন কার্ডৰ বাবে আবেদন কৰা নাছিল। কাৰণ, তেওঁ কোৱা মতে, “আমি প্রতি বছৰে কাম বিচাৰি বেলেগ ঠাইলৈ প্রব্রজন কৰো। ইয়াৰ কাৰণে কেনেকৈ আবেদন কৰিব লাগে তাকো নাজানো”। তেওঁ নিজেও অশিক্ষিত আৰু ৱনিতা আৰু তেওঁৰ সন্তানসকলৰ তিনিটি সন্তান আনন্দ (১৮) আৰু শিৱ (১২) তৃতীয় শ্রেণীৰ পাছত তথা ৰামদাসে (১৬) চতুৰ্থ শ্রেণীৰ পাছত পঢ়া এৰে। তেওঁলোকৰ আন দুটি কনিষ্ঠ সন্তান কৃষ্ণা (৮) দ্বিতীয় শ্রেণীত আৰু আটাইতকৈ সৰু সঙ্গীতা স্থানীয় অংগনৱাড়ীত পঢ়ি আছে।

পালঘৰ গাঁৱৰ ৱড়া নগৰৰ পৰা প্রায় ২০ কিমি আঁতৰৰ বৰান্দা গাঁৱত ভ’ইৰ পৰিয়ালটো বাস কৰে। তেওঁলোক কাটকাৰী আদিবাসী সম্প্রদায়ৰ আঠটামান জুপুৰীৰ চুবুৰী এটাত থাকে।

যোৱা বছৰ নৱেম্বৰত এই শ্রমিক পৰিয়ালটোৱে ভিৱাণ্ডি তালুকলৈ ইটা ভাতীত কাম কৰিবলৈ প্রব্রজন কৰিছিল। ইটাৰ ভাতীৰ কাম মানে দিন-ৰাতিৰ খাটনি। সপ্তাহত এবাৰকৈ ভাতীৰ মালিকৰ পৰা হাত খৰচ হিচাপে পোৱা ৪০০-৫০০ টকাৰে তেওঁলোকে ৰেচন আৰু অন্যান্য প্রয়োজনীয় সামগ্রী কিনিছিল। কিন্তু ভাতীত কাম কৰা মাহ কেইটাৰ অন্তত যেতিয়া তেওঁলোকৰ মুঠ মাননি গণনা কৰা হ’ল, তেতিয়া তেওঁলোকৰ মুঠ উপার্জনৰ পৰা হাত খৰচখিনি বাদ দিয়া হৈছিল। যদিহে পৰিয়ালটোৰ কোনো ঋণ নাথাকে, তেন্তে নৱেম্বৰৰ পৰা মে’লৈ এই সাত মাহ কাম কৰাৰ বাবদ প্রায় ১০ৰ পৰা ১২ হাজাৰ টকা তেওঁলোকৰ হাতলৈ আহে।

Vanita Bhoir had a week's stock of food for her family (here with her daughter Sangeeta and son Krishna) in her straw-and-mud hut
PHOTO • Mamata Pared
Vanita Bhoir had a week's stock of food for her family (here with her daughter Sangeeta and son Krishna) in her straw-and-mud hut
PHOTO • Mamata Pared

নিজৰ খেৰ -মাটিৰ জুপুৰিটোত ৱনিতা ভ’ইৰে পৰিয়ালটোৰ কাৰণে এসপ্তাহৰ খাদ্য গোটাই থৈছিল (ফটোত কন্যা সংগীতা আৰু পুত্ৰ কৃষ্ণৰ সৈতে)

তেওঁলোকে এই ধনৰাশি বাৰিষাৰ মাহকেইটাৰ বাবে সা-সামগ্রী কিনি থ’বলৈ ব্যয় কৰে। তাৰে কিছু অংশ ঘৰটোৰ মেৰামতিৰ বাবেও প্রয়োজন হয়। তাৰোপৰি শিশুকেইটাৰ পঢ়া-শুনাৰ খৰচো আছে। তেওঁলোকৰ সদায় এনেকৈয়ে চলে। কিন্তু যদিহে তেওঁলোকৰ কোনো বৃহৎ পৰিমাণৰ ধাৰ থাকে, তেতিয়া তেওঁলোকে এটকাও নাপায়। বৰঞ্চ পৰৱৰ্তী ছমাহ চলিবৰ বাবে তেওঁলোকে ভাতীৰ মালিকৰ পৰা আৰু বেছিকৈহে ধাৰ ল’ব লগা হয়। আৰু এই সকলোবোৰ ঋণ পৰিশোধ কৰিবৰ বাবে পৰৱৰ্তী সময়ছোৱাতো একেগৰাকী ঋণদাতাৰ ওচৰলৈকে কাম কৰিবলৈ অহাৰ বাদে তেওঁলোকৰ উপায় নাথাকে।

প্রতি বছৰে মে’ মাহলৈকে চলা কাম ক’ভিড-১৯ ৰ বাবে এইবছৰ মার্চতে সামৰিব লগা হ’ল। ৱনিতা, নৱসু আৰু তেওঁলোকৰ সন্তানকেইটা ঘৰলৈ উভতি যাবলৈ বাধ্য হ’ল। “কামৰ প্রথম মাহকেইটাত (ভাতীত) উপার্জন কৰা ধনখিনি আমি সাপ্তাহিক বজাৰ-সমাৰত খৰচ কৰো। পাছৰ মাহকেইটাত উপার্জন কৰা টকাকেইটাৰ পৰাহে কিছু অংশ আমাৰ হাতত থাকি যায়। কিন্তু এই বছৰ কাম সোনকালেই শেষ হ’ল আৰু মালিকেও আমাক অহাৰ সময়ত কেৱল ২০০০ টকাহে দিলে। এয়া কিমান দিনলৈকে চলিব? তাৰ অকণমানো এতিয়া বাকী নাই। আমি অহাৰ পাছত ঘৰটো মেৰামতি কৰালো- বৰষুণ নপৰিবলৈ ইয়াৰ ছালিখন প্লাষ্টিকেৰে ঢাকি থ’ব লগা হয়। অলপ ধন যাতায়ততো খৰচ হ’ল (টেম্প’ৰে গাঁৱলৈ ঘূৰি আহোঁতে)”, ৱনিতাই ক্ষান্ত ভাৱত বুজাই কয়।

মার্চৰ শেষত ভাতী এৰি বৰান্দালৈ উভতি আহিবৰ সময়লৈকে ঠিকাদাৰজনে তেওঁলোকৰ মুঠ উপার্জন আৰু খৰচ হিচাপ কৰা নাছিল। সেয়ে তেওঁলোকেনো মুঠ কিমান উপার্জন কৰিছিল আৰু তেওঁলোকৰ পাওনা কিমান সেই বিষয়ে তেওঁলোকে ভালকৈ নাজানে। আৰু ৱনিতা তথা নৱসুৰ এয়া চিন্তা যে স্বামী-স্ত্রী-পাঁচটি সন্তানৰ মুঠ সাতজনীয়া পৰিয়ালটোক তেওঁলোকে ভৰণ-পোষণ দিব কিদৰে। তেওঁলোক হৈছে কোনোমতে জীৱন নির্বাহ কৰি থকা ভূমিহীন শ্রমিক আৰু তেওঁলোকৰ কামৰ সন্ধান কৰি থকাৰ কোনো বিকল্প নাই। কিন্তু এই বিশেষ সময়ছোৱাত তেওঁলোকে কি কাম কৰিব ভ’ইৰ পৰিয়ালটোৰ সমুখত সেইটো সমস্যাই মূৰ দাঙি উঠিছে।

তেওঁলোকৰ গাঁৱত আৰু আশে-পাশে, কৃষি শ্রমিকৰ সংখ্যা কম আৰু ৰোৱা তথা খেতি চপোৱাৰ দিনত কৃষকসকলে দৈনিক ১৫০ টকাৰ বিনিময়ত খুউব বেছি দুসপ্তাহ কাম কৰিব পাৰে। কোনো কোনো সময়ত যদিহে কাৰোবাক হাবিৰ পৰা খৰিৰ প্রয়োজন হয় তেতিয়া অৱশ্যে ভ’ইৰহঁতে নাইবা আন আনসকলে আৰু ১৫০ টকা উপার্জন কৰাৰো আশা কৰিব পাৰে। যদিহে তেওঁলোক ভাগ্যৱান হয় তেতিয়া তেওঁলোকে ওচৰৰ কনষ্ট্রাকছন ছাইটত দৈনিক ২৫০ টকাৰ হাজিৰাৰ কাম পাব পাৰে- কিন্তু সেয়া মাথো কেতিয়াবাহে।

In Boranda, a group sat talking about the present situation. The annual market, where some of the Katkaris sell mahua (right), was cancelled due to the lockdown
PHOTO • Mamata Pared
In Boranda, a group sat talking about the present situation. The annual market, where some of the Katkaris sell mahua (right), was cancelled due to the lockdown
PHOTO • Mamata Pared

বৰান্দাত , কেইগৰাকীমানে বহি বৰ্তমানৰ পৰিস্থিতি সম্পৰ্কে আলোচনা কৰি আছিল কোনো কোনো কাটকাৰিয়ে মহুৱা (সোঁ-হাতে) বিক্ৰী কৰা বাৰ্যিক বজাৰখন লকডাউনৰ কাৰণে বন্ধ হৈ পৰিছিল

সংকটৰ সময়ত সাধাৰণতে তেওঁলোকৰ দৰে পৰিয়ালবোৰে মালিকৰ পৰা ঋণ লয়। কিন্তু এইটো বছৰত সকলো ভাতী-মালিকে জনাই দিছে যে তেওঁলোকক কেৱল মজুৰিৰ ধনকেইটাহে দিয়া হ’ব। ফলত তেওঁলোকৰ ঋণ লাভ কৰাৰ আশাত চেঁচাপানী পৰিল।

এবাৰ বৰান্দালৈ যাওঁতে তাত কিছুমান জুপুৰিৰ সমুখত এখন চাপৰ মঞ্চত বহি ৮-১০ গৰাকীমান মহিলা আৰু পুৰুষে কিবা আলোচনা কৰি থকা দেখা পাইছিলো। তেতিয়া প্রায় আবেলি ২ বাজিছিল। “চৰকাৰে (লকডাউনৰ পাচত) বহুকেইটা পৰিয়ালক চাউল দিলে। আমি শুনিবলৈ পাইছিলোঁ যে তেওঁলোকৰ বেংক একাউণ্টলৈকো চৰকাৰে ২০০০ টকাকৈ পঠাইছিল। মানুহে অন্ততঃ আমাক তেনেকৈয়ে কয়। কিন্তু তাৰ কাৰণে আমি খাৰিৱলি গাঁৱলৈ (বৰান্দাৰ পৰা প্রায় চাৰি কিমি আঁতৰত থকা নিকটতম বেংক) যাব লাগিব। ইফালে এই বেমাৰটো! এতিয়া কি কৰা যায়? আমি তালৈ কেনেকৈ যাব পাৰো? যান-বাহনো নাই”, ৱনিতাৰ ঠিক পাছৰ ঘৰটোতে বাস কৰা ৬৫ বছৰীয়া বাঈজী ভ’ইৰে তেওঁৰ লগত বহি থকা লোকসকলক কয়।

সিদিনা কিছুমান জুপুৰিৰ বাহিৰৰ মজিয়াত মহুৱা ফুল শুকাবলৈ পাৰি দিয়া হৈছিল। এই শুকান মহুৱা ফুলেৰে তেওঁলোকে কি কৰিব, মই সুধিছিলো। “বাৰিষা অহাৰ আগতে উৰুষ বহে। আমি তাত এইবোৰ বিক্ৰী কৰি আলু-পিয়াজ কিনিম”, এগৰাকী মহিলাই উত্তৰ দিছিল।

উৰুষ হৈছে বাৰিষা অহাৰ আগেয়ে মে’ মাহত ১০-১২ দিনলৈকে বহা এখন বৃহৎ বজাৰ। এইটো বছৰত লকডাউন আৰু ক’ভিড-১৯ সংক্রমণৰ আশংকাত উৰুষ অনুষ্ঠিত নহ’ল।

অন্যান্য বছৰবোৰত ইয়াত খাদ্য শস্য, মছলা, পিয়াজ, আলু, মাছ, প্লাষ্টিকৰ ঘৰুৱা সামগ্রী আৰু অন্য বহু বস্তু বিক্রী হয়। বৰান্দাৰ পৰা প্রায় ৩৫ কিমি দূৰৈৰ ৱড়া তালুকৰ কুডুছ চহৰত বহা এই বজাৰত বহুকেইখন গাঁৱৰ লোক মিলিত হয়। আদিবাসী পৰিয়ালবোৰে ইয়াত মহুৱা ফুল আৰু দিঙ্কা (এবিধ প্রাকৃতিক আঠা) বিক্রী কৰে আৰু পর্যাপ্ত কাম নাপালেও বাৰিষা কালটো পাৰ কৰিব পৰাকৈ অপৰিহার্য সামগ্রী কিছুমান কিনে। তেওঁলোকে এই সংগৃহীত শস্যখিনিৰ মাজেৰে সেই দিনকেইটা পাৰ কৰে।

ৱনিতা আৰু নৱসুৱে এইবছৰ একেটা আশাকে পালি আছিল যে প্রয়োজনীয় সামগ্রীসমূহ এনেদৰে গোটাই ৰাখিয়ে তেওঁলোকে পৰৱৰ্তী কেইটামান মাহ চলাব পাৰিব। কিন্তু তেওঁলোকৰ ঘৰত থকা শস্যবোৰ ইতিমধ্যেই প্রায় শেষ হৈ আহিছে...

অনুবাদ: সৃষ্টি শ্ৰেয়ম

Mamata Pared

Mamata Pared is a 2018 PARI intern; she is doing a Masters in Journalism and Mass Communication at the Abasaheb Garware College in Pune.

Other stories by Mamata Pared
Translator : Srishti Shreyam

Srishti Shreyam is an interdisciplinary artist based out of Mumbai. An erstwhile media person associated with various Assamese news channels, Srishti currently works as a freelance voice over artist and an Assamese language expert. She has published two collections of short stories in Assamese. Srishti is also a filmmaker. She has written and directed a short film.

Other stories by Srishti Shreyam