"আমাক ইয়ালৈ অনাবোৰলৈ বুলি মই ভাত ৰান্ধিছো। মোৰ স্বামীয়ে সিহতক ইটা বনোৱাত সহায় কৰি আছে," হায়দৰাবাদৰ ইটাৰ ভাটা এটাত আমি লগ পোৱা উৰ্বশীয়ে কয়।
ভাটাত ৬১ বৰ্ষীয় দেগু ধাৰুৱা আৰু ৫৮ বৰ্ষীয় উৰ্বষী ধাৰুৱাক দেখি হতবাক হ'লো। দম্পত্তিহাল পশ্চিম উৰিষ্যাৰ বলাংগীৰ জিলাৰ বেলপাৰা গাওঁ পঞ্চায়তৰ অন্তৰ্গত পান্দ্ৰীজৰ গাঁৱৰ। এয়া দেশৰ দৰিদ্ৰতম অঞ্চলৰ এটা।
মই বহল ভিত্তিত বিগত দুটা দশকজুৰি সংবাদ পৰিৱেশন কৰি অহা পশ্চিম উৰিষ্যাৰ লোকসকলে বিগত ৫০ বছৰ ধৰি প্ৰব্ৰজন কৰি আহিছে। অঞ্চলটো আকাল, আকালজনিত মৃত্যু আৰু শিশু বিক্ৰীকে ধৰি বিভিন্ন সমস্যাৰ কবলত পৰাৰ বাবে কুখ্যাত।
১৯৬৬-৬৭ চনত আকালজনিত কাৰণত প্ৰব্ৰজন আৰম্ভ হয়। ৯০ৰ দশকত কালাহাণ্ডী, নোৱাপাড়া, বলাংগিল আৰু অইন জিলাবোৰত গুৰুতৰ খৰাং পৰাৰ ফলত প্ৰব্ৰজন আৰম্ভ হয়। সেই সময়ত যিসকলে হাতে-কামে শ্ৰম কৰিব পাৰে, সেইসকলে অইন ৰাজ্যলৈ কামৰ সন্ধানত ওলাই গৈছিল আৰু বয়স্কসকলে গাঁৱতে ৰৈ গৈছিল।





