তীৰা আৰু অনিতাই এইবাৰ খেতি ভাল হ’ব বুলি আশা কৰিছে, অপেক্ষাত অধীৰ হৈ পৰিছে। খেতি মানে অলপ ধান আৰু মাকৈ। খেতি চপাবলৈও আৰু বেছিদিন নাই।

এইবাৰ খেতি ভাল হ’বই লাগিব, হোৱাটো অতিকৈ জৰুৰী। মাৰ্চত আৰম্ভ হোৱা লকডাউনৰ পিছৰে পৰা তেওঁলোকে ছমাহৰো বেছি সময় ইটাৰ ভাতীত কাম কৰিব নাপালে।

“খেতি যোৱা বছৰো কৰিছিলো, কিন্তু বৰষুণ ভাল নোহোৱা কাৰণে আৰু কীট-পতংগৰ আক্ৰমণত শস্য নষ্ট হ’ল,” তীৰাই কয়। “আমি প্ৰায় ছমাহ খেতিত লাগো, কিন্তু খেতি কৰি হাতলৈ এটকাও নাহে,” অনিতাই কয়।

মহুগাঁৱাৰ একেবাৰে দক্ষিণদিশে অনুসূচিত জাতি ভুইয়া সম্প্ৰদায়ৰ চুবুৰি ভুইয়া তাঢ়িত তীৰা (৪৫) আৰু অনিতা(৪০)ৰ ঘৰ।

ঝাৰখণ্ডৰ পালামু জিলাৰ চেইনপুৰ ব্লকৰ এইখন গাঁৱত ২০১৮ৰ পৰাই পৰিয়ালটোৱে প্ৰতিবাৰ খাৰিফ শস্যৰ বতৰত বাতিয়া পদ্ধতিত মাটি লৈ খেতি কৰি আহিছে। বাতিয়া মানে আধিয়াৰ খেতি। এই মুখে মুখে চলা পদ্ধতিত মাটি লোৱাজনে আৰু মাটিৰ গৰাকীয়ে খেতিত সমানে সমানে ব্যয় বহন কৰে আৰু চপোৱা শস্যখিনি সমানে ভগাই লয়। আধিয়াৰ লোৱাজনে বেছিভাগ শস্য নিজে খাবলৈ ৰাখে আৰু সামান্য অংশ কেতিয়াবা বজাৰত বিক্ৰী কৰে।

'We farm for nearly six months, but it does not give us any money in hand', says Anita Bhuiya (foreground, in purple)
PHOTO • Ashwini Kumar Shukla

‘আমি ছমাহ খেতিত লাগি থাকো, কিন্তু খেতিৰ পৰা হাতলৈ এটকাও নাহে,’ অনিতা ভুইয়াই কয় (বেঙুনীয়া পোচাকত, আগফালে)

পাঁচ বছৰ আগতে পৰিয়ালটোৱে কৃষিশ্ৰমিক হিচাপে কাম কৰিছিল, উপাৰ্জন হৈছিল দিনে ২৫০ৰ পৰা ৩০০ টকা। খেতিৰ দুটা ঋতুত তেওঁলোক দুজনে ৩০ দিনকৈ কাম পাইছিল। কেতিয়াবা পইচাৰ পৰিৱৰ্তে শস্য পাইছিল। বাকীখিনি সময়ত তেওঁলোকে কাষৰে গাওঁবোৰৰ পাচলি বাগানত নাইবা মহুগাঁৱাৰ পৰা প্ৰায় ১০ কিলোমিটাৰমান দূৰৰ দাল্টোনগঞ্জ চহৰত দিনমজুৰি কৰিছিল।

কিন্তু প্ৰতিবছৰে ক্ৰমান্বয়ে খেতিপথাৰত কাম কমি আহিব ধৰাত ২০১৮ত তেওঁলোকে নিজে খেতি কৰাৰ কথা চিন্তা কৰিলে। তেনেকৈয়ে তেওঁলোকে আধিয়াৰ খেতিত ধৰে। “ইয়াৰ আগতে মই মাটিৰ মালিকৰ কাৰণে হাৰৱাহিৰ কাম কৰিছিলো” - বলধ গৰুৰে মাটি চহোৱা কাম আৰু খেতিৰ আন বিভিন্ন কাম। “কিন্তু চহোৱাৰ পৰা শস্য চপোৱালৈ সকলো কাম ট্ৰেক্টৰে কৰিবলৈ ল’লে, গাওঁখনত এতিয়া এটাহে বলদ গৰু আছে।”

আধিয়াৰ খেতিৰে নোজোৰা পৰিয়ালটোৱে উপাৰ্জনৰ আন বিচাৰি ২০১৮ত ইটাৰ ভাতীত কাম কৰিবলৈ ল’লে। তাত তীৰা আৰু অনিতাৰ উপৰিও গাঁৱৰ আন লোকেও নৱেম্বৰৰ শেষভাগৰ পৰা ডিচেম্বৰলৈ আৰু মে’ৰ মাজভাগৰ পৰা জুনৰ আৰম্ভণিলৈ কাম কৰিবলৈ গৈছিল। “যোৱাবছৰ আমাৰ ছোৱালীজনী বিয়া দিলো,” অনিতাই কয়। তেওঁলোকৰ ছোৱালী দুজনী, সৰুজনীৰ বিয়া হোৱা নাই, ঘৰতে থাকে। বিয়াৰ তিনিদিন পিছত, ২০১৯ৰ ৫ ডিচেম্বৰৰ পৰা পৰিয়ালটোৱে ভাতীত কাম আৰম্ভ কৰিলে। “এবাৰ ধাৰখিনি শুজিব পাৰিলে (বিয়াৰ কাৰণে লোৱা) ভাতীত কাম কৰিব নালাগে, তেতিয়া গোটেই বছৰটো খেতিৰ কাম কৰিব পাৰিম,” অনিতাই কয়।

মাৰ্চৰ শেষৰফালে লকডাউন আৰম্ভ হোৱাৰ আগতে পুত্ৰ সীতেন্দৰ (২৪) আৰু উপেন্দৰ (২২) আৰু ভুইয়া তাঢ়িৰ আন কেইজনমানে ট্ৰেক্টৰ উঠি আঠ কিলোমিটাৰ দূৰৰ বুঢ়িবিৰ গাঁৱলৈ যায়। তাত তেওঁলোকে শীতকালি ফেব্ৰুৱাৰীলৈকে পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ কাম কৰে আৰু মাৰ্চ মাহৰ পৰা পুৱা ৩ বজাৰ পৰা দুপৰীয়া ১১ বজালৈ কাম কৰে। “এই কামত ভাল এটাই যে গোটেই পৰিয়ালটোৱে একেলগে এঠাইতে কাম কৰে,” অনিতাই কয়।

With daily wage farm labour decreasing every year, in 2018, Anita and Teera Bhuiya leased land on a batiya arrangement
PHOTO • Ashwini Kumar Shukla
With daily wage farm labour decreasing every year, in 2018, Anita and Teera Bhuiya leased land on a batiya arrangement
PHOTO • Ashwini Kumar Shukla

২০১৮ৰ পৰা দিনহাজিৰাৰ কাম কমি আহিল, সেয়ে অনিতা আৰু তীৰাই আধিয়াৰ কৰি খেতি কৰিবলৈ ল’লে

ইটাৰ ভাতীত তেওঁলোকক প্ৰতি ১০০০ ইটাৰ বাবদ ৫০০ টকা দিয়া হয়। তেওঁলোকে ২০১৯ৰ অক্টোবৰত ঠিকাদাৰজনৰ পৰা ৩০ হাজাৰ টকা আগধন লৈছিল, এইবছৰ সেইখিনি তেওঁলোকে কাম কৰি পৰিশোধ কৰিব লগা হৈছিল। আকৌ জীয়েকৰ বিয়াৰ কাৰণে বিনা সূতত ঠিকাদাৰৰ পৰা লোৱা টকাখিনি পৰিশোধৰ বাবে তেওঁলোকে ২০২০ৰ নৱেম্বৰৰ পৰা আকৌ ভাতীত কাম কৰিব বুলি আশা কৰিছে।

ভাতীত অনিতা, তেওঁলোকৰ ল’ৰাহঁতে সাপ্তাহিক ১,০০০ টকাৰ ওপৰিঞ্চি ধন পায়, “সেইখিনিৰে আমি চাউল, তেল, নিমখ আৰু পাচলি কিনো,” তীৰাই কয়। “আমাক আৰু বেছি পইচা লাগিলে ঠিকাদাৰক সোধো, তেখেতে দিয়ে।” এই সাপ্তাহিক উপৰিঞ্চিখিনি, অলপ ধাৰ আৰু মোটা আগধন আটাইবোৰ কাটি লোৱা হয়। ভাতীত শ্ৰমিক এজনে কিমান ইটা বনাইছে, তাৰ হিচাপত শেষত কিমান টকা পাব সেয়া ঠিৰাং কৰা হয়।

যোৱাবছৰ তেওঁলোকে ২০১৯ৰ জুনত ভাতীৰ পৰা উভতি আহোতে কেইটামান মাহৰ কামৰ বিনিময়ত ৫০ হাজাৰ টকা আনিব পাৰিছিল। কিন্তু এইবাৰ ভুইয়া পৰিয়ালটোৱে লকডাউনৰ কাৰণে ভাতীত বেছিদিন কাম কৰিব নাপালে। মাৰ্চৰ শেষত তেওঁলোকে ঠিকাদাৰৰ পৰা মাত্ৰ ২,০০০ টকা পালে।

তেতিয়াৰে পৰা ভুইয়া পৰিয়ালটোৱে তেওঁলোকৰ সম্প্ৰদায়ৰ আনবোৰৰ দৰে উপাৰ্জনৰ আন উৎস বিচাৰি ফুৰিছে। প্ৰধান মন্ত্ৰী গৰিব কল্যাণ যোজনাৰ অধীনত এপ্ৰিল, মে’ আৰু জুন মাহত পৰিয়ালৰ প্ৰাপ্তবয়স্কই প্ৰতি পাঁচ কিলোকৈ চাউল অহাই তেওঁলোকে অলপ সকাহ পালে। আকৌ তেওঁলোকে অন্তোদয়া অন্ন যোজনা ৰেচন কাৰ্ড (খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ শ্ৰেণীবিভাজন অনুযায়ী অতি-দৰিদ্ৰজনৰ বাবে)ৰ পৰা প্ৰতিমাহে নিম্ন দামত খাদ্যশস্য পায়। “এইখিনিৰে মোৰ পৰিয়ালটোৰ ১০ দিনো নোজোৰে,” তীৰাই কয়। অনিতা আৰু তেওঁত বাদে তেওঁলোকৰ দুি পুত্ৰ আৰু এজনী ছোৱালী আছে, দুজনী বোৱাৰী আৰু তিনিটা নাতি আছে।

ৰেচনৰ চাউল টুটি অহাত তেওঁলোকে মহুগাঁৱা আৰু চুবুৰীয়া গাঁৱত বিভিন্ন কাম কৰি আৰু টকা ধাৰ কৰি চলি আছে।

Teera has borrowed money to cultivate rice and some maize on two acres
PHOTO • Ashwini Kumar Shukla

তীৰাই দুই একৰ মাটিত ধান আৰু মাকৈৰ খেতিৰ বাবে টকা ধাৰে আনিছিল

দুই একৰ আধিয়াৰ খেতিমাটিত ধান আৰু মাকৈৰ খেতিৰ বাবে তীৰা আৰু অনিতাক বীজ, সাৰ আৰু কীটনাশক মিলি প্ৰায় ৫,০০০ টকাৰ প্ৰয়োজন হ’ব। “মোৰ হাতত টকা নাছিল,” তীৰাই কয়। “মই সম্পৰ্কীয়ৰ পৰা ধাৰ লৈছো, এতিয়া ধাৰৰ বোজাত মৰিছো।”

তেওঁলোকে খেতি কৰি থকা মাটিখিনি অশোক শুক্লাৰ, তেওঁৰ ১০ একৰ মাটি আছে আৰু তেওঁ নিজেও অপৰ্য্যাপ্ত বৰষুণৰ বাবে যোৱা পাঁচটা বছৰে লোকচান ভৰি থাকিবলগীয়া হৈছে। “মই ১৮ৰ পৰা ২৪ মাহ চলাকৈ খেতি কৰিছিলো,” অশোকে মনত পেলায়। “এতিয়া আমাৰ ভৰাঁল ছমাহতে খালি হয়। যোৱা ৫০ বছৰে খেতি কৰি আহিছো। কিন্তু যোৱা ৫-৬ বছৰত মই বুজি উঠিছো যে খেতিৰ ভৱিষ্যত নাই - কেৱল লোকচান।”

শুক্লাই কয় যে গাঁৱৰ মাটিৰ মালিকবোৰ, তাৰে বেছিভাগেই উচ্চ জাতৰ, তেওঁলোকে চহৰ-নগৰলৈ আন কামৰ সন্ধানত আহিবলৈ লৈছে। ফচল কমি আহিবলৈ ধৰাত তেওঁলোকে ৩০০ টকা দিনে শ্ৰমিক লগাই খেতি কৰাতকৈ মাটিখিনি আধিয়াৰত দিয়া কৰিছে। “গোটেই গাওঁখনত আপুনি তেওঁলোকক (উচ্চ জাতৰ মাটিৰ মালিকক) নিজে খেতি কৰা নেদেখিব,” শুক্লাই কয়। “তেওঁলোকে নিজৰ মাটি ভুইয়া বা আন দলিতক দিছে।” (মহুগাঁৱাত গাঁৱৰ ২,৬৯৮ জন লোকৰ ২১ৰ পৰা ৩০ শতাংশ লোক অনুসূচিত জাতিৰ, ২০১১ৰ লোকপিয়ল।)

এইবছৰ বৰষুণ ভাল আছিল। সেয়ে তীৰাই আশা কৰিছে যে আধিয়াৰ খেতি এইবাৰ ভাল হ’ব। খেতি ভাল হ’লে তেওঁলোকৰ দুই একৰ মাটিত ২০ কুইণ্টলমান ফচল পাব, তেওঁ আশা কৰিছে। ধানখিনি বনাৰ পিছত আধাভাগ অশোক শুক্লাক দি তেওঁলোকৰ ভাগত থাকিব ৮০০ কিলোগ্ৰাম - তীৰাৰ ১০ জনীয়া পৰিয়ালটোৰ বাবে এইখিনিয়েই দিনৰ-ৰাতিৰ সাজৰ ঘাই আহাৰ হ’ব। তেওঁলোকৰ তাত আন একো নিয়মীয়া খাদ্যবস্তু নাই। “বজাৰত এইখিনি বিক্ৰী কৰিবপৰা হ’লে,” তীৰাই কয়। “সেইখিনি ধানেৰে আমাৰ ছমাহো নচলে।”

তীৰাই কয় যে তেওঁ আন দহজনতকৈ ভালকৈ খেতিৰ কাম জানে আৰু ভালেকেইজন মাটিৰ মালিকে মাটি আধিয়াৰত তেওঁক দিব খোজে, তেওঁ বেছি মাটিত বিভিন্ন ধৰণৰ খেতি কৰিব খোজে।

কেইটামান সপ্তাহৰ অপেক্ষা, ফচল উভৈনদী হ’ব বুলি তীৰা আৰু অনিতাই আশা পালি ৰৈছে।

অনুবাদ: পংকজ দাস

Ujwala P.

Ujwala P. is a freelance journalist based in Bengaluru, and a graduate of the Indian Institute of Mass Communication (2018-2019), New Delhi.

Other stories by Ujwala P.
Ashwini Kumar Shukla

Ashwini Kumar Shukla is a freelance journalist based in Jharkhand and a graduate of the Indian Institute of Mass Communication (2018-2019), New Delhi. He is a PARI-MMF fellow for 2023.

Other stories by Ashwini Kumar Shukla
Editors : Sharmila Joshi

Sharmila Joshi is former Executive Editor, People's Archive of Rural India, and a writer and occasional teacher.

Other stories by Sharmila Joshi
Editors : Oorna Raut

Oorna Raut is Research Editor at the People’s Archive of Rural India.

Other stories by Oorna Raut
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das