দ্ৰৌপদী সবৰে চকুৰ পানী ৰখাব পৰা নাই, চাদৰৰ আঁচলেৰে চকুপানী টুকিছে। ওড়িশাৰ গুদাভেলি গাঁৱৰ ঘৰৰ বাহিৰত তেওঁৰ তিনি বছৰীয়া নাতি গিৰিশ আৰু নমহীয়া বিৰাজে কোনো হৈ-হাল্লা নকৰাকৈ খেলিছে। তেওঁৰ নাতিনী তুলচাৰ মৃত্যুৰ শোক এতিয়াও তেওঁৰ আত্মীয়-স্বজন আৰু পৰিয়ালে পাতলাব পৰা নাই, সকলোৱে এই ৬৫ বছৰীয়া মহিলাগৰাকীক সান্তনা দিয়াৰ চেষ্টা কৰিছে।
“এতিয়া ‘আমাৰ জীয়াৰীজনী’ বুলি কাক মাতিম?” তেওঁ যেন নিজকেই প্ৰশ্ন কৰিলে।
নৌপাৰা জিলাৰ খাৰিয়াৰ ব্লকৰ অৰ্দ্ধনিৰ্মিত পকী ঘৰটোৰ সন্মুখত প্লাষ্টিকৰ কঠ এখনত বহি তুলচাৰ পৰিয়ালটোৱে মূৰত সৰগ ভাগি পৰা ঘটনাটোৰ পিছত স্বাভাৱিক হোৱাৰ যত্ন কৰিছে। সবৰ আদিবাসী পৰিয়ালটোৰ তুলচাৰ পিতৃ-মাতৃ পদ্মিনী আৰু দেৱানন্দই এতিয়া তাইৰ কণমানি সন্তান বিৰাজক কেনেকৈ চাব তাকে লৈ চিন্তিত হৈ পৰিছে। “আমাৰ বোৱাৰী পদ্মিনী আৰু মই পাল পাতি তাইৰ সন্তানকেইটা চোৱা-চিতা কৰিছিলো,” দ্ৰৌপদীয়ে কয়।
সন্তানকেইটাৰ পিতৃ, তুলচাৰ স্বামী বসিন্ধু তাত নাই। তেওঁ আছে তাৰ পৰা প্ৰায় ৫০০ কিলোমিটাৰ দূৰৈৰ তেলাংগনাৰ পেড্ডাপাল্লি জিলাৰ ৰাংগাপুৰ গাঁৱৰ এটা ইটাৰ ভাতীত, শ্ৰমিক হিচাপে কৰ্মৰত। তেওঁৰ মাক আৰু তুলচাৰ সৰুভনী দিপাঞ্জলীৰ সৈতে ছমাহৰ বাবে কাম কৰিবলৈ তেওঁলোক তালৈ গৈছে। তেওঁলোকৰ দৈনিক উপাৰ্জন দিনে ২০০ টকা।
২০২২ৰ ২৪ জানুৱাৰীৰ দিনা তুলচা সবৰ আছিল মাকৰ ঘৰ গুদাভেলিৰ পৰা ২০ কিলোমিটাৰ দূৰৰ চানাতমাল গাঁৱৰ ঘৰত। সন্ধিয়া ৮ মান বজাত তেওঁৰ পেটত তীব্ৰ কামোৰণি হোৱা বুলি কয়। “খাৰিয়াৰ চহৰৰ উপমহকুমা হস্পিটেললৈ মই তাইক লৈ গ’লো,” তেওঁৰ শহুৰেক ৫৭ বছৰ বয়সীয়া দাচমু সবৰে কয়। “ডাক্তৰে তেওঁৰ অৱস্থা সংকটজনক বুলি কৈ তেওঁক নৌপাৰাত থকা জিলা সদৰ হস্পিটেলত ভৰ্তি কৰাবলৈ ক’লে। কিন্তু আমি হস্পিটেল গৈ পাওঁ মানে তুলচাৰ মৃত্যু ঘটে।”








