শুধৰণি বোলা বস্তু তানুবাই গোৱিলকাৰৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। হাতেৰে অতি কষ্টেৰে কৰা কামটোত শুধৰণি কৰাৰ এটাই ৰাস্তা আছে, সেয়া হৈছে গোটেই প্ৰক্ৰিয়াটো আকৌ এবাৰ কৰা। তাৰমানে ৯৭,৮০০ টা চিলাই খোলা।

“এটা ভুলো আপুনি ৱাকাল (কঁথা)ত শুধৰাব নোৱাৰে,‘ কঁথা বোৱা কামটো কিমান সুক্ষ্ম মনযোগেৰে কৰিব লাগে তাৰেই কথা ৭৪ বছৰ বয়সীয়া এই বৃদ্ধাগৰাকীয়ে কৈছে। কঁথাৰ কামত কোনো মহিলাই আজিলৈকে চিলাই খুলিবলগীয়া হোৱাৰ কথাও অৱশ্যে তেওঁ শুনা মনত নপৰে। “এবাৰ এই কৌশল শিকিলে আপুনি আৰু ভুল নকৰে,” তেওঁ মিচিকিয়াই হাঁহি কয়।

তেওঁ নিজে স্বইচ্ছাই এই কষ্টসাধ্য কলা আদৰি লোৱা নাছিল। কিন্তু পেট প্ৰৱৰ্তোৱাৰ কাৰণে তেওঁ বেজী-সূতা হাতত ল’বলগীয়া হৈছিল। “দাৰিদ্ৰ্যই মোক এই কাম শিকালে,” ১৯৬০ত যেতিয়া তেওঁ ১৫ বছৰীয়া কইনা আছিল, তেতিয়াৰ কথা মনত পেলাই তেওঁ কয়।

“স্কুললৈ যোৱাৰ দিনবোৰত মোৰ হাতত কিতাপ-কলমৰ সলনি বেজী আৰু কাচিহে আছিল। স্কুললৈ যোৱা হ’লে আপুনি ভাবে নেকি মই এই কামবিধ শিকিব পাৰিলোহেঁতেন?” মৰমতে মানুহে আজী (আইতা) বুলি মতা তানুবাইয়ে কয়।

PHOTO • Sanket Jain

মৰমতে মানুহে আজী (আইতা) বুলি মতা তানুবাই গোৱিলকাৰে ৱাকাল এখনৰ কাম কৰি আছে কঁথাখনৰ প্ৰতিটো সীয়নিত ক্ষীপ্ৰতাৰে কাম কৰিব লাগে

PHOTO • Sanket Jain

শাড়ী এখনৰ পটিটো চিলোৱাত সুক্ষ্মভাৱে কাম কৰিবলগীয়া হয় তানুবাইয়ে সেইবোৰ কঁথাখনৰ একেবাৰে বাহিৰৰ ফালটোত সীয়ে , তেতিয়া নিজে নিজে এটা ৰঙীন সমমিত আৰ্হি ফুটি উঠে 'সৰু এটা ভুলৰ কাৰণে ৱাকালখনৰ জীৱনকাল আৰু গুণগত মানত হেৰফেৰ হ’ব পাৰে'

স্বামী (প্ৰয়াত) ধনজী আৰু তানুবাইয়ে কৃষিশ্ৰমিক হিচাপে পেটে-ভাতে খাই থকা পৰিয়াল আছিল। নিহালি কিনি অনাটো মাৰাঠী দম্পতীহালৰ বাবে বিলাসিতাই আছিল। “সেই সময়ৰ নিহালিবোৰৰ বৰ দাম আছিল,” তেওঁ মনত পেলায়। সেয়ে “মহিলাসকলো নিজেই পুৰণি শাড়ীৰ পৰা নিজৰ বাবে নিহালি চিলাই লৈছিল।” এনেকৈ দিনটো পথাৰত গেবাৰি খটাৰ পিছত তানুবাইয়ে সন্ধিয়া সময়ত ৱাকালখন চিলোৱাত লাগিছিল।

“এই কামতকৈ খেতিপথাৰত বন নিৰোৱা কামটোৱে বেছি ভাল,” তেওঁ কয়। কিয়নো এনে এখন ৱাকাল চিলাই উলিওৱা সুক্ষ্ম কামটোত ১২০ দিন আৰু ঘণ্টা হিচাপত প্ৰায় ৬০০ ঘণ্টা লাগে। পিঠি হান মাৰি ধৰে আৰু চকুও বিষায়। তানুবায়ে কি কাৰণতনো বেজী-সূতাৰ এই কামতকৈ পথাৰত কাচি লৈ বন নিৰোৱা কামটোৱে বেছি ভাল বুলি কৈছে, বুজিবলৈ অসুবিধা নহয়।

মহাৰাষ্ট্ৰৰ ক’লহাপুৰ জিলাৰ জাম্ভালি গাঁৱৰ ৪,৯৬৩ গৰাকী বাসিন্দা (২০১১ৰ লোকপিয়ল মতে)ৰ মাজত তেঁৱেই কিয় একমাত্ৰ ৱাকাল শিল্পী, তাৰো কাৰণ ইয়াৰ পৰাই স্পষ্ট হৈ পৰে।

*****

ৱাকাল বনাবলৈ প্ৰথম কামটো হৈছে শাড়ীবোৰ সাৱধানে সজাই লোৱা, মাৰাঠী ভাষাত যাক লেৱা বুলি কয়। কিমানখন শাড়ী যোগ দিয়া হ’ব, সেয়া বোৱনীগৰাকীৰ ওপৰত নিৰ্ভৰ কৰে। হাতত কিমানখন শাড়ী আছে, তাৰে ওপৰত নিৰ্ভৰ কৰি লেৱা সজোৱা হয়। তানুুবাইয়ে নখন চুটি (কপাহী) নাইবা নাওবাৰি (ন-হাত দীঘলল) শাড়ীৰে শেহতীয়া ৱাকালখন বনাইছে।

প্ৰথমে তেওঁ শাড়ী এখন দুটা ভাগত কাটি মজিয়াত পাৰি লয়। ইয়াৰ পিছত আন দুখন শাড়ী দুভাঁজ কৰি দুটা তৰপ কৰি তাৰ ওপৰত দিয়া হয়। এনেদৰে তেওঁ আঠখন শাড়ীৰ তৰপ বনায়। তাৰপিছত ঢিলা আৰু অস্থায়ী চিলাই দি তেওঁ শাড়ীকেইখন জোৰা লগায় যাতে কঁথাখনৰ ঘাই কাপোৰভাগ ঠিকে থাকে। “ৱাকালখন চিলাই গৈ থকা সময়ত এই (অস্থায়ী) চিলাইবোৰ আঁতৰাই পেলোৱা হয়,” তেওঁ বুজাই কয়।

PHOTO • Sanket Jain
PHOTO • Sanket Jain

বাওঁফালেঃ ৱাকাল বনোৱা শাড়ীবোৰ কাটোতে আজীয়ে কেতিয়াও জোখা ফিটা ব্যৱহাৰ কৰা নাই , তেওঁ হাতেৰেই কাপোৰৰ জোখ কৰে সোঁফালেঃ শাড়ীখন তেওঁ হাতেৰে কাটিছে , তাৰপিছত তানুবাইয়ে কটা কাপোৰবোৰৰ নটা তৰপ কৰি লগ লগায় যাক লেৱা বুলি কয়

PHOTO • Sanket Jain

আজীৰ নাতিনী-বোৱাৰী অশ্বিনী বিৰাঞ্জে (বাওঁফালে) ৱাকাল বনোৱাত সহায় কৰে

তাৰপিছত আজীয়ে আৰু ভালেকেইখন শাড়ী সৰু সৰু টুকুৰা কৰে যাক থিগাল বুলি কোৱা হয়, সেইবাৰ তেওঁ এটুকুৰা এটুকুৰাকৈ শাড়ীৰ ঘাই কাপোৰভাগৰ ওপৰৰ ফালে চিলাই গৈ থাকে। এনেকৈ ৰং-বিৰঙী এটা সমমিতি থকা আৰ্হি ফুটি উঠে। “ইয়াৰ বাবে কোনো চিত্ৰ বা পৰিকল্পনাৰ প্ৰয়োজন নহয়,” তেওঁ কয়। “আপুনি থিগাল ল’ব আৰু চিলাই যাব।”

তেওঁৰ চিলাইবোৰ মূল কাপোৰভাগৰ বাহিৰৰ তৰপটোৰ পৰা আৰম্ভ হয়, চিলাইৰ জোখ ৫ মিলিমিটাৰ। প্ৰতিটো চিলাইৰ লগে লগে ৱাকালখন গধুৰ হৈ গৈ থাকে, তাক আকাৰ দিয়া হাতখনৰো বিষ উঠে। তেওঁ ৩০ টা ঊণৰ বল ব্যৱহাৰ কৰে, তাতে ১৫০ মিটাৰ (প্ৰায় ৪৯২ ফুট দীঘল) অফ-হোৱাইট কপাহী সূতা আৰু ভালেকেইটা বেজী লাগে। তেওঁ সূতাখিনি ইছালকাৰাঞ্জি চহৰৰ পৰা ঊণৰ বলত ১০ টকা দৰত কিনে। “আগতে ১০ টকাৰ সূতাৰে এখন ৱাকাল চিলোৱা হৈ গৈছিল, আজিকালি ৩০০ টকা পৰ্যন্ত খৰছ হয়,” তেওঁ অভিযোগৰ সুৰত কয়।

শেষৰ চিলাইখিনি কৰাৰ আগতে আজীয়ে মৰমতে ৱাকালখনৰ মাজভাগত (পেটত) এটুকুৰা ভাখৰি ভৰাই দিয়ে - এয়া কঁথাখনে দিয়া উমৰ বাবে গভীৰ কৃতজ্ঞতাৰ চিন। “ৱাকালখনৰো এটা পেট থাকে, বাচা,” তেওঁ কয়।

ৱাকালখন সাজু হোৱাৰ পিছত চাৰিখন তিনিকোণীয়া কাপোৰ চুককেইটাত লগোৱা হয়, এইখনে কঁথাখনৰ কাৰণে কেৱল ডিজাইনৰে কাম নকৰে, গধুৰ হৈ পৰা ৱাকালখন এই চুককেইটাতে ধৰি দাঙিবলৈ সহজ হৈ পৰে। ৯ খন শাড়ী, ২১৬ থিগাল আৰু ৯৭,৮০০ চিলাইৰে এখন ৱাকালৰ ওজন ৭ কিলোৰো অধিক হৈ পৰে।

PHOTO • Sanket Jain
PHOTO • Sanket Jain

এখন কঁথা বই উলিয়াবলৈ তানুবাইক প্ৰায় ৩০ টা ঊণৰ বল (১৫০ মিটাৰ) কপাহী বগা সূতা আৰু ভালেকেইটা বেজীৰ প্ৰয়োজন হয়

PHOTO • Sanket Jain
PHOTO • Sanket Jain

বাওঁফালেঃ কঁথাখনৰ সীমামুৰীয়া ফালবোৰত তেওঁ ভালকৈ চিলাই কৰে , সেই চিলাইকেইটাই কঁথাখন ভালকৈ ধৰি ৰাখে সোঁফালেঃ কঁথাখনে দিবলগীয়া উমৰ বিনিময়ত কৃতজ্ঞতাৰ চিন স্বৰূপে আজীয়ে এটুকুৰে ভাখৰি সোঁমাজতে দিয়ে

“এয়া চাৰিমাহৰ কাম দুমাহত শেষ হৈছে,” আজীয়ে তেওঁ শেহতীয়াকৈ বই উলিওৱা দীঘে ৬.৮ ফুট আৰু পঠালিয়ে ৬.৫ ফুটৰ কঁথাখন দেখুৱাই গৰ্বৰে কয়। ডাঙৰ ল’ৰা প্ৰভাকৰৰ পকা ঘৰটোৰ বাৰান্দাখনেই তেওঁৰ কৰ্মস্থলী। ঠাইকণ ৰজনীগন্ধা, কলিয়াচ আদি সযতনে সংগ্ৰহ কৰা ফুলবোৰেৰে সজাই ৰাখিছে। এসময়ত গৰুৰ গোবৰেৰে আজীয়ে মচি থোৱা মজিয়াখনে কিমান হাজাৰ ঘণ্টাৰ চিলাইৰ কাম যে দেখিছে, কিমান যে ৰঙীন কাপোৰৰ টুকুৰাৰে বই উলিওৱা কঁথা দেখিছে।

“এখন ৱাকাল ধুবলৈ চাৰিজন মানুহ লাগে। বৰ গধুৰ হয়,” ৱাকালবোৰ যে বছৰত তিনিবাৰমানহে ধোৱা হয়। বিজয়াদশমী, নব্যাচি পুনম (মাঘি পূৰ্ণিমা) আৰু গাঁৱৰ বাৰ্ষিক মেলাৰ দিনা ধোৱা হয়। “কিয় এই তিনিটা দিন বাচি লোৱা হয় মই নাজানো, কিন্তু এয়াই পৰম্পৰা।”

তনুবাইয়ে তেওঁৰ জীৱনকালত ৩০ খন ৱাকাল বনাইছে। এই কষ্টকৰ শিল্পকৰ্মৰ বাবে অতিকমেও ৮,০০০ ঘণ্টা খৰছ কৰিছে। তাকো এয়া তেওঁৰ অংশকালীন কামহে। জীৱনৰ ছটা দশক তেওঁ এগৰাকী পূৰ্ণকালীন কৃষিশ্ৰমিক আছিল, পথাৰত প্ৰতিদিনে ১০ ঘণ্টাৰ হাড়ভঙা শ্ৰম কৰিছিল।

“ইমানখিনি কাম কৰিও তেওঁৰ ভাগৰ নালাগে। যেতিয়াই তেওঁ আজৰি সময় পায়, তেওঁ আন এখন ৱাকাল চিলোৱা কাম আৰম্ভ কৰে,” কেতিয়াও এই কামত হাত নিদিয়া তেওঁৰ জীয়েক সিন্ধু বিৰাঞ্জে কয়। “আজিও তেওঁ এই কাম কৰা দেখিবলৈ পোৱাটো আমাৰ সৌভাগ্য,” তানুবাইৰ ডাঙৰজনী বোৱাৰী লতাই কথাৰ মাজতে যোগ দিয়ে।

PHOTO • Sanket Jain

টোপনিতো বেজীত সূতা ভৰাব পাৰে বুলি তানুবাইয়ে কয়

PHOTO • Sanket Jain
PHOTO • Sanket Jain

বাওঁফালেঃ বেজী -সূতাৰ এই জঁটলগা কামটো কৰোঁতে তেওঁৰ কান্ধ আৰু হাত বিষায় 'হাতদুখন এতিয়া ষ্টীলৰ হৈ পৰিছে, বেজী-সূতাই কষ্ট নিদিয়ে ।' সোঁফালেঃ তেওঁ কৰা চিলাইবোৰ ৫ মি.মি. দীঘল হয় কাপোৰৰ তৰপবোৰ একেলগে ধৰি ৰাখে আৰু ৱাকালখন প্ৰতিটো চিলাইৰ সৈতে গধুৰ হৈ গৈ থাকে

সিন্ধুৰ বোৱাৰী অশ্বিনী বিৰাঞ্জ (২৩)য়ে চিলাইৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰিছে আৰু ৱাকাল বনাবলৈ জানে। “কিন্তু মই মেচিনত ৱাকাল চিলাও। এই পাৰম্পৰিক কামবিধত ভালেখিনি ধৈৰ্য্য আৰু সময় লাগে,” তেওঁ কয়। কিন্তু এই কামটো যে কায়িকভাৱেও কষ্টকৰ, পিঠি আৰু চকু বিষায়, আঙুলিবোৰৰ চাল উখঙে আৰু ফুলি উঠে, এই কথা তেওঁ নক’লে।

কিন্তু তানুবাইয়ে এই কষ্টবোৰ উলাই কৰিব পৰা হৈছে। “মোৰ হাতদুখন অভ্যস্ত হৈ পৰিছে। এই হাতদুখন ষ্টীলৰ দৰে হৈ পৰিছে, বেজীয়ে মোক অসুবিধা নিদিয়ে,” তেওঁ হাঁহি কয়, কামত যতি পৰিলে তেওঁ বেজীটো খোপাত খুচি লয়। “বেজী ৰখাৰ এইটোৱে আটাইতকৈ নিৰাপদ ঠাই,” তেওঁ মিচিকি হাঁহি মাৰি কয়।

আজিৰ প্ৰজন্মই কিয় এই শিল্প শিকাত আগ্ৰহী নহয় বুলি সোধাত তেওঁ প্ৰায় উভতি ধৰি কয়, “কোনে এইদৰে শাড়ী ফলা কাম কৰিবলৈ আহিব? তাতে আকৌ সিহঁতক পইচানো কেই টকা দিবা?”

আজিৰ প্ৰজন্মই বজাৰৰ পৰা সস্তাতে বজাৰৰ পৰা মেচিনত বনোৱা নিহালি কিনে, তেওঁ বুজাই কয়। “হাতেৰে ৱাকাল কেনেকৈ বই উলিয়াব লাগে, এয়া দুৰ্ভাগ্য়ক্ৰমে তেনেই কম সংখ্যক মহিলাইহে জানে। এই কলাবিধত আগ্ৰহ থকা দুই-এজনে মেচিনতে চিলাই লয়,” তেওঁ কয়। “ৱাকাল কিয় বোৱা হয়, এই মেচিনত বনোৱাটোৱে সেই উদ্দেশ্যটোৱে সলনি কৰি পেলাইছে,” তেওঁ কয়। মহিলাসকলে পুৰণি শাড়ীৰ সলনি নতুন শাড়ীৰে ৱাকাল বনাবলৈ লৈছে, তেওঁ কথাটো আঙুলিয়াই দিয়ে।

PHOTO • Sanket Jain
PHOTO • Sanket Jain

বাওঁফালেঃ তানুবাইয়ে চিলাইৰ কৰাৰ আগেয়ে থিগালবো জোখ কৰি লয় সোঁফালেঃ জীৱনকালত তেওঁ ৩০ খন ৱাকাল বনাইছে , এই শিল্পৰ নামত তেওঁ জীৱনৰ ১৮,০০০ ঘণ্টা ব্যয় কৰিছে

হাতেৰে এই ব্যতিক্ৰমী চিলাইৰ কাম কৰি জীৱনৰ বেছিভাগ সময় কটোৱা তানুবাইয়ে এতিয়াও কাষৰে দৰ্জী নাইকৰ (নামটো মনত নাই) কথা নুশুনাৰ বাবে অনুতাপ কৰে। “তেওঁ মোক দৰ্জীৰ কাম শিকিবলৈ কৈ থাকিছিল,” তেওঁ মনত পেলাই কয়। “এই কামটো শিকা হ’লে মোৰ জীৱনটো আজি সম্পূৰ্ণ বেলেগ হ’লহেঁতেন।” এনেকুৱা নহয় যে তেওঁ এই কামটো কষ্টৰ কাম কাৰণে তেওঁ কমকৈ ভাল পায়।

আচৰিত কথা যে তানুবাইয়ে জীৱনত কেতিয়াও ৱাকাল বিক্ৰী কৰি পোৱা নাই। “মই কিয় বিক্ৰী কৰিমনো বাচা?”

*****

অৱশ্যে বছৰটোৰ কোনটো সময়ত ৱাকাল চিলোৱা হয়, সেয়া নিৰ্ধাৰিত নাছিল। কেতিয়াবা কৃষিচক্ৰৰ সৈতে মিলাই কৰা হয়, পথাৰত যেতিয়া কাম কমে, ফেব্ৰুৱাৰীৰ পৰা জুন মাহমানত মহিলাসকলে এই কাম কৰি ভাল পায়। “আমাৰ যেতিয়াই ভাল লাগে, তেতিয়াই এই কামত হাত দিওঁ,” তানুবাইয়ে কয়।

তেওঁৰ মনত পৰে, ক’লহাপুৰৰ ক’লহাপুৰৰ গাধিনগ্লাজ তালুকৰ তেওঁৰ পুৰণি গাওঁ নৌকুৰত প্ৰায় প্ৰতিঘৰ মানুহৰে ৱাকাল এখন আছিল। মহাৰাষ্ট্ৰৰ কিছুমান অঞ্চলত ১৯৬০ৰ দশকলৈকে ইয়াক গোধাৰি বুলিও জনা গৈছিল। “আগতে ৱাকাল চিলাবলৈ মহিলাসকলে চুবুৰীয়াক মাতিছিল, এদিনৰ কামৰ বাবে তিনি অনা দিছিল।” চাৰিগৰাকীয়ে যদি একেধাৰে কাম কৰে, তেতিয়া এখন কঁথা সম্পূৰ্ণ কৰিবলৈ দুমাহ লাগে।

PHOTO • Sanket Jain

শেষৰ চিলাইকেইটা কৰোঁতে বৰ কষ্ট হয় , কিয়নো তেতিয়ালৈ কঁথাখন বহুত গধুৰ হৈ পৰে

তেতিয়া শাড়ীৰ দাম বহুত আছিল, তেওঁ মনত পেলায়। কপাহী শাড়ী এখনত ৮ টকা লৈছিল আৰু ভাল শাড়ীখনত ১৬ টকা লৈছিল। যদি এক কিলো মচুৰ দাইলৰ লগত তুলনা কৰা যায়, তেন্তে তাৰ দাম আছিল ১২ অনা আৰু তেওঁ পথাৰত দিনটো খাটি ৬ অনা পাইছিল। ষোল্ল অনাত এটকা হয়।

“আমি বছৰত কেৱল দুখন শাড়ী আৰু চাৰিটা ঝাম্পাৰ (ব্লাউজ) কিনিছিলো।” শাড়ীবোৰ যিমান মহঙা আছিল, ৱাকালবোৰৰ জীৱনকালো সিমানেই বাঢ়িছিল। তানুবাইয়ে কয় যে তেওঁৰ ৱাকালখন ৩০ বছৰ চলিছিল, এই কলাবিধ কিমান সুক্ষ্মতাৰে আয়ত্ব কৰা হৈছে সেয়া ইয়াৰ পৰাই গম পোৱা যায়।

১৯৭২-৭৩ৰ খৰাঙৰ কথা, যেতিয়া ২০০ লাখ মানুহ ক্ষতিগ্ৰস্ত হৈছিল (মহাৰাষ্ট্ৰৰ গ্ৰামাঞ্চলৰ ৫০ শতাংশ), সেই সময়তে নৌকুৰৰ পৰা ৯০ কিলোমিটাৰ দূৰৰ গোৱিকাৰসকলে ক’লহাপুৰৰ চিৰৌল তালুকৰ জাম্ভালি গাঁৱলৈ প্ৰব্ৰজন কৰিছিল। “সেই খৰাঙৰ কথা মনত নেপেলোৱাই ভাল। ইমান ভয়লগা আছিল। আমি কেবাদিনলৈ শুদাপেটে শুইছিলো,” কথাখিনি কওঁতে তেওঁৰ চকুকেইটা চলচলীয়া হৈ পৰে।

“নৌকুৰৰ এজনে জাম্ভালিত কামৰ সন্ধান পালে। দুনাইবাৰ চিন্তা নকৰাকৈ প্ৰায় গোটেইখন গাওঁ তালৈ উঠি আহিল,” তেওঁ মনত পেলায়। তাৰে আগতে তেওঁৰ স্বামী ধনজীয়ে ৰাস্তাৰ শ্ৰমিকৰ কাম কৰিছিল আৰু শিল ভাঙিছিল। তেওঁ নৌকুৰৰ পৰা ১৬০ কিলোমিটাৰ পৰ্য্যন্ত বাট কামৰ সন্ধানত প্ৰব্ৰজন কৰিছিল।

জাম্ভালিত চৰকাৰৰ খৰাং সাহায্য আঁচনিৰ কামৰ অধীনত ৰাস্তা বনোৱা কামত লগা ৪০ জন শ্ৰমিকৰ মাজৰ এগৰাকী আছিল আজী। “আমাক দিনটোৰ ১২ ঘণ্টাৰ কামৰ বাবদ ১.৫ টকা দিয়া হৈছিল,” তেওঁৰ মনত পৰে। এই সময়তে গাঁৱৰে ধনী মানুহ এজনে তেওঁৰ ১৬ একৰৰ খেতিমাটিত দিনে ৩ টকাত হাজিৰা কৰিবলৈ মাতে। তানুবাইয়ে তেতিয়া বাদাম, জোৱাৰ, গমধান, ধান আৰু ফল যেনে চিকু, আম, আঙুৰ, ডালিম, আতলচ আদিৰ খেতিৰ কাম কৰিছিল।

PHOTO • Sanket Jain
PHOTO • Sanket Jain

বাওঁফালেঃ এই কাটটোৰ সৈতে আজীৰ ৱাকালখন সাজু সোঁফালেঃ সোঁফালৰ কান্ধৰ দুটাকৈ চাৰ্জাৰি কৰাৰ পিছতো বিষ কমা নাই যদিও তেওঁ কঁথা বোৱা কাম এৰা নাই

তেওঁ যেতিয়া তিনিটা দশক কঠোৰ পৰিশ্ৰমৰ অন্তত ২০০০ চনত খেতিৰ কাম এৰিছিল, তেওঁৰ মাহিলী দৰমহা ১০ ঘণ্টাৰ কৰ্মদিনৰ বাবদ মুঠে ১৬০ টকা আছিল। “আমি তুঁহগুড়ি খাইছিলো, কিন্তু ল’ৰা-ছোৱালীহঁতক কষ্ট পাবলৈ দিয়া নাছিলো,” জীৱনৰ কঠোৰ পৰিশ্ৰম আৰু দাৰিদ্ৰ্যৰ দিনবোৰ মনত পেলাই তেওঁ কয়। আজি তেওঁৰ কষ্ট আৰু ত্যাগে ফল দিছে। তেওঁৰ ডাঙৰ ল’ৰা প্ৰভাকৰে জনসিংপুৰ চহৰত সাৰৰ দোকান এখন চলায়, আনহাতে সৰুজন পুত্ৰ বাপুচোয়ে জাম্ভালিৰ বেংক এটাত চাকৰি কৰে।

তেওঁ খেতিত কাম কৰা বাদ দিয়াৰ পিছত বহি থাকি বৰকৈ আমনি পোৱা হ’ল আৰু আকৌ এবাৰ খেতিৰ শ্ৰমিক হিচাপে কাম কৰিবলৈ ল’লে। তিনিবছৰ আগতে পৰি দুখ পোৱাত তেওঁ খেতিৰ কামক বিদায় দিবলগীয়া হ’ল। “সোঁ কান্ধৰ দুটাকৈ চাৰ্জাৰি আৰু ছমাহ হস্পিটেলত পৰি থকাৰ পিছতো বিষ নকমিল,” তেওঁ বুজাই কয়। তথাপি তেওঁৰ নাতিল’ৰা সম্পত বিৰাঞ্জৰ কাৰণে এখন ৱাকাল চিলোৱাত সেই বিষে তেওঁক বাধা দিব পৰা নাই।

কান্ধৰ নেৰানেপেৰা বিষ স্বত্ত্বেও তানুবাইয়ে পুৱা ৮ বজাতে চিলাইৰ কাম আৰম্ভ কৰে আৰু সন্ধিয়া ৬টা বজালৈকে কৰে। বাহিৰত মেলি দি থোৱা মাকৈবোৰ খাবলৈ বান্দৰ আহিলেহে খেদিবলৈ উঠি যায়। “মই বান্দৰে খোৱাটোত বেয়া নাপাওঁ, কিন্তু মোৰ নাতিল’ৰা ৰুদ্ৰই মাকৈ খাই ভাল পায়,” তেওঁ কয়। তেওঁৰ ৰাপ থকা কামটো কৰি যোৱাত সমৰ্থন যোগোৱা দুই বোৱাৰীক তেওঁ ভাল পায়। “সিহঁত দুজনীৰ কাৰণে মই ঘৰৰ কাম-বনৰ পৰা আহৰি পাওঁ।”

৭৪ বছৰ বয়সত তানুবাইয়ে বেজী-সূতাৰে এই যাদুকৰী কাম কৰি আহিছে। কেতিয়াও এটা চিলাই পাহৰা নাই। তেওঁৰ হাতদুখন এই কামত সদায় নিপুণ। “ইয়াত পাহৰিবলগীয়া কি আছে? ইয়াত জানিবলৈ কিনো লাগে?” তেওঁ নম্ৰভাৱে সোধে।

তানুবাইয়ে সকলোৰে বাবে এটাই সৰু পৰামৰ্শ দিছে। “পৰিস্থিতি যিয়েই নহওঁক লাগিলে, সততাৰে জীয়াব লাগে।” ৱাকালখনৰ প্ৰতিটো সৰু সৰু চিলাইয়ে যেনেকৈ ৱাকালখন ধৰি ৰাখে, তেঁৱো নিজৰ পৰিয়ালটো তেনেকৈয়ে একলগ কৰি ৰাখিছে। “গোটেই জীৱনটো মই কেৱল চিলাইছো।”

PHOTO • Sanket Jain

তানুবাইয়ে দুমাহত এইখন কঁথা চিলাই উলিয়াইছে , দিনে ১২ ঘণ্টাকৈ কাম কৰিছে

PHOTO • Sanket Jain

খন শাড়ী , ২১৬ টুকুৰা থিগাল আৰু ৯৭,৮০০ চিলাইৰে দীঘে ৬.৮ ফুট আৰু পঠালিয়ে ৬.৫ ফুটৰ ৱাকালখনৰ ওজন ৭ কিলোৰো অধিক

মৃণালিনী মুখাৰ্জী ফাউণ্ডেছনৰ সমৰ্থনেৰে সংকেত জৈনে গ্ৰামীণ শিল্পকাৰৰ ওপৰত প্ৰস্তুত কৰা প্ৰতিবেদনলানিৰ এয়া এক অংশ

অনুবাদ: পংকজ দাস

Reporter : Sanket Jain

Sanket Jain is a journalist based in Kolhapur, Maharashtra. He is a 2022 PARI Senior Fellow and a 2019 PARI Fellow.

Other stories by Sanket Jain
Editor : Sangeeta Menon

Sangeeta Menon is a Mumbai-based writer, editor and communications consultant.

Other stories by Sangeeta Menon
Photo Editor : Binaifer Bharucha

Binaifer Bharucha is a freelance photographer based in Mumbai, and Photo Editor at the People's Archive of Rural India.

Other stories by Binaifer Bharucha
Translator : Pankaj Das

Pankaj Das is the translation editor for Assamese language in PARI. He works with UNICEF, Assam in the capacity of a localization expert. In his free time, he loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das