২০২১ৰ জুলাইত যেতিয়া বানৰ পানী ঘৰত সোমায়, শুভাংগী কাম্বলেয়ে তেওঁৰ সকলো বস্তু-বাহিনী এৰি থৈ গুছি যাবলগীয়া হৈছিল। ওলাই যোৱাৰ সময়ত তেওঁ ততালিকে দুখন টোকাবহী লৈ গৈছিল।

তাৰপিছত সপ্তাহ-মাহ পিছত, এই বহী দুখনে বহু জীৱন বচোৱাত তেওঁক সহায় কৰিছিল, ১৭২ পৃষ্ঠা প্ৰতিখন পৃষ্ঠাই কামত আহিছিল।

কিয়নো সেইখিনি সময়তে মহাৰাষ্ট্ৰৰ ক’লহাপুৰ জিলাৰ তেওঁৰ গাওঁ অৰ্জুনৱাড়ৰ মানুহ আন এক দুৰ্যোগৰ কবলত পৰিছিল, ক’ভিড-১৯ জুইৰ দৰে বিয়পিছিল। শুভাংগীৰ নোটবুকত গাওঁখনৰ ক’ৰনাভাইৰাছৰ কবলত পৰা লোক, তেওঁলোকৰ নম্বৰ, ঠিকনা আৰু পৰিয়ালৰ আন সদস্যৰ সবিশেষ, তেওঁলোকৰ চিকিৎসাৰ ইতিবৃত্তি, স্বাস্থ্যৰ খতিয়ান আদি বিভিন্ন লাগতিয়াল কথা আছিল।

“ক’ভিড ৰিপ’ৰ্টবোৰ (গাঁৱত কৰা আৰ.টি.-পি.চি.আৰ. পৰীক্ষাৰ) মোৰ তালৈ প্ৰথমে আহে,” ৩৩ বছৰীয়া স্বীকৃতিপ্ৰাপ্ত সামাজিক স্বাস্থ্যকৰ্মী (চমুকৈ আশা)কৰ্মীগৰাকীয়ে কয়। ভাৰতত ২০০৫ত আৰম্ভ কৰা ৰাষ্ট্ৰীয় গ্ৰামীণ স্বাস্থ্য অভিযানৰ অধীনত নিয়োগ কৰা লাখ লাখ সামুহিক স্বাস্থ্যসেৱা প্ৰদানকাৰীৰ মাজৰ তেৱো এগৰাকী। তেওঁৰ সহায়তে গাঁৱৰ এজন ক’ভিড পজিটিভ লোকক বিচাৰি উলিয়াব পৰা গৈছিল, লোকজন আছিল চিৰৌল তালুকৰ এটা বান সাহায্য শিবিৰত, তাত থকা ৫ হাজাৰ আন লোকক ক’ভিডৰ সংক্ৰমণৰ পৰা তেনেকৈ ৰক্ষা কৰিব পৰা গৈছিল।

“বানপানীৰ কাৰণে বহু মানুহৰ ফোন অফ আছিল, নেটৱৰ্ক নাছিল,” তেওঁ কয়। শুভাংগীয়ে তাৰ পৰা ১৫ কিলোমিটাৰ দূৰৰ তেৰৱাড়ত থকা তেওঁৰ মাকৰ ঘৰত গৈ আছিল। তাত তেওঁ ততালিকে হাতেলিখা তথ্যবোৰ খুঁচৰিলে আৰু তাত শিবিৰত থকা আন কিছুমানৰ ফোন নম্বৰ পালে। “মই কোনোমতে ৰোগীৰ সৈতে যোগাযোগ কৰিব পাৰিলো।”

A house in Arjunwad village that was destroyed by the floods in 2019
PHOTO • Sanket Jain

অৰ্জুনৱাড়ত ২০১৯ৰ বানত বিধ্বস্ত হোৱা এটা ঘৰ

An ASHA worker examining the damage in the public health sub-centre in Kolhapur's Bhendavade village, which was ravaged by the floods in 2021
PHOTO • Sanket Jain
Medical supplies destroyed in the deluge
PHOTO • Sanket Jain

বাওঁফালে: ক’লহাপুৰৰ ভেণ্ডাৱাড়ে গাঁৱৰ ২০২১ৰ বানত বিধ্বস্ত হোৱা উপ-স্বাস্থ্যকেন্দ্ৰটোৰ কিমান ক্ষতি হৈছে, সেয়া এগৰাকী আশাকৰ্মীয়ে চাইছে। সোঁফালে: পানী লাগি চিকিৎসা সামগ্ৰীবোৰ বেয়া হ’ল

সেই ৰোগীজনৰ কাৰণে তেওঁ কাষৰে অগৰ গাঁৱত স্থাপন কৰা ক’ভিড কেন্দ্ৰত এখন বিচনাৰো যোগাৰ কৰিছিল, ততালিকৈ তেওঁক তালৈ স্থানান্তৰ কৰা হৈছিল। “বহীখন লগত নথকা হ’লে, হাজাৰৰো ওপৰত মানুহ সংক্ৰমিত হ’লহেঁতেন,” তেওঁ কয়।

সেয়াই প্ৰথমবাৰ নহয় যে শুভাংগীয়ে গাওঁখনক এটা ডাঙৰ বিপদৰ পৰা বচাইছে, বা নিজতকৈ কৰ্তব্যক উৰ্দ্ধত ৰাখিছে। ২০১৯ৰ বানপানীৰ পিছত (আগষ্ট) নিজৰ ভাঙি পৰা ঘৰটো চোৱাচিতা কৰাতকৈ তেওঁ কৰ্তব্যত বেছি ব্যস্ত আছিল। “গাঁৱৰ পঞ্চায়ত অফিছৰ নিৰ্দেশ অনুযায়ী মই গোটেই গাওঁখনৰ ক্ষয়-ক্ষতিৰ হিচাপ উলিওৱাত ব্যস্ত আছিলো,” তেওঁ কয়।

তাৰে তিনিমাহ পিছত তেওঁ গাঁৱত বানপানীৰ পিছৰ মানুহৰ খবৰ লোৱা আৰু ক্ষয়-ক্ষতি চোৱাৰ কাম কৰিছিল। তেওঁ সেইবোৰ দেখি বৰ অশান্তিত ভুগিছিল।

“মই মোৰ মানসিক স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়া নাছিলো,” তেওঁ কয়। “কিন্তু হাতত আন কি উপায় আছিল?”

সেই বছৰ তেওঁ বানপানীৰ সময়ত পোৱা মানসিক আঘাতৰ পৰা মুক্ত হ’ব পোৱাই নাছিল, তেতিয়াই আহিল ২০২০ৰ ক’ভিড সাহায্যৰ দায়িত্ব। ক’ভিড সংক্ৰমণ তুংগত উঠা সময়তো তেওঁ ২০২১ৰ জুলাইত বানপানীত বিধ্বস্তসকলক সহায় কৰা কামত লাগি আছিল। “বানপানী আৰু ক’ভিড এই দুয়োটাই মিলি যি এক ভয়ংকৰ পৰিস্থিতি সৃষ্টি কৰিছিল, সেয়া আমি কল্পনাই কৰিব পৰা নাছিলো,” শুভাংগীয়ে কয়।

এনেকৈ নিজৰ মানসিক স্বাস্থ্যৰ প্ৰতি গুৰুত্ব নিদিয়াৰ ফলত তাৰ প্ৰভাৱ বিভিন্ন ধৰণে প্ৰকাশ দেখা দিছিল।

২০২২ৰ এপ্ৰিলত তেওঁৰ দেহত নিউ'মনিয়া (ক্লোমপ্ৰদাহ আৰু ৰক্তহীনতা ধৰা পৰে। “আঠ দিন মোৰ গাত জ্বৰ জ্বৰ ভাব লাগি আছিল, কিন্তু কামৰ কাৰণে মই লক্ষণবোৰ দেখিও অৱহেলা কৰিছিলো,” তেওঁ কয়। তেওঁৰ হিমগ্ল’বিন (লোহিত ৰক্তকণিকা) ৭.৯ লৈ নামে, মহিলাৰ বাবে মানক স্তৰতকৈ (তেজৰ প্ৰতি ডেচিলিটাৰত ১২-১৬ গ্ৰাম) সেয়া বহুত কম। তেওঁক হস্পিতালত ভৰ্তি কৰাবলগীয়া হ’ল।

ASHA worker Shubhangi Kamble’s X-ray report. In April 2022, she was diagnosed with pneumonia and also moderate anaemia
PHOTO • Sanket Jain
Shubhangi walking to a remote part of Arjunwad village to conduct health care surveys. ASHAs like her deal with rains, heat waves and floods without any aids
PHOTO • Sanket Jain

বাওঁফালে: আশাকৰ্মী শুভাংগী কাম্বলেৰ এক্স-ৰে ৰিপ’ৰ্ট। ২০২২ৰ এপ্ৰিলত তেওঁৰ নিউ’মনিয়া আৰু ৰক্তহীনতাই দেখা দিয়ে। সোঁফালে: শুভাংগীয়ে স্বাস্থ্যসেৱাৰ সমীক্ষাৰ বাবে অৰ্জুনৱাড়ৰ এখন ভিতৰুৱা ঠাইলৈ গৈছে। তেওঁৰ দৰে বহু আশাকৰ্মীয়ে ৰ’দ-বতাহ-বৰষুণ আৰু বানপানী নেওচি কাম কৰি আহিছে

দুমাহ হৈছিল, তেওঁ সামান্য আৰোগ্য হৈছিল, তেতিয়াই তেওঁৰ গাঁৱত ধাৰাসাৰ বৰষুণ আহিল। পানী যিমানেই বাঢ়িল, শুভাংগীৰ উদ্বিগ্নতাও সিমানেই বাঢ়ি গ’ল। “এবাৰ আমি বৰষুণৰ কাৰণে অধীৰ হৈ আছিলো, কিন্তু এতিয়া প্ৰতিবাৰ বৰষুণত আমি বানপানী অহাত ভয়ত কোঙা হওঁ,” তেওঁ কয়। “এইবছৰ আগষ্টত পানী ইমান বাঢ়িছিল যে মই ভালেকেইদিন ৰাতি শুব পৰা নাছিলো।” [পঢ়িব পাৰে: বানৰ সংশয়ে ডুবি নিষ্প্ৰভ খেলুৱৈৰ ভৱিষ্যত ]

নিয়মিত চিকিৎসা স্বত্ত্বেও শুভাংগীৰ হিম’গ্লবিনৰ স্তৰ একেই থাকিল, তাতে আকৌ তেওঁৰ মূৰঘূৰণি আৰু অৱসাদগ্ৰস্ত অনুভৱ কৰিবলৈ ল’লে। আৰোগ্যৰ কোনো চিন দেখা নগ’ল। “আশাকৰ্মী হিচাপে আমি মানুহক স্বাস্থ্যৰ দিশত সহায় কৰি থাকিব লাগে, কিন্তু আমাৰ নিজৰেই অৱস্থা শোচনীয় হৈ পৰে,” তেওঁ কয়।

*****

চিৰৌলৰে গণেশৱাড়ি গাঁৱৰ আশাকৰ্মী ছায়া কাম্বলে (৩৮)ৰ ২০২১ৰ বানপানীৰ কথা বৰ ভালকৈ মনত আছে। “উদ্ধাৰকাৰী নাও আমাৰ ঘৰৰ ওপৰেৰে চলি আছিল,” তেওঁ কয়।

শুভাংগীৰ দৰে ছায়াইও পানী কম হ’বলৈ ধৰাৰ সময়ত কামলৈ গৈছিল। তাইৰ ঘৰৰ মানুহে অপেক্ষা কৰিবলগীয়া হৈছিল। “আমি সকলোৱে (গণেশৱাড়িৰ ছগৰাকী আশাকৰ্মী) প্ৰথমে উপকেন্দ্ৰলৈ গৈছিলো,” তেওঁ কয়। বানপানীত ঘৰটো ব্যৱহাৰৰ অনুপযোগী হৈ পৰাত তেওঁলোকে এঘৰ মানুহৰ তাত অস্থায়ী উপকেন্দ্ৰ সাজি দিছিল।

“প্ৰতিদিনে নিউ’মনিয়া, কলেৰা, টাইফয়ড, ছালৰ ৰোগ, জ্বৰ আৰু বিভিন্ন বেমাৰ-আজাৰৰ বাবে মানুহ আহিছিল (স্বাস্থ্যকেন্দ্ৰটোলৈ)।” এই কাম এটা মাহ এদিনো বাদ নপৰাকৈ চলিছিল।

Chhaya Kamble (right) conducting a health survey in Ganeshwadi village
PHOTO • Sanket Jain

ছায়া কাম্বলেয়ে (সোঁফালে) গণেশৱাড়ী গাঁৱত স্বাস্থ্যসমীক্ষা কৰি থকাৰ ফটো

Chhaya says the changes in climate and the recurring floods have affected her mental health
PHOTO • Sanket Jain
PHOTO • Sanket Jain

বাওঁফালে: ছায়াই কয় যে জলবায়ু পৰিৱৰ্তন আৰু সঘনাই অহা বানপানীয়ে তেওঁৰ মানসিক স্বাস্থ্যত প্ৰভাৱ পেলাইছে। সোঁফালে: সমীক্ষাৰ তথ্যবোৰ তেওঁ একগোট কৰিছে

“সকলোৰে দুখ-দুৰ্দশা দেখি থাকিলে নিজে কষ্ট পাওঁ”, ছায়াই কয়। “দুৰ্ভাগ্যৰ কথা যে আমাৰ কাৰণে মানসিক স্বাস্থ্যৰ যতনৰ কোনো ব্যৱস্থা নাই। আমি কেনেকৈ সুস্থ হৈ উঠিম?” তাই নিজেও তেনে কোনো যতন পোৱা নাছিল।

তেওঁৰ মানসিক চাপ বাঢ়ি গৈ থাকিল আৰু উশাহ চুটি হোৱাযেন অনুভৱ কৰিবলৈ ল’লে। “কামৰ বোজাৰ কাৰণেই এনেকুৱা হোৱা বুলি মই ভাবি সেইবোৰ আওকাণ কৰি থাকিলো।”  কেইমাহমানৰ ভিতৰতে ছায়াৰ হাপানি ৰোগ ধৰা পৰিল। “ডাক্তৰে ক’লে যে এয়া অত্যধিক চাপৰ বাবে হৈছে,” তেওঁ কয়। মানসিক চাপ আৰু হাপানিৰ মাজত যোগসূত্ৰ থকাৰ কথা ভালেমান গৱেষণাত কৈ অহা হৈছে।

দৰৱে ছায়াৰ মানসিক চাপৰ কিছু উপশম ঘটাইছে যদিও দ্ৰুত জলবায়ু পৰিৱৰ্তনৰ বাবে তেওঁৰ দুশ্চিন্তা বাঢ়ি গৈ আছে। মাৰ্চ-এপ্ৰিলৰ উষ্ণ জলবায়ুৰ সময়ত তেওঁ মূৰঘূৰণি আৰু উশাহ চুটি হোৱা অনুভৱ কৰিবলৈ ল’লে।

“ডিউটিত থকাটো মোৰ বাবে টান হৈ পৰিছিল। ছালখন যেন পুৰি যাব, তেনে লাগিছিল।” তেওঁ মনত পেলায়। গৱেষণাত পোৱা গৈছে যে উচ্চ উষ্ণতাই মানুহৰ বোধশক্তিবিষয়ক দিশত বিসংগতিৰ সৃষ্টি কৰে, আনকি আত্মহত্যা হাৰ , হিংসা আৰু আগ্ৰাসী স্বভাৱ বাঢ়ি যায়।

আন আশাকৰ্মীসকলেও ছায়াৰ দৰে একেই লক্ষণৰ চিকাৰ হৈছিল। “এয়া কোনো অস্বাভাৱিক নহয়। এয়া ঋতুগত আৱেগ-অনুৰাগ সম্পৰ্কীয় বিসংগতি (চিজনেল এফেক্টিভ ডিজ’ৰ্ডাৰ চমুকৈ এছ.এ.ডি.),” ক’লহাপুৰৰ নিদানিক মনস্তত্ত্ববিদ শালমলি ৰণমলে-কাকাড়েয়ে কয়।

এছ.এ.ডি. হৈছে ঋতুগত পৰিৱৰ্তনৰ ফলত সৃষ্টি হোৱা হতাশা। লক্ষণবিলাক উচ্চ অক্ষাংশৰ দেশৰ শীতকালত দেখা দিয়ে যদিও ভাৰতৰ দৰে ক্ৰান্তীয় দেশতো এই বিসংগিতৰ কথা বাঢ়ি অহাটো ধৰা পৰিছে।

Shubhangi Kamble weighing a 22-day-old newborn in Kolhapur’s Arjunwad village
PHOTO • Sanket Jain

শুভাংগী কাম্বলেয়ে ক’লহাপুৰৰ অৰ্জুনৱাড় গাঁৱত ২২ বছৰীয়া শিশু এটি ওজন কৰি আছে

Stranded villagers being taken to safety after the floods
PHOTO • Sanket Jain
Floodwater in Shirol taluka in July 2021
PHOTO • Sanket Jain

বাওঁফালে: বানৰ সময়ত আবদ্ধ হৈ পৰা গঞাক নিৰাপদ স্থানলৈ নিয়া হৈছে। সোঁফালে: ২০২১ৰ জুলাইত চিৰৌল তালুকত বানৰ পানী

“জলবায়ু পৰিৱৰ্তনৰ লগে লগে মই উদ্বিগ্ন হৈ পৰো, মূৰ ঘূৰায়। এইবোৰ আৰু সহ্য কৰি থাকিব নোৱাৰা হৈছো,” শুভাংগীয়ে কয়। “বানপানী পীড়িত অঞ্চলৰ প্ৰায় প্ৰতিগৰাকী আশাকৰ্মীয়ে এনেধৰণৰ চাপৰ সন্মুখীন হৈ আহিছে, এতিয়া সেয়াই গৈ দীৰ্ঘদিনীয়া ৰোগত পৰিণত হৈছে। ইমান মানুহৰ জীৱন বচাই ফুৰো, কিন্তু চৰকাৰে আমাক তথাপিও সহায় কৰিবলৈ আগবাঢ়ি নাহে।”

এনে নহয় যে স্বাস্থ্য বিভাগে এই সমস্যাবোৰ মানি নলয়। কিন্তু তাৰ কাৰণে যে কিবা এটা পদক্ষেপ ল’ব লাগে, সেয়া পৰ্য্যাপ্ত কিম্বা সঠিকেই বা হয় নে নহয়, সেয়াহে প্ৰশ্ন কৰিবলগীয়া।

ওচৰৰে হাটকানাংলে তালুকৰ তালুকা স্বাস্থ্য বিষয়া ডা. প্ৰসাদ দাতাৰে কয় যে অঞ্চলটোৰ স্বাস্থ্যসেৱা কৰ্মীসকল বানপানী আৰু ক’ভিড পৰিস্থিতিত পৰি “অত্যধিক কামৰ বোজা আৰু চাপৰ সন্মুখীন” হৈছে। “এইবোৰ উপশমৰ হেতু আমি আশা কৰ্মীসকলৰ বাবে বছৰি সাংস্কৃতিক অনুষ্ঠান পাতো,” তেওঁ জনায়।

যাহওঁক, আশাকৰ্মীসকলৰ ইউনিয়নৰ নেত্ৰী চিৰৌল তালুকৰ ক’লহাপুৰৰ নেত্ৰদীপা পাটিলে এই কাৰ্য্যসূচীবোৰে পৰা একো লাভ হোৱা নাই বুলি কয়। “কৰ্তৃপক্ষক মানসিক স্বাস্থ্যবিষয়ক সমস্যাৰ কথা কওঁতে সেয়া পোনচাটে নাকচ কৰি কয় যে আমি তেনে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পাৰিব লাগিব।”

ৰাণমলে-কাকাড়ে কয় যে আশাকৰ্মীসকলক থেৰাপি আৰু কাউন্সেলিঙৰ দৰকাৰ যাতে তেওঁলোকে নিয়মিত চাপৰ সৈতে মোকাবিলা কৰিব পাৰে। “সহায়ৰ হাতখনকো কেতিয়াবা এখন মৰম হাত লাগে,” তেওঁ কয়। “কিন্তু দুৰ্ভাগ্যজনকভাৱে আমাৰ সমাজত এয়া দেখা নাযায়।” তাৰোপৰি তেওঁ কয় যে ভালেমান স্বাস্থ্যসেৱাকৰ্মী ইমানেই সহায়কাৰী যে তেওঁলোকে নিজৰ কি ক্ষতি হৈছে, নিজৰ হতাশা আৰু মানসিক বোজাৰ কথা বুজি চাবলৈ আহৰি নাপায়।

বাৰম্বাৰ দেখা দিয়া মানসিক চাপৰ কাৰক, যেনে দ্ৰুতভাবে সলনি হোৱা স্থানীয় জলবায়ুৰ গতি-প্ৰকৃতি আদিৰ ক্ষেত্ৰত মোকাবিলা কৰিবলৈ অধিক গুৰুত্বসহকাৰে সঘনাই ব্যৱস্থা গ্ৰহণ কৰা উচিত, তেওঁ কয়।

*****

জলবায়ুৰ সঘন গতি-প্ৰকৃতি সলনি হোৱাই ক’লহাপুৰৰ আশাকৰ্মীসকলৰ মানসিক স্বাস্থ্যৰ অৱনতি ঘটাত গুৰুতৰ ভূমিকা পালন কৰিছে।

ASHA worker Netradipa Patil administering oral vaccine to a child at the Rural Hospital, Shirol
PHOTO • Sanket Jain
Netradipa hugs a woman battling suicidal thoughts
PHOTO • Sanket Jain

বাওঁফালে: আশাকৰ্মী নেত্ৰদীপা পাটিলে চিৰৌলৰ গ্ৰামীণ হস্পিতালত শিশু এটিক মৌখিক চিটা দিছে। সোঁফালে: আত্মহত্যাৰ ভাব আহি থকা মহিলা এগৰাকীক নেত্ৰদীপাই সাবটি লৈছে

Rani Kohli (left) was out to work in Bhendavade even after floods destroyed her house in 2021
PHOTO • Sanket Jain
An ASHA checking temperature at the height of Covid-19
PHOTO • Sanket Jain

বাওঁফালে: ৰাণী ক’হলিয়ে ২০২১ৰ বানপানীৰ পিছৰ নিজৰ ঘৰটো ধ্বংস হৈ যোৱাৰ পিছতো ভেণ্ডাৱাড়েত কামলৈ ওলাই গৈছিল। সোঁফালে: ক’ভিড-১৯ৰ প্ৰকোপ তুংগত থকাৰ সময়ত আশাকৰ্মী এগৰাকীয়ে মানুহ এগৰাকীৰ দেহৰ উষ্ণতা মাপ কৰিছে

কামৰ বোজাত বহুত হোৱা স্বত্ত্বেও প্ৰতিগৰাকী আশাকৰ্মীয়ে ১,০০০ আবাসী থকা গাওঁ এখনত নিৰাপদ গৰ্ভধাৰণ আৰু ইউনিভাৰ্ছেল ইমিউনাইজেশ্যনকে ধৰি প্ৰায় ৭০ টা স্বাস্থ্যসেৱাৰ কাম চম্ভালে। কিন্তু এই স্বাস্থ্যকৰ্মীসকলে পোৱা পইচা নগণ্য আৰু তেওঁলোক শোষণৰ চিকাৰ হয়।

নেত্ৰদীপাই এটা কথালৈ আঙুলিয়াই দিয়ে যে মহাৰাষ্ট্ৰৰ আশাকৰ্মীসকলে প্ৰতিমাহে নগণ্য ৩,৫০০ৰ পৰা ৫,০০০ টকা পায়, তাকো অতিকমেও পাওতে পাওতে তিনিমাহ লাগে। “আজিও আমাক স্বেচ্ছাসেৱক বুলি বিবেচনা কৰে, তেনেকৈয়ে আমি নূন্যতম পাৰিশ্ৰমিক আৰু আন সা-সুবিধাৰ পৰা বঞ্চিত হওঁ,” তেওঁ বহলাই কয়। আশাকৰ্মীসকলক চৰকাৰে ‘পাৰদৰ্শিতাৰ ভিত্তিক বানচ’ৰ ভিত্তিত পইচা দিয়ে। তাৰমানে তেওঁলোকক কেতবোৰ নিৰ্দিষ্ট কাম সম্পূৰ্ণ কৰাৰ পিছতহে সেই বানচ পায়। নিৰ্দিষ্ট বুলি একো পাৰিতোষিক নাই আৰু ৰাজ্যভেদে পাৰিতোষিকৰ পৰিমাণ ভিন্ন।

নিজৰ অঞ্চলটোৰ সামূহিক স্বাস্থ্যৰ খেয়াল ৰাখি যিমানখিনি টকা পায়, সেইখিনিৰে বহু আশাকৰ্মীয়ে সেয়ে চলিব নোৱাৰে। উদাহৰণ স্বৰূপে শুভাংগীয়ে সেয়ে জোৰা-টাপলি মাৰিবলৈ কৃষিশ্ৰমিক হিচাপেও কাম কৰিবলগীয়া হয়।

“২০১৯ আৰু ২০২১ৰ বানপানীৰ পিছত মই তিনিমাহ ধৰি কাম পোৱা নাছিলো, পথাৰবোৰ নষ্ট হৈ গৈছিল,” তেওঁ কয়। “জলবায়ু পৰিৱৰ্তনৰ কাৰণে বৰষুণৰ অনুমান কৰিব নোৱাৰা হৈ গৈছে। বৰষুণ দিলে আকৌ সকলো ধ্বংস কৰি নিয়ে, খেতিৰ কামো আমি নোপোৱা হওঁ।” ২০২১ৰ জুলাইত ধাৰাসাৰ বৰষুণ আৰু বানপানীয়ে ক’লহাপুৰকে ধৰি মহাৰাষ্ট্ৰৰ ২৪ খন জিলাত ৪.৪৩ লাখ হেক্টৰ খেতিমাটি নষ্ট কৰিছিল।

২০১৯ৰ পিছৰে পৰা নিয়মিত বানপানী আৰু সম্পত্তি ধ্বংস হোৱাৰ লগতে কৃষিকৰ্মৰ ক্ষতিয়ে শুভাংগীক ক্ষুদ্ৰ, অতিবেছি সুতৰ হাৰত বিভিন্ন সুদখোৰৰ পৰা টকা ধাৰে ল’বলৈ বাধ্য কৰাইছে, পৰিমাণ হৈছেগৈ ১ লাখ টকা। তেওঁ নিজৰ গহণাও বন্ধকিত ৰাখিবলগীয়া হৈছে আৰু পুৰণি ঘৰটো মেৰামতি কৰিব নোৱাৰি ১০ বাই ১৫ৰ জুপুৰি এটাত আশ্ৰয় লৈছে।

“২০১৯ আৰু ২০২১ দুয়োবাৰৰ বানপানীত পানী আহি ৩০ ঘণ্টাতকৈও কম সময়ত ঘৰত সোমাইছিল। একো বচাব নোৱাৰিলো,” তেওঁৰ গিৰীয়েক সঞ্জয়ে (৩৭) কয়। কৃষিশ্ৰমিক হিচাপে এতিয়া কাম পাবলৈ নাইকিয়া হোৱাত তেওঁ ৰাজমিস্ত্ৰী হিচাপে কামত ধৰিছে।

After the floodwater had receded, Shubhangi Kamble was tasked with disinfecting water (left) and making a list (right) of the losses incurred by villagers
PHOTO • Sanket Jain
After the floodwater had receded, Shubhangi Kamble was tasked with disinfecting water (left) and making a list (right) of the losses incurred by villagers
PHOTO • Sanket Jain

পানী কমাত শুভাংগীক পানী বীজাণুনাশনৰ কাম দিয়া হৈছিল (বাওঁফালে) আৰু গাঁৱত হোৱা লোকচানৰ পৰিমাণৰ তালিকা প্ৰস্তুত কৰা দায়িত্বও তেওঁৰ ওপৰতে ন্যস্ত আছিল

নিজা ক্ষয়-ক্ষতি আৰু দুখ-কষ্ট স্বত্ত্বেও আশাকৰ্মী হিচাপে শুভাংগীয়ে অত্যধিক কামত নিৰন্তৰ মনোনিৱেশ কৰিবলগীয়া হৈছিল

বানৰ পানীয়ে কৰা ক্ষতিৰ উপৰিও আশাকৰ্মীসকলক খোৱাপানী উৎসৰ বীজাণুনাশন কৰাৰো দায়িত্ব দিয়া হৈছিল যাতে পানীৰ পৰা সোঁচৰা বেমাৰ নহয়। তাৰে বহুতো কামৰ বাবদ পইচাও পোৱা নাযায়, নেত্ৰদীপাই কয়। “বানপানীৰ পিছৰ সাহায্যৰ কাম কৰাৰ বাবে আমাক একো দিয়া হোৱা নাছিল, সেই কামৰ সময়তে আমাৰ বহুতৰে মানসিক স্বাস্থ্যৰ সমস্যা হৈছিল। এইবোৰ সকলো বিনামূলীয়া কাম।”

“আমি প্ৰতিঘৰতে সাক্ষাৎ কৰিবলগা হৈছিল আৰু কাৰোবাৰ পানীৰ পৰা হোৱা ৰোগ আছে নেকি সেয়া অনুসন্ধান কৰিবলগীয়া হৈছিল,” শুভাংগীয়ে কয়। “আশাকৰ্মীয়ে সময়োপযোগী চিকিৎসাৰ নিশ্চিত কাৰণে বহুতৰ জীৱন বাচিছিল।”

তথাপি তেওঁ এইবছৰ এপ্ৰিলত বেমাৰত পৰিল, কিন্তু চিকিৎসা বিশেষ একো তেওঁ নাপালে। “ৰাজহুৱা স্বাস্থ্যকৰ্মী হোৱা স্বত্ত্বেও মই বেচৰকাৰী হস্পিতালত চিকিৎসা কৰাই ২২ হাজাৰ টকা খৰছ কৰিবলগীয়া হৈছিল, চৰকাৰী হস্পিতেলত কেৱল দৰৱ দিয়েই থৈছিল য’তনেকি মোক ততালিকে চিকিৎসালয়ত ভৰ্তি কৰাবলগীয়া আছিল,” তেওঁ কয়। তেওঁ বিনামূলীয়া ফলিক এচিড আৰু আইৰনৰ বড়ি ৰাজহুৱা উপ-স্বাস্থ্যকেন্দ্ৰৰ পৰা পাইছিল যদিও তেওঁ বাকী দৰৱৰ বাবদ মাহে ৫০০ টকা অতিৰিক্ত খৰছ কৰিবলগীয়া হৈছিল।

আশাকৰ্মী হিচাপে মাহে প্ৰায় ৪ হাজাৰ টকা উপাৰ্জন কৰা ছায়াই মাহে ৮০০ টকা দৰৱৰ নামত ব্যয় কৰিবলগীয়া হোৱাটো বৰ কঠিন। “শেষত গৈ আমি এইটোৱে মানিবলগীয়া হয় যে আমি স্বেচ্ছাসেৱী কৰ্মী। সেয়ে চাগে আমি ইমান কষ্ট স্বীকাৰ কৰিবলগীয়া হয়,” তেওঁ কয়।

২০২২ৰ বিশ্ব স্বাস্থ্য সংস্থাই আশাকৰ্মীসকলক বিশ্ব স্বাস্থ্য নেত্ৰী বঁটা দিছিল, তেওঁলোকে ৰাজহুৱা স্বাস্থ্য় ব্যৱস্থাটোক দূৰণিবটীয়া ঠাইৰ সম্প্ৰদায়সমূহৰ বাবে সুগম্য কৰি তোলাৰ বাবে এই বঁটা পাইছিল। “আমি ইয়াক লৈ গৌৰৱবোধ কৰোঁ,” ছায়াই কয়। “কিন্তু আমি যেতিয়াই আমাৰ জ্যেষ্ঠসকলক আমাৰ নগন্য দৰমহা আৰু পলমকৈ দৰমহা দিয়াৰ কথা কওঁ, তেতিয়া তেওঁলোকে কয় যে আমি মানৱতাৰ কাৰণে মহান কাম কৰি আছো - ‘পেমেণ্ট নাপালেও পুণ্য আৰ্জিছা,’ তেওঁলোকে কয়।”

‘For recording 70 health parameters of everyone in the village, we are paid merely 1,500 rupees,’ says Shubhangi
PHOTO • Sanket Jain

‘প্ৰতিখন গাঁৱৰ প্ৰতিজনৰ ৭০ টাকৈ স্বাস্থ্য পেৰামিটাৰৰ তথ্য নথিবদ্ধ কৰাৰ বাবে আমাক মাত্ৰ ১৫০০ টকা দিয়া হয়,’ শুভাংগীয়ে কয়

An ASHA dressed as Durga (left) during a protest outside the Collector’s office (right) in Kolhapur. Across India, ASHA workers have been demanding better working conditions, employee status, monthly salary and timely pay among other things
PHOTO • Sanket Jain
An ASHA dressed as Durga (left) during a protest outside the Collector’s office (right) in Kolhapur. Across India, ASHA workers have been demanding better working conditions, employee status, monthly salary and timely pay among other things
PHOTO • Sanket Jain

দুৰ্গাৰ বেশত এগৰাকী আশাকৰ্মী, ক’লহাপুৰৰ উপায়ুক্তৰ কাৰ্য্যালয়ত প্ৰতিবাদী কাৰ্য্যসূচীৰ সময়ত। সমগ্ৰ ভাৰতত আশাকৰ্মীসকলে ভাল কৰ্ম-পৰিৱেশ, কৰ্মচাৰী হিচাপে স্বীকৃতি, মাহেকীয়া দৰমহা আৰু সময়মতে দৰমহা আদায় দিয়াৰ দৰে বিভিন্ন দাবী উত্থাপন কৰি আহিছে

বিশ্ব স্বাস্থ্য সংস্থাৰ নীতিয়ে অৱশ্যে স্বাস্থ্যসেৱাৰ সন্মুখশাৰীৰ কৰ্মীৰ ওপৰত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ সম্পৰ্কে গুৰুত্বপূৰ্ণ সমস্যাসমূহৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিছে। “প্ৰাকৃতিক দুৰ্যোগৰ পিছৰ পৰ্য্যায়ত হতাশা, উদ্বিগ্নতা আৰু চাপজনিত অৱস্থাকে ধৰি মানসিক স্বাস্থ্যৰ দিশত কাম কৰাৰ কথা তাত কোৱা হৈছে।”

জলবায়ুজনিত ঘটনা, তাৰ লগতে জৰিত হৈ থকা ক্ৰমশঃ শোচনীয় কৰ্ম-পৰিৱেশ আৰু সেই পৰিস্থিতিৰ প্ৰতি দৰদৰ ভাৱে আশাকৰ্মীসকলৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাইছে, নেত্ৰদীপাই কয়। “এইবছৰৰ হিটৱেভৰ সময়ত সমীক্ষা কৰাৰ সময়ত আমাৰ বহুতেই ছালৰ খজুৱতি, জ্বলা-পোৰা আৰু অৱসাদগ্ৰস্ততা অনুভৱ কৰিছিলো,” তেওঁ কয়। “আমাক কোনো সুৰক্ষামূলক গিয়েৰ দিয়া হোৱা নাছিল।”

পুণেৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ ট্ৰপিকেল মেটাৰ’লজি (আই.আই.টি.এম.)ৰ জলবায়ু বিজ্ঞানী আৰু ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তনৰ প্ৰতিবেদনত অৰিহণা যোগোৱা ব্যক্তি ৰক্সিয়ে এক ‘জলবায়ু কাৰ্য্যপন্থা’ৰ ওপৰত গুৰুত্ব আৰোপ কৰে, তেওঁ হিটৱেভ আৰু দুৰ্য্যোগৰ পৰিস্থিতিৰ সময়ৰ কথা স্পষ্টক উল্লেখ কৰিছে। “আমি আগন্তুক কেবাটাও দশকলৈ জলবায়ু পৰিৱৰ্তন সম্পৰ্কে আনুমানিক আভাস পাইছো। সেয়ে বছৰৰ কোনটো সময়ত কৰ্মীসকলে ৰ’দত কাম কৰিব নালাগে, কোনটো অঞ্চলত এয়া হ’ব পাৰে, সেই সন্দৰ্ভত স্থান আৰু সময় চিনাক্ত কৰাটো সম্ভৱ,” তেওঁ কয়। “এয়া ডাঙৰ কাম নহয়। ডেটা ইতিমধ্যে আমাৰ হাতত আছে।”

এই দিশত কোনো চৰকাৰী নীতি বা প্ৰচেষ্টা নথকাত আশাকৰ্মীসকলে নিজেই এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ দিহা কৰিবলগীয়া হৈছে। শুভাংগীয়ে প্ৰথমে সেয়ে বতৰৰ আগজাননী জানি লৈ কাম আৰম্ভ কৰে। “মই মোৰ কাম এৰিব নোৱাৰো, অন্ততঃ নিজকে দিনটোৰ বতৰটোৰ সৈতে মোকাবিলা কৰিব পৰাকৈ সাজু কৰিব পাৰো,” তেওঁ কয়।

এই ষ্ট’ৰিটো ইণ্টাৰনিউজৰ আৰ্থ জাৰ্নেলিজিম নেটৱৰ্কৰ পৰা প্ৰতিবেদকে লাভ কৰা অনুদানৰ দ্বাৰা সমৰ্থিত এক শৃংখলৰ এটা।

অনুবাদ: পংকজ দাস

Sanket Jain

Sanket Jain is a journalist based in Kolhapur, Maharashtra. He is a 2022 PARI Senior Fellow and a 2019 PARI Fellow.

Other stories by Sanket Jain
Editor : Sangeeta Menon

Sangeeta Menon is a Mumbai-based writer, editor and communications consultant.

Other stories by Sangeeta Menon
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das