‘আপুনি নিশ্চয়কৈ উৎসৱ উদযাপন কৰিছে। কিন্তু আমি? আমি কামেই নোপোৱা হৈছো। পইচা আহিব ক’ৰপৰা ?’ দুৱাৰডলিত বহি সোণী ৱাঘ (৬০)য়ে মোলৈ চাই সুধিলে। তাইৰ কাষত জমা হোৱা মানুহখিনিয়ে তাইক মনে মনে থাকিবলৈ ইংগিত দিলে। কিন্তু এই কথা সঁচা যে সোণীৰ কথাখিনিয়ে কেৱল তাইৰেই নহয়, গোটেই চুবুৰীটোৰ কৰুণ বাস্তৱৰ ছৱি দাঙি ধৰিছে। সেয়া আছিল নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহ। দিপান্বিতা উৎসৱ কেইদিনমান আগতে পাৰ হৈছে। কিন্তু সেই চুবৰীটোৰ কোনো এঘৰ মানুহৰে লেম নাছিল। ক’তো ৰং-বিৰঙী বিজুলীবাতি নাছিল। নগৰৰ ঘৰবোৰৰ দৰে বত্যাচিৰ কোনো এখন ঘৰো ফুলেৰে সুসজ্জিত নাছিল।

বত্যাচি ৱাড়িত নীৰৱতাই বিৰাজ কৰিছিল । মুকলিত খেলি থকা ল’ৰা-ছোৱালীহঁতৰ চিঞৰ ভাঁহি আহিছিল। সিহঁতৰ ভৰিৰ খোজত ধূলি উৰিছিল। সিহঁতৰ কাপোৰবোৰ ফাটি-চিগি উৱলি যোৱা। কিছুমানৰ বুটাম চিগা কাপোৰে গাৰ আধামানহে ঢাক খাইছে। এখন চোতালত ৫ কি ৬ জনীমান ৮-৯ বছৰীয়া ছোৱালীয়ে ‘ঘৰ-ঘৰ’ খেলিছে। পাকঘৰৰ পৰা উলিয়াই অনা এলুমিনিয়াম আৰু ষ্টিলৰ বাচনেৰে সিঁহতে সেই ঘৰ সজাইছে। চাৰিটা খুঁটিৰ ওপৰত গাঠি দিয়া ফটা কাপোৰ এখনে কেঁচুৱাৰ বাবে দোলাৰ কাম কৰিছে।

কাষতে ছোৱালী এজনী বহি আছে। তাই পানীকেঁচুৱাটোক কোলাত লৈ নিচুকাইছে, তাৰ লগতে লগৰীয়াৰ খেল চাইছে। তাইৰ কাষতে আছে এটা ল’ৰা। সিহঁতৰ কাষ চাপো মানে দুয়োজনে উঠি যাবলৈ উদ্যত হ’ল। পিছত যেনিবা ছোৱালীজনীয়ে মই কিবা সুধিম বুলি বুজি পালে আৰু ৰৈ দিলে। ‘তুমি স্কুললৈ যোৱানে?’ মই সোধাত তাই নাযাও বুলি উত্তৰ দিলে। ৯ বছৰীয়া অনিতাই প্ৰথম শ্ৰেণীৰ পৰাই পঢ়াশালী এৰিলে। নেৰিবনো কিয়? ‘মই কেঁচুৱাটো চাব লাগে। কেনেকৈ স্কুললৈ যাও? মোৰ পৰিয়ালটো কামৰ বাবে ইটাৰ ভাতীলৈ যায়।’

PHOTO • Mamta Pared

কালু ভালৱিৰ দৰে (ওপৰত সোঁফালে) বত্যাচি ৱাড়িৰ প্ৰায়বোৰ শিশুৱেই স্থানীয় অংগনৱাডীত (তলত সোঁফালে) কিছুদিন যোৱাৰ পিছত এবছৰ বা দুবছৰ পঢ়ি পঢ়াশালী এৰিছে। ইয়াৰ একমাত্ৰ কাৰণ হৈছে দৰিদ্ৰতা আৰু প্ৰব্ৰজন

কালু ভালৱিৰ দৰে (ওপৰত সোঁফালে) বত্যাচি ৱাড়িৰ প্ৰায়বোৰ শিশুৱেই স্থানীয় অংগনৱাডীত (তলত সোঁফালে) কিছুদিন যোৱাৰ পিছত এবছৰ বা দুবছৰ পঢ়ি পঢ়াশালী এৰিছে। ইয়াৰ একমাত্ৰ কাৰণ হৈছে দৰিদ্ৰতা আৰু প্ৰব্ৰজন

মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ মোখাড়া নগৰৰ পৰা ৩০ কিলোমিটাৰ দূৰত অৱস্থিত গোমঘৰ গাঁৱৰ এই চুবুৰীটোত কালু ভালৱিৰ পৰিয়ালৰ নিচিনা ৩০-৪০ টা কাটকাৰি পৰিয়াল আছে যিয়ে প্ৰতি বছৰে কামৰ বাবে এঠাইৰ পৰা আন ঠাইলৈ যাবলগীয়া হয়।

স্কুলৰ নাম শুনি চুবুৰীৰ ৬৫ বৰ্ষীয় বুঢ়া ৱাঘে ঘপহকৈ কৈ উঠিল, ‘আপুনি আমাক কাম দিয়ক নাইবা ধন দিয়ক। আমাক পেটৰ ভোক গুচোৱাৰ বাবে কিবা এটা কৰক।’

‘খেতি একেবাৰেই নোহোৱা হৈছে। আন কামৰো বিকল্প নাইকিয়া হৈছে। পেট পুৰাবলৈ আমি ঘুৰি ফুৰিবলগীয়া হৈছে,’ বুঢ়াক শান্ত কৰিবলৈ চেষ্টা কৰা ৫৫ বৰ্ষীয় কাশীনাথ বাৰাফে কয়। প্ৰতিবাৰ বৰ্ষাকালৰ জুলাই মানত তেওঁ নিজেও চিৰ্দিলৈ কাম বিচাৰি নাইবা ওচৰৰে শিল ভঙা কামলৈ যায়। দিপান্বিতা উৎসৱৰ পিছত অক্টোবৰৰ শেষৰ পৰা পৰৱৰ্তী মে’ মাহলৈ তেওঁ থাণে জিলাৰ ভিৱাণ্ডি তালুকৰ খাৰবাভ নগৰলৈ ইটাৰ ভাতীৰ কাম বিচাৰি যায়।

কামৰ বাবে এনেদৰে প্ৰব্ৰজনৰ কৰাৰ সময়ত এই চুবুৰীৰ প্ৰতিজনৰে মুৰত ঋণৰ বোজা থাকে। ঋণ শুজিবলৈ তেওঁলোকে প্ৰতি বছৰে কামৰ সন্ধানত ঘৰ এৰে। বছৰত কিমানখিনি টকা উপাৰ্জন কৰে, সেয়া সিহঁতৰ বহুতেই নাজানে। ‘আমি তিনি বছৰ ধৰি আমাৰ উপাৰ্জনৰ হিচাপ লোৱা নাই,’ ৫০ বৰ্ষীয় লীলা ভালৱিয়ে কয়। ‘আমি তাতে (উল্লাসনগৰ) বহু বছৰ ধৰি কাম কৰি আহিছো। মই মোৰ জীয়ৰীৰ বিয়াৰ কাৰণে ৩০ হাজাৰ টকা আগধন লৈছিলো (ইটাৰ ভাতীৰ মালিকৰ পৰা)। সেয়া এতিয়াও পৰিশোধ কৰা হোৱা নাই। বহুবাৰ আমি দানত পোৱা খাদ্যৰে পেটৰ ভোক গুচাইছো। আমি হিচাপ বিচাৰিলে কোব খাব লাগিব।’

PHOTO • Mamta Pared

ওপৰত বাওঁফালেঃ আমি যদি চেষ্টা কৰোঁ আৰু হিচাপ বিচাৰো, তেন্তে আমি কোব খাব লাগিব, লীলা ভালৱিয়ে কয়। ওপৰত সোঁফালেঃ ৰাজ্যিক গৃহনিৰ্মাণ আঁচনিৰ অধীনত নিৰ্মিত কেইটামান পকী ঘৰৰ বাদে বত্যাচি ৱাড়িৰ আটাইবোৰ ঘৰেই জুপুৰীসদৃশ। তলত বাওঁফালেঃ নিজ জুপুৰীৰ কাষত থিয় দি ভিকা দীৱেয়ে নিজৰ দুখৰ কাহিনী কৈছে। তলত সোঁফালেঃ গোৰখ ভালৱিৰ কথা শুনি মই হতভম্ব হৈ পৰিছিলো

লীলাই চিমেণ্ট-ইটাৰে নিৰ্মিত তাইৰ ঘৰটো দেখুৱালে। তাইৰ ঘৰটোৰ এটা কোঠালীক দুভাগ কৰি লৈছে (প্ৰধানমন্ত্ৰী গ্ৰামীণ আবাস যোজনাৰ অধীনত নিৰ্মিত)। বত্যাচি ৱাড়িত কেইটামান পকী ঘৰ বাদে আটাইবোৰ ঘৰেই জুপুৰীসদৃশ। ‘আমিও জুপুৰীতে আছিল,’ কাষৰে ইকৰা-খেৰ-মাটিৰে সজা ঘৰ এটালৈ আঙুলিয়াই লীলাই কয়। তাইৰ খিৰিকীবিহীন ঘৰটোৰ ভিতৰত দিনতে আন্ধাৰ আছিল। চৌকাৰ কাষত বস্তুবোৰ সিঁচৰিত হৈ পৰি আছিল। ‘মোৰ ঘৰত একোকে নাই। এইখিনি চাউলেই আছে,’ এচুকত থোৱা ড্ৰাম এটাৰ ঢাকনিখন খুলি মোক দেখুৱালে। চাউল তলিত লাগিছে।

আনবোৰৰ দৰে ৬০ বৰ্ষীয় ভিকা ৰাজা দীৱেৰো ১৩ হাজাৰ টকাৰ ধাৰ আছে। ‘মই মোৰ ল’ৰাৰ আঙঠি পিন্ধোৱাৰ পৰ্বত আগধন লৈছিলো,’ তেওঁ কয়। দশেৰাৰ সময়ত, অক্টোবৰৰ প্ৰাৰম্ভিক ভাগত, মহাজনে তেওঁলোকৰ পৰিয়ালটোক ইটাৰ ভাতী এটাত কাম কৰাৰ বাবে লৈ গ’ল। কিন্তু বৰষুণ দি থকাৰ ফলত কাম স্থগিত হ’ল। সেয়ে তেওঁ আমাক ওচৰৰে তেওঁৰ চিনাকী মালিকৰ তাত খেতিৰ কামত লগালে। এই কামৰ পৰা পোৱা ৪০০ টকাৰ পৰা তেওঁ কিছু অংশ ৰাখিছিল। দিপান্বিতা উৎসৱ অহাত ভিকাৰ পৰিয়ালক বত্যাচিলৈ ৱাড়িলৈ উভতি অহাৰ বাবে গাড়ীৰ ভাড়াৰ বাবে টকা লগা হ’ল। কিন্তু সিমানখিনি টকা দিয়াতো মহাজন অমান্তি হ’ল। যি কাম পাই তাকে কৰি কিছু টকা ৰাহি কৰিছিল। কিন্তু দিপান্বিতা উৎসৱ শেষ হোৱা মাত্ৰকে মহাজন চুবুৰীটোত আহি ওলাল (তেওঁলোকক পুনৰাই কামলৈ নিবলৈ)।

কিন্তু তেতিয়া ৰাজ্যিক আঁচনিৰ অধীনত তেঁওলোকৰ নামত ঘৰ আৱণ্টন হৈছিল। সেয়ে ঘৰৰ কাম কৰাবলৈ তেওঁলোক ঘৰত থকাটো জৰুৰী আছিল। কিন্তু ঋণৰ বোজাত ভাৰাক্ৰান্ত পৰিয়ালটো অসহায়। ‘মহাজনে তেওঁৰ ঋণ পৰিশোধ কৰাৰ বাবে হুমকি দিলে। কিন্তু মই ঘৰতে থাকিলো। মহাজনে মোৰ পত্নি লীলা আৰু দুই ছোৱালী আৰু (২১ বছৰীয়া) পুত্ৰক লৈ গ’ল। পঁজাটোৰ সমুখত থিয় দি থকা ভিকাই এইখিনি কথা দুখ মনেৰে ক’লে। তেওঁৰ ডাঙৰজনী ছোৱালীৰ বয়স ১২ বছৰ আৰু সৰুজনীৰ মাত্ৰ ৮ বছৰ হৈছে।’


Young girls in this hamlet are passing their days caring for their younger siblings.
PHOTO • Mamta Pared
There is no farming. There are no other work options' , say the adults
PHOTO • Mamta Pared

বাওঁফালেঃ কেঁচুৱা ভাই-ভনীক কোলাত লৈ কণ কণ ছোৱালীয়ে এই চুবুৰীটোত দিন কটাইছে। সোঁফালেঃ ‘খেতি-বাতি নোহোৱা হৈছে। আন কামৰো বিকল্প নাইকিয়া হৈছে,’ বয়স্কসকলে কয়

তাৰপিছত গোৰখ ভালৱিৰ কথা শুনি মই হতভম্ব হৈ গ’লো। তেওঁ মোক ক’লে যে ইটাৰ ভাতীৰ মালিকৰ বলদ গৰুটো মৰাৰ দিনা ভাতীত কাম কৰি থকা সকলোকে নিজৰ চুলি খুৰাই শোক প্ৰকাশ কৰিবলৈ কোৱা হ’ল। মালিকে এনেকৈ সকলোকে ভীতিগ্ৰস্ত কৰি ৰাখিছিল যে কোনেও নকৰো বুলি ক’বলৈ সাহ নকৰিলে। আনকি ভাতীৰ ইটা যদি অসময়ত দিয়া বৰষুণৰ বাবে তিতি যায়, তেতিয়াও শ্ৰমিকক সেই ইটাৰ বাবদ টকা আদায় নিদিছিল, ভালৱিয়ে কয়। ‘আমি কঠোৰ পৰিশ্ৰম কৰিয়েই মৰিম আৰু টকা নাপালেও মৰিম,’ তেওঁ কয়। দৰিদ্ৰ অৱস্থাক নেওচি গোৰখে দশমমানলৈ পঢ়িছিল। বাকীবোৰৰ দৰে তেওঁ নিজেও ইটাৰ ভাতীত কাম কৰিছিল।

তেওঁৰ দৰে লতা দীৱে আৰু সুনীল মুকনেয়েও দশমমানলৈ পঢ়িছে। কিন্তু আমি কেনেকৈ আগলৈ পঢ়া-শুনা কৰিলোঁহেঁতেন, সিহঁতে প্ৰশ্ন কৰে। তেওঁলোকে উচ্চ শিক্ষা ল’ব নোৱাৰে আৰু যিখিনি পঢ়িছে, সেইখিনিৰে চাকৰি নাপায়। চুবুৰীটোৰ প্ৰায়ভাগ ল’ৰা-ছোৱালীয়ে এক-দুই বছৰতে পঢ়াশালী এৰিছে। দৰিদ্ৰতা আৰু শ্ৰমসূত্ৰে প্ৰব্ৰজনেই ইয়াৰ একমাত্ৰ কাৰণ।

চুবুৰীটোৰ বহুতৰে ঘৰবোৰ অন্ধকাৰ, কেইটামান চাউলৰ বাদে খাবলৈ একো নাই। এনে পৰিস্থিতিত পুষ্টিহীনতাই দেখা দিয়াটো স্বাভাৱিক। সৰু সৰু ছোৱালীবোৰে সিহঁতৰ কণ কণ ভাই-ভনীক কোলাত লৈ দিন কটাইছে। সিহঁতৰ বিয়াৰ পিছত নতুন পৰিয়ালৰ সৈতে সিহঁত নতুন ঠাইলৈ গুছি যাব লাগিব। জীয়াই থকাৰ এই কঠোৰ সংগ্ৰামে সিহঁতৰ সপোন দেখাৰ অধিকাৰ কাঢ়ি নিছে। প্ৰতিযোগীতাৰে ভৰা পৃথিৱীখনত সিহঁতৰ স্থানেইবা ক’ত? আশাৰ এধানি পোহৰ আৰু সপোন এতিয়াও সিহঁতৰ জীৱনলৈ অহা নাই। কেতিয়া সেই পোহৰে সিহঁতক উজলাব? সেই প্ৰশ্নই মনত দোলা দিছে।

অনুবাদঃ পংকজ দাস

Mamta Pared

Mamta Pared is a journalist and a 2018 PARI intern. She has a Master’s degree in Journalism and Mass Communication from Abasaheb Garware College, Pune.

Other stories by Mamta Pared
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das