তেতিয়া বৰষুণ দি আছিল। মোৰ ঘৰৰ বাহিৰত ক’লা ছাতি এটাৰ তলত চিন্নাই বিড়ি হুপি আছিল। ছাতিৰ পৰা বৰষুণৰ পানী নিগৰি মাটিত পৰিছে। তেওঁৰ মুখমণ্ডল কোনোমতে মনিব পৰা যায়।

“ভিতৰলৈ আহা চিন্না, তুমি বৰষুণত কিয় থিয় হৈ আছা?”

তেওঁ হুপি থকা বিড়িটোত উপৰ্যুপৰি তিনিটা হোপা মাৰি বিড়িৰ অৱশিষ্ট টুকুৰাটো পেলাই দিলে। তাৰ পিছত সোমাই আহি মোৰ বাৰান্দাত বহিল। ছাতিটো জপাই থ’লে। বিড়িৰ ধোঁৱাৰ বাবে হয়তো চকুকেইটা ৰঙা হৈ আছিল। তেওঁ কাহ মাৰি মোৰ চকুৰ ফালে চাই সুধিলে, “সিহঁতে মানুহক নিজৰ ঘৰলৈ উভতি যাবলৈ অনুমতি দিছেনে?”

“নাই চিন্না, ঘৰলৈ উভতি যাবলৈ জিলা দণ্ডাধীশৰ পৰা আমি বিশেষ অনুমতি পত্ৰ ল’ব লাগিব।”

“কথাটো সেইটোহে নেকি?” তেওঁ কথাটো কৈ আকৌ এবাৰ কাহিলে।

“হয়, আন এদিন ১৬ জন প্ৰব্ৰজনকাৰী শ্ৰমিকৰ দেহৰ ওপৰৰে এখন ৰেলগাড়ী চলি গ’ল।”

চিন্নাই গভীৰভাৱে মোৰ চকুলৈ এনেকৈ চালে যেন মই এটা নক’বলগীয়া কথা কৈ পেলালো।

তেওঁ তললৈ চাই থাকি ক’লে, “প্ৰায় ৬৫ বছৰৰ আগতে কাম বিচাৰি থুটুকুৰিৰ পৰা ত্ৰিবান্দমলৈ মোৰ দেউতাৰ লগত মোৰ আইতা কেনেকৈ আহিছিল, আইতাই শুনোৱা সেই কাহিনী মোৰ এতিয়া মনত পৰে।”

“গাঁৱৰ বাহিৰলৈ যাবলৈ আইতাই ভয় কৰিছিল, কিন্তু কেনেকৈবা ইয়ালৈ আহিবলৈ সাহস গোটালে। তেওঁ আমাক ভাল কাহিনীবোৰ শুনাইছিল বা হাঁহি উঠা কথাবোৰ কৈছিল। কিন্তু এতিয়া মোৰ আইতা কি পৰিস্থিতিৰ চিকাৰ হ’লহেঁতেন সেই কথা মই জানিছো। তেওঁ সদায় মুখত সন্তুষ্টিৰ ভাৱ প্ৰকাশ কৰিছিল।”

বৰষুণ আৰু বেছিকৈ আহিবলৈ ধৰিলেঃ জলমগ্ন পথৰ ওপৰেৰে হুৰমুৰকৈ এখন এম্বুলেন্স পাৰ হৈ গ’ল। “সকলো শ্ৰমিক ভালে-কুশলে উভতি গৈ নিজৰ ঠাইত উপস্থিত হওঁক,” চিন্নাই ক’লে।

সুধান্বা দেশপাণ্ডেয়ে নিজে আবৃত্তি কৰা কবিতাটো শুনিব পাৰে

Illustration: Labani Jangi, originally from a small town of West Bengal's Nadia district, is working towards a PhD degree on Bengali labour migration at the Centre for Studies in Social Sciences, Kolkata. She is a self-taught painter and loves to travel.
PHOTO • Labani Jangi

প্ৰচ্ছদ সচিত্ৰকৰণঃ প্ৰিয়ংকা ব’ৰাৰ  এগৰাকী নিউ মিডিয়া শিল্পী। নতুন ধৰণৰ অৰ্থ আৰু প্ৰকাশভংগীৰ সন্ধানত তেওঁ প্ৰযুক্তিৰ সৈতে পৰীক্ষা-নিৰীক্ষা চলাই আহিছে। শিকন আৰু খেল-ধেমালীৰ বাবে ন-অভিজ্ঞতাৰ সৃষ্টি কৰা, ইণ্টাৰেক্টিভ মিডিয়াৰে কাৰচাজি কৰা প্ৰিয়ংকাই কাগজ-কলমেৰেও সৃষ্টিশীল কাম কৰি ভাল পায়।

আত্মাবোৰৰ যাত্ৰা


ওখোৰা-মোখোৰা ৰেলপথেৰে

এজাক বুভুক্ষ আত্মা আগবাঢ়ে।

সেই ধাতুৰ ৰডকেইডালৰ মাজেৰে

এটাৰ পিছত আনটো।


সিহঁতৰ লক্ষ্য বহুদূৰ,

তথাপি সিহঁতে খোজ দিছে,

প্ৰতিটো খোজেই সিহঁতক

ঘৰৰ কাষ চপাইছে।

হটঙা দেহৰ পুৰুষবোৰ,

হাড়ে-ছালে লগা মহিলাবোৰ,

সিহঁতবোৰ ৰেলৰ ডবাবোৰৰ দৰে,

ধাতৱীয় বাটত সিহঁতৰ দৃঢ় খোজ।


চাদৰত টোপোলা কৰি লোৱা ৰুটি,

পানীৰ বটল,

আৰু এহাল মজবুত  ভৰিৰে

এজাক পৰাক্ৰমী আত্মা আগবাঢ়ি যায়


সুৰুজটো ডুবাৰ লগে লগে

তৰাবিহীন ৰাতি এটা জাগি উঠে।

আত্মাবোৰ ভাগৰত লেবেজান।

সেই মলিন ৰেলপথতে

সিহঁতে চকু মুদি দিয়ে।

তেনেতে ধাতুৰ চকাৰ

ৰেলখন আহে,

তেজ-মঙহৰ ওপৰেৰে পাৰ যায়।


এটা ভিতৰুৱা ৰেলপথত

নিথৰ আত্মাবোৰ শাৰী পাতি শুই আছে,

ইটোৰ পিছত সিটো,

ঘৰ পাবলৈ কেইখোজমানৰ বাট।


শ্ৰাব্যঃ সুধান্বা দেশপাণ্ডে এগৰাকী অভিনেত্ৰী আৰু জন নাট্য মঞ্চৰ এগৰাকী পৰিচালক তথা ‘লেফটৱৰ্ড বুকচ’ৰ এগৰাকী সম্পাদক।

অনুবাদঃ পংকজ দাস

Pankaj Das is a journalist and translator, based in Guwahati. He is the co-founder of newsnextone.com, an Assamese language news portal focused on news related to Assam.

Gokul G. K.

Gokul G.K. is a freelance journalist based in Thiruvananthapuram, Kerala.

Other stories by Gokul G. K.