পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াত সৰ্বসাধাৰণজনক কেন্দ্ৰ কৰি এনে শ শ ষ্ট’ৰি আৰু ডকুমেণ্ট আছে, ফটোগ্ৰাফ আৰু ফিল্ম আছে, যিয়ে আমাক দুই-এটা কথা শিকাব পাৰে।

তাৰে মাজৰ এজন হৈছে ত্ৰিপুৰাৰ ৰতন বিশ্বাস (এই লিংকটোত তেওঁৰ ষ্ট’ৰিটো আছে), তেওঁ নিজৰ চাইকেলখনতেই এনে এক কায়দাত বাঁহ বান্ধি লৈছে যে পাঁচডাল পূৰঠ বাঁহ চাইকেলত কঢ়িয়াই ১৭ কিলোমিটাৰ যাব, ২০০ কিলোগ্ৰামৰ ওজন এনেকৈ ইমানদূৰ বাট কঢ়িয়াই নি তেওঁ ২০০ টকা লাভ পাব। তেওঁ আমাক অকণমান ফিজিক্স, অলপ উদ্ভাৱনা আৰু সামান্য জিঅ’গ্ৰাফি নিশ্চয়কৈ শিকাব পাৰে। আকৌ গুজৰাটৰ ভেড়াৰখীয়া কাৰাভাই আল , কেৰালাৰ খেতিয়ক আগাষ্টিন বেদকিলে , দুয়োজনেই জলবায়ু পৰিৱৰ্তনৰ ভুক্তভোগী, দুয়োজনেই আমাক পৰিস্থিতিতন্ত্ৰ আৰু অৰ্থনৈতিক উন্নয়নৰ বিষয়ে কিবা শিকাব পাৰে। কিন্তু তেওঁলোকৰ জীৱনবোৰ বহুলাংশে আমাৰ পাঠ্যক্ৰমৰ বাহিৰত।

এনে কিছুমান কাহিনী শ্ৰেণীকোঠাৰ মাজলৈ অনাৰ বাবে দেশজুৰি যোৱা দুটা বছৰত পাৰি এজুকেচনে স্কুল আৰু কলেজৰ সৈতে কাম কৰি আহিছে। কিয়নো আমি বিশ্বাস কৰোঁ যে গ্ৰামাঞ্চলৰ সাধাৰণজনৰ পৰা আমি শিকিবলগীয়া বহুকথা আছে। ভাৰতীয় যুৱচামে নিজৰ দেশখনক ভালদৰে জানিব বিচাৰে আৰু তেওঁলোকৰ চৌপাশৰ জগতখনৰ বাস্তৱিক দিশটো শ্ৰেণীকোঠালৈ আনি আলোচনা কৰাৰ আগ্ৰহ প্ৰকাশ কৰে। তেওঁলোকৰ সৈতে একেলগে আমি দেশৰ গ্ৰামাঞ্চলৰ আশ্চৰ্য্যকৰ বৈচিত্ৰ আৰু জটিলতাক উন্মোচিত কৰিব খোজো।

ক’ব খোজো জটিল আৰু প্ৰভাৱ পেলাব পৰা ষ্ট’ৰি। যেনে ধৰক মহাৰাষ্ট্ৰৰ বনৰীয়া ম’হৰ কথা, জলবায়ু পৰিৱৰ্তনৰ ফলত খাদ্যৰ অভাৱত পৰি খেতিপথাৰত নামিবলৈ বাধ্য হৈ পৰিছে, ওড়িশাৰ নিয়ামগিৰি পাহাৰৰ পৰা আদিবাসী মানুহক বিচ্যুত কৰাক লৈ গান গোৱা বিপ্লৱী কবিজন, বা লাদাখৰ চাংপা সম্প্ৰদায়ৰ মহিলাগৰাকীৰ কথা। এজন ছাত্ৰই আমাক কৈছিল, “মই মোৰ দেশখনৰ এইবোৰ কথা নাজানিছিলো, লাজ পাইছো। গ্ৰাম্য ভাৰত বুলিলে কেৱল যে খেতিৰ কথাই নহয়, এই কথা জানিলো।” এই নতুন কথা এটা শিকোৱা, গ্ৰামাঞ্চলৰ জীৱন আৰু সময়ৰ কথা জনা, ইয়েই ‘পাৰি এজুকেচন’ৰ মূল উদ্দেশ্য।

আমাৰ পাঠ্যপুথিত বিশেষ একো নিলিখা আপোনাৰ দেশখনৰ কথা শিকোৱাৰ এয়া মাত্ৰ আৰম্ভণিহে। পাৰি এজুকেচন যেতিয়া আপোনাৰ প্ৰতিষ্ঠানলৈ আহে, আপুনি ৮০ কোটি গ্ৰামীণ ভাৰতীয়ৰ জগতখনৰ বিষয়ে জানিব পাৰিব, যিখন ভাৰতৰ কথা মূলধাৰাৰ মিডিয়াই কাচিৎহে কয়। তেওঁলোকৰ জীৱন, কলা-শিল্প, সংস্কৃতি, ভাষা; প্ৰব্ৰজনকাৰীৰ কথা, তেওঁলোকে কিদৰে কামৰ সন্ধানত ঘৰ-বাৰী এৰি ভ্ৰমি ফুৰে, নিজৰ মাটি আৰু পৰিৱেশ সংৰক্ষণৰ বাবে মহিলাই নেতৃত্ব দিয়া সংগ্ৰামৰ কথা। এজন কলেজীয়া ছাত্ৰই টুইট কৰিছিল: “আমি প্ৰতিদিনে পঢ়া বাতৰিবোৰক লৈ প্ৰশ্ন কৰিবলৈ ই মোক বাধ্য কৰাইছিল। দেশৰ গৰিষ্ঠসংখ্যক লোকে বাস কৰা ভাৰতখনত কি হৈ আছে, আমিচোন একোৱেই নাজানো।”

আমি বিশ্বাস কৰো, শিকনৰ যি যাত্ৰা, সেয়া অভিজ্ঞতাৰ পৰাই আৰম্ভ হয়। সেয়ে আমি পাৰি এজুকেচনত শিক্ষাৰ্থীক কেৱল জনোৱাতে সীমাবদ্ধ নাৰাখো। শিক্ষাৰ্থীক অধ্যয়নৰ ক্ষেত্ৰলৈ গৈ যাৰ বিষয়ে জানিব বিচাৰিছে, তেওঁলোকৰ সৈতে কথা পাতি, সংস্পৰ্শলৈ আহি সহমৰ্মিতা আৰু সংবেদনশীল এক সম্পৰ্কৰ সৃষ্টি কৰিব কওঁ। “মোৰ প্ৰকল্প (পাৰিৰ প্ৰকল্পৰ কথা কৈছে)টোৰ যোগেদি জানিব পাৰিলো যে কেনেদৰে এজন মানুহে অতিৰিক্ত ৫,০০০ টকা উপাৰ্জনৰ বাবে হাজাৰ হাজাৰ কিলোমিটাৰ প্ৰব্ৰজন কৰিব পাৰে। মানুহজনৰ কাহিনীয়ে মোৰ মনত ৰেখাপাত কৰিছে আৰু অনুপ্ৰাণিত হৈছো,” এজন শিক্ষাৰ্থীয়ে কয়, তেওঁৰ অৰ্থনীতিৰ প্ৰকল্পটো এতিয়া পাৰিৰ এটা ষ্ট’ৰি

PHOTO • M. Palani Kumar ,  P. Sainath ,  Ravindar Romde ,  Jyoti Shinoli ,  Samyukta Shastri ,  Sidh Kavedia

আৰু যেতিয়া গ্ৰামীণ ভাৰতৰ শিক্ষাৰ্থী এজনে আমাৰ ষ্ট’ৰি পঢ়ে, তেওঁলোকে নিজৰ চৌপাশ, নিজৰ মাক-দেউতাকৰ জীৱিকা আৰু নিজৰ জীৱনটোক ভিন্ন দৃষ্টিৰে চাবলৈ লয়। তেওঁলোকে নিজে জীৱনত পোৱা অভিজ্ঞতাখিনি নথিভুক্ত কৰিবলৈ আমাৰ সৈতে সহযোগ কৰিব বিচাৰে। চত্তীশগড়ৰ ধামতাৰি গাঁৱৰ শিক্ষাৰ্থী এজনে তাকেই কয়: “আমাৰ গাঁৱত কি হয় সেই কথা কোনোবাই যে জানিবলৈ আগ্ৰহ কৰিব, সেয়া আমি কেতিয়াও ভবা নাছিলো। এতিয়া আমি আমাৰ কথাবোৰ লিখিব খোজো।”

পাৰি এজুকেচনে এই দেশৰ শিক্ষাৰ্থীসকলক তেওঁলোকৰ নিজৰ পাঠ্যপুথি লিখাৰ এক সুযোগ দিছে আৰু তেওঁলোকে নিজৰ শিক্ষাগ্ৰহণত সক্ৰিয়ভাবে অংশ ল’ব পাৰিছে। এনেকৈ তেওঁলোকক অনুসৰণ কৰা এটা প্ৰজন্মক শিকাব পাৰিব।

গ্ৰামীণ ভাৰতৰ ওপৰত নাইবা গ্ৰামীণ ভাৰতৰ সৈতে সম্পৰ্ক থকা যিকোনো মৌলিক প্ৰতিবেদনৰ উৎকৃষ্টখিনি পাৰি এজুকেচনত প্ৰকাশ হোৱাটো বিচাৰো। আপুনিও যুৱচামৰ দৃষ্টিৰে গ্ৰামীণ ভাৰতখনক জনা আৰু সেয়া লিপিবদ্ধ কৰাৰ বাবে আমাৰ সৈতে সহযোগ কৰক।

আমি অনুভৱ কৰিছো যে পাৰি এজুকেচনে এক ডাঙৰ যাত্ৰাৰ প্ৰথম দুখোজ দিছে। প্ৰতিখন স্কুল, বিশেষকৈ সমাজৰ দৰিদ্ৰতম শ্ৰেণীক শিক্ষাদান কৰা প্ৰতিখন স্কুলত আমি যাব খোজো। এয়া আমাৰ উদ্দেশ্যে আৰু আমাৰ আৱশ্যকতা। আমি নিজকে এই নিৰ্দেশ দিছো। পাৰিৰ পৰা শিকা, পাৰি এজুকেচনত শিক্ষাৰ্থীয়ে নিজৰ ভাষাত লিখা কাম পাৰিয়ে ইতিমধ্যে ১০ টাৰো অধিক ভাষাত তেওঁলোকৰ প্ৰতিবেদন প্ৰকাশ কৰিছে। আমি সময়ৰ লগে লগে আৰু অধিক ভাষা এই তালিকাত যোগ দিম।

তাৰোপৰি আমি চহৰাঞ্চলৰ আৰু গ্ৰামাঞ্চলৰ শিক্ষাৰ্থীৰ মাজত, সা-সুবিধাপ্ৰাপ্ত আৰু সা-সুবিধাৰ পৰা বঞ্চিত শিক্ষাৰ্থীৰ মাজত এক সেতু গঢ়িব খোজো। এনেদৰে অধিক সুবিধাপ্ৰাপ্ত শিক্ষাৰ্থীয়ে তেওঁলোকক বাদ দি আন শিক্ষাৰ্থীসকলে কেনেধৰণৰ বৈষম্যৰ চিকাৰ হৈছে, তাৰ প্ৰতি সহানুভূতিশীল হৈ, সেয়া হৃদয়ংগম কৰি আৰু সেই দিশত কাম কৰিবলৈ আগ্ৰহী হৈ পৰিব। পাৰিয়ে এই ব্যৱধান দৃষ্টিগোচৰ হোৱাকৈ প্ৰতিবেদন প্ৰকাশ কৰি আহিছে।

আমি বিনামূলীয়া ছফটৱেৰ আন্দোলনৰ সৈতে জৰিত গোটসমূহৰ লগতো জৰিত হৈছো যাতে দেশখনত ডিজিটেল ডিভাইড বাঢ়ি অহাৰ সময়ত অনলাইন শিক্ষাৰ বাবে দেশে লৰা-ঢপৰা কৰাৰ সময়ত সুবিধাবিহীন শিক্ষাৰ্থীখিনিক অনলাইন আৰু অফলাইন দুয়োটা মাধ্যমেৰে ঢুকি পাব পাৰো। পাৰি এজুকেচনে এই সকলো কাম সামৰি ল’ব খোজে আৰু আপোনাৰ সৈতে এই যাত্ৰা আগবঢ়াই নিব খোজে।

প্ৰীতি ডেভিড
পাৰি এজুকেচন সম্পাদক

অনুবাদ: পংকজ দাস

PARI Education Team

We bring stories of rural India and marginalised people into mainstream education’s curriculum. We also work with young people who want to report and document issues around them, guiding and training them in journalistic storytelling. We do this with short courses, sessions and workshops as well as designing curriculums that give students a better understanding of the everyday lives of everyday people.

Other stories by PARI Education Team
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das