জুলাই মাহৰ শেষলৈ তেলাংগনাৰ আদিলাবাদ জিলাত থকা সাথনালা জলাশয়টো ভৰি পৰিছিল। খাৰিফ আৰু ৰবী দুয়োটা ঋতুতে নিজৰ নিজৰ খেতিত জলসিঞ্চন কৰাৰ আশাৰে কৰণজী গাঁৱৰ কৃষকসকলে উদযাপন কৰিছিল। কিন্তু ১৬ আৰু ১৭ আগষ্টত প্ৰায় ২০০ মিলিমিটাৰত হোৱা ধাৰাসাৰ বৰষুণজাকে সকলো ৰেহৰূপেই সলাই পেলাইছিল। ই পেংগাংগাৰ উপনৈ সাথনালা নদীৰ ওপৰত থকা জলাশয়ৰ উজনি আৰু নামনি দুয়োফালে থকা খালবোৰৰ পাৰৰ পথাৰবোৰ পানীৰে উপচাই পেলালে যি অৱশেষত গোদাবৰীত মিলি যায়। বানে নষ্ট কৰা শস্যবোৰৰ ভিতৰত আছিল মূলতঃ কপাহ আৰু কিছু পৰিমাণে ছয়াবীন। বানপানীৰ ফলত খেতিপথাৰত শস্যৰ সলনি ৰ’লগৈ কেৱল শিল-বালিহে৷

চলিত বৰ্ষটোত জুন মাহৰ পৰা আগষ্টৰ ভিতৰত আদিলাবাদত এইবাৰ স্বাভাৱিক বৰষুণ প্ৰায় ৮৮০ মিলিমিটাৰ বৰষুণতকৈ ৪৪ শতাংশ অধিক বৰষুণ হৈছে। যোৱা বছৰ আকৌ ভাৰত বতৰ বিজ্ঞান বিভাগৰ পৰা পোৱা তথ্য অনুসৰি এইকেইটা মাহত জিলাখনত স্বাভাৱিক বৰষুণতকৈ ২৭ শতাংশ কম বৰষুণ হৈছিল। ২০১৭ চনটোত বহু কৃষকৰ বাবে আয়ৰ পৰিমাণ যদিও কম আছিল, ২০১৮ চনটোত আয়ৰ পৰিমাণ একেবাৰে শূন্য।

এই সকলৰ ভিতৰত আছে জৈনাদ মণ্ডলৰ অন্তৰ্গত কৰণজীৰ কুন্তৱৰ সংগীতা। প্ৰায় ১৩৬০ জন সদস্যৰ এখন গাঁও যি সাথনালা বান্ধৰ তলত অৱস্থিত। জুন মাহত তেওঁ আৰু তেওঁৰ স্বামী গজাননে মিলি প্ৰথমবাৰৰ বাবে নিজাববীয়াকৈ কপাহৰ শস্য সিঁচিছিল। আশা কৰিছিল ২০১৯ৰ জানুৱাৰী-ফেব্ৰুৱাৰী মাহত খেতি চপাব পাৰিব।

নিজৰ মাটিত খেতি কৰাৰ আগলৈকে সংগীতা আছিল এগৰাকী কৃষি শ্ৰমিক। গজাননেও খেতিয়াক হিচাপে কাম কৰি বাৰ্ষিক ৮৬,০০০ টকা উপাৰ্জন কৰিছিল। তেওঁ মাটিমালিকৰ চৰ্তত নিযুক্ত আছিল যে সংগীতাই একেখিনি মাটিতে কাম কৰিব। সংগীতাই মাজে মাজে কাম কৰিছিল আৰু দিনে ১২০ টকা উপাৰ্জন কৰিছিল। তেওঁ কয়, “যোৱা তিনি বছৰত আমি এজন মালিক (মাটি মালিক)ৰ সৈতে কাম কৰিছিলো। যেতিয়া তেওঁলোকে কাম বিচাৰি নাপায়, তেতিয়া MGNREGS-ৰ সহায়ৰ জৰিয়তে মজুৰিটো পাইছিল। গজাননে কয়, “বা মই ট্ৰেক্টৰত বালি ভৰ্তি বা খালি কৰোঁ [পেংগাংগাৰ পৰা, এজন ব্যক্তিগত ঠিকাদাৰৰ পৰা]।”

Kuntawar Gajanan (left) and Kuntawar Sangeetha (right) on the field where all the crops had been washed away
PHOTO • Harinath Rao Nagulavancha
Sangeetha's farm where the plants in all the three acres had been washed away up to the canal
PHOTO • Harinath Rao Nagulavancha

কৰণজী গাঁৱৰ কুন্তাৱাৰ গজানন আৰু কুন্তৱৰ সংগীতাৰ খেতি (সোঁফালে) বানে উটুৱাই লৈ গ’ল: ‘আমি এতিয়া কি কৰিব লাগে নাজানো... এয়া প্ৰথমবাৰৰ বাবে নিজেই খেতি কৰিছিলোঁ’

২০১৮ চনৰ মে’ মাহত কৃষিৰ ওপৰত নিৰ্ভৰশীল পৰিয়ালৰ ভূমিহীন দলিত মহিলাসকলৰ বাবে ২০১৪ চনত প্ৰৱৰ্তন কৰা ৰাজ্য চৰকাৰৰ ভূমি ক্ৰয় আৰু ভূমি বিতৰণ আঁচনিৰ অধীনত সংগীতাক তিনি একৰ ভূমি আবণ্টন দিয়া হৈছিল। কৰণজী গাঁৱত দলিত সম্প্ৰদায়ৰ ৩৪০ জন লোক বাস কৰে। তাৰ মাজৰে ১৭০ গৰাকী মহিলা। সেইসকলৰ ৪০  গৰাকীয়েই তিনি একৰ পৰ্যন্ত বা তাতকৈ কম মাটি পাইছিল। মাটি পোৱাটো আকৌ নিৰ্ভৰ কৰে তেওঁলোকে পূৰ্বৰ আঁচনিৰ অধীনত কিবা মাটি পাইছিলনে নাই বা তেওঁলোকৰ পৰিয়ালে আগতে কিবা মাটি কিনিছিলনে নাই তাৰ ওপৰত।

সংগীতাই খেতি কৰিবলৈ নিজৰ মাটিখিনি পাওঁতে তেওঁ আৰু গজানন – আৰু তেওঁলোকৰ তিনিটি সন্তান সৌন্দৰ্য (১৬), বৈষ্ণৱী (১৪) আৰু তনুষা (১২) অধীৰ হৈ পৰিছিল। “কৃষি শ্ৰমিক হিচাপে আমি খেতিৰ প্ৰক্ৰিয়াসমূহৰ বিষয়ে একোৱেই নাজানিছিলো। আমি কেৱল মালিকে আমাক দিয়া কামবোৰ কেনেকৈ সম্পন্ন কৰিব লাগে জানিছিলোঁ।”

কিন্তু অভাৱনীয় বৰষুণজাকে কুন্তাৱৰ পৰিয়ালৰ আশাবোৰ উটুৱাই লৈ গুচি গ’ল।“আমি কি কৰিব লাগে নাজানো... এইবাৰ প্ৰথমবাৰৰ বাবে খেতি কৰিছো,” ৩৫ বছৰীয়া সংগীতাই কয়। “এনেকুৱা লাগিছে যেন বানপানীয়ে আমাৰ মুখতে বোকা দি থৈ গ’ল, আমাৰ পেটৰ ভাত মাৰি গ’ল।”

সংগীতাই এতিয়াও মাটিখিনি নিজৰ নামত পোৱা নাই- পাট্টাদাৰ পাছবুক, এখন সৰু বন্ধোৱা কিতাপ য’ত এজন ব্যক্তিৰ মালিকানাধীন মাটিৰ সবিশেষ থাকে। ৰাজহ বিভাগত ৰেকৰ্ডৰ ডিজিটেলাইজেচন এই পলমৰ এটা কাৰণ হ’ব পাৰে। অৰ্থাৎ জুন মাহত কপাহৰ শস্য সিঁচাৰ সময়ত তেওঁ বেংক শস্যৰ ঋণ বা তেলাংগনা চৰকাৰৰ ঋতু বন্ধু (কৃষি বিনিয়োগ সহায়ক আঁচনি)ৰ পৰা সহায় পাবৰ বাবে যোগ্য নাছিল। এই সহায়ৰ বাবে যোগ্য বিবেচিত হোৱাহেঁতেন সংগীতাই প্ৰতিটো বীজ সিঁচা ঋতুতে প্ৰতি একৰত ৪,০০০ টকা পালেহেঁতেন। মাটি শিৰোনামাৰ অবিহনে, তেওঁ প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আৰু ঋতু বীমাৰ অধীনত থকা শস্য বীমা হেৰুৱাব লগা হৈছিল।

"আমি গুডেম দালাৰীৰ (গাওঁৰ মহাজন) পৰা ৩০,০০০ টকা ধাৰ লৈছিলো," সংগীতাই কয়। তাই আৰু গজাননে এই টকাখিনি মাটি চহাবলৈ আৰু হাল বাববলৈ আৰু বীজ, সাৰ আৰু কীটনাশক দ্ৰৱ্য ক্ৰয় কৰিবলৈ ব্যৱহাৰ কৰিছিল। "আমি শেষত আমাৰ ফচল  তেওঁক দিব লগা হৈছিল। তাৰ পিছতহে তেওঁ ঋণ আৰু ইয়াৰ ওপৰত লগা সূত কৰ্তন কৰে আৰু অনাদায়খিনি পৰিশোধ কৰে। কিন্তু আমাৰ গোটেই খেতিয়েই নষ্ট হৈ গৈছিল," সংগীতাই কয়। সংগীতাৰ আচলতে সূতৰ হাৰৰ ওপৰত ধাৰণা নাছিল। তথাপিও আনসকলে কোৱামতে ৭-৮ মাহৰ শস্যঋতুৰ বাবে ই ২০ ৰ পৰা ২৫ শতাংশ।

এটা ভাল বছৰ মানে যেতিয়া কোনো প্ৰতিকূল বতৰৰ পৰিস্থিতি নাথাকে, কোনো কীট-পতংগৰ আক্ৰমণ নহয় আৰু যুক্তিসংগত নূন্যতম সমৰ্থন মূল্য — ইয়াত এক একৰত ১০ কুইণ্টল কপাহ উৎপাদন কৰি এজন কৃষকে লাভ হিচাপে ৫০ লাখ ২২ হাজাৰ টকা অৰ্জন কৰিব পাৰে। ইয়াৰ পৰিৱৰ্তে, কৰণজী গাঁৱত এল.পি.এছ.ৰ অধীনত মাটি পোৱা ৪০ গৰাকী দলিত মহিলাৰ এই বছৰ শস্য নষ্ট হৈছিল।

কৃষি বিভাগৰ প্ৰাথমিক জৰীপত উল্লেখ থকামতে কৰণজীত ৭৩ জন কৃষক আৰু ৩২৩ একৰ মাটিৰ ক্ষতিসাধন হৈছিল। জৈনাদ মণ্ডলত, বানপানীৰ ফলত ৫,৮৪৫ জন কৃষক আৰু ২১,২৬০ একৰ মাটি ক্ষতিগ্ৰস্ত হৈছিল।

The damaged fields in Karanji village. The LPS beneficiaries’ lands were perpendicular to the canal. As the spread of the flood was larger, almost everything was washed away
PHOTO • Harinath Rao Nagulavancha
The Sathnala dam
PHOTO • Harinath Rao Nagulavancha

বাওফালে: কাৰাঞ্জি গাঁৱত বান-বিধ্বস্ত এখন পথাৰ। মাটিৰ নতুন মালিকৰ মাটিখিনি কেনেলৰ লম্বভাৱে আছিল। বানৰ পানীয়ে সকলো উটুৱাই নিলে। সোঁফালে: সাতনালা বান্ধটো ভৰ্তি হৈ থকা সময়ত ২৫ খন গাঁৱৰ ২৪ হাজাৰ কৃষিভূমিলৈ জল যোগান ধৰিব পাৰিছিল

আগষ্টৰ আৰম্ভণিতে, গজানন আৰু সংগীতাই তেলাংগনা গ্ৰামীণা বেংকৰ কৰণজী শাখাত ঋণৰ বাবে আবেদন কৰিছিল। তেওঁলোকে ভূমি পঞ্জীয়নৰ বিৱৰণ (তেলাংগনা অনুসূচীত জাতি সমবায় উন্নয়ন নিগমৰ পৰা প্ৰাপ্ত) আৰু এমআৰঅ'ৰ (মণ্ডল ৰাজহ বিষয়া) পৰা প্ৰমাণপত্ৰ দাখিল কৰিছিল। ছেপ্টেম্বৰৰ শেষৰ ফালে, তেওঁলোকে ৬০,০০০ টকাৰ ঋণ লাভ কৰিছিল।

"আমি ৰবি ঋতুত [এই মাহ মানে, অক্টোবৰৰ পৰা] মৃত উদ্ভিদবোৰ আঁতৰাই বুট খেতি কৰাৰ কথা চিন্তা কৰি আছোঁ। আমি অধিক টকা ধাৰ ল'ব লাগিব," গজাননে কয়, যিয়ে কপাহৰ ব্যয় আৰু বুটমাহত বিনিয়োগ কৰা ধন বুটখেতিৰ প্ৰচুৰ ফচলৰ জৰিয়তে পুনৰুদ্ধাৰ কৰিব বুলি আশা কৰে।

এল.পি.এছ.-ৰ অধীনত, প্ৰাপ্তকৰ্তাই মাটিৰ অৱস্থান বাছনি কৰিব পাৰে। কৰণজীত, কেৱল খালৰ কাষৰ মাটিখিনিহে উপলব্ধ আছিল। "আমি সকলোৱে একেলগে এই মাটিবোৰ বাচি লৈছোঁ। সেইবোৰ অতি উৰ্বৰ। আমি প্ৰতি বছৰে দ্বিতীয় ঋতুতো আনকি আমাৰ শস্যত জলসিঞ্চন কৰিব পাৰোঁ। সেয়েহে আমি মাটিখিনিতে সন্তুষ্ট আছিলোঁ," থাল্লাপেলি পোচান্নাই কয়, যাৰ পত্নী থাল্লাপেলি কবিতা এলপিএছৰ অধীনত ভূমি আৱণ্টন কৰা ৪০ গৰাকী দলিত মহিলাৰ ভিতৰত এগৰাকী।

"বানপানীৰ আগলৈকে [কপাহ] গছবোৰে পৰ্যাপ্ত পানী লাভ কৰিছিল। আমি প্ৰাৰ্থনা কৰিছিলো যাতে গুলাবি পুৰুগু [গুলপীয়া ব'লৱৰ্ম] আক্ৰমণ কৰিব নোৱাৰে। পৰ্যাপ্ত পানী আৰু কোনো পোক-পতংগৰ আক্ৰমণ নথকা যিহেতুকে আমি যথেষ্ট ভাল উৎপাদন পালোঁহেঁতেন। কিন্তু আমি এতিয়া কি কৰিম? শস্য যেতিয়া নহ’লেই, অন্ততঃ মাটিখিনি বাকী থাকিলেও....," চেন্নুৰ শ্ৰীলতাৰ স্বামী চেন্নুৰ গংগান্নাই কয়, তেখেতেও এলপিএছৰ অধীনত ভূমি লাভ কৰিছিল।

"মাটিখিনিয়ে আমাক নিৰাশ নকৰিব। যদি এই বছৰ নহয়, আশাকৰোঁ অহা বছৰলৈ আমি ভাল ফচল চপাব পাৰিম। আমি পাঁচ বছৰত এবাৰ হ’লেও কম বেছি পৰিমাণৰ বানপানীৰ সন্মুখীন হওঁ, যেনে নিৰ্বাচনবোৰ। আমি ইয়াৰ সৈতে মুখামুখি হ'ম," কৃষকসকলৰ এটা দলে তেওঁলোকৰ কাহিনীবোৰ ক'বলৈ একগোট হৈছিল।

Left: Mentham Pentamma  and Mentham Suresh of Syedpur village were hoping to fund their daughter's education with the profit from the cotton harvest, but lost their entire crop.
PHOTO • Harinath Rao Nagulavancha
 As did Bavne Bhim Rao, who is now  working as a labourer, spraying pesticides
PHOTO • Harinath Rao Nagulavancha

বাওঁফালে: চৈয়দপুৰ গাঁৱৰ মেন্থাম পেণ্টাম্মা আৰু মেন্থাম সুৰেশে তেওঁলোকৰ ছোৱালীৰ শিক্ষাৰ বাবে কপাহ খেতিৰ পৰা পোৱা লাভৰ পৰা পুজি যোগান ধৰাৰ আশা কৰিছিল, কিন্তু তেওঁলোকৰ গোটেই শস্যবোৰ নষ্ট হৈছিল। সোঁফালে: সেইদৰে বৰ্তমান শ্ৰমিক হিচাপে কাম কৰি থকা বাভনে ভীম ৰাওৱে কীটনাশক স্প্ৰে কৰি কৰিছিল

জলাশয়টোৰ ওপৰৰ ফালে, পূব দিশত থকা গাঁওবোৰত হোৱা এই ধ্বংসলীলা কম নহয়। কৰণজীৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰত্বত থকা বেলা মণ্ডলৰ প্ৰায় ১৭০০ জনীয়া সদস্যৰ এখন গাঁও চৈয়দপুৰত শস্যৰ লগতে খেতিপযোগী মাটিও উটুৱাই লৈ যায়। প্ৰায়বোৰ পথাৰত এতিয়া শিলগুটিৰ দম বান্ধিছে।

এইসমূহৰ ভিতৰত আছে ৩৫ বছৰীয়া মেন্থাম সুৰেশৰ খেতিপথাৰ। প্ৰতি বছৰে, তেওঁ নিজৰ তিনি একৰ মাটিত কপাহ খেতি কৰে আৰু আন ১০ একৰ তেওঁ লীজত দিয়ে। স্বাভাৱিকতকৈ অধিক উপাৰ্জন কৰাৰ আশাৰে এই বছৰ, তেওঁ অতিৰিক্ত ১২ একৰ মাটি লৈছিল। তেওঁ তেওঁৰ কন্যাৰ শিক্ষাৰ কাৰণে খৰছ কৰিবলগীয়া ধন এই খেতিৰ লাভৰ পৰাই ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছিল। কিন্তু বৰষুণৰ প্ৰকোপত সুৰেশৰ সকলো জল্পনা কল্পনা উটি গৈছিল পানীৰ লগত। লাভৰ মুখ দেখাৰ পৰিৱৰ্তে, তেওঁৰ ঋণ 8.8 লাখ টকালৈ বৃদ্ধি হয়। তেওঁ এতিয়া সূতো পৰিশোধ কৰিব লাগিব।

"মোৰ ডাঙৰ ছোৱালীজনীয়ে দ্বাদশ শ্ৰেণীত ৬০ শতাংশতকৈ অধিক নম্বৰ লাভ কৰিছিল আৰু ইঞ্জিনীয়াৰিং কৰিব বিচাৰিছিল। মই মোৰ স্বামীক খালৰ কাষৰ মাটিখিনি বাছি ল’বলৈ কৈছিলো যাতে আমি শস্যবোৰত জলসিঞ্চন কৰিব পাৰোঁ আৰু আৰু তাইৰ মাছুল পৰিশোধ কৰিবলৈ কিছু টকা উপাৰ্জন কৰিব পাৰোঁ।," সুৰেশৰ পত্নী পেণ্টাম্মাই কয়।

চৈয়দপুৰৰ বাভনে ভীম ৰাওৰ পথাৰো বানপানীয়ে বিধ্বস্ত কৰি থৈ গৈছিল। তেওঁৰ সাত একৰৰ ভিতৰত তিনি একৰেই বানে ধুই নিছিল। এক একৰত থকা [কপাহ] শস্যবোৰ উচ্ছেদ কৰা হৈছিল আৰু বাকী মাটিত ফুলি থকা কপাহ গছবোৰো শুকাই গৈছিল। তেওঁ ঋণ ল’বলৈও ইচ্ছুক ঋণদাতা এজন বিচাৰি নাপালে।  গতিকে এতিয়া ১৪ মহীয়া কন্যা- জয়শ্ৰীৰ মুখলৈ চায়েই ভীম ৰাও আৰু তেওঁৰ পত্নী উজালাই প্ৰতিদিনে ২০০ টকাৰ বিনিময়ত খেতিপথাৰত কীটনাশক ছটিওৱা কাম কৰি আছে।

অৱশ্যে সকাহৰ পথ কিছুমান থাকিব পাৰে। যদি ৰাজ্যখনে বানপানীক প্ৰাকৃতিক দুৰ্যোগ হিচাপে শ্ৰেণীবদ্ধ কৰে, কৃষকসকলে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ অধীনত ক্ষতিপূৰণ প্ৰাপ্ত কৰিব পাৰে। স্থায়ী ফচলৰ ক্ষতিৰ বাবে প্ৰতি একৰত ২৭২০ টকা আৰু আৱৰ্জনাবোৰ আঁতৰোৱাৰ বাবে ৪৮৮০ টকা। "বিষয়াসকলে আমাৰ খেতি পৰিদৰ্শন কৰিছিল। তেওঁলোকে আমাক আশ্বাস দিছিল যে আমি ক্ষতিপূৰণ পাম," সংগীতাই কয়। সংগীতা আৰু আদিলাবাদৰ আন আন কৃষকসকল বৰ্তমান অপেক্ষাৰত আৰু আশাতবন্দী।

অনুবাদ: ৰিমঝিম বৰঠাকুৰ

Harinath Rao Nagulavancha

Harinath Rao Nagulavancha is a citrus farmer and an independent journalist based in Nalgonda, Telangana.

Other stories by Harinath Rao Nagulavancha
Editor : Sharmila Joshi

Sharmila Joshi is former Executive Editor, People's Archive of Rural India, and a writer and occasional teacher.

Other stories by Sharmila Joshi
Translator : Rimjhim Borthakur

Rimjhim Borthakur is a freelance writer, blogger and translator. She can be reached at [email protected]

Other stories by Rimjhim Borthakur