ভিডিঅ'টো চাওক: আলুৰ প্ৰশস্তি গীত

আমি মাত্ৰ সুধিছিলোঁহে, শ্ৰেণীকোঠাৰ সকলো ল’ৰা-ছোৱালীয়ে টপৰাই উত্তৰ দিলে “ইংৰাজী”। ভাৰতীয় শ্ৰেণীকোঠা এটাত উত্থাপন কৰিবলগীয়া সিমানো স্মাৰ্ট প্ৰশ্ন নহয়। যদি প্ৰথম দুজন ছাত্ৰই “ইংৰাজী” বুলি কয়, তেন্তে বাকী সকলোৱে একেটা উত্তৰেই দিব। যদি আপুনি লক্ষ্য কৰে দেখিব যে যদি প্ৰথমে যি দুজন দুৰ্ভগীয়াৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ পাল পৰিব, কোনো শাস্তি নোপোৱাকৈ যদি উত্তৰ দিব পাৰিছে, সেইটোকে ভৰসা কৰি আনবোৰ আগবাঢ়িব।

কিন্তু এই ঘটনাটো আমি আন এক দৃষ্টিৰে চোৱাৰ প্ৰয়োজন আছে। এইখন আন কোনো বিদ্যালয়ৰ দৰে নহৈ, কেৰালাৰ আটাইতকৈ ভিতৰুৱা আৰু একমাত্ৰ জনজাতীয় পঞ্চায়ত এডামালাকুড়িৰ এডালিপ্পাৰাস্থিত এখন স্কুল। এজনেই শিক্ষক থকা স্কুলখনৰ নাম সংহত জনজাতি উন্নয়ন প্ৰকল্প বিদ্যালয়। আৰু স্কুলৰ চাৰিবেৰ পাৰ হোৱাৰ পিছত আপুনি সততে ক’তো ইংৰাজী কোৱা শুনা নাপাব। সেই ভাষাত কোনো ব’ৰ্ড, পোষ্টাৰ বা আনকি স্বাক্ষৰ এটাও বিচাৰি পোৱাটো কঠিন৷ তথাপিও ল’ৰা-ছোৱালীবোৰে তেওঁলোকৰ প্ৰিয় বিষয় ইংৰাজী বুলিয়েই ক’লে। আন বহু বিদ্যালয়ৰ দৰে ইডুক্কি জিলাৰ এইখন বিদ্যালয়ৰো প্ৰথম মানৰ পৰা চতুৰ্থমানলৈ পাঠদানৰ একেটাই কোঠা। অতি কম দৰমহা পোৱা, অতিমাত্ৰা অতিৰিক্ত কাম কৰা, অসম্ভৱ পৰিস্থিতিৰ সৈতে যুঁজি থকা, এগৰাকী প্ৰশংসনীয়, ছাত্ৰ-ছাত্ৰীৰ নামত জীৱন উৎসৰ্গিত শিক্ষয়িত্ৰীৰ তত্বাৱধানত এই স্কুলখন চলিছে।

সেইসকলৰ মাজত এজন ব্যতিক্ৰমীও আছিল। এজন সাহসী ল’ৰা যিয়ে থিয় হৈ “অংক” বুলি কৈছিল। তেওঁৰ কথা শুনি আমি তেওঁক কেইটামান অংক কৰি দেখুৱাবলৈ কৈছিলো। তেওঁ ১ৰ পৰা ১২ লৈ নেওতা মাতি শুনোৱাত লাগিল, গৰ্বতে তেওঁৰ বুকুখনো ফুলি উঠিল। তেওঁ পুনৰ্বাৰ আৰম্ভ কৰিবলৈ লৈছিলহে, ভাগ্যে আমি ৰখালো।

The singing quintet – also clearly the ‘intellectual elite’ of classes 1-4
PHOTO • P. Sainath

গীত গোৱা পাঁচ বন্ধু - স্পষ্টভাৱে শ্ৰেণীৰ আটাইতকৈ চোকাকেইগৰাকী

আমি শিক্ষকৰ ওচৰৰ পৃথক বেঞ্চখনৰ ফালে মূৰ ঘূৰালোঁ, য’ত দেখা পালোঁ পাঁচজনী সৰু ছোৱালী। স্পষ্টভাৱে এই কেইগৰাকী হৈছে ক্লাছৰ চোকা ছোৱালী। তেওঁলোকৰ বিশেষ বহাৰ ব্যৱস্থাটোৱেও সেয়াই ইংগিত দিয়ে। আটাইতকৈ ডাঙৰজনীৰ বয়স হয়তো ১১ বছৰমান। বাকীবোৰৰ বয়স ন বছৰ বা তাতোকৈ কম আছিল। ল’ৰাজনে অংক মুখস্থ কৰি থৈছিল, সেয়া আমি বুজি পালো। এতিয়া ইংৰাজী তেওঁলোকৰ প্ৰিয় বিষয় বুলি দাবী কৰাসকলৰ পাল পৰিল। তেন্তে, ছোৱালীবোৰৰ কিছুমান ইংৰাজী শুনো আহক।

তেওঁলোক অলপ লাজকুৰীয়া আছিল। হয়তো তেওঁলোকে একেলগে আঠজন অচিনাকি চেহেৰাৰ ব্যক্তিক শ্ৰেণীকোঠাত কেতিয়াও একেলগে দেখা নাছিল। তেতিয়া শিক্ষয়িত্ৰী এছ. বিজয়লক্ষ্মীয়ে কয়: ছোৱালীবোৰক এটা গান গাবলৈ দিয়ক। আমি সকলোৱে জানো যে আদিবাসীসকলে গান গাব পাৰে। আৰু এই মুতৱন ছোৱালীৰ আটাইকেইজনীয়ে ধুনীয়াকৈ গানটো গাইছিল। ক’তো আউল নলগাকৈ, সুৰৰ বাহিৰত কোনো নোযোৱাকৈ। তথাপিও তেওঁলোকৰ লাজটো আঁতৰা নাছিল। অকণমানি বৈদেহীয়ে তাইৰ মূৰটো ওপৰলৈ নুঠালেই, দৰ্শকলৈ চোৱাৰ সলনি তাই চকু কেৱল তাইৰ টেবুলখনতে নিবদ্ধ থাকিল। কিন্তু তেওঁলোকে বৰ ভাল গাইছিল। অৱশ্যে গীতৰ কথাবোৰ গতানুগতিক নাছিল।

সেয়া আছিল আলুক কেন্দ্ৰ কৰি এটা গীত।

তেওঁলোকে ইডুক্কি পাহাৰৰ ক’ৰবাত কাঠআলুৰ খেতি কৰে। কিন্তু এদালিপ্পাৰাৰ পৰা এশ কিলোমিটাৰৰ ভিতৰত ক’তো আলু খেতি হোৱাটো মই নিশ্চিত নহয়৷

যিয়েই নহওক – আৰু আপুনি নিজেই গীতটো কেনেকুৱা হৈছিল শুনিব পাৰে:

আলু, আলু
অ, মোৰ মৰমৰ আলু
মই আলু ভালপাও
তুমি আলু ভালপোৱা
আমি আলু ভালপাও
আলু, আলু, আলু

ইমান ধুনীয়াকৈ গোৱা হৈছিল, আমি আচৰিতেই হৈছিলো যে তেওঁলোকে খোৱা এটা আলুক লৈ ইমান ধুনীয়াকৈ গান এটা সজাই তুলিছিল (আমি হয়তো ভুল আছিলোঁ। মুন্নাৰৰ ওচৰৰ দুখনমান গাঁৱত এতিয়া আলু খেতি আৰম্ভ কৰা বুলি কোৱা হয়। প্ৰায় ৫০ কিলোমিটাৰ দূৰত হ’ব)। কিন্তু গীতৰ কথাখিনি আমাৰ লগত থাকি গ’ল। কেইসপ্তাহমানৰ পাছতো আমাৰ বেছিভাগেই গীতটো ভুলে-শুদ্ধই গুণগুণাই থাকিলো। আমি আলু ভালপোৱাৰ বাবে নহয় – আচল কাৰণটো হৈছে এটা সাধাৰণ বিষয় লৈ তেওঁলোকে কোৱা গীতৰ কথায়ে আমাক মন্ত্ৰমুগ্ধ কৰি পেলাইছিল। তাকো একেবাৰে মনোমোহা অভিনয়ৰ সৈতে।

S. Vijaylaxmi – teacher extraordinary
PHOTO • P. Sainath
The students and teacher Vijaylaxmi just outside their single-classroom school
PHOTO • P. Sainath

বাওঁফালে: এছ. বিজয়লক্ষ্মী – অসাধাৰণ শিক্ষক। সোঁফালে: শিক্ষাৰ্থী আৰু শিক্ষকসকল তেওঁলোকৰ একক শ্ৰেণীকোঠাৰ বিদ্যালয়ৰ ঠিক বাহিৰত

শ্ৰেণীকোঠালৈ আহিছোঁ। বহুত প্ৰশংসা আৰু উৎসাহ যোগোৱাৰ পিছত আমি ছোৱালীবোৰক গীতটোৰ ভিডিঅ’ ৰেকৰ্ডিঙৰ বাবে সৈমান কৰালো। তাৰপিছত ল’ৰবোৰৰ প্ৰতি আমাৰ চকু গ’ল। অৱশ্যে সিহঁতক ছোৱালীবোৰে একেবাৰে হৰুৱাই পেলাইছিল, আমি ইছাৰা কৰিও বুজালো। কিন্তু গীতৰ ক্ষেত্ৰত ল’ৰাবোৰ ছোৱালীবোৰৰ সৈতে কোনোফালৰ পৰাই ফেৰ মাৰিব নোৱাৰিলে। ল’ৰাবোৰে গানতকৈ আবৃত্তি বেছি কৰিছিল। অৱশ্যে তেওঁলোকৰ গীতৰ সুৰ আৰু কথা একেবাৰে অদ্ভুত আছিল।

এইটো আছিল ‘এজন চিকিৎসকৰ ওচৰত প্ৰাৰ্থনা’। এনেকৈ কেৱল ভাৰততহে লিখা হ’ব পাৰে - আবৃত্তি বা গাব পৰা ধৰণৰ গীত। মই আপোনাক সকলো শব্দ কৈ সময় নষ্ট কৰিবলৈ বিচৰা নাই – বা তেওঁলোকৰ ডাক্তৰৰ ভিডিঅ’টো এই পোষ্টটোত দিয়াও নাই। সেইটো অত্যন্ত ভাল কথা৷ আৰু এইটো প্ৰিয় পঞ্চকন্যাৰ বাবে: অংশিলা দেৱী, উমা দেৱী, কল্পনা, বৈদেহী আৰু জেচমিন। অৱশ্যে, মই প্ৰকাশ কৰিব পাৰোঁ যে এজন চিকিৎসকৰ ওচৰত প্ৰাৰ্থনাত কেৱল "মোৰ পেট বিষাইছে চিকিৎসক" আদি ধ্ৰুপদী ভাৰতীয় গীতৰ শাৰীৰ দৰে আছিল। মোক এটা অস্ত্ৰোপচাৰৰ প্ৰয়োজন, চিকিৎসক। অস্ত্ৰোপচাৰ, অস্ত্ৰোপচাৰ, অস্ত্ৰোপচাৰ।"

কিন্তু সেইটো আন এটা গান। আৰু সেই ভিডিঅ'টোৱে আন এটা দিনৰ বাবে অপেক্ষা কৰিব লাগিব।

এতিয়াৰ বাবে, আপোনাৰ আলু গীতটি শুনক।

এই লেখাটো ২০১৪ৰ ২৬ জুনত P.Sainath.org -ত প্ৰকাশিত হৈছিল।

অনুবাদ: ৰিমঝিম বৰঠাকুৰ

P. Sainath is Founder Editor, People's Archive of Rural India. He has been a rural reporter for decades and is the author of 'Everybody Loves a Good Drought' and 'The Last Heroes: Foot Soldiers of Indian Freedom'.

Other stories by P. Sainath
Translator : Rimjhim Borthakur

Rimjhim Borthakur is a freelance writer, blogger and translator. She can be reached at [email protected]

Other stories by Rimjhim Borthakur