“কূটকূট, লাট্টু (লাটুম) আৰু তাচ খেল’’, এটা উশাহত আহমেদে কৈ যায়৷ হঠাতে এই দহ বছৰীয়া কিশোৰজনে নিজকে শুধৰাই কৈ উঠে, ‘‘অহ্, মই নহয়, আল্লাৰাখাইহে কূটকূট খেলে৷’’

দুয়োজনৰ মাজৰ বয়সৰ এবছৰৰ পাৰ্থক্যৰ বিষয়ে উল্লেখ কৰি আৰু খেলত নিজৰ শ্ৰেষ্ঠত্ব জাহিৰ কৰি আহমেদে কৈ উঠে, "মই এই ছোৱালীৰ খেলবোৰ ভাল নাপাওঁ। মই স্কুলৰ খেলপথাৰত বেট-বল [ক্ৰিকেট] খেলোঁ। এতিয়া স্কুল বন্ধ আছে, কিন্তু আমি দেৱাল বগাই খেল-পথাৰলৈ যাওঁ!”

আশ্ৰমপাৰা অঞ্চলৰ বাণীপীঠ প্ৰাইমেৰী স্কুলত অধ্যয়ন কৰা সম্পৰ্কীয় ভায়েক আল্লাৰাখা তৃতীয় শ্ৰেণীৰ আৰু আহমেদ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ।

এয়া ২০২১ বৰ্ষৰ ডিচেম্বৰ মাহৰ আৰম্ভণিৰ সময়ছোৱা আৰু আমি পশ্চিমবংগৰ বেলডাঙাত উপস্থিত হৈছো - লগ পাইছো জীৱিকাৰ বাবে বিড়ি নিৰ্মাণ কৰা মহিলাসকলক৷

আমি এডাল অকলশৰীয়া আম গছৰ ওচৰত ৰ’লো। ই এটা ঠেক পথৰ কাষত থিয় দি আছিল যিটো পথৰ পৰা পুৰণি কবৰস্থানলৈ যাব পাৰি; অদূৰত হালধীয়া সৰিয়হৰ এখন পথাৰ আছে। এয়া হৈছে নিতাল আৰু শান্ত মৃত আত্মাসকলৰ পৃথিৱী য'ত তেওঁলোকে চিৰন্তন নিদ্ৰাত বিশ্ৰাম লৈ আছে; সুউচ্চ বৃক্ষজোপা নীৰৱে থিয় দি আছে, আনকি চৰাইবোৰেও বসন্তকালত ফলেৰে পুনৰ ঠন ধৰি নুঠালৈ বৃক্ষজোপা পৰিত্যাগ কৰি আন ঠাইলৈ উৰা মাৰিছে।

আহমেদ আৰু আল্লাৰাখাৰ প্ৰাণোচ্চলতাত নীৰৱতাখিনিও যেন অশান্ত হৈ পৰিছে৷ সিহঁতে তাতে জঁপিয়াইছে, দৌৰিছে - কেতিয়াবা আকৌ একে সময়তে দুয়োটা কৰিছে। আমাৰ উপস্থিতি সিহঁতৰ বাবে নগণ্য হৈ পৰিছে।

Ahmad (left) and Allarakha (right) are cousins and students at the Banipith Primary School in Ashrampara
PHOTO • Smita Khator
Ahmad (left) and Allarakha (right) are cousins and students at the Banipith Primary School in Ashrampara
PHOTO • Smita Khator

আহমেদ (বাঁওফালে) আৰু আল্লাৰাখা (সোঁফালে) দুয়ো সম্বন্ধীয়া ভাতৃ আৰু আশ্ৰমপাৰাৰ বাণীপীঠ প্ৰাইমেৰী স্কুলৰ শিক্ষাৰ্থী

Climbing up this mango tree is a favourite game and they come here every day
PHOTO • Smita Khator

এই আম গছজোপা বগোৱাটো সিহঁতৰ প্ৰিয় খেল আৰু সিহঁতে ইয়ালৈ সদায়েই আহে

গছজোপাৰ ওচৰ পালেই সিহঁতে গছডাল গুৰিত থিয় হৈ নিজৰ উচ্চতা জোখে। গছজোপাত দেখা পোৱা চিহ্নৰ দ্বাৰা এইটো যে সিহঁতৰ দৈনিক অভ্যাস সেয়া স্পষ্ট হৈ পৰে।

মই সম্পৰ্কীয় ভাইক সোধো, "কালিৰ তুলনাত অধিক [ওখ] নেকি?" বয়সত সৰু আল্লাৰাখাই গাখীৰ দাঁত সৰা মুখখনত হাঁহি এটা বিৰিঙাই কয়, "তেন্তে কি হ'ল? আমি বহুত শক্তিশালী!" নিজৰ কথা প্ৰমাণ কৰিবলৈ সি সৰা দাঁত এটাৰ ফালে আঙুলিয়াই কয়, "চোৱা! নিগনিয়ে মোৰ গাখীৰ খোৱা দাঁত লৈ গৈছে। অতি সোনকালেই ময়ো আহমেদৰ দৰে শক্তিশালী হৈ পৰিম।"

মাত্ৰ এটা জহকালিৰ ব্যৱধানৰ জ্যেষ্ঠ, আহমেদে নতুন দাঁত ওলোৱা মুখখন উলিয়াই কয়, "মোৰ সকলো গাখীৰ খোৱা দাঁত সৰি নাইকিয়া হৈছে। মই এতিয়া এজন ডাঙৰ ল’ৰা। মই অহা বছৰ এখন ডাঙৰ স্কুললৈ যাম।”

সিহঁতে শক্তিৰ প্ৰমাণ দেখুৱাবলৈ গছডালত কেৰ্কেটুৱাই বগোৱা দি ক্ষীপ্ৰতাৰে বগাই যায়৷ চকুৰ পলকতে সিহঁত দুয়োটা গছৰ ডালৰ ফেৰেঙনিত বহি লয়, সিহঁতৰ সৰু সৰু ভৰি দুখন ডালৰ পৰা তললৈ ওলমি থাকে৷

"এইটো আমাৰ প্ৰিয় খেল," উল্লাসেৰে আহমেদে কয়। "যেতিয়া আমাৰ শ্ৰেণী চলি থাকে তেতিয়া আমি স্কুল ছুটিৰ পিছত এই খেল খেলো," আল্লাৰাখাই কয়। ল'ৰা দুজন প্ৰাথমিক শাখাত পঢ়ি আছে আৰু এতিয়াও স্কুললৈ উভতি যোৱা নাই। ২৫ মাৰ্চ, ২০২০ তাৰিখৰ পৰা ক’ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত শৈক্ষিক প্ৰতিষ্ঠানবোৰ দীৰ্ঘদিন ধৰি বন্ধ হৈ আছিল। বিদ্যালয়সমূহ যদিও পুনৰ খোলা হৈছিল, কেৱল উচ্চ শ্ৰেণীৰ শিক্ষাৰ্থীসকলেহে ২০২১ চনৰ ডিচেম্বৰৰ পৰা স্কুললৈ যাবলৈ আৰম্ভ কৰিছিল।

আহমেদে কয়, "মোৰ বন্ধুসকললৈ মনত পৰে। জহকালি আমি এই গছত উঠি কেঁচা আম চুৰি কৰিছিলো।" স্কুল চলি থকাৰ সময়ত ল'ৰাবোৰে খাবলৈ পোৱা ছ’য়া টুকুৰা আৰু কণীবোৰৰ কথা মনত পেলায়। এতিয়া তেওঁলোকৰ মাতৃসকলে মাহত এবাৰকৈ মধ্যাহ্ন ভোজন (কিট) সংগ্ৰহ কৰিবলৈ স্কুললৈ যায়, আল্লাৰাখাই এইদৰে কয়। কিটটোত চাউল, মচুৰ দাইল, আলু আৰু এটুকুৰা চাবোন থাকে।

The boys are collecting mango leaves for their 10 goats
PHOTO • Smita Khator

ল'ৰাবোৰে তেওঁলোকৰ ১০ টা ছাগলীৰ বাবে আমৰ পাত সংগ্ৰহ কৰি আছে

'You grown up people ask too many questions,' says Ahmad as they leave down the path they came
PHOTO • Smita Khator

'ডাঙৰ হ’লে মানুহে বহুত প্ৰশ্ন কৰে,' পথেৰে উভতি আহোঁতে আহমেদে এইদৰে কয়

"আমি ঘৰত পঢ়োঁ আৰু আমাৰ মাতৃসকলে আমাক শিকায়। মই দিনত দুবাৰ কৈ পঢ়ো আৰু লিখোঁ," আহমেদে কয়

"কিন্তু তোমাৰ মায়ে মোক কৈছিল যে তুমি বৰ দুষ্ট আৰু তেওঁৰ কথা তুমি একেবাৰে নুশুনা," মই এইদৰে কওঁ।

"আমি বহুত সৰু আপুনি দেখিছে... আম্মীয়ে [মাক] বুজি নাপায়," আল্লাৰাখাই কয়। সিহঁতৰ মাকহঁত ৰাতিপুৱাৰ পৰা মাজনিশালৈকে ঘৰুৱা কামত ব্যস্ত থাকে, তেওঁলোকৰ পৰিয়ালক পোহপাল দিবলৈ বিড়ি প্ৰস্তুত কৰে; সিহঁতৰ বাপেকবোৰ দূৰৰ ৰাজ্যসমূহত নিৰ্মাণ প্ৰকল্পত প্ৰব্ৰজনকাৰী শ্ৰমিক হিচাপে কাম কৰে। "যেতিয়া আব্বা [দেউতা] ঘৰলৈ আহে, আমি তেওঁৰ মোবাইলটো লৈ গেম খেলো, সেয়েহে আম্মীয়ে খং কৰে," আল্লাৰাখাই কয়।

সিহঁতে ফোনত খেলা খেলবোৰ ডাঙৰ আৰু কোলাহলযুক্ত: "ফ্ৰী-ফায়াৰ। যুদ্ধ আৰু বন্দুকৰ সম্পূৰ্ণ একচন।" যেতিয়া সিহঁতৰ মাতৃয়ে বাধা দিয়ে, সিহঁতে ফোনটো লৈ চাঁদলৈ বা বাহিৰলৈ ওলাই যায়।

আমি কথা কৈ থকাৰ সময়তে ল'ৰা দুটাই ডালৰ পৰা পাত সংগ্ৰহ কৰিলে আৰু এটাও পাতৰ যাতে অপচয় নহয় সেয়াও লক্ষ্য ৰাখিলে ৷ আহমেদে আমাক এইদৰে কৈছিল: "এইবোৰ আমাৰ ছাগলীৰ বাবে। আমাৰ ওচৰত ১০ টা ছাগলী আছে। সিহঁতে এই পাতবোৰ খাবলৈ ভাল পায়। আমাৰ আম্মীয়ে সিহঁতক চৰাবলৈ লৈ যায়।"

চাওঁতে চাওঁতে সিহঁতে নিমিষতে গছৰ তললৈ নামি আহিল আৰু বহল কাণ্ডটো পোৱাৰ পিছত সিহঁত মাটিত জঁপিয়াই পৰিল৷ সিহঁতৰ হাতত থকা আমৰ পাতকেইটা অক্ষত অৱস্থাতে থাকিল৷ "ডাঙৰ হ’লে মানুহে বহুতো প্ৰশ্ন কৰে। আমি পলম কৰি আছো," আহমেদে টকলিয়াই টকলিয়াই কৈ যায়। তাৰ পিছত ল'ৰা দুটাই খোজ কাঢ়িবলৈ আৰু জঁপিয়াবলৈ আৰম্ভ কৰিলে আৰু সেইবাটেৰে উভতি গ’ল যি বাটেৰে সিহঁতকেইটা ইয়ালৈ আহিছিল।

অনুবাদ: মনোৰঞ্জন মজুমদাৰ

Smita Khator

Smita Khator is the Translations Editor at People's Archive of Rural India (PARI). A Bangla translator herself, she has been working in the area of language and archives for a while. Originally from Murshidabad, she now lives in Kolkata and also writes on women's issues and labour.

Other stories by Smita Khator
Editor : Priti David

Priti David is the Executive Editor of PARI. She writes on forests, Adivasis and livelihoods. Priti also leads the Education section of PARI and works with schools and colleges to bring rural issues into the classroom and curriculum.

Other stories by Priti David
Translator : Manoranjan Majumder

Manoranjan Majumder is a professional translator. He loves to watch films and read.

Other stories by Manoranjan Majumder