"কৰ'নাৰ বাবে মই এতিয়ালৈকে দুৰ্গা দেৱীৰ প্ৰতিমাৰ বাবে কোনো অৰ্ডাৰ পোৱা নাই। কিন্তু মই নিজে কেইটামান বনাইছো। মই আশা কৰোঁ তেওঁলোকে সেইবোৰ বিক্ৰী কৰিব," উত্তৰ কলিকতাৰ কুমাৰ আৰু খনিকৰসকলৰ ঐতিহাসিক কলনি কুমাৰতুলিৰ কৃষ্ণ ষ্টুডিঅ'ৰ তাপস পালে কয়। তেওঁ লগতে কয়, "আঠ বছৰতকৈ বেছি দিন হ'ল আপুনি মোক  চিনি পোৱা। "আপুনি কেতিয়াবা জুনৰ মাজভাগত মূৰ্তি নথকাকৈ মোৰ ষ্টুডিঅ'টো দেখিছে জানো?"

সেই সময়লৈকে, কুমাৰতুলিৰ প্ৰায় ৪৫০ টা ষ্টুডিঅ' (স্থানীয় শিল্পীৰ সংগঠনৰ সৈতে পঞ্জীভুক্ত) বাঁহ আৰু খেৰৰ ফ্ৰেমেৰে ভৰি থাকিব লাগিছিল। সেইবোৰৰ ওপৰত মাটি লেপি মূৰ্তিৰ ৰূপ দিয়া হৈছিল। অক্টোবৰত দুৰ্গা পূজা আৰম্ভ হোৱাৰ ঠিক কেইসপ্তাহমান আগতে মূৰ্তিবোৰ ৰং আৰু অলংকাৰেৰে সজ্জিত কৰা হয়। ( কুমাৰতুলিত এপাক চাব পাৰে)

এই প্ৰস্তুতিবোৰ প্ৰতি বছৰে মাৰ্চ/এপ্ৰিলৰ ভিতৰত আৰম্ভ হয়। কিন্তু ক'ভিড-১৯ মহামাৰীয়ে এই বছৰ কুমাৰতুলি স্থবিৰ কৰি ৰাখিছে। "এইটো আমাৰ বাবে এক ভয়ংকৰ বছৰ। এপ্ৰিলৰ পৰা আমাৰ লোকচানবোৰ বাঢ়িবলৈ ধৰিছিল। প্ৰথমতে, বঙালী নৱবৰ্ষৰ সময়ত দেৱী অন্নপূৰ্ণাৰ দৰে ঘৰে ঘৰে পূজা-পাতাল কৰা দেৱ-দেৱীৰ মূৰ্তিবোৰ বিক্ৰী নোহোৱাকৈ ৰৈ গৈছিল [পহিলা বহাগ, এই বছৰৰ ১৫ এপ্ৰিলত]। গোটেই কলনিটোৱে প্ৰায় ১০০ টা মূৰ্তি তৈয়াৰ কৰিছিল। তাৰ ভিতৰত মাত্ৰ ৮-১০ টা মানহে বিক্ৰী হৈছিল। মূৰ্তিৰ নামত খটোৱা ধনৰ সকলোবোৰ শেষ হৈ গৈছিল। এতিয়া মই এতিয়ালৈকে দুৰ্গা মূৰ্তিৰ বাবে কোনো অৰ্ডাৰ পোৱা নাই," ২০ বছৰ ধৰি মূৰ্তি নিৰ্মাণ কৰি থকা মৃত্যুঞ্জয় মিত্ৰই কয়।

তেওঁৰ দৰে, কুমাৰসকলে ১৮ শতিকাৰ পৰা কুমাৰতুলিত দেৱী দুৰ্গাৰ মাটিৰ মূৰ্তি তৈয়াৰ কৰি আহিছে। কলিকতাৰ ধনী জমিদাৰ আৰু ব্যৱসায়ীসকলে তেওঁলোকৰ ঘৰত বাৰ্ষিক দুৰ্গা পূজা উদযাপনৰ বাবে তেওঁলোকক তেতিয়াৰ পৰাই কমিছন দিয়া আৰম্ভ কৰিছিল। বেছিভাগ শিল্পীয়েই মূলতঃ নাদিয়া জিলাৰ কৃষ্ণনগৰ চহৰৰ আছিল। তেওঁলোকে তাৰ পৰা উঠি আহি উত্তৰ কলিকতাৰ হুগলী নদীৰ পাৰত থকা কুমাৰতুলিত বসতি স্থাপন কৰে। তেতিয়াৰ পৰাই চহৰখনত তেওঁলোকৰ শিল্পকলাৰ চাহিদা বৃদ্ধি পাবলৈ আৰম্ভ কৰে।

মই ১৮ জুনত এই যুগান্তকাৰী কুমাৰৰ কোৱাৰ্টাৰত উপস্থিত হৈছিলো। সেই সময়ত ঘূৰ্ণীবতাহ আমফানে চহৰখন তচনচ কৰি থৈ গৈছিল। মই কোৱাৰ্টাৰত উপস্থিত হোৱাৰ সময়ত কলিকতা পৌৰ নিগমে ২০ মে'ত ধুমুহাত উভালি পৰা গছ এডাল কাটি ৰাস্তা মোকলাই কৰি আছিল। ব্যস্ততাৰে ভৰা অঞ্চলটোত নীৰৱতাই বিৰাজ কৰিছিল। লগতে বেছিভাগ শিল্পীৰ ষ্টুডিঅ'ও বন্ধ আছিল। খোলা ৰখা কেইজনেও মূৰ্তিৰ কামত হাত দিয়া নাছিল। দেৱ-দেৱীসকলৰ ভঙা আৰু অসম্পূৰ্ণ মূৰ্তিবোৰ ৰাস্তাত পৰি আলাই-আথানি হৈ পৰি আছিল। এইটো দৃশ্য যোৱা বছৰৰ জুনমাহৰ দিনবিলাকৰ সম্পূৰ্ণ বিপৰীত আছিল। মূৰ্তিবোৰৰ বাবে অলংকাৰ বিক্ৰী কৰা দোকানবোৰ খোলা আছিল, কিন্তু গ্ৰাহক আছিল শূন্য।

কুমাৰতুলিত লগ পোৱা শিল্পীসকলে মোক কৈছিল যে তেওঁলোকৰ সামূহিক ব্যৱসায়ৰ মূল্য ২০১৯ চনত ৪০ কোটি টকা আছিল। ইয়াৰ এটা বৃহৎ অংশ দুৰ্গা মূৰ্তি বিক্ৰী কৰাৰ পৰা আহিছিল। তেওঁলোকে আন দেৱতাসকলৰ মূৰ্তিও নিৰ্মাণ কৰে। কেতিয়াবা চলচ্চিত্ৰৰ বাবে প্ৰয়োজন হোৱা মূৰ্তি গঢ় দিয়াৰ বাবেও তেওঁলোকক কমিছন দিয়া হয়। তেওঁলোকৰ কিছুমানে মাটিৰ পাত্ৰ আৰু বাচন-বৰ্তনো তৈয়াৰ কৰে। তেওঁলোকে এই বছৰ বিক্ৰী বৃদ্ধিৰ আশা কৰিছিল। কিন্তু সেই আশা আছিল কেৱল ক’ভিড-১৯ মহামাৰীৰ আগৰ সময়চোৱাৰ।

PHOTO • Ritayan Mukherjee

কুমাৰতুলিৰ ৰাস্তাত দেৱী দুৰ্গাৰ লগতে অন্যান্য দেৱ-দেৱীৰ আধা-সম্পূৰ্ণ মাটিৰ মূৰ্তিবোৰ পৰি আছে। কুমাৰসকলে কয় যে এই বছৰহে এনে হৈছে সাধাৰণতে ব্যৱসায়ত এনেকুৱা নহয়

বিড়ি এটা হুপি হুপি মৃত্যুঞ্জয়ে মোক কৈছিল যে তেওঁলোকৰ বহুতে এই বছৰৰ ২৩ জুনত জগন্নাথ ৰথ যাত্ৰাৰ দিনা অৰ্ডাৰ লাভ কৰিব বুলি আশা কৰিছিল। এই দিনটোত দেৱী দুৰ্গাৰ মূৰ্তিবোৰৰ কাম আৰম্ভ কৰাৰ বাবে শুভ দিন বুলি গণ্য কৰা হয়। "কিন্তু মোৰ সন্দেহ আছে," তেওঁ কৈছিল। "আনকি বেংকবোৰেও এতিয়া আমাৰ ব্যৱসায় লাভজনক বুলি ভাবিবলৈ এৰি দিছে। কোনেও আমাক [হ্ৰস্বম্যাদী] ঋণ দিয়া নাই। আমি আমাৰ পকেটৰ পৰা প্ৰায় ৭ লাখ টকা [প্ৰতি বছৰে] বিনিয়োগ কৰিব লাগিব, যি আঠ মাহৰ বাবে [মাৰ্চ-অক্টোবৰ] বন্ধ হৈ আছে। ইফালে, আমাৰ উপাৰ্জন আৰম্ভ হ'বলৈ প্ৰায় চাৰি মাহ আছে। গোটেই বছৰটো সেই উপাৰ্জনৰ ওপৰত জীয়াই থাকিব লাগিব। এই বছৰ কেনেকৈ সম্ভৱ হ'ব?"

কুমাৰসকলে তৈয়াৰ কৰা দুৰ্গা মূৰ্তিবোৰৰ আকাৰ আৰু মূল্য বেলেগ বেলেগ হয়। এটা পৰিয়ালে সাধাৰণ ৬ ফুট ওখ মূৰ্তি এটা প্ৰায় ৩০.০০০ টকাত বিক্ৰী কৰে। চহৰখনৰ চুবুৰীয়া অঞ্চলত সামূহিক পূজাৰ বাবে ওখ আৰু অধিক বিস্তৃতভাৱে সজ্জিত মূৰ্তিবোৰ পেণ্ডেলে কমিছন কৰে। গড় হিচাপত প্ৰায় ১০ ফুট ওখ মূৰ্তিবোৰৰ মূল্য ১ৰ পৰা ২ লাখ টকাৰ ভিতৰত।

কাৰ্তিক পাল নামৰ এজন প্ৰবীণ মূৰ্তি নিৰ্মাতাই ৰথ যাত্ৰাৰ বাবে কেইটামান অৰ্ডাৰ লাভ কৰিছিল। "সেইবোৰ ঘৰুৱা পূজাৰ বাবে। কিন্তু ডাঙৰ পূজাবোৰৰ [পেণ্ডেলবোৰ] পৰা বৰ্তমান একো অহা নাই," তেওঁ কৈছিল। "মই আশা কৰো যে এতিয়াৰ পৰা পৰিস্থিতি সলনি হ'ব। তথাপিও নিশ্চিতভাৱে আগৰ বছৰবোৰৰ দৰে নহ'ব।"

পালে ঠিক কথাই ক'ব পাৰে। প্ৰতি বছৰে কুমাৰতুলিত এটা ডাঙৰ পেণ্ডেল আয়োজন কৰা সমিতিখনৰ মুৰব্বী নিমাই চন্দ্ৰ পালৰ মতে এই বছৰ কুমাৰসকল লোকচানৰ সন্মুখীন হ'ব। "আমাৰ বাজেট আছিল ৩০-৪০ লাখ টকা। পুঁজিবোৰ বেছিভাগ কৰ্পোৰেট পৃষ্ঠপোষকৰ পৰা আহিছিল। তেওঁলোকৰ কোনেও এই বছৰ আগ্ৰহ প্ৰকাশ কৰা নাই। আমি এজন শিল্পীলৈ কিছু টকা আগবঢ়াইছিলো, কিন্তু তাৰপিছত অৰ্ডাৰটো নাকচ কৰিবলগা হয়," তেওঁ কয়। পালৰ সমিতিয়ে এই বছৰ বহুত কম বাজেটেৰে পূজা উদযাপন কৰাৰ সিদ্ধান্ত লৈছে। "মই নিশ্চিত যে আন ডাঙৰ বাজেট-সমিতিয়েও সেইটোৱে কৰিব।"

অৰ্ডাৰৰ অভাৱৰ উপৰিও শিল্পীসকলৰ আন কিছুমান সমস্যা আছে। "দৈনিক উপাৰ্জনকাৰীসকলে [যিসকলে খনিকৰসকলক সহায় কৰে] কামলৈ আহিব নোৱাৰে কিয়নো ৰেল চলাচল বন্ধ হৈ আছে। তেওঁলোক দূৰণিবটীয়া ঠাইৰ পৰা আহিব লাগে। লগতে লকডাউন আৰু আমফানৰ বাবে কেঁচা মালৰ মূল্য প্ৰায় ৩০-৪০ শতাংশ বৃদ্ধি পাইছে। এনেকৈ লোকচান কেনেকৈ কমাব পাৰিম?" কাৰ্তিকে আচৰিত হৈ ক'লে। তেওঁৰ কাষত বহি থকা মিণ্টু পালে কৈছিল যে তেওঁলোক কৃতজ্ঞ যে পূজা সমিতিয়ে কুমাৰতুলি শিল্পীসকলক ক’ভিড-১৯ লকডাউনৰ সময়ত আৰু আমফানৰ পিছত ৰেচন সহিতে অলপ হ'লেও সহায় কৰিছিল।

"দেৱতাসকলৰ ওপৰত আপুনি দেখা সুন্দৰ অলংকাৰবোৰ নাদিয়া আৰু হুগলী জিলাৰ গাঁৱত তৈয়াৰ কৰা হয়," মহিন পালে কয়। "তেওঁলোকৰ নিৰ্মাতাসকলও নিবনুৱা। প্ৰায় ৬০-৭০ টা পৰিয়াল মূৰ্তিৰ বাবে কৃত্ৰিম চুলি নিৰ্মাণত জড়িত। তেওঁলোকো ক্ষতিগ্ৰস্ত হৈছে। মাটিৰ বাবে বোকা দক্ষিণ ২৪ পাৰগনা, উত্তৰ ২৪ পাৰগনা আৰু মালদাহ জিলাৰ পৰা আহৰণ কৰা হয়। ই নাৱেৰে আহে। যিসকল মজুৰি-শ্ৰমিকে ইয়াক পৰিবহন কৰে তেওঁলোকৰ এতিয়া কোনো উপাৰ্জন নাই।"

PHOTO • Ritayan Mukherjee

খনিকৰ এজনে দুৰ্গা মূৰ্তি এটাৰ বাঁহ আৰু খেৰৰ ফ্ৰেমত মাটি লেপি আছে মূৰ্তি নিৰ্মাণ হৈছে এক কষ্টকৰ প্ৰক্ৰিয়া যাৰ বাবে দক্ষতা আৰু সময়ৰ প্ৰয়োজন কুমাৰতুলিৰ শিল্পীসকলে যোৱা বছৰ ৪০ কোটি টকাৰ ব্যৱসায় কৰিছিল


PHOTO • Ritayan Mukherjee

সম্পূৰ্ণ হোৱা মাটিৰ মূৰ্তিবোৰ প্লাষ্টিকৰে ঢাকি ৰখা হয় দীঘলীয়া বাৰিষা মাহবোৰত মূৰ্তিবোৰ ষ্টুডিঅ ' সংৰক্ষণ কৰা হয় শৰৎকালত দুৰ্গা পূজা উদযাপন আৰম্ভ নোহোৱালৈকে কুমাৰসকলৰ বাবে মূৰ্তিবোৰ সুৰক্ষিত কৰি ৰখাটো তেওঁলোকৰ বাবে এটা ডাঙৰ প্ৰত্যাহ্বান


PHOTO • Ritayan Mukherjee

কুমাৰতুলিৰ কুমাৰৰ গুদাম ঘৰৰ বাহিৰত অসম্পূৰ্ণ মূৰ্তিবোৰ জমা কৰি থোৱা আছে মাৰ্চৰ শেষত কোভিড - ১৯ লকডাউন আৰম্ভ হোৱাৰ পিছৰে পৰা শিল্পীসকলৰ মূৰ্তিবোৰৰ চাহিদা নোহোৱা '


PHOTO • Ritayan Mukherjee

কুমাৰতুলিৰ মিণ্টু পালৰ ষ্টুডিঅ ' প্লাষ্টাৰ অফ পেৰিছৰে নিৰ্মিত মূৰ্তিবোৰৰ কাৰণেও প্ৰসিদ্ধ চলচ্চিত্ৰ ছেটৰ পৰাও অৰ্ডাৰ লাভ কৰে কিন্তু লকডাউনৰ সময়ত চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণ স্থগিত ৰখাৰ ফলত তেওঁলোকৰ ব্যৱসায় গুৰুতৰভাৱে ক্ষতি হয়


PHOTO • Ritayan Mukherjee

কুমাৰতুলিৰ মূৰ্তি নিৰ্মাণৰ কামত সহায় আগবঢ়োৱা হোৱা বিহাৰ , ছত্তীশগড় আৰু ঝাৰখণ্ডৰ দৈনিক মজদুৰসকলৰ অৱদান অপৰিহাৰ্য তেওঁলোকে বোকা আৰু মূৰ্তিবোৰ অনা - নিয়া কৰে কঠোৰ শাৰীৰিক শ্ৰমৰ প্ৰয়োজন হোৱা কামবোৰ সম্পাদন কৰে লকডাউনৰ সময়ত তেওঁলোকৰ বহুতে ঘৰলৈ উভতি গৈছিল তেওঁলোক ঘূৰি নাহে বুলি কুমাৰসকল চিন্তাত পৰিছিল


PHOTO • Ritayan Mukherjee

গ্ৰাম্য বংগৰ হস্তশিল্প শিল্পীসকলে চহৰখনত বিক্ৰী কৰিবলৈ দুৰ্গা পূজাৰ বাবে তৈয়াৰ কৰা সামগ্ৰী আনিছে যদি মূৰ্তিৰ চাহিদা কম হয় লগতে যদি পূজা সমিতিয়ে ন্যূনতম উদযাপনৰ সিদ্ধান্ত লয় তেন্তে এই বছৰ তেওঁলোকৰো কম উপাৰ্জনৰ আশংকা কৰা হৈছে


PHOTO • Ritayan Mukherjee

আনহাতে কুমাৰতুলিৰ ব্যস্ত গলিবোৰ এই বছৰ একেবাৰে নিস্তব্ধ হৈ আছে আধা নিৰ্মিত মূৰ্তি আৰু মূৰ্তিবোৰ তেনেকৈয়ে জমা হৈ আছে বিক্ৰীৰ কোনো আশা নাই তথাপিও বয়সস্থ বেলুন বিক্ৰেতাকেইজনৰ দৰে বিক্ৰেতা কেইজনমানে এতিয়া গ্ৰাহক পোৱাৰ আশাত ঘূৰি ফুৰে


PHOTO • Ritayan Mukherjee

কুমাৰতুলিৰ সকলো ঠাইতে ভিড - ১৯ৰ প্ৰভাৱ দেখা পোৱা গৈছে ৰাস্তাত বিক্ৰী নোহোৱা মূৰ্তি আৰু ভঙা মূৰ্তিবোৰৰ এনে দৃশ্য আন সময়ত নেদেখিলেহেঁতেন


PHOTO • Ritayan Mukherjee

এজন শিল্পীয়ে দেৱী দুৰ্গাৰ ছবি এখন কঢ়িয়াই লৈ গৈছে মূৰ্তিটোৰ পিছফালে এক অংকিত পৃষ্ঠভূমি সৰল আৰু সূক্ষ্ম , যাতে মূৰ্তিটো ছায়াচ্ছন্ন নহয় সময়ৰ লগে লগে নতুন থীম - আধাৰিত পেণ্ডেল ডিজাইনে চলচিত্ৰৰ চাহিদাক ক্ষতিগ্ৰস্ত কৰিছে


PHOTO • Ritayan Mukherjee

কুমাৰতুলিৰ এক অগ্ৰণী ষ্টুডিঅ ' জি পল এণ্ড চনচৰ ব্যৱসায় মন্দা ডাঙৰ ডাঙৰ মাৰ্বলৰ মূৰ্তি আৰু দেৱ - দেৱী আৰু চেলিব্ৰেটীৰ মূৰ্তি নিৰ্মাণৰ বাবে বিখ্যাত , ষ্টুডিঅ ' সৃষ্টিবোৰ ভাৰতৰ বিভিন্ন ঠাইত বিক্ৰী কৰা হৈছিল লগতে আন দেশলৈও ৰপ্তানি কৰা হৈছিল কিন্তু মহামাৰীৰ সময়ত পৰিবহনৰ সীমাবদ্ধতাই এই বিক্ৰীবোৰ বাৰুকৈয়ে প্ৰভাৱিত কৰিছে


PHOTO • Ritayan Mukherjee

কুমাৰতুলিৰ ঠেক ৰাস্তাবোৰ সাধাৰণতে জুন মাহত জগন্নাথ ৰথ যাত্ৰাত উদুলি - মুদুলি হৈ পৰা এই গলিবোৰ এই বছৰৰ সেই দিনটোত নিৰ্জনতাত ডুব গৈছিল


অনুবাদ: ৰিমঝিম বৰঠাকুৰ

Ritayan Mukherjee

Ritayan Mukherjee is a Kolkata-based photographer and a PARI Senior Fellow. He is working on a long-term project that documents the lives of pastoral and nomadic communities in India.

Other stories by Ritayan Mukherjee
Translator : Rimjhim Borthakur

Rimjhim Borthakur is a freelance writer, blogger and translator. She can be reached at [email protected]

Other stories by Rimjhim Borthakur